ফটাঢোল

বানান – ৰাজীৱ শৰ্মা

শিক্ষক: কচোন, আজি স্কুললৈ আহোঁতে তহঁতৰ কোনোবাই কিবা ভাল কাম কৰিলিনে? এজন ছাত্ৰ: (তপৰাই)মই কৰিলোঁ ছাৰ। শিক্ষক: কি কৰিলি! ছাত্ৰ: বাচত উঠিবলৈ খৰকৈ গৈ থকা মানুহজনৰ পাছত আমাৰ ঘৰৰ কুকুৰটো লগাই দিলোঁ। শিক্ষক: কি? এইটো ভাল কাম কেনেকৈ হ’ল? ছাত্ৰ: বাচখন গৈছিলেই ছাৰ। কুকুৰটোৱে খেদিলতহে তেখেত যেনে-তেনে বাচখনত উঠিব পাৰিলে। ভাল কাম এনেকুৱাই। দহজনৰ চকুত বেয়া দেখিলেও কৰোঁতাজনৰ বাবে সন্তুষ্টি দায়ক। সিদিনা দশমশ্ৰেণীৰ ল’ৰা-ছোৱালীহঁতক পাঁচটা একেবাৰে সহজ বানান দিলোঁ। সকলোৱেই লিখিলে। কিন্তু জন্তু এটাৰ নাম এটাই ভুলকৈ লিখিলে। লিখিব লাগিছিল

Read more

দেতা আৰু বিজুলি বাতিৰ সেই সময় – অসীমা শইকীয়া দত্ত

কাৰেণ্ট আহিলেই লেম চাকিবোৰ নুমুৱা অভ্যাসতো দেতাৰ অসমলে কাৰেন্ট অহা দিনতে গঢ় ল’লে। দাদাই তাকে ক’লে দেতাই দমদমাই “লাইটৰ বিল তোৰ বাপেৰে দিব। গোলামৰ জাত কেইটকা ঘটি পাইছ। বাপেৰৰ গচিতো আছে যে।” সিফালে কাৰেণ্ট আমাৰ ঘৰলে অহাৰ দিনাই মায়ে সৱ লেম চাকি ববৌক দি পঠাইছিল। “নবৌ কাৰেণ আহিল এইবোৰ আমাক নেলাগে আউ। লৈ যক।” ৰাতিলে যেতিয়া কাৰেণ্টে ডবা কোবাওতেই সন্ধ্যা লাগোতেই ভমক কে আমাক এৰি গুছি গ’ল। গোটেইখন আন্ধাৰ দেখি দেতাৰ চিঞৰ, “লেম চাকি আজিও কোনেও ফিট নকৰিলি হঁতনি ঐ।

Read more

কেকোঁৰাৰ বিষয়ে ৰচনা – নীলাঞ্জনা মহন্ত

কেকোঁৰা মূলতঃ এবিধ বেঁকাবেঁকিকৈ পদাসন কৰা প্ৰাণী৷ সমুখলেও নাযায় পিছলৈও নাযায়, কেৱল সোঁফালে বা বাওঁফালে গমন কৰিব পৰা মহৌগুণটোৰ বাবে এই প্ৰাণীবিধক ঠাইবিশেষে বিশেষ মৰ্যাদা দিয়া হয়৷ এই গুণটোক আয়ত্ব কৰিবলৈ পৃথিৱীত বহুতেই তপস্যা কৰে যদিও এক বিশেষ জাতিকহে ভগৱন্তই কৰ্কটাৱতাৰী হোৱাৰ বৰ দিয়ে, যাৰ বিষয়ে এই ৰচনাত পিছলৈ নিৰপেক্ষ গৱেষণাৰ ফচল যোগ কৰা হৈছে৷ এখেতক সাগৰ তথা নদীৰ বালিচৰত সূৰ্যস্নান কৰা অৱস্থাত আৱিস্কাৰ কৰা হৈছিল মান্ধাতা যুগতে৷ তেৰাক কিছুলোকে মাংগলিক কৰ্ম যেনে পেটপূজাতো আগবঢ়ায়৷ কেকোঁৰাৰ আন এটা নাম কৰ্কট৷

