ফটাঢোল

মানিক দেউৰ টিকনিডাল – প্ৰান্তৰ ভাগৱতী

আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহ বছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মানিক দেউৰ বেলেগ ডিমাণ্ড। মানিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ, পিন্ধনত ধুতী- পাঞ্জাবী, মুখত ধেমেলীয়া হাঁহি।পাতল চুলিকোছাৰ পিছফালে দীঘল টিকনি এডাল । এই বোলে পূজা এভাগ হে পাতিব লাগে,বিদ্যালয়ত সৰস্বতী পূজা,  বিয়াৰ দিন চোৱা,অন্নপ্ৰাশন,ঘৰ লোৱা, দোকান লোৱা, কোনোবা ছোৱালী পুষ্পিতা হ’ল – যোগ কি পৰিল ?  পতি হিতা নে পতিহীনা নে বেশ্যা নে আৰু কিবা কিবি !!!  দান কি দিব লাগিব ; ৰাজহাঁহ এযোৰ নে

Read more

লাষ্ট ৱাৰ্নিং – কাজল প্ৰিয়া

তেতিয়া মই খুব সম্ভৱ তৃতীয় শ্ৰেণীত হবলা! আছিলো আকৌ বাঘৰ আগতেল খোৱা এজনী। গছে বনে বগাই ফুৰা এজনী বনৰীয়া বান্দৰী। স্কুল ছুটিৰ পিছত আনৰ বাৰীৰ গছে লতাই বগাই বগাই ঘৰ পাওঁহি মানে কেতিয়াবা দুপৰীয়াৰ পৰা আবেলি হয়, মায়ে বাটলৈ চাই চাই চকু বিষায়। এবাৰ লেটেকু গছত বগাওঁতে টুপুককৈ খহি পৰিলোহি বিহলঙনীৰ মাজত বৰ বিশেষ দুখ নাপালো যদিও ঘৰত গম পাই ভালকৈ এজাউৰী দিলে “লাষ্ট ৱাৰ্নিং”ও পালোঁ। সেইদিনাৰ পৰা জপিয়াই ফুৰা মুক্ত বিহংগৰ ঠেঙত এৰাল লাগিল। মোৰ বুকুত সাগৰ সদৃশ জোৱাৰ-ভাটা

Read more

মাজুলী যাত্ৰা – অনুৰূপ মহন্ত

১৯৮৪ চনৰ কাহিনী। মোৰ আচল ঘৰ দেৰগাঁৱত যদিও কৰ্মসূত্ৰে মই তেতিয়া নগাঁৱত থাকোঁ। নতুনকৈ বিয়া কৰাই পত্নী ৰেখা আৰু মই চৰকাৰী বাসগৃহত থাকোঁ। সেই সময়ত টেলিফোনৰ সু-ব্যৱস্থা নাছিল। চিঠি পত্ৰৰেই খবৰ বাতৰিৰ আদান প্ৰদান হৈছিল। সেইদিনা মই আনদিনাৰ দৰেই চাকৰিৰ পৰা ঘূৰি আহি ঘৰ সোমাই দেখোঁ, ৰেখা কান্দিকাতি বিয়াকুল। কি হ’ল সুধি বুজিলোঁ মাজুলীৰ আহঁতগুড়িলৈ বিয়া দিয়া মোৰ বাই শাহুৰ স্বামী অৰ্থাৎ মোৰ শালপতিৰ অকাল বিয়োগ ঘটা বুলি চিঠি আহিছে। চিঠিৰ তাৰিখ চাই বুজিলোঁ ইতিমধ্যে তিলনী পাৰ হৈ গৈছে কালি।

Read more

অথন্তৰ – ছয়নিকা বৈশ্য

লিখিব লগা ঘটনাটো হোষ্টেল লাইফত ঘটা ঘটনা। হোষ্টেল লাইফ বুলি ক’লে কি ফিল হয় একমাত্ৰ হোষ্টেলত থকাবোৰেহে অনুভৱ কৰিব পাৰে। বাথৰুমত লাইন পতা, ডাইনিং হলত চাহ ভাত খোৱাৰ সময়ত হোৱা আদ্দা, গধূলি ছাদত গৈ ফ্ৰেছ হাৱা লোৱা,ৰুমে ৰুমে গৈ আদ্দা দিয়া, সঁচাকৈ হোষ্টেল এৰাৰ পিছত বহুত মিছ কৰা যায় সেইবোৰ দিন! এতিয়া আহোঁ আচল ঘটনালৈ .. হোষ্টেলত আমাক দুদিন মাংস আৰু এদিন কণী দিয়ে। বৃহস্পতিবাৰ আৰু ৰবিবাৰ মাংস আৰু মঙলবাৰে কণী। মাংস বহুতৰে প্ৰিয় গতিকে সকলোৱে আশা কৰি থাকে যে আজি

