ফটাঢোল

প্ৰেম কিচিম কিচিম – দেৱজিত শইকীয়া

বেজবৰুৱা দেৱৰ পিছতেই অমুকাই ড° লীলা গগৈ ছাৰৰ ‘বিয়েৰিং চিঠি’ নামৰ কিতাপখনত লিখিত প্ৰেম আৰু ইয়াৰ প্ৰকাৰ সমূহৰ প্ৰতি আকৃষ্ট হয় আৰু তেখেতে উল্লেখ কৰা ‘শালিকী প্ৰেম, চাকৈচকোৱা প্ৰেম, শামুকীয়া প্ৰেম’ ইত্যাদি তাহানিতে কৰি যোৱা প্ৰেমৰ প্ৰকাৰসমূহৰ দৰে আজি অমুকায়ো সচৰাচৰ চৌপাশে দেখি থকা বিভিন্ন প্ৰকাৰৰ প্ৰেমক ‘বৰ্গীকৰণ, নামাকৰণ আৰু শ্ৰেণীবিভাজনৰ’ পিতৃ কেৰলাছ লিনিয়াচৰ চৰণ চিন্তি নামাকৰণ কৰিবলৈ বুলি আগবাঢ়িছোঁ৷ প্ৰেম শ্বাস্বত, প্ৰেম সত্য, প্ৰেম এক অনুভৱ, প্ৰেম জীৱনী শক্তি প্ৰদান কৰা অমোঘ মন্ত্ৰ, প্ৰেম সুন্দৰ, প্ৰেমহীন জীৱন কাৰো কাম্য

Read more

চিঠি – ধ্ৰুৱজ্যোতি শৰ্মা

মৰমৰ হোটোৰী, মৰম ল’বি। কুণ্ডত কটা পুখুৰীত ত‍ই এটা সুন্দৰ পদুমৰ পাহ। ম‍ই তোক ইনেম ভাল পাউং, ত‍ইহে মোক কেম্বাহেন পাৱ। সিকাৰণে ম‍ই পল্লেনীৰ নাইতেকৰ হাতে লেখা চিঠিকেইখেনৰো ত‍ই উত্তৰ নেদা। ত‍ই যাৱৰ পৰা ঘৰখন সুদা হৈ গেইছি। বৰেৰপুৱা ময়ে বান্নিতেৰ লৈ চোতাল সাৰু। পাচে জাৱৰহে নাযায়। কাঠি মচিব চাউ…চব টেকোটেকো হৈ যায়। ভাত ৰান্ধি উঠোঁ, খাব হ’লে নোৱাৰোঁ…. পেনপেইনা। দালি ফাটোবাই নৰু, কচুই ডিঙিত ধৰে, জুই ধৰোঁতেই একপৰমান যাএ….. ইফালে ধোঁৱাত চকুৰ পানী নাকৰ পানী একাকাৰ হএ। আৰ’ শুনচানা,

Read more

অবতৰতে পাতি যাওঁ বিয়া – মাধুৰ্য্য গোস্বামী

চ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মেছেজ এটা পঢ়া মনত পৰে। মেছেজটোত কোনোবা ‘জ্ঞানী’ পুৰুষে বিয়া পতাৰ এশ এটামান কুফল কৰি শেষত লিখিছে, “তথাপি মই কওঁ, সকলোৱে এবাৰ হ’লেও অন্ততঃ বিয়া পতা উচিত। কাৰণ জীৱনত সুখেই সকলো নহয়”। এই বাক্যশাৰী পঢ়ি মোৰদৰে ডাংবৰলাৰ মূৰৰ অৱশিষ্ট ত্ৰিশডাল চুলি দাং খোৱাৰে কথা। যিস্থলত এবাৰ বিয়া পাতিলেই মানুহৰ সুখ, শান্তি ধূলিসাৎ হৈ যায়, তেনেস্থলত আমাৰ গাঁৱৰ ‘সতেনে’ কি সাহসত ইমানবাৰ বিয়া পাতিছিল! অ’ ৰ’ব ৰ’ব, এই সতেন বোলা মহাপুৰুষজনৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াই হোৱা

