ফটাঢোল

মে ৰাহুল কী দিৱানী হু – পৰীস্মিতা গগৈ

:ঐ শুনাচোন। :………… :পৰীস্মিতা……পৰী আস্ কোনে মতিলে মোক এই নামেৰে। এইটো নামেৰে মাতিবলৈ কেৱল মোৰ মনৰ মানুহজনৰহে জন্মস্বত্ব অধিকাৰ। হু ইজ হি বুলি মনতে ভোৰভোৰাই কপালখন কোঁ‌চ খুৱাই দীঘল চুলিটাৰি চাটপকৈ মাৰি ঘূৰি চালোঁ‌। আৰে এয়া কি! সপোননে বাস্তৱ। ই মোক মাতিছে তাকো ইমান মৰমত। উঠি অহা খংটো তেল শেষ হোৱা মিঠাতেলৰ চাকিগছিৰ দৰে দপকৈ জ্বলি নুমাই গ’ল। যিমান পাৰোঁ‌ অতিকৈ কোমল মাতেৰে বেৰিয়া দাঁ‌তটো উলিয়াই মিচিকিয়াই মাত দিলোঁ‌। “অহ অৰুণাভদা আপুনি।” মোৰ মাতটো শুনি অৰুণাভ কিমান উচপ খাইছিল নাজানো

Read more

ডাক্তৰ হ’ব খোজা ছোৱালীজনী — খনিন্দ্র ভূষণ মহন্ত

আমি তেতিয়া তৃতীয় ষাণ্মাসিকৰ ছাত্র। নতুন ‘চিনিয়ৰ’। স্বভাৱগতভাৱে ফটা লেবেল এটাই আহি গাত থিতাপি ল’লেহি। গতিকে নৱাগতসকলক য’তে-ত’তে, “ঐ ক্লাচ নাই নেকি?”, “ইয়াত কিয় ঘূৰি ফুৰিছ?”, “এতিয়ালৈকে বাহিৰত আছ যে!” জাতীয় হুমকিবোৰ উপহাৰ দি ফুৰিছিলোঁ। নক’লেও হ’ব যে এই সুৰটো নৱাগতাসকলৰ ওচৰত “তোমালোকৰ ক্লাচ শেষ হ’ল ন!”, “অচিনাকি ঠাই। কিবা অসুবিধা হ’লে জনাবা দেই।” আদিলৈ সলনি হৈছিল। নতুনকৈ কবিতা লিখিবলৈ লৈছোঁ। যোৰহাটত পঢ়ি থকা দিনৰ কথা। প্রণৱ কুমাৰ বর্মন, নীলিম কুমাৰৰ কবিতাৰ স্তৱক একেবাৰে ওঁঠতে থাকে বুলিলেও ভুল নহ’ব। নৱাগত

Read more

প্ৰথম মৰমে যদি — তবিবৰ ৰহমান

মোৰ লগৰ ল’ৰা কিছুমানে অষ্টম-নৱম মানৰ পৰাই আঠ মান বজাৰ পৰাই গা পা ধুই স্কুল যাবলৈ সাজু হৈ থাকে। মোৰ আৰু ন মান বজালৈকে মাৰ্বল, পইচা বা কিবাকিবি খেল খেলি থাকোঁতে যায়। কিন্তু দশম শ্ৰেণী পোৱাৰ লগে লগে মোৰো সোনকালেই স্কুললৈ যাবলৈ মন যোৱা হ’ল। কেইদিনমান আগলৈকে মা’ৰ কোবৰ ভয়তহে স্কুল যোৱা মইজনৰো সদায় স্কুল যাবলৈ মন যোৱা হ’ল। ইয়াৰ কাৰণ হ’ল মই পঢ়া হাইস্কুল খনতে ক্লাছ ছিক্সত পঢ়া আমাৰ গাঁৱৰে মূৰৰ ছোৱালী এজনী। ছোৱালীজনীক দেখিলে কিবা ভাল লগা হ’ল