Read more

ডেৰ ইঞ্চি ডাঙৰ হ’ল – প্ৰদীপ বৰা

মোৰ পেটটো ডেৰ ইঞ্চি ডাঙৰ হ’ল কেনেকৈ! তাকো ধৰকচোন দুঘণ্টাৰ পিছতেই৷ দুপৰীয়া চেন্নাই মহানগৰীৰ নাংগামবাক্কামৰ চিমচ্ হস্পিতালৰ পৰা আহি এপ’লো চাইল্ড হস্পিতালৰ ওচৰৰ বৰলুইত ৰেষ্টুৰেণ্টৰ কাষৰ ৰেষ্টুৰেণ্টখনত কিছু সময় জিৰণি লোৱাৰ পিছত বৰলুইত ৰেষ্টুৰেণ্টৰ অসমীয়া ৰান্ধনি তেজপুৰৰ ৰাজু লামাই ফোন কৰিলে “দাদা আহক ভাত হ’ল” লৰালৰিকৈ মোৰ সহযাত্ৰী নৰেন শইকীয়াক ক’লোঁ ব’লা ভাত কেইটা খাই আহোঁ৷ তেওঁ বোলে সোনকালে ব’লক আজি মাটন আছে৷ মই বোলো মোৰ যে বি পি আছে৷ যাইকি নহওক বিশুদ্ধ নিৰামিষ হ’লেও ৰাজুৰ হাতৰ সম্পূৰ্ণ অসমীয়া জুতিৰ

Read more

ও মামা তুমি গান নাগাবা – নবজিৎ বৈশ্য

এইখন সংগীতৰ দেশ৷ ইয়াত স্বয়ং ভগৱানো “বাঁসুৰীৱালা” ৷ তো আমাৰ দৰে কুকুৰ ধূলি কোন কূটা ? মেনুফেক্‌চাৰাৰেই মিউজিচ্যান ! আমি জন্মসূত্ৰেই সঙ্গীতপ্ৰেমী!  উস্তাদ বিচমিল্লা খাঁই যমুনাৰ পাৰত, মঙ্গলা মেইয়াৰ মন্দিৰত প্ৰেক্টিচ কৰিছিল৷ আমাৰ বাবে বাথৰুমেই যমুনাৰ তীৰ! গান শুনিব জনাৰ দিন ধৰি বাথৰুমত ৰেয়াজ কৰি আহিছো৷নিজৰ গান শুনি নিজেই মেচ্‌মেৰাইজ্‌ড্‌ হৈছোঁ৷ নিজৰ পিঠিত নিজেই থপৰিয়াই কৈছো “বেটা চোড়না মত! তেৰা লগাউ একদিন জৰুৰ ৰং লায়েগা!” সঁচাই এদিন সেই ভৱিষ্যবাণী ফলিয়ালে৷ তাকেই বোলো ৰাইজক জনাওঁ৷ কলিকলীয়া মানুহ! নিজৰ ঢোল নিজেই বজাব

Read more

চুঙাপিঠা – মনমী ভট্টাচাৰ্য

নোপোৱাটোলৈ আফচোচ আৰু দূৰত থকাটোৰ প্ৰতি হাবিয়াস আমাৰ স্বভাৱজাত বৈশিষ্ট্য। মানে টানটো বেছি। এয়া একধৰণৰ দুৰ্বলতা বুলিয়েই ক’ব পাৰি। অসমীয়া খাদ্যৰ প্ৰতি মোৰ টান প্ৰবাসী হোৱাৰ পৰা বাঢ়িবলৈ লৈছিল। তাৰ ভিতৰত পিঠা-পনা অন্যতম। বিশেষকৈ চুঙাপিঠা। চুঙাপিঠা সময়বিশেষ, তদুপৰি বনাওতে কষ্ট কৰিবলগীয়া হয়। কলগছ কাটি আনি আখল সজোৱা, কুমলীয়া জাতি বাঁহ বিচাৰি অনা, জুই দিবলৈ খেৰ অনা, মুঠতে এশ এবুৰি কাম। সঠিক অনুপাতত দুই তিনিবিধ চাউল মিহলোৱা,  খুন্দা, নাৰিকল ৰোকা, এইবোৰ যেনিবা ঘৰতে হয়। মুঠতে এক বিশাল আয়োজন। এইহেন কামবোৰৰ বাবে