Read more

প্ৰেম ফটাৰ সময়ত – জ্ঞান বৰদলৈ

আমাৰ খগেন ডেকাৰ কথা।  ডেকাই নতুন গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ  নলবাৰী টাউনলৈ আহিছে। নিজৰ বাইক নাই বাবে বন্ধু  মোৰেই বাইকখন লৈ আহিছে। গাৰ্লফ্ৰেণ্ড ৰেষ্টুৰেণ্টৰ সন্মুখত ৰৈ আছে। ডেকাই গাৰ্লফ্ৰেণ্ডক দেখি ইম্প্ৰেছ কৰিবলৈ এটা অদ্ভুত চালত বাইকৰ পৰা নামিবলৈ চেষ্টা কৰিলে, কিন্তু  দুৰ্ভাগ্যবশত তেওঁ হামখুৰি খাই পৰিল। লগে লগে  গাৰ্লফ্ৰেণ্ডে  ওচৰলৈ আহি চিঞৰি উঠিল, হে ভগৱান তুমি  কতো দুখ পোৱা নাইতো?  আমাৰ স্মাৰ্ট ডেকাই  পৰি থকাৰ পৰায়েই কৈ উঠিল, “Don’t worry Baby  মই সদায় বাইকৰ পৰা  এনেকৈয়ে  নামো।” দুয়ো ৰেষ্টুৰেণ্টত পিজ্জা, চিকেন

Read more

এক চোটী চি লাভ ষ্ট’ৰী — ৰক্তাভ কুমাৰ

“গোপালে কি গতি কৈলে গোবিন্দে, কি মতি দিলে…..” বিচনাখনত মাইনা গাৰুটোক সাৱটি পৰম সন্তুষ্টিত আগৰাতি চোৱা “নমস্তে লণ্ডন” চিনেমাখনত অক্ষয় কুমাৰৰ দেহত মোৰ মুখখন লগাই কেটৰিনাৰ লগত যি জবৰদস্ত প্ৰেম চলি আছিল, নিউজ লাইভৰ প্ৰাতঃকালৰ অতিথিয়ে বৰগীতেৰে তাৰ সুন্দৰ সমাপ্তি ঘটালে। পৰম পূজনীয় কিন্তু ৰাতিপুৱাৰ সময়ৰ ৰণচণ্ডী মাতৃদেৱীৰ কোমলতম্ৰ পৰা কোমল পাৰ হৈ কঠোৰ মাত ইত্যাদিক নেওচি অৱশেষত মোৰ শৰীৰৰ অবোধ পশ্চদেশত তেখেতে লাঠী প্ৰক্ষেপণ কৰাৰ ফলশ্ৰুতিত মই একে জাপে তপিনা ঘঁহি ঘঁহি দন্তমঞ্জনডালৰ সৈতে বাহিৰ ওলাই আহিলোঁ। : তুহাক

Read more

মে ৰাহুল কী দিৱানী হু – পৰীস্মিতা গগৈ

:ঐ শুনাচোন। :………… :পৰীস্মিতা……পৰী আস্ কোনে মতিলে মোক এই নামেৰে। এইটো নামেৰে মাতিবলৈ কেৱল মোৰ মনৰ মানুহজনৰহে জন্মস্বত্ব অধিকাৰ। হু ইজ হি বুলি মনতে ভোৰভোৰাই কপালখন কোঁ‌চ খুৱাই দীঘল চুলিটাৰি চাটপকৈ মাৰি ঘূৰি চালোঁ‌। আৰে এয়া কি! সপোননে বাস্তৱ। ই মোক মাতিছে তাকো ইমান মৰমত। উঠি অহা খংটো তেল শেষ হোৱা মিঠাতেলৰ চাকিগছিৰ দৰে দপকৈ জ্বলি নুমাই গ’ল। যিমান পাৰোঁ‌ অতিকৈ কোমল মাতেৰে বেৰিয়া দাঁ‌তটো উলিয়াই মিচিকিয়াই মাত দিলোঁ‌। “অহ অৰুণাভদা আপুনি।” মোৰ মাতটো শুনি অৰুণাভ কিমান উচপ খাইছিল নাজানো

