ফটাঢোল

লটি-ঘটি – মানবেন্দ্ৰ কুমাৰ শৰ্মা

ৰাসৰ বতৰ৷ কাষৰ ল’ৰা এজনে টেম্পো এখন কিনা দেখি প্ৰমিলাবাহিনীৰ গা উঠিল-‘বোলো কিমান আৰু টিহুতেই ৰাস চাই থাকিম! ব’ল, ইয়াৰ টেম্পোত উঠি এইবাৰ পাঠশালা আৰু হাউলিৰ ৰাস চাই আহু৷’ তেওঁলোকৰ কথা শুনি থকা ষাঠীৰ উৰ্দ্ধৰ আইতাগৰাকীৰো গা উঠিল-‘আই নিবিনা মোকো তুহাৰ লগত?’ ‘এ হ’ব দিয়কহে আই৷ আমি চৈধ্যজনহে আছু, টেম্পু এখানত হেঁচা-ঠেলা কৰি পোন্ধৰ জন যাবা পাৰি৷’ আইতাই আৰু নাতিনীয়েকক এৰি যাব টান পালে৷ এনেয়ো নাতিনীয়েকে কুতুৰি থকাৰ পিছতো পইচাৰ অভাৱত দেউতাকে তাইক ৰাস দেখুৱাবলৈ নিব পৰা নাছিল৷ গতিকে নিৰ্দিষ্ট

Read more

কুমলীয়া কইনা – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

দাদাজনৰ মনত বৰ দুখ৷ ৰ’ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে৷ মানে তেখেতৰ এটা ফে’চবুক একাউণ্ট আছে৷ মাজে মাজে সময় উলিয়াই ফে’চবুক কৰে৷ লগৰ ল’ৰাবোৰে (মানুহবোৰে!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা ‘লাইক’ পোৱা যায়৷ লগৰ কোনোবা কোনোবাই চাৰি পাঁচশ মান ‘লাইক’ পোৱাও দেখিছে দাদাই৷ মনটো আবেগিক হৈ উঠে৷ লগতে ক’মেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায়৷ ‘পাভযোৰা’, ‘মেড ফৰ ইচ্চ আডাৰ’, ‘ভগৱানে বনোৱা যোৰা’,’সংসাৰ সুখৰ হৈ

Read more

নিচুকনি পুৰস্কাৰ – অংশুমান শইকীয়া

” অ’ দাদা টিকেট দুটামান লওক না। লক্ষ্মী পূজাৰ দিনাই খেলাম। ” – চিনাকি পোৱালি কেইটামানৰ কাতৰ অনুৰোধ। “হেই মই লটাৰীত আজিলৈকে একো পায় পোৱাই নাই। “ “নাই দাদা এইবাৰ পাবই।” “কিমান দাম টিকেটৰ?” “মাত্ৰ ১০ টকা আৰু বাম্পাৰ প্ৰাইজ এটা তেলাল পাতিহাঁহ। আপোনাৰ নামত দহটা টিকেট ৰাখিম দেই ” “হ’ব আৰু দে । এনেওতো একো নাপাওঁয়েই তথাপি কিবা পালে খবৰটো দিবি আক’।” মনিবেগৰ পৰা খম্খমীয়া এশ টকাৰ নোট এখন আগবঢ়াই দিলো। “দাদা পূজা বুলি একো নুখুৱাই নেকি?” ৰূপ একুৰি

Read more

বেডLuck – অসীম বৰা

সন্ধিয়া মটৰচাইকেলখন লৈ ওলাই আহি তিনিআলিটো পাৰ হৈছোহে মাত্ৰ, এনেতে কোনোবাই পাছফালৰ পৰা মতাৰ দৰে শুনি ব্ৰেক ধৰিলো৷ ভূৰুক-ভুক ষ্টাৰ্ট বন্ধ৷ ঘূৰি চাই দেখিলো, “কুবুদ্ধিৰ ভড়াল” জয়ন্ত৷ ওচৰ পায়েই মটৰ চাইকেলৰ পিছ ছিটত বