দেশে বিদেশে কিছু অভিজ্ঞতা-কনচেং বুঢ়াগোহাঁই
ইনচিয়’নৰ ইমিগ্ৰেচন অফিচত এঘণ্টা ধৰি বহি আছোঁ। কি যে এখন দেশ, কি যে আমাৰ মানুহবোৰ, সততাৰ কোনো নাম গোন্ধ নাই৷ মাথো কেনেকৈ ফাঁকি মাৰি পইচা খাব পাৰে তাৰেহে যেন চিন্তাত মজি থাকে৷ ইনচিয়’ন এয়াৰপৰ্টৰ ইমিগ্ৰেচন খিৰিকীত মোক ক’লে যে, : আপোনাৰ পাছপর্টখন স্কেনিং মেচিনটোৱে পঢ়িব পৰা নাই আপুনি সৌ অফিচটোত ৰিপর্ট কৰক। সেই বুলি কাউণ্টাৰৰ এমূৰে থকা অফিচ এটালৈ অফিচাৰজনে আঙুলিয়াই দেখুৱালে। দেখুওৱা ধৰণেৰে অফিচটোলৈ আহি অন্য এজন অফিচাৰক মোৰ সমস্যাটোৰ বিষয়ে অৱগত কৰিলোঁ৷ সেইযে আহিলোঁ এঘণ্টাৰ ওপৰ হ’বৰ হ’ল
Read more