Read more

খুদিৰামৰ খাটাং কথা – অৰৱিন্দ গোস্বামী কথা

জেলেপী খাই ভাল পোৱা খুদিৰামৰ ল’ৰালি কালৰ ঘটনা এয়া। খুদিৰাম হেনো ল’ৰালি কালত সাতঘাতৰ সৈয়াকণী আছিল। বুদ্ধিত বৃহস্পতি বিদ্যাত কালিদাসৰ আৰম্ভণিছোৱাৰ দৰে খুদিৰামৰ বুদ্ধিটো একে থাকিল আৰু সৰস্বতী দেৱীয়ে কালিদাসক দৰশন দিয়াৰ দৰে খুদিৰামক দৰশন নিদিলে। নিদিলে মানে একেবাৰেই নিদিলে। যিকোনো প্ৰকাৰে পঢ়াৰ সময়ত মূৰ পুলুকা মাৰি খাবৰ সময়ত কুম্ভকৰ্ণৰ দৰে এনাওমান পেটত ভৰাই ল’ব পাৰিলেই খুদিৰামতকৈ সুখী জীৱ আৰু পৃথিৱীত নাই। লাহে লাহে খুদিৰাম ডাঙৰ হ’ল।হাইস্কুললৈ যোৱা খুদিৰামৰ জীৱনত বহুত সমস্যা আহি পৰিল। এতিয়া তিনিকিলোমিটাৰ পথ খোজকাঢ়ি আহোঁতে যাওঁতে

Read more

প্ৰেম অপ্ৰেম – মনালিছা গগৈ

“হেৰাআআ। ক’ত আছা? ই নাই যে? আকৌ গ’ল হয়নাই?” চিৰিং কে মাৰিলে বুকুখন তেওঁৰ গৰ্জন শুনি৷ আহি সোমাইছিলোঁ‌হে দিউটিৰ পৰা৷ আহিয়েই চাহ একাপ খাওঁ‌ বুলি বনাবলৈ পাকঘৰত সোমাইছিলোঁ‌। একে চুচৰে দৌৰি অহাদি আহি তেওঁৰ সমুখত হাজিৰ হ’লোঁ‌। বৰ ভয় লাগে তেওঁৰ খংটোলৈ বিশেষকৈ ইয়াৰ সম্পৰ্কত তেওঁ খুট এটা ওলিয়াবলৈ চাইয়েই থাকে৷ “মই এই আহি পাইছোঁ‌হে আৰু মই সোমাঁ‌ওতেই সি আছেই। তাৰ বিচনাত শুই থকাৰ পৰাই মূৰ দাঙি চোৱা দেখি মই মাত দিও গৈছোঁ‌। তৎমুহূৰ্ততে সি ওলাই যাব বুলি মই ভাবিবলৈও

Read more

বৰুৱানীৰ সপোন – চাও খুন শিৱা

“বেলি ওলাবলৈ নাপাওঁতেই আল পৈচান ধৰিব হয়েই। হ’ল বুলি ফিকা চাহ কাপ নিজে কৰি খাব নোৱাৰা নেকি?” চাহৰ কাপটো টেবুলখনত ঠেকেছা মাৰি বৰুৱানীয়ে ঠেঁহ পাতি উঠিল। পেপাৰ পঢ়ি থকা বৰুৱাই চশমাজোৰৰ ফাঁকেৰে চাই বোলে “সোনকালে উঠাটো স্বাস্থ্যৰ পক্ষে ভাল।” ”হ’ব.. ইটো ভাল সিটো ভাল কৰি, লেল চেলাই দেখুৱাব নালাগে। কাম কৰা বাইজনী দুদিন হ’ল নহা; আজি আহিব নাই খবৰ কৰি আহক গৈ ..” বৰুৱাৰ কথাত বাৰুৱানীয়ে ভুল ধৰাৰ সুবিধা নাপায়ে, আজি পাইছে। “তুমি শুই থাকোঁতেই, খবৰ কৰিলোঁ। পানী শুকুৱা নাই

Read more

এক দিন কা ভগৱান – মণিষা কাকতি

“আত্মাৰাম, ঐ আত্মাৰাম? উঠচোন উঠ!” “হা! কোন?” আত্মাৰাম ধহমহাই বিছনাত উঠি বহিল। এই দোভাগ ৰাতিখন কোনে তাৰ নাম লৈ ফুচফুচাই মাতে? সপোন দেখা নাইতো? লেলাৱটীখিনি হাতেৰে মচি উৎসুকতাৰে ইফালে-সিফালে চাই কোঠাটো পৰীক্ষা কৰিলে সি। এন্ধাৰ যদিও নিশ্চিত হ’ল যে এইমুহূৰ্ত্তত সি নিজ কোঠাৰ বিছনাতে আছে। কিন্তু মাতিলে কোনে তাক? চোৰ-ডকাইত সোমাল নেকি? চোৰে আকৌ চুৰ কৰিবলৈ আহি নাম কাঢ়ি মাতিব কিয়? তেন্তে? ওহো, ভূত-চুত হ’বই নোৱাৰে। সেইবোৰ সি বিশ্বাস নকৰে। ভগৱানক অৱশ্যে বিশ্বাস কৰে। সেইবুলি ভগৱানতো হ’ব নোৱাৰে। “মই ভগৱানেই

