ফটাঢোল

মেচী দা : চিত্ৰলেখা দেৱী

হাইস্কুলত পঢ়ি থকাৰ সময়ৰ কথা। আমাৰ ঘৰৰেই স্কুলখন যেন। বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই স্থানীয় —- লগতে শিক্ষক-কৰ্মচাৰী সকলো। গতিকে আমাৰ একো ভয়-ভীত কৰিব লগা নাই। আমি পাঁচজনীয়া এটা গ্ৰুপ — ৰেখা, দীপা, অনিমা, নিৰু আৰু মই। আমাক গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে জানে; ভালত ভাল আৰু বেয়াত যমকাল। স্থানীয় বুলি আমাক দূৰৰখিনিয়ে সমীহো কৰে। বিদ্যালয়ৰ যিকোনো কামতে আমি পাঁচজনীয়া দলটোৱেই সদায় আগবাঢ়ি যাওঁ। একেখন বেঞ্চতে আমি পাঁচোজনী বহোঁ — আগ বেঞ্চত। আনবোৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰে ৰটেচন কৰি বহে –আমি কিন্তু নকৰোঁ যি শ্ৰেণীতেই

Read more

পীৰা – বীৰা – পীড়া (ব্যঙ্গ নাটিকা) : গীতাৰ্থী গোস্বামী

(মঞ্চৰ এফালে অসম প্ৰগতি কাকতৰ কাৰ্য্যালয়, এফালে ফণীধৰ বৰুৱাৰ চোতাল। বৰুৱাৰ কাণ দুখন অলপ গধুৰ) বৰুৱা : (মোবাইলত নম্বৰ টিপি কাণত মোবাইল লৈ) হেল্ল’ হেল্ল’। অসম প্ৰগতিৰ সম্পাদকৰ অফিচ হয়নে? সম্পাদক : হয়, কওকচোন। বৰুৱা : নহয়? ছেঃ ভুল নম্বৰ লগালোঁ নেকি? সম্পাদক : হয়, হয়। ময়ে অসম প্ৰগতিৰ সম্পাদক। আপুনি কি ক’ব খুজিছে কওক। বৰুৱা : অ’ হয় হয়। মোৰ নাম ফণীধৰ বৰুৱা। মই দফলাচুকৰপৰা কৈছোঁ। সম্পাদক : দফলাচুকৰপৰা? বৰুৱা : হেৰি পগলাচুক নহয়, দফলাচুক, দফলাচুক। সম্পাদক : ঠিক

Read more

আঘোণৰ পথাৰত ধান চোৰ – মৃদুলা গগৈ

কাউৰীয়ে কা নকৰোতেই শেৱালি শোৱাপাটিৰপৰা উঠি আহিল। নিজে বিচনাৰপৰা উঠি আহোঁতেই গিৰীয়েক বীৰেণকো ঠেলা এটা মাৰি থৈ আহিছে। হ’লেও বীৰেণ এটা ঠেলাতে উঠা মানুহ নহয়। চাৰি পাঁচবাৰ চিঞৰিলেহে উঠি আহে। শেৱালি উঠা গম পাই জায়েক মালতীও বিচনাৰপৰা উঠি আহিল। এইকেইটা দিনত শেৱালিহঁতৰ গাত তত নাই। পথাৰত ধানে ভৰ পক দিছে। সোনকালে ধানখিনি পথাৰৰপৰা ঘৰ সোমোৱাবহি লাগে। কেনেবাকৈ বতৰ বেয়া হ’ব লাগিলেও কমখন পয়মাল হ’বনে? এইকেইদিনত শেৱালিহঁতৰ ঘৰখন বুলিয়ে নহয় গাঁওখনৰ সকলোৰে চিন্তা পথাৰৰ ধানখিনি আনি ভঁৰালত সোমোৱাটো। সকলো আঘোণৰ সোণগুটিখিনিক

