ফটাঢোল

মানুহ হোৱাৰ গৌৰৱ – অগ্নিভ দত্ত

আজিৰ পৰা ৩ বছৰমান আগতে এখন হিন্দী চিনেমা চাইছিলোঁ, “মাঝি – ডা মাউন্টেইন মেন”৷ দশৰথ মাঝি নামৰ বিহাৰৰ এজন বনুৱাৰ জীৱনৰ ওপৰত আধাৰিত আছিল চিনেমাখন ৷ মাঝিৰ পত্নীৰ এটা দুৰ্ঘটনা হয়, দুৰ্ঘটনাৰ পাছত পত্নীক উপযুক্ত চিকিৎসা সঠিক সময়ত দিব নোৱাৰাৰ কাৰণে পত্নী গৰাকীৰ মৃত্যু হয় ৷ মাঝিহঁতৰ গাঁৱৰ পৰা আনফালে থকা চিকিৎসালয়লৈ যাবলৈ এখন পাহাৰ অতিক্ৰম কৰিব লাগে, য’ত কোনো সঠিক ৰাস্তা পদূলি নাই৷ সেই ৰাস্তা নোহোৱাৰ কাৰণেই পত্নীক চিকিৎসা দিয়াবলৈ অক্ষম হৈ পৰিছিল মাঝি৷ পত্নীক অকালতে হেৰুৱাই মানুহজন ভাগি

Read more

আচল বস্তু – অনুপল ভৰালী

কোনোবা এজন দাৰ্শনিকে কৈছিলে, ভগৱানক বিচৰাটো হেনো এজন অন্ধ মানুহে এটা অন্ধকাৰ কোঠাত, এটা অনুপস্থিত ক’লা মেকুৰী বিচৰাৰ দৰে। অৱশ্যে দাৰ্শনিকজনৰ নামটো পাহৰিলো। কিন্তু পাকচক্ৰত পৰি ২০০৭ ৰপৰা ২০১০ চনমানলৈকে মই এনে এটা বস্তু বিচাৰি ত্ৰিভুবন চলাথ কৰিলো বিশ্বাস কৰক সেইখিনি পৰিশ্ৰমেৰে হয়তো ভগৱানকে বিচাৰি পালোহেঁতেন। পাঠকসকলৰ বহুতেই যদিও এই মহামূল্যবান (?) সম্পদটোৰ বিষয়ে জানে মোৰ বিশ্বাস, সৰহ সংখ্যকেই নজনাৰ ভাও ধৰিব আৰু কোনেও এইবোৰৰ সন্ধানত জড়িত থকাটো প্ৰকাশ নকৰিব। বাৰু বস্তুটোৰ মূল্য কিমান হ’ব পাৰে জানেনে? এক কোটি, দহ

Read more

পাণ্ডৱৰ বনবাস আৰু দ্ৰৌপদীৰ বেথা-তৃষ্ণা টি ভূঞা

কৌৰৱৰ লগত পাশা খেলত হাৰিলে যদিও পাণ্ডৱৰ জ্যেষ্ঠ ভ্ৰাতা যুধিষ্ঠীৰে পেটে পেটে বহুত ৰঙো পালে৷ আচলতে শকুনি মামাৰ লগত আগতীয়াকৈ চেটিং কৰিহে এই বনবাসটো মানে অজ্ঞাতবাসটো লোৱা হ’ল৷ নহ’লে এই ৰাজকাৰ্য্যত লাগি ভাগি ইমান দিনে হানিমুনটো পিছুৱাই ৰাখিবলগীয়া হৈছিল৷ তাতে আকৌ দ্ৰৌপদীৰ ইমান ওজৰ আপত্তি থাকে! উস্ ৰাম! কেতিয়াবা মাজনিশা উঠিও লং ড্ৰাইভত যাবলৈ কুতুৰি থাকে৷ ৰাতি টোপনি খতি কৰি কৰি ৰথ টনা ঘোঁৰাহালৰো চকুৰ গুৰিবোৰ ক’লা পৰিছে৷ এতিয়া বোলে ঘোঁৰাহালেও বুট মাহৰ জেগাত তিঁয়হ বিচাৰে -চকুৰ গুৰিত লগাই অলপ

