ফটাঢোল

গল্পৰ দৰেই– অভিজিৎ মেধি

(১) টিউচনৰ পৰা অৱশেষত বৰুৱাহঁতৰ ঘৰলৈ দ্বিতীয়খন স্কুটী আহিল। আগতে এখন স্কুটী থকা সময়ত বৰুৱাই সেইখন লৈ অফিচলৈ যায়, তাৰ পৰা সন্ধিয়া লৰা-ঢপৰাকৈ আহি উশাহ নসলোৱাকৈয়ে জীয়েক সুজাতাক টিউচনলৈ অনা-নিয়া কামবিধ কৰে। ইপিনে দিনটোত ইফালে-সিফালে পটকৈ ওলাই যাবলগীয়া হ’লে ঘৰৰ বাকী মানুহবোৰে ৰিক্সা বা অটোৰ ভৰসাত থাকে। কিন্তু এতিয়া দ্বিতীয়খন স্কুটী কিনাৰে পৰা আৰু হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা পুতেক কৌশিকে সেইখন চলাবলৈ শিকি লোৱাৰে পৰা বহুত সুবিধা হৈছে। নতুন স্কুটীখন অহাৰ পিছত সন্ধিয়া ভনীয়েক সুজাতাক টিউচনৰ পৰা অনা-নিয়াৰ দায়িত্বটোও কৌশিকৰ

Read more

উপদেশ–লিপিকা কৌশিক

উপদেশ বোলা বস্তুটো কেনে লাগে বাৰু আপোনালোকৰ? মানে এইভাগ কাৰোবাক দি হয়তো ভালেই লাগে, কিন্তু ল’বলগীয়া হ’লেহে কেতিয়াবা অলপ গাটো অলপ বেজবেজাই নেকি? গা-মন বেজবেজাই নিয়াব পৰা উপদেশবোৰক দিওঁতা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভিন্নভাগত ভগাব পাৰি। এই ধৰি লওক, আপুনি চ’ৰাঘৰত বহি বাতৰি কাকতত চকু ফুৰাই পুৱাৰ চাহকাপত চুমুক দিব লৈছে, আমেৰিকাৰ ছিৰিয়া আক্ৰমণৰ ওপৰত পৰিবাৰক কিবা এষাৰ কৈছে। ঠিক তেনেতে ঘৰ মচি থকাৰ পৰা আপোনাৰ বন কৰা মানুহজনীয়ে টেপেৰাই মাত দিব, -“এহ্ আমৰিকাই মাৰা-মাৰিয়ে কৰি ফুৰে, আকো নাজনে

Read more

জেউতীৰ প্ৰত্যাখ্যান– কৌশিক দাস

-“ঐ ,বাপু ! জগবন্ধু হাজৰিকাৰ ঘৰটো চিনি পোৱানে ?” -“চিধাই যাই…যিখান কালভাৰ্ট পাবো তাতে এটা ইটাৰ দম দেখা পাবো …আৰু কাকো একো সুধবাই নালগে চিধা সুমে যাব’ !” -“থেংকু দেই ।” ধনঞ্জয় দোকানীৰ নিৰ্দেশমৰ্মে গাড়ীখন আগলৈ ৰাওণা হ’ল । … তেওঁলোকে জেউতিক চাবলৈ আহিছে। দেখনিয়াৰ ছোৱালীজনী জগবন্ধু হাজৰিকাৰ একমাত্ৰ কন্যা । সৰুৰে পৰা কাকো পৰোৱাই নকৰা বিধৰ ছোৱালীজনী পঢ়া শুনায়ো বৰ ভাল আছিল । দেউতাকো ভাল মানুহ । ভাল মানে …তেনেই পোনপটীয়া । ৰাস্তাত ওলালে যিটো ঘৰৰ ভিতৰতো সেইটোৱেই ।

Read more

ভাৰাঘৰ – বৈদুৰ্য্য বৰুৱা

কোনোবাই যদি মোক সোধে, “আপুনি বাৰু কেতিয়াবা কিবা আজৱ ঘটনাৰ সন্মুখীন হৈছেনে?” মই কম…… মই মোৰ হিচাপত তিনিবছৰ মানৰ আগতে আজৱ পৰিস্থিতি এটাৰ সন্মুখীন হৈছিলো। মাৰ্ঘেৰিটাত এটা কাম আৰম্ভ কৰিবলৈ ওলাইছিলো। কামটো আৰম্ভ কৰাৰ দিনাই মই পোন্ধৰজন মান বনুৱা বস্তু-বাহানি লাম-লাকটুৰে ৰাতিপুৱাই মাৰ্ঘেৰিটালৈ লৈ গ’লো। বনুৱা কেইজন পুৱাই ৰেলেৰে আহি পাইছিলহি। মাজুলীৰ পৰা অহা বিশেষ বনুৱা। ইহঁতক বহাই থোৱা মানেই মোৰ বিল উঠি থকা। গতিকে মোৰ উদেশ্য বনুৱা কেইজনক কামত লগাই কেইদিনমানৰ কাৰণে এটা সস্তীয়া ভাৰাঘৰ বিচাৰি লম, বনুৱাকেইজনক ৰাখিবলৈ।

Read more

খেতিৰ দিহা – অভিজিত কলিতা

অসমৰ কৃষি ক্ষেত্ৰখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কৃষক ৰাইজে তেজক পানী কৰি শ্ৰম কৰে কিন্তু উৎপাদনৰ উচিত মূল্য নেপায়। কিন্তু আমি অলপ চেষ্টা কৰিলেই এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই ৰচনাত কৃষক ৰাইজৰ সহায়ৰ অৰ্থে কেইবিধ মান জনপ্ৰিয় শস্যৰ খেতিৰ সমস্যা বিলাক, তাৰ সমাধানৰ উপায় আৰু সামগ্ৰিক ভাৱে কৃষি পদ্ধতিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হব বুলি আশা কৰিব পাৰি।   ধান খেতি:- যিহেতু ধানেই অসমৰ প্ৰধান কৃষিজাত উৎপাদন, গতিকে ধানৰ খেতিৰ ওপৰত এই ৰচনাত বি‍‍শেষ গুৰুত্ব

Read more

এলিয়েন সুন্দৰী – অমিতাভ মহন্ত

এলিয়েন সুন্দৰী প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট ‘কিৰিন’ পৃথিৱীৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ধৰাতললৈ আহিল৷ এই প্ৰতিযোগিতা ক’ত হ’ব, কেনেকৈ ৰেজিষ্ট্ৰেচন হ’ব কিৰিনে একো নাজানে ৷ কেৱল এলিয়েন সুন্দৰী প্ৰতিযোগিতাত বিজয়ী হ’ব নোৱাৰাৰ পোতক তুলিবলৈ কিৰিনে পৃথিৱীলৈ ঢাপলি মেলিছে ৷ কিৰিনে এফনেটৰ ত্ৰুগুলত চাৰ্চ কৰি চালে নিশ্চয় গোটেই খবৰখিনি পালেহেঁতেন, কিন্তু লৰালৰিৰ কোবত তাইৰ সময়েই নহ’ল ৷ কিৰিন আহিছে টৰেণ্ট গ্ৰহৰ পৰা ৷ এই গ্ৰহৰ প্ৰাণী সাধাৰণতে অতি বুদ্ধিমান, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া ৷ কিন্তু কিৰিন অলপ ব্যতিক্ৰম, তাইৰ বুদ্ধি

Read more

চাওঁ হাঁহি এটা দিয়কচোন – মৃদুল কুমাৰ শৰ্মা

সৰুতে ক’ৰবাত পঢ়িছিলো, বোধহয় ড° মহেন্দ্ৰ বৰাৰ আত্মজীৱনী ‘উপলা নদীৰ দৰে’খনত ৷ এইখন এখন সকলোৱে পঢ়িবলগীয়া কিতাপ ৷ সৰুতে খুব কিতাপ পঢ়িছিলো আৰু মন চুই যোৱা কথা কিছুমান সৰু বহী এটাত টুকি থৈছিলো ৷ এনেদৰে টুকি থোৱা কথাবোৰ ছমাহে বছৰেকে পঢ়ি প্ৰতিবাৰতে নতুন নতুন ধৰণেৰে চিন্তা কৰিছিলো ৷ বৰষুণৰ বতৰত সাধাৰণতে বেছিকৈ পঢ়া হৈছিল ৷ বাচি বাচি কিতাপ কেইখনমান উলিয়াই লওঁ আৰু কোনখন প্ৰথমে পঢ়িম আৰু তাৰপিছত কোনখন পঢ়িম, সেইখন পঢ়া শেষ হ’লে কোনখন পঢ়িম এনেকৈ এঘণ্টামান চিন্তা কৰি লৈ

