ফটাঢোল

ফটাপ্ৰেম – খনিন্দ্ৰ ভূষণ মহন্ত

জালুকবাৰীৰ মায়াৰ কথা হয়তো নতুনকৈ ক’ব লগা নাই। মই যেতিয়া যোৰহাটত আছিলোঁ, মোৰ স্কুলীয়া কেইবাজনো বন্ধু জালুকবাৰীৰ বাসিন্দা হৈছিলগৈ। সিহঁতৰ মুখতে কথাবোৰ শুনি শুনি ঠাইখনৰ প্রতি থকা মোহটো দুগুণে বাঢ়িছিল। মিছা ক’লে কিডাল হ’ব, শাৰী-শাৰী কৃষ্ণচূড়া-ৰাধাচূড়া, এজাৰ, সোণাৰুৱে আৱৰা “কেম্পাচ”, নিয়ন লাইটৰ তলত চেনীপুলত বহি, বোটানিকেল গার্ডেনৰ মাজত সিহঁতৰ যিহে ফটো উঠাৰ কোব মনে মনে জ্বলন এটাও হৈছিল। সোঁৱে-বাৱেঁ থকা পখিলাবোৰৰ কথা নক’লোৱেইবা! এদিন যেতিয়া মোৰো সেইখন জগতত ভৰি দিয়াৰ সৌভাগ্য হৈছিল সেই সুখকণ ভাষাৰে বর্ণনাব নোৱাৰি। সেই বন্ধুবোৰৰ এক্সপার্ট

Read more

মোহগ্ৰস্ততা – ইন্দিমা বৰুৱা

কিমান বছৰৰ আগৰ কথা বাৰু; এতিয়াও অগা ডেৱা কৰে সেইবোৰ কথাই কেনেকৈ নিজৰ মোহগ্ৰস্থতাক প্ৰেম নাম দি ভুল কৰিছিলোঁ‌৷ অৱশ্য পৰিপক্কও নাছিলোঁ‌। বয়স কম আছিল লগতে মগজুও৷ মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ‌ আৰু মন সেই সময়ত কমোৱা তুলা উৰাদি উৰিয়েই ফুৰে। ধুনীয়া ল’ৰা দেখিলেই চকু পৰে, পিচে পতকৈ মই কাকো একো নকও কিয়নো এডাল অদৃশ্য শিকলি দেউতাৰ ৰঙাচকুৰ গাত মেৰ খাইয়ে থাকে৷ মোলৈ কোনোবা আকৰ্ষিত হোৱা যেন দেখিলেও মই পাচহুঁ‌হুকি আহিছিলোঁ‌৷ সেই বয়সতেই মূৰত এটা কথা সোমোৱাই লৈছিলোঁ‌

Read more

ফটাপেৰেম – দিগন্ত বৰা

মিছা ক’লে কি ডাল হ’ব হে? প্ৰেম কৰি কৰি জীৱনটো শেষ কৰি দিলোঁ‌। আটাইবোৰেই ফটা পেৰেম চাল্লা। প্ৰথম শ্ৰেণীত থাকোতেই এজনীয়ে মোলৈ চিঠি লিখিছিল। ভাষাজ্ঞান নাছিল তেতিয়া জহনীযাতীৰ। (মোলৈ নাহিলি যেতিয়া তাইক জহনীত যাবলৈ নকৈ মুকেশ আম্বানিলৈ যাবলৈ অভিশাপ দিলেহে হ’ব।) চিঠিখন বেছেৰীজনীয়ে লিখিছিল মোলৈকে। কিন্তু ডেলিভাৰ কৰোঁ‌তে পোষ্টেল এড্ৰেছ খেলিমেলি হোৱাৰ দৰে চিঠিখন পৰিছিলগৈ ৰজনী মাষ্টৰৰ হাতত। ৰজনী মাষ্টৰে চিঠিখন পঢ়ি হাঁ‌হি ৰাখিব নোৱাৰা হ’ল। আমি তেতিয়া ক’ নে খ’ মান শ্ৰেণীত। আজিৰ দৰে আমাৰ সময়ত এক কেজি দুই

