চাঁধা, এক প্ৰেম কথা-দেবজিত শৰ্মা
কাহিনীটো হোৱাটচ এপ, ফেইচবুক, অৰকুট আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰপৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সৱল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ? বিফল প্ৰেম? হয় আছিল৷ ঠিক হওঁ হওঁকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক। পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনীগৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো মূৰৰ
Read more