Read more

অংক জংক পংক – বিপাশা বৰঠাকুৰ

: মাছ কিমানকৈ দিছা? : বাইদেউ পোৱা পঞ্চাশ টকা। টিঙিচকৈ উঠিলেই নহয় খঙটো। হেৰৌ ভাব কি বুলি অমুকীক তহঁতে! মোৰ কাপোৰ-কানিৰ গতি দেখিয়েই কৈছ নে, ঘৰত খোৱা মানুহ কম বুলি ভাবিয়েই কৈছ নে, অংকত অলপ কেঁচা বুলি ভাবিয়েই কৈছ নাজানো আৰু। হেৰৌ কৈছ ক, কিন্তু ভদ্ৰতাৰ খাতিৰতে পোৱাটো নকয় কিলো কিমান তাকেই কচোন। তাৰপৰা মই একপোৱা কিনো বা আধাপোৱা তাত কাৰ কি আহে যায় ঔ! তোৰ দৰে তপামূৰীয়া বেপাৰীৰপৰা নিকিনিহে পাৰিছোঁ বুলি মুখৰ ভিতৰতে ভোৰভোৰাই ওলাই আহিলো মাছ বেপাৰীৰ ওচৰৰপৰা।

Read more

গল্প গুচ্ছ: সোমকান্ত শইকীয়া

(১) “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়” বৃদ্ধজনে বহুত সময়ৰ পৰা বাছৰ কাৰণে ৰৈ আছে। বাছ আহি আছে – গৈ আছে, কিন্তু বাছৰ ভিতৰত মানুহৰ ভিৰ দেখি উঠিবলৈ সাহস কৰা নাই — গাত বল শক্তিও নাই –সেই মানুহবোৰৰ লগত হেঁচা ঠেলা কৰি বাছত উঠিবলৈ। তেনেকুৱাতে এখন বাছ আহি ৰ’লহি। বৃদ্ধই জুমি চাই ভিতৰত অলপ খালি ঠাই থকা যেন দেখিলে আৰু লাখুটিত ভৰ দি বাছৰ ভিতৰলৈ উঠি গ’ল। “ককা এইফালে আহক — পিছলৈ; পিছত চীট আছে” কণ্ডাক্টৰ ল’ৰাটোৱে মাত লগালে। বৃদ্ধই মানুহৰ মাজে

Read more

মোৰ বন্ধু কবি, কবি মানে সাংঘাতিক কবি – জয়ন্ত আকাশ বৰ্মন

এজনী ছোৱালী ওচৰেৰে পাৰ হৈ গ’লেই হৈ গ’ল আৰু। মোক ওচৰত বহুৱাই কবিতাৰ পংক্তি আওৰাই যায়। “তোমাৰ লিহিৰি আঙুলিৰ ভাজত নিয়ৰৰ বেঙেনাবুলীয়া সপোনৰ ডালিমগুটীয়া সৰগৰ তৃতীয় সূৰুযৰ পাজিসেৰীয়া জোনাকৰ কোমোৰাবুলীয়া স্নিগ্ধতাৰ এফাল নয়নাভ বুকুৰে মানস সৰোবৰবুলীয়া নাভিমণ্ডল চুই কোন গোলাপী জামুৰ সৰি পৰা কিন্তু নপৰা উদ্বাউল বিৰহীপখীৰ নিস্তব্ধ ডেউকাই বোলাই যোৱা সপোনকোমল উদিতা ৰহণৰ সান্ধ্য তুলসীৰ নিৰিবিলি শিৰাবিন্যাস যেন সৌম্য কাতৰতাৰে বননিজৰাৰ কুলু কুলু নিষ্ঠুৰ ধ্বনি জাগৃতি সপোন..” মই আহি ৰূম পাওঁ‌, কফি একাপ বনাই খাওঁ‌, চাৰ্ফত দি থোৱা চাৰ্টটো

Read more

“দেৱাঃ না জানন্তি কুতো মনুষ্যাঃ” – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

দুদিনমানৰ পৰা বৰষুণ দি আছে৷ বতৰৰ এই বতৰা দেখি শ্ৰীমতীৰ ভীষণ অশান্তি, “উস্‌ এই আপদীয়া বৰষুণজাক যেন নেৰিবই আৰু! একো এডাল মনৰ মতন কৰিবও নোৱাৰি, ক’ৰবালৈ যাওঁ বুলিলেও ভালদৰে সাজি-কাচি ওলাই যাব নোৱাৰি৷” অথচ দুদিনমান আগলৈ তেওঁ কৈ আছিল, “আৰু নোৱাৰোঁ দেই সহিব ইমান গৰম! তাতকৈ বৰষুণ দিয়া হ’লেই ভাল আছিল; তেহে যদি গাটো অলপ শাঁত পৰিলহেঁতেন৷” প্ৰায়েই মোৰ এনে লাগে কিজানি অহৰহ অসন্তুষ্টিৰ কিবা এটা সুৰুঙা উলিয়াব পৰাটোৱেই এওঁলোকৰ অন্য এক ঐশ্বৰিক প্ৰদত্ত দুৰন্ত প্ৰতিভা৷ আনকি বহুদিন হামৰাও কাৰি