Read more

সপোন – পাৰিজাত ফুকন

সপোন দেখাটোও এক বাহাদুৰিয়েই। ইচ্ছা কৰিলেই সপোন দেখিব নোৱাৰি যিহেতু। অৱশ্যে সপোন বিশেষেও কথা আছে। হ’ল বুলি আৰু সপোনত যদি ওৰে ৰাতি ভূতৰ খেদা খাই দৌৰি ফুৰিব লগা হয়, তেন্তে কাৰনো মন যাব সপোন দেখিবলৈ! এইক্ষেত্ৰত ম‌ই অলপ বিশেষত্ব থকা। মানে যেতিয়াই নুশুও কিয় আঙুলি মূৰত হিচাপ কৰিব পৰা দুই চাৰি দিনক বাদ ম‌ই সপোন দেখিমেই। সেইবুলি সপোনবোৰ একে ডিজাইনৰো নহয়। সদায় বেলেগ বেলেগ। তাতকৈ ডাঙৰ কথা কিছুমান তাৰে ফলিয়ায়ো। ঘৰৰ মানুহক ক‌ওঁতে ভেকাহি মাৰে যে সেইকাৰণে বাদ দিলো ক’বলৈ

Read more

চিজিল পতিৰ বেচিজিল পত্নী – ৰীতা সোণোৱাল

বিয়া হোৱাৰ পাছত ন কইনা চাবলৈ অলেখ মানুহ আহে। মই কইনা হৈ নতুন ঘৰখনলৈ অহাৰ পাছত মোক চাবলৈও যথেষ্ট মানুহ আহিছিল। আলহী অহাৰ পাছত পাকঘৰলৈ যাওঁ চাহ জলপানৰ যোগাৰ কৰিবলৈ। মই পাকঘৰত সোমোৱাৰ লগে লগে এওঁ প্ৰায় দৌৰ মাৰি আহে মোৰ কাষলে। মই মনতে ভাবোঁ, মই যে কিমান লাকী! মোক সহায় কৰিবলৈ দৌৰি আহিছে। আলহীৰ বাবে চাহ জলপান সজাওঁ, এওঁ ওচৰত ৰৈ চাই থাকে। লাহেকৈ কয়, মিঠাইৰ ৰঙটো প্লেটখনৰ লগত নাই মিলা। এইবাৰ এওঁ লাগি যায় প্লেট সজাবলৈ…. চিকচিকিয়া কাচৰ

Read more

পিকনিক : জিতা ফুকন

পষ্টমৰ্টেম, তেজপুৰ পিকনিক (2018 ) যোৱা 2018 চনৰ 25 ডিচেম্বৰৰ দিনা তেজপুৰত ফটাঢোলৰ পিকনিক হৈছিল৷ মোৰো যোগদানৰ সুযোগ মিলিছিল৷ কথাবোৰ মনত পৰি থাকে৷ সেয়ে লিখিলোঁ পিকনিকৰ কেইটামান ডুখৰীয়া খবৰ৷ পিকনিকলৈ যাম বুলি গিৰিহঁতক ক’লোঁ, বোলো পুৱা চাৰি বজাত মোক উঠাই দিবা৷ ৩:১৫তে দিলে নহয় উঠাই ক’লে ৪:১৫ হ’ল উঠা৷ এজনক আগদিনাই ক’লোঁ মোক ৪:১৫ ত শিৱসাগৰত থৈ আহিবলৈ তাতে পিকনিকৰ গাড়ী ধৰিব লাগিব৷ সেইজন আহোঁঁতেই 5 বাজিল৷ গৈ শিৱসাগৰ পালোঁগৈ৷ ASTC ত ৰৈ থাকিম বুলি কোৱাকেইজনৰ দেখাদেখি নাই৷ ফোন কৰিলোঁ,

Read more

গ্ৰন্থ উকমুকনি সভা – ঈশান জ্যোতি বৰা

ভাগ্য লাগিব বুজিছে, ভাগ্য লাগিব৷ মোৰ নিচিনা লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ দ্বাৰা ৰচিত গ্ৰন্থৰ ৰসাস্বাদন কৰিবলৈ পাঠক ৰাইজৰ ভাগ্য লাগিব৷ যিটো সময়ত এচাম ছেল্ফ-প্ৰক্লেইমড্ পণ্ডিত-সৰ্বজান্তাই ৰাতিটোৰ ভিতৰতে খিচিৰি পকাই সাহিত্যৰ নামত “মোৰ প্ৰিয় প্ৰাণী গৰু, মুৰ্গীৰকণীঘূৰণীয়া, হেই হুৰ-হুৰ-যাহ্-যাহ্” আদি শতাব্দী-পুৰণি বাক্য-বচনৰে ত্ৰিভুৱন কঁপাব লাগিছে, তেনে এক গুৰুত্বপূৰ্ণ ক্ষণতে মোৰ দৰে জেনুইন কুহুৰ-কুহুৰ..মন কৰিব দেই-‘জে-নু-ই-ন’মানে ‘খাঁটি’ লেখকৰ এখন কালজয়ী গ্ৰন্থই অসমীয়া সাহিত্যৰ নিশকটীয়া ভঁৰালটোলৈ কিমান বৰঙনি আগবঢ়াব পাৰে-সেই কথা অসম মুলুকৰ বাঘা-বাঘা চিন্তাবিদে নাজানিব পাৰে, কিন্তু মোৰ ফ্ৰান্সত থকা একান্ত শুভাকাংক্ষী তথা বন্ধু-সাহিত্যিক