Read more

এনেকৈয়ো ভাগে নে সপোন! — সদানন্দ ভূঞা

মোৰ বয়স তেতিয়া ষোল্ল কি সোতৰ বছৰ। যৌৱনে ৰিঙিয়াই মতাৰ বয়স। যৌৱনে কিছু কিছু আমনি কৰা সময়। সপোন দেখিছিলোঁ মই, ময়ো যৌৱনৰ মিঠা মিঠা সপোন দেখিছিলোঁ। সেইসময়ত নিশা পিতাইৰ শোৱাপাটীৰ সংগী আছিলোঁ মই। সপোন দেখিছিলোঁ মই… সপোনতে মই এখন পাহাৰীয়া ৰাজ্যৰ কুলু কুলু সুৰে বৈ যোৱা এটি নিজৰাৰ পাৰত আপোনভোলা হৈ বহি বহি প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি আছোঁ। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সৌন্দৰ্য্যত ইমানেই আপোন পাহৰা হৈ গৈছিলোঁ… সময় কিমান হ’ল উমানেই পোৱা নাছিলোঁ। কানিমুনি বেলি লহিওৱাৰ সময়। দেখিলোঁ… বহু দুৰৰ

Read more

প্ৰেম প্ৰেম বুলি… –মন্দিৰা শৰ্মা

শুনিবলৈ পোৱা যায় যে প্ৰেম যেতিয়া হয় সকলোবোৰ সুন্দৰ হৈ পৰে। প্ৰেমৰ অনুভৱেই হেনো সুকীয়া, মাদকতা ভৰা। যেতিয়া কোনো প্ৰেমিকে প্ৰেমিকাক প্ৰথম বাৰ প্ৰেম নিবেদন কৰে অৰ্থাৎ প্ৰ’পজ কৰে, সেইয়া হেনো এক অনন্য অনুভূতি। কিন্তু মোৰ ক্ষেত্ৰত সকলো উল্টা হে হ’ল। প্ৰথমবাৰ প্ৰ’পজ কৰা ষ্টাইল আৰু দ্বিতীয়বাৰ সময়…এটাও সঠিক নাছিল। দুয়োবাৰেই মই ফ্ৰীতে, অকণো কষ্ট নকৰাকৈ ডাক্তৰনী হোৱাৰ পৰা বঞ্চিত হ’লো। এতিয়াও কেতিয়াবা মনত পৰিলে বুকু খন মোচৰ খাই উঠে। এইটো দ্বিতীয়বাৰৰ ঘটনা। মই তেতিয়া হায়াৰ চেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰী।

Read more

হেপ্পীলাইন — হিমাদ্ৰি বি গোস্বামী

:ঐ হিমাদ্ৰি ফাৰ্ষ্ট ইয়েৰৰ সাগৰিকাই তোক লগ কৰিব বিছাৰিছে৷ কিবা কথা আছে হেনো – দুষ্টামি ভৰা হাঁহিৰে লগৰ এজনীয়ে কোৱা কথাষাৰ বৰ গুৰুত্ব নিদিলো৷ মোৰ জন্ম পত্ৰিকা মতে শুক্ৰ অশুভ৷ প্ৰেম পিৰীতিৰ গ্ৰহ শুক্ৰ৷ দৈত্য গুৰু। আনহাতে বৃহস্পতি দেৱ গুৰু , শুক্ৰৰ শত্ৰু৷ শুক্ৰ গুৰু বিতুষ্ট থাকিলে প্ৰেমৰ ঘৰত বৃহস্পতিয়ে একো ফলাব নোৱাৰে। বোন্দা কেঁচুৰ টোপেৰেও বৰশীত মাছ লগাব নোৱাৰি৷ আগৰ দুই এটা দহেচিয়া প্ৰেমত মাহদিন ৰিহাচেল কৰিও এক্টিংৰ দিনা ডায়লগ পাহৰি প্ৰমাণ পাই থৈছো৷ গতিকে সাগৰিকাৰ প্ৰস্তাৱত উদাসীন পন্থাই

Read more

প্ৰেম আৰু প্ৰেম — বাব্লী বুঢ়াগোহাঁই

‘প্ৰেম’ এটা মিঠা মিঠা ৰাগি লগা শব্দ যি হৃদয়ত শিহৰণ জগাই তুলে। বাস্তৱৰ জগত খনতকৈ কল্পনাৰ সাগৰত সাতুৰি ভাল লগা হয়। প্ৰেম এনে এক অনুভূতি যাৰ স্পৰ্শত সকলোবোৰ বেয়া লগা ভাল লগা হৈ পৰে। মই প্ৰথম যেতিয়া প্ৰেম শব্দটোৰ লগত চিনাকি হৈছিলো তেনেই সৰু আছিলো। মোকো কোনোবাই যে ভাল পাব পাৰে তেনে অনুভব হৃদয়খনে বুজিব পৰা হোৱাই নাছিল। তথাপি এই মিঠা ৰাগিত এবাৰলৈ হ’লেও হাবুডাবু খালো। ২০০১ চনৰ কথা মই সপ্তম শ্ৰেণীৰ বৃত্তি পৰীক্ষা বাবে স্কুলৰ পৰা নিৰ্বাচিত হৈছিলো। বছৰেকীয়া