Read more

এৰেঞ্জড মেৰেজ – বিকাশ শইকীয়া, গুৱাহাটী

এৰেঞ্জড মেৰেজ হ’ল এনেকুৱা এটা অনুষ্ঠান য’ত সাঁতুৰিব নজনা মানুহ এজনক বোৱতী নৈ এখনলৈ দলিয়াই দিয়া হয় আৰু এই মহান কামটো কৰে আত্মীয়-স্বজনে……যাক বুলিব পাৰি এন’নিমাছ (anonymous) খণ্ড-১ এন’নিমাছে যিয়েই নকওঁক, এদিন নহয় এদিন নদীত জাপ দিবই লাগিব। সকলোতকৈ টান কাম আছিল মম্মী কো কনভিন্স কৰ্না……. মম্মীৰো বহুত লেঠা, সদায় মোক দুধ পিতা বচ্চা বুলিয়েই ভাবে৷ ভোদাফোনৰ কানেকচন এটা লৈ দিছিলো, দিনটোত চাৰিবাৰমান ফোন কৰে, ভাত খাইছ নে, গা-পা ধুলিনে, শুলিনে ……… কিন্ত যেতিয়াই মই কওঁ যে আজি দিনত ধেৰ

Read more

আমাৰ বেটা-বেটীবোৰ – কৃষ্ণা বৰা ফুকন

– মাইনা, কি নাম তোমাৰ? – নমস্কাৰ৷ মোৰ নাম শ্ৰী প্ৰিয়াংকু পল্লৱ কাশ্যপ, মই হ’লী ৱাটাৰ স্কুলৰ ক্লাছ টুত পঢ়োঁ। এনেকুৱাকৈ চিনাকি হ’বলগীয়া হোৱা মানুহৰ ঘৰলৈ দ্বিতীয় বাৰ যাবলৈ মোৰ বৰ ভয় লাগে। মই সাধাৰণতে মানুহৰ ঘৰে ঘৰে ঘূৰি-ফুৰি বৰ এটা ভাল নাপাওঁ। দুই এঘৰে সেয়ে মোক বেয়াই পায় নোযোৱাৰ কাৰণে, বোলে – “আমিবোৰৰ ঘৰলৈনো তই ক’ত আহিবি?”, “আজি হাইঠা মাটিত পৰিল অ’…”, “ৰাতিপুৱা বেলিটো পশ্চিমফালে ওলাইছিল হয়নে? তই যে আজি আমাৰ পদূলিটো চিনি পালি!” জাতীয় ডাইল’গবোৰ সেয়ে মোৰ পুৰণি

Read more

পেহী মূতা – ভাস্কৰ জ্যোতি বৰুৱা

বিয়া-বাৰুত বিলনীয়া হৈ পাইছেনে ? আজিকালি কেটাৰিং ছাৰ্ভিছ থকা বিয়াৰ কথা কোৱা নাই। আগতে ডেকা ল’ৰাই লাগি ভাগি দিয়া বিয়াৰ কথা কৈছো। আমাক চিনাকি মানুহ এজনে তাহানি বিয়া এখনৰ খোৱা ঘৰত দেখা পাই সুধিছিল, “তোমালোকে ইয়াতো লাগি আছা নেকি?” হয়, ঘৰৰ পৰা বহু দূৰত লগৰ ল’ৰাৰ সম্পৰ্কীয়ৰ ঘৰতো আমাক দেখা গৈছিল বিলনীয়া ৰূপত। এনে বিয়াবোৰত এটি বিশেষ চৰিত্ৰক আমি প্ৰায়ে লগ পাইছিলো। কেতিয়াবা গৃহস্থৰ ওচৰ চুবুৰীয়া হিচাপে, নতুবা কেতিয়াবা গৃহস্থৰ সম্পৰ্কীয় ৰূপত। কেতিয়াবা যদি তেওঁ‌ এজন যুৱক, কেতিয়াবা আকৌ তেওঁ‌

Read more
1 51 52 53 54 55