Read more

যাত্ৰা – প্ৰসেনজিৎ গোস্বামী

প্ৰথম স্তৱক— শাৰদীয় সুন্দৰ এদিন আবেলি পানবজাৰৰ পৰা জালুকবাৰী অভিমুখে চিটিবাছত উঠিলোঁ। দুজনীয়া ছিট এটা খালী দেখি  খিৰিকীৰ ফালৰ ছিটটোত বহি দিলোঁ। ভালেই লাগিল মনটো ছিটটো পায়। “মনমে লাড্ডু ফুটা”, কাৰণ বাহিৰ ফালে ব্যস্ত মানুহবোৰ চাই গৈ অন্তত যাত্ৰাৰ সময়কণ খেদাব পাৰিম। সদা বহ্নিমান ব্ৰহ্মপুত্ৰখনৰ কথা ভাবি  আহি আছোঁ ক’ৰ পানী ক’লৈ  যায়। এনেতে ফাঁচীবজাৰ ষ্টপেজত গাড়ী ৰখাওঁতে ধুনীয়া ছোৱালী এজনী বাছত উঠিল আৰু উঠিল মানে কাষৰ খালী থকা অংশত আহি বহিল। মোৰ ভাল লগাখিনি দুগুণ বাঢ়ি গ’ল, “কিউ কি

Read more

য়ে দিল তুম বিন – ডা°পার্থসাৰথি ভূঞা

দুদিনমানৰ পৰা নেৰানেপেৰা বৰষুণ দি আছে। এনে বতৰত মোৰ এটা ভাল লগা কাম হৈছে পুৰণি গীত শুনা। কম্পিউটাৰ মেৰামতিৰ দোকান থকা ল’ৰা এজন মোৰ চিনাকি। তেওঁক মাজে মাজে পেন ড্ৰাইভ এটা দি পুৰণি হিন্দি চিনেমাৰ গান ভৰাই দিবলৈ কওঁ। এনে বতৰত সেই গানবিলাক শুনি বৰ ভাল লাগে। পেন ড্ৰাইভটোতে থকা এটা গান বহু দিনৰ পাছত শুনিলোঁ। ইজ্জত নামৰ চিনেমা এখনৰ লতা মংগেস্কাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত “য়ে দিল তুম বিন কহি লগতা নেহী হম ক্যা কৰে, টছববোৰ মে কই বছটা

Read more

আৰে ৰাৱণ ভাই! কি খবৰ – সোণটো ৰঞ্জন বৰুৱা

: আৰে ৰাৱণ ভাই! কি খবৰ? : ফাটাফাটি…তোমালোকৰ কৃপাত৷ এইমাত্ৰ দেহত জুই লগাই আহিছোঁ৷ : জুই লগাই? মানে? : আৰে ভাই, ৰাইজেচোন প্ৰতি বছৰে বিজয়াদশমীত মোক জ্বলাই দিয়ে ন৷ : জ্বলাই দিয়ে? কিন্তু তোমাক দেখিলেচোন ধৰিব নোৱাৰি? : হাঃ হাঃ হাঃ… মোক মানে মোৰ পুতলা জ্বলাই, মোক জিন্দা জ্বলোৱাৰ সাহস এই কাপুৰুষচবৰ কাৰো নাই৷ হাঃ হাঃ হাঃ…. : তেন্তে তুমি পুতলা জ্বলোৱাৰ সময়ত ক’ত আছিলা? : তাতে….ভীৰৰ মাজতে সেনাবাহিনীৰ সৈতে ময়ো আছিলোঁ৷ : আৰে….ময়ো আছিলোঁ তাত৷ কি আচৰিত! না তোমাক

Read more
1 2 3 4 48