Read more

ফটাপ্ৰেম – তবিবৰ ৰহমান

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত মোৰ তৃতীয় পুলিং বিষয়া হিচাপে নিৰ্বাচনত দায়িত্ব পৰিছিল। কাগজখন পোৱাৰ দিনৰপৰাই মোক অহেতুক দুখ এটাই আৱৰি ধৰিলে। কিয়নো আগৰ কেইবাৰ মই দ্বিতীয় পুলিং বিষয়া হিচাপে দায়িত্বত আছিলোঁ। দ্বিতীয় বিষয়াসকলৰ আটাইতকৈ কাম আৰু কষ্ট বেছি যদিও মোৰ নিচিনা বৰলাসকলৰ কাৰণে অন্য এটা সুকীয়া আমেজ আছে। দ্বিতীয় বিষয়াসকল যদি বৰলা হয় আৰু তেওঁলোকৰ হৃদয়বোৰ যদি শুকান জেওৰাৰ কামিৰ দৰে নহয়,তেন্তে এই বিষয়ে ভালদৰে জ্ঞাত। নহ’লেনো যিটো কৰ্তব্যত কাম বেছি, কষ্ট বেছি থাকে সেইটো কৰিবলৈ কোনোবা ভাৰতীয় মানুহে ভাল পাব

Read more

পূৰ্ণিমাৰ গোলাপ – কাকলী ভৰদ্বাজ মিশ্ৰ

প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল৷ পিছে মোৰহে হয় অদল বদল৷ বিধিয়ে কলিজাত প্ৰেমৰ চাকিগছি জ্বলালেও বিধাতাই আহি কোন পলকত ফুঁ মাৰি নুমাই থৈ যায় ধৰিবকে নোৱাৰো৷ আনে প্ৰেম কৰি জগতত ফাটি ফুটি বিখ্যাত হৈ প্ৰেম কাহিনী লিখি যায় আৰু মোৰ ফটা ফুটা প্ৰেম কাহিনী সোপাই কলিজাৰ ডাষ্টবিনত পায়৷ তেনেকুৱা এটা ফটা প্ৰেম হৈছিল প্ৰাইভেট চাকৰি এটা কৰি গুৱাহাটীত থকা সময়ত৷ গুৱাহাটীত গৈ থাকিবৰ বাবে হোষ্টেল বিচাৰি হাবাথুৰি খাই খাই কোনোমতে চান্দমাৰি কলনিত হোষ্টেল এটা যেনিবা পালোগৈ। আৰু তাতেই আৰম্ভ

Read more

ফটা প্ৰেম – ঋতুপৰ্ণা মহন্ত

আমি হ’লো ডিডি ওৱানত ফাল্গুণী পাঠকৰ গানে তোলপাৰ লগোৱা দিনৰ মানুহ। “চাৱন মে মৌৰণী বনকে মে তো চম চম নাচো”, “য়াদ পিয়া কি আনে লগি…” এনেকুৱা গানৰ ভিডিঅ’বোৰ চাই চাই ইতিমধ্যে প্ৰেম মানে কি তাৰ মোটামোটি ধাৰণা এটা কৰি পেলাইছিলো। হাইস্কুলত পঢ়ি থাকোঁতে দুই একে মোৰ চাইকেলৰ বক্সটোত “আই লাভ ইউ” বুলি লিখা কাগজৰ টুকুৰা একোটাহঁত নেপেলোৱা নহয়। পিছে সেই বেনামী চিঠিবোৰৰ প্ৰেৰক কোন আছিল সেয়া নজনাকৈয়ে তেনেবোৰ প্ৰেম কাহিনীৰ অন্ত পৰিছিল। এজন বুলি নকৈ দুই একে বুলি এইকাৰণেই কৈছোঁ,

Read more
1 2 3 4 5 17