Read more

ডাক্তৰ হ’ব খোজা ছোৱালীজনী — খনিন্দ্র ভূষণ মহন্ত

আমি তেতিয়া তৃতীয় ষাণ্মাসিকৰ ছাত্র। নতুন ‘চিনিয়ৰ’। স্বভাৱগতভাৱে ফটা লেবেল এটাই আহি গাত থিতাপি ল’লেহি। গতিকে নৱাগতসকলক য’তে-ত’তে, “ঐ ক্লাচ নাই নেকি?”, “ইয়াত কিয় ঘূৰি ফুৰিছ?”, “এতিয়ালৈকে বাহিৰত আছ যে!” জাতীয় হুমকিবোৰ উপহাৰ দি ফুৰিছিলোঁ। নক’লেও হ’ব যে এই সুৰটো নৱাগতাসকলৰ ওচৰত “তোমালোকৰ ক্লাচ শেষ হ’ল ন!”, “অচিনাকি ঠাই। কিবা অসুবিধা হ’লে জনাবা দেই।” আদিলৈ সলনি হৈছিল। নতুনকৈ কবিতা লিখিবলৈ লৈছোঁ। যোৰহাটত পঢ়ি থকা দিনৰ কথা। প্রণৱ কুমাৰ বর্মন, নীলিম কুমাৰৰ কবিতাৰ স্তৱক একেবাৰে ওঁঠতে থাকে বুলিলেও ভুল নহ’ব। নৱাগত

Read more

প্ৰথম মৰমে যদি — তবিবৰ ৰহমান

মোৰ লগৰ ল’ৰা কিছুমানে অষ্টম-নৱম মানৰ পৰাই আঠ মান বজাৰ পৰাই গা পা ধুই স্কুল যাবলৈ সাজু হৈ থাকে। মোৰ আৰু ন মান বজালৈকে মাৰ্বল, পইচা বা কিবাকিবি খেল খেলি থাকোঁতে যায়। কিন্তু দশম শ্ৰেণী পোৱাৰ লগে লগে মোৰো সোনকালেই স্কুললৈ যাবলৈ মন যোৱা হ’ল। কেইদিনমান আগলৈকে মা’ৰ কোবৰ ভয়তহে স্কুল যোৱা মইজনৰো সদায় স্কুল যাবলৈ মন যোৱা হ’ল। ইয়াৰ কাৰণ হ’ল মই পঢ়া হাইস্কুল খনতে ক্লাছ ছিক্সত পঢ়া আমাৰ গাঁৱৰে মূৰৰ ছোৱালী এজনী। ছোৱালীজনীক দেখিলে কিবা ভাল লগা হ’ল

Read more

এনেকৈয়ো ভাগে নে সপোন! — সদানন্দ ভূঞা

মোৰ বয়স তেতিয়া ষোল্ল কি সোতৰ বছৰ। যৌৱনে ৰিঙিয়াই মতাৰ বয়স। যৌৱনে কিছু কিছু আমনি কৰা সময়। সপোন দেখিছিলোঁ মই, ময়ো যৌৱনৰ মিঠা মিঠা সপোন দেখিছিলোঁ। সেইসময়ত নিশা পিতাইৰ শোৱাপাটীৰ সংগী আছিলোঁ মই। সপোন দেখিছিলোঁ মই… সপোনতে মই এখন পাহাৰীয়া ৰাজ্যৰ কুলু কুলু সুৰে বৈ যোৱা এটি নিজৰাৰ পাৰত আপোনভোলা হৈ বহি বহি প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি আছোঁ। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সৌন্দৰ্য্যত ইমানেই আপোন পাহৰা হৈ গৈছিলোঁ… সময় কিমান হ’ল উমানেই পোৱা নাছিলোঁ। কানিমুনি বেলি লহিওৱাৰ সময়। দেখিলোঁ… বহু দুৰৰ

Read more

প্ৰেম প্ৰেম বুলি… –মন্দিৰা শৰ্মা

শুনিবলৈ পোৱা যায় যে প্ৰেম যেতিয়া হয় সকলোবোৰ সুন্দৰ হৈ পৰে। প্ৰেমৰ অনুভৱেই হেনো সুকীয়া, মাদকতা ভৰা। যেতিয়া কোনো প্ৰেমিকে প্ৰেমিকাক প্ৰথম বাৰ প্ৰেম নিবেদন কৰে অৰ্থাৎ প্ৰ’পজ কৰে, সেইয়া হেনো এক অনন্য অনুভূতি। কিন্তু মোৰ ক্ষেত্ৰত সকলো উল্টা হে হ’ল। প্ৰথমবাৰ প্ৰ’পজ কৰা ষ্টাইল আৰু দ্বিতীয়বাৰ সময়…এটাও সঠিক নাছিল। দুয়োবাৰেই মই ফ্ৰীতে, অকণো কষ্ট নকৰাকৈ ডাক্তৰনী হোৱাৰ পৰা বঞ্চিত হ’লো। এতিয়াও কেতিয়াবা মনত পৰিলে বুকু খন মোচৰ খাই উঠে। এইটো দ্বিতীয়বাৰৰ ঘটনা। মই তেতিয়া হায়াৰ চেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰী।

Read more
1 2 3 16