Read more

ভদ্ৰদা এৰেষ্টেড – বিদ্যুত বিকাশ দত্ত

পুৱা পাঁচবজাতে ফোন এটা আহিল। কৰিছে স্থানীয় সাংবাদিক দেৱাদাই। চকামকাকৈ সাৰ পাই ফোনটো ধৰিলোঁ। কিন্তু ফোনত অহা খৱৰটোৱে মোক কঁপাই গ’ল। ভদ্ৰদাক বোলে পুৱতি নিশা পুলিছে এৰেষ্ট কৰিছে। ততাতৈয়াকৈ স্কুটাৰখন উলিয়াই লৈ কিক্ মাৰিলোঁ। তেনেতে দেখিলোঁ দীঘলীয়া পদূলিটোৰে ভদ্ৰদাৰ নবৌ সোমাই আহিছে। নবৌৰ ৰাউচি শুনি ওচৰ চুবুৰীয়াবোৰে হেঁচা মাৰি ধৰিলেহি। সদায় সুহুৰিয়াই সুহুৰিয়াই অহা বাবুৰাম দৰ্জীৰ মুখতো আজি চিনাকি সুহুৰিটো নাই। চামাদ কছায়েতো কৈয়েই পেলালে “হেৰৌ কালি তোৰ ঘৰৰ বাৰান্দাতে সি ল’ৰা দুটাৰ লগত বিচনী মাৰি মাৰি কথাৰ মহলা মাৰি

Read more

যমৰাজৰ ৰিছাৰ্জ – সোনটো ৰঞ্জন বৰুৱা

কিছু কালৰ আগৰ পৰা যমৰাজৰ ম’হটোৰ অৱস্থা কাতিমহীয়া এৰালৰ গৰুৰ দৰে পিঠিৰ হাড় গণিব পৰা হৈছেগৈ। নহ’বনো কিয়, আগতে তাৰ কাম আছিল দেৱলোকৰ মেল মিটিংবোৰলৈ যমৰাজক অনা নিয়া কৰা। পৃথিৱীৰ পৰা আত্মা অনা কামবোৰ য্‌মদূত বোৰেই কৰিছিল। পিচে যেতিয়াৰে পৰা টকা দহটাৰ বাবেও মানুহে মানুহ হত্যা কৰা হ’ল তেতিয়াৰে পৰা পৰ্য্যাপ্ত যমদূতৰ অভাৱত যমৰাজেও আত্মা অনা নিয়া কৰিবলৈ পৃথিৱীলৈ টাকুৰি বাব লগা অৱস্থা আহি পৰিল। ফলত অভাৰটাইম ডিউটি কৰি কৰি ম’হৰো হাড় ওলাল। লগতে পৃথিৱীৰ মানুহৰ চয়তানি বুদ্ধিত বহুতো যমদূতৰে

Read more

শাৰদী ৰাণী, তুমি কিয় আহিলা : সদানন্দ ভূঞা

আহিন মাহ সোমাল। আহিন মাহ মানে শাৰদীয় বতৰ। আহিন মাহ মানে তলসৰা শেৱালিৰ সুবাস বিলোৱাৰ বতৰ। পদুম পুখুৰী বিলত পদুম ফুলাৰ বতৰ, ভেটফুল ফুলাৰ বতৰ। শাৰদীয় বতৰতেই শাৰদী ৰাণীৰ আগমন। শাৰদী ৰাণীৰ আগমনৰ লগে লগে আগমন হয় পূজা, পূজা আৰু পূজা। দেৱাদিদেৱ গনেশ পূজা আৰু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ইতিমধ্যে পাৰ হৈ গ’ল। আহি আছে দূৰ্গা পূজা, লক্ষী পূজা, কালী পূজা আৰু ছঠ পূজা। পূজা, পূজা, পূজা। পূজা বুলিলেই প্ৰতিজন হিন্দু মানুহৰ উলাহে নধৰে। অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। বৰ্তমান সময়ৰ

Read more
1 35 36 37 38 39 57