Read more

প্ৰিয়া মোৰ তুমি অবুজন – মানবেন্দ্ৰ কুমাৰ শৰ্মা

‘আহানা!’ তেওঁৰ আহ্বানত মোৰ উখল-মাখল লাগিল৷ তথাপি মই যেন একো শুনাই নাই, এনে ভাৱত কৰি থকা কামটোতেই মন দি থাকিলোঁ৷ ‘এতিয়াই আহা৷’ মোৰ খেলি-মেলি লাগিল। কি কৰা যায়! ‘এতিয়া, এই মুহূৰ্ততেই আহা৷’ মই অস্থিৰ হৈ উঠিলোঁ৷ তেওঁৰ মাজত কিবা এটা যে মায়াময় যাদু আছে সেইটো সঁচা৷ সেই ৰহস্যময় মণি-মুকুতাৰ মাজত নিজকে বিলীন কৰি মোৰো অমিয়া পান কৰাৰ মন৷ মোৰ মনটোৱে মনা নাই, নিজকে সংযত কৰিব পৰা নাই, এতিয়া গৈয়েই যেন সেই ৰহস্যময়ীতাত ডুব দিম, তেনে লাগিল৷ পিছে মই হ’লো সাংসাৰিক

Read more

টিউবলাইট – দুদু কুমাৰ দাদুল

লগৰবোৰে মোক টিউবলাইট বুলি জোকায়। কিয় জোকাৱ বুলি সুধোঁতে বন্ধু মানসে এদিন মোক বুজাই দিছিল উদাহৰণসহ – : তোক এদিন বিদিশাই অংক এটা কৰিবলৈ দিছিল নেকি?  : ওঁ দিছিল। মনত পৰিল কথাটো। ফাৰ্ষ্ট ইয়েৰত থাকোঁতে বিদিশা নামৰ ছোৱালীজনী দুদিনমান কলেজলৈ অহা নাছিল। নোটচখিনি লিখি লওঁ বুলি মেজৰৰ বহীখন খুজি ঘৰলৈ নিছিল। দুদিনৰ পিছত বহীখন ঘুৰাই দি কৈছিল অংক এটা আছে মাজত। উত্তৰটো সোনকালে দিবা। ঘৰলৈ আহি বহীখন মেলি চালো। 1+4+3= 3 নে 2 ?  অংকত মই এক্কেবাৰেই কেঁচা। ৰামানুজনৰ নাম

Read more

'হাই, আই এম বৰ্ণালী' – বৰ্ণালী গগৈ

বনে-জংঘলে ঘুৰি প্ৰকৃতি সংৰক্ষণৰ কাম কৰি ফুৰোতে কামৰ সূত্ৰতে আমি প্ৰায়ে অৰণ্যৰ কাষৰীয়া মানুহবোৰৰ সংশ্ৰবলৈ আঁহো। স্থানীয় ৰাইজৰ মাজত জন সজাগতা গঢ়ি তোলাই এই অঞ্চলবোৰত আমাৰ প্ৰধান কাম। এইক্ষেত্ৰত প্ৰকৃতি সংৰক্ষণৰ বাবে কামকৰা স্থানীয় সংগঠনবোৰেই আমাৰ আৰু গাঁৱৰ মানুহৰ মাজত সংযোগ স্থাপন কৰে। মানাহ সংৰক্ষিত বনাঞ্চল (Manas RF) ৰ উপকণ্ঠৰ অঞ্চলত আমাৰ জন-সজাগতাৰ এনে কাম-কাজবোৰৰ বাবে আমাৰ প্ৰধান অৱস্থান আছিল কয়লাময়লা গাঁও। তাৰ স্থানীয় সংগঠন “নিউ হ’ৰাইজন”ৰ যুৱকসকলে আমাক এই কামত সহায় কৰিছিল। অৰণ্য সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উপৰিও

Read more

প্ৰেম জনমে জনমে – মিৰাজুল ৰছিদ

প্ৰেম এক স্বৰ্গীয় অনুভতি…… আমাৰ দৰে ফুটা কপালধাৰীৰ বাবে কেতিয়াও নহয়। আমাৰ বাবে প্ৰেম দিল্লী কা লাড্ডু ;খালেও আফচোচ নাখালেও আফচোচ। তথাপি প্ৰেম-ভালপোৱাৰ অনুভৱ নোপোৱাকৈ, ইয়াক এবাৰ টেষ্ট নকৰাকৈ জানো থাকিব পাৰি? ক্লাচ টেনৰ ঘটনা। যৌৱনৰ  প্ৰথম খোজ। সকলোৱে কয় জাগি শুবা, বাচি খাবা, কিন্তু মন যে অবুজন কেতিয়া পিচলি যায় ধৰিব পৰা টান। ক্লাছত এজনী ছোৱালী আছিল, নাম নুৰী। গণিতৰ টিউচনত যেতিয়া তাইৰ কাষত বহো মনত কিবা এক অবুজ শিহৰণ আহে। এইজনীক যেন মোৰ বাবেই পৃথিৱীলৈ পঠোৱা হৈছে। তাইৰ