Read more

চান্দাসুৰ(দুৰ্গা মাই কি জয়!) – পাৰ্থ প্ৰতীম শৰ্মা

যুদ্ধ শেষ হওঁ হওঁ! দেৱী দুৰ্গাই মহিষাসুৰৰ বুকুত উদ্দেশ্যি ত্রিশূল মাৰি পঠিয়ালে। দেৱীৰ বাহন, সিংহটোই মহিষাসুৰৰ আঁঠুত কামোৰ বহুৱাই দিলে। ত্ৰিশূলে মহিষাসুৰৰ বুকু ভেদি গ’ল। মহিষাসুৰৰ শেষ সময়! সিফালে চিত্ৰগুপ্তই হিচাপ-পাতি আৰম্ভ কৰিছেই। চিত্ৰগুপ্তই যমৰাজক কৈছে বোলে মহিষাসুৰ বৰ ভয়ানক অসুৰ, ইয়াৰ বাবে কিবা বেলেগ শাস্তিৰো ব্যৱস্থা হ’ব লাগে। যমৰাজে ইতিমধ্যে তেওঁৰ এজেন্ট এজনক সাজু হ’বলৈ নিৰ্দেশ দিলে। সকলো বিধাতাৰ লিখনিমতেই হৈ আছিল। কিন্তু, তেনেতে মহিষাসুৰে তাচ্ছিল্যৰ হাঁহি মাৰি ক’বলৈ আৰম্ভ কৰিলে- “হে দেৱী, মোক বাৰু দুৰ্বল পাই মাৰি পেলালা!

Read more

মাৰ্ঘেৰিটা পিজ্জা – হেমন্ত কাকতি

বিদেশ ভ্ৰমণ বুলি ক’লে শুনিবলৈ ভালেই লাগে৷ আপুনি তাত গৈ কি কি এনজয় কৰিব, কি পিন্ধিব, ক’ত ক’ত ফুৰিব, কোন হোটেলত থাকিব, চলাফুৰা কেনেকৈ কৰিব ইত্যাদি সকলো প্লেনিং স্বদেশত থাকোতেই সকলোৱে সাধাৰণতে কৰি পেলায়৷ তাতে আকৌ আমাৰ দৰে ‘অভাৰ স্মাৰ্ট’ জীয়েক-পুতেক-ঘৈণীয়েক থাকিলেতো আপোনাৰ পইচাকেইটা মানে ডলাৰখিনি খৰচ কৰিবলৈ উলিয়াই দিয়াৰ বাহিৰে বিশেষ কোনো কামেই নাইকিয়া হয়৷ আমাৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই হৈছিল৷ ইণ্ডোনেচিয়াৰ বালি নামৰ দ্বীপটোত ফুৰিবলৈ সমূহ পৰিয়াল লৈ গৈছিলোঁ যোৱা মে মাহত৷ আমি যোৱাৰ আগতে সকলো প্লেনিং কৰিয়েই গৈছিলোঁ

Read more

বাঘ আৰু হৰিণাৰ সাধু – অনুৰূপ মহন্ত

এখন ডাঙৰ হাবিত এটা বাঘৰ দল আছিল। বাঘ বোৰৰ মাজত সকলোতকৈ শক্তিশালীজন ৰজা আছিল আৰু তেওঁৰ ছত্র ছায়াতেই বাকী বিলাক বাঘে মিলাপ্ৰীতিৰে বাস কৰিছিল। সেই হাবি খনত বহুত বিলাক হৰিণাও আছিল। বাঘ বিলাকে ভোক লাগিলেই সেই হৰিণা বিলাক মাৰি খাইছিল। লাহে লাহে হাবি খনত হৰিণাৰ সংখ্যা কমি আহিছিল আৰু এদিন সকলো হৰিণা বাঘৰ মুখত পৰি মৃত্যু হ’ব বুলি হৰিণা সমাজত সকলোৰে চিন্তাৰ বিষয় হৈ পৰিছিল। এইটো বিষয়ত হৰিণা সমাজত এদিন এখন ডাঙৰ সভা অনুষ্ঠিত হ’ল। গোটেইখন হাবিৰে জাকে জাকে হৰিণা

Read more
1 2 3 4 5 40