চিঠি আৰু লটিঘটি- অসীমা শইকীয়া দত্ত
(১) ঘৰলে গ’লে, আনৰ খৱৰ নল’লেও তাৰ খৱৰ লওঁ৷ চুলি সোনকালেই পকিল তাৰ, অকাল বাৰ্ধক্য যেন সংসাৰৰ জুৰুলাত। তাৰ প্ৰেমপত্ৰখন মই লিখি দিছিলোঁ৷ তেঁতেলী পেকেটৰ ফটোৰ আশাত। সাহিত্যৰ ভাষা লগাই দিছিলোঁ, চাইদত। ডাৱৰৰ মাজে মাজে হৰিণা চ’ৰে, তোমালৈ মোৰ ভাত খাওঁতে সদায় মনত পৰে। চিঠিখন দিছিলগৈ সি৷ মই যদিও তেতিয়ালৈ অপ্ৰাদেশীকৃত পিয়ন আছিলো, পিছলৈ মই পিয়নৰ পৰা প্ৰমোচন লৈ অফিচিয়েলি চিঠি লিখা জৱ পালোঁ। সি চিঠিখন দিয়াৰ পিছত এটা কাণতলীয়া চৰ খাই, শহুৰেকৰ ঘৰৰ পৰা মুতি মুতি আহিছিল। সি মুতি
Read more