Read more

‎পিৰিতি মিঠা চিৰা দৈ – হেমন্ত ভট্টাচাৰ্য

মই তেতিয়া ক্লাছ টেনত। ক্লাছ নাইনৰ ছোৱালী এজনীৰ ওপৰত চকু পৰিল। জুবিনৰ ভাষাত ‘ককাল খামুচীয়া,  গাল গুলপীয়া’ ছোৱালী। তাইৰো মোলৈ মন খাইছিল হ’বলা! স্কুলৰ প্ৰাৰ্থনা সভাতো হাতযোৰ কৰি মুখেৰে প্ৰাৰ্থনা গাই, চকু কিন্তু মোৰ ফালে। তাইৰ চাঁৱনিত মোৰ মন থৌকি-বাথৌ! সকলো সময়তে তাইৰ কথাই মনলৈ আহি থাকে। ৰাতিপুৱা আৰু ৰাতি পঢ়াৰ সময়তো কিতাপৰ পাতত তাইৰে মূখখন ভাহি থাকে। কালিদাসৰ ভাষাত নেদেখিলে মন,  কৰে উচাতন,  দেখিলে জুৰাই পৰাণ। বহু ভাবি-চিন্তি ঠিক কৰিলো যে এইদৰে আৰু নহ’ব। কিবা এটা কৰিবই লাগিব। হয়

Read more

ফটা প্ৰেম – বিউটি হালৈ

কলেজত পঢ়া সময়ৰ কথা| হোষ্টেলৰ কাষৰ ঘৰটো দি আৰ এচ নামৰ এন জি ও এটাই ভাড়া লৈছে| বাহিৰৰ পৰা কেইজনমান ল’ৰা আহিছে ৰিচাৰ্চৰ কামত| অৱশ্যে মোৰ লগত থকা কেইজনীও অসমৰ বাহিৰৰ, গতিকে মোৰ বাহিৰে সিঁহত আটাইৰে বন্ধুত্ব হৈ গৈছে| মই শনিবাৰ পৰিলেই ঘৰলৈ আহো| মোৰ অন্তৰ্মুখী স্বভাৱৰ বাবে মই সহজতে কাৰো লগত বন্ধুত্ব কৰিব নোৱাৰিছিলো তেতিয়া|  পিচিঅ’ৰ দিন তেতিয়া, হোষ্টেলৰ ওচৰৰ পিচিঅটোত আমাৰ লগতে সিহতৰো ফোনৰ আহ্ যাহ্|  লগৰ এজনীয়ে লগ ধৰিলে পিচিঅ’ যাবলৈ মই গ’লো|  মই পিচিঅ’ৰ মালিকৰ লগত

Read more

ফটাপ্ৰেম – পৰিস্মীতা গগৈ

তেতিয়া মই অষ্টম শ্ৰেণীত পঢ়ি আছিলো। অক্টোবৰ মাহ। দুৰ্গা পূজাৰ সময়ৰ কথা। আমি লগৰ পাঁ‌চজনীমান ছোৱালী লগ-লাগি পূজা চাবলৈ বুলি গৈছিলোঁ‌। পূজা মণ্ডপ প্ৰায় ঘৰৰ ওচৰতে হোৱাত খোজকাঢ়িয়ে আমি গ’লো। সেইসময়ত আকৌ জাপানীজ স্কাৰ্ট বুলি এটা স্কাৰ্ট ওলাইছিল। দেউতাই পূজাৰ উপহাৰ বুলি সেই স্কাৰ্টৰ লগতে ওখ চেন্দেল এযোৰো দিছিল। বিদ্যা কৈছো,  সেই সাজেৰে মোক বোলে একদম জাপানীজ চেৰী ফুল এপাহৰ দৰেই লাগিছিল। এনেই মংগোলীয়ান ‘লুক’টো আছেই! মই এনেও অলপ ফিল্মী টাইপৰ। সেয়ে চাগৈ মোৰ লগত ঘটা ঘটনাবোৰো ফিল্মৰ দৰেই। লগৰকেইজনীৰ

Read more
1 13 14 15 16 17 18