Read more

হাও ছাৰ, গামচা পি পিন্ধি আছে – তবিবৰ ৰহমান

দুহেজাৰ বাৰ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এমাহ মান আগতে বৰপেটা জিলাৰ মন্দিয়াৰ পৰা চাৰি কিলোমিটাৰ আঁতৰৰ স্কুল এখনত শিক্ষকৰ চাকৰিত নিযুক্ত হৈছোঁ। সেই সময়ত উজনিৰ লগতে নামনিৰো বিভিন্ন অঞ্চলত বানপানী হৈছে। বৰপেটা জিলাৰো বেছি অংশ বানত ডুব গৈছে। ভিতৰৰ বেছিভাগ ৰাস্তা ভাঙি-ছিঙি যোগাযোগ বিচ্ছিন্ন হৈছে। মোৰ স্কুলখনো বানৰ কবলত পৰিছে। সাত-আঠ দিনমানৰ পিছত স্কুলত পাঠদান কৰিব পৰা হোৱা বুলি হেডছাৰে ফোনযোগে জনালে। আমি বহুকেইজন লগ হৈ সদায় ঘৰৰ পৰা স্কুললৈ অহা যোৱা কৰোঁ। হেডছাৰৰ পৰা ফোন পাই স্কুললৈ বুলি ঘৰৰ পৰা

Read more

আইআইটিৰ অধ্যাপক, ইংৰাজী আৰু মই – ধৰিত্ৰী শৰণীয়া

লটিঘটি আৰু মই! এটা মুদ্ৰাৰ যেন দুটা পিঠি। লটিঘটিয়ে মোক নেৰে নে মই লটিঘটিৰ পিছ নেৰোঁ ভগৱানেহে জানে। কোনোবাদিন যদি বাছত পাৰ্ছ পেলাই বিপদত পৰিছোঁ, কোনোদিন হয়তো ঘৰলৈ আহি চাবিৰ গাঠটো(য’ত মোৰ স্কুটি,ৰূম,স্কুল সকলোৰে চাবি থাকে) ঘৰত এৰি থৈ ৩০০ টকা ওপৰুৱাকে ভৰি অটো ভাড়া কৰি স্কুললৈ গৈ আকৌ চাবি আনিবলৈ প্ৰায় ১০০ কি:মি: বাট উভটি আহিব লগা হৈছে। মই লিখিব লোৱা ঘটনাটো মোক ইংৰাজীয়ে জ্বলা-কলা কৰা ঘটনাবোৰৰ মাজৰ এটা। মোৰ ইংৰাজী মানে গৌৰৱ গগৈৰ অসমীয়াৰ দৰে। এই ইংৰাজীয়ে এবাৰ

Read more

গুৱেহেটীক আৰু কেথানো নাযাওঁ – সদানন্দ ভূঞা

কিছুবছৰৰ আগৰ কথা৷ চাকৰি সম্বন্ধীয় বিশেষ কাৰণ এটাত গুৱাহাটীলৈ যাবলগীয়া হৈছিল৷ সেই কামটোৰ বাবে কোৰ্টৰ এফিদেফিট এখনৰো প্ৰয়োজন হৈছিল৷ মোৰ সৰু মামাৰ ডাঙৰ ল’ৰাটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা৷ ভাবিলোঁ- মোমাইৰ পুতেক হ’লেও ভাই এটা আছে যেতিয়া আনলৈ হাত মেলোঁ কিয়৷ সিয়েই সহজতে কম সময়ৰ ভিতৰত কামটো কৰি দিব পাৰিব৷ সেয়ে তালৈ ফোন কৰি সবিস্তাৰে সকলো কথা বুজাই ক’লোঁ৷ সিও বোলে-“আও, বহুদিনৰ পিছত আপোনাৰ মাতটো শুনিলোঁ দেই৷ আহক আহক, মই যিমান সোনকালে পাৰোঁ কামটো কৰি দিম৷” দুয়ো কিছু সময় ঘৰুৱা

Read more
1 20 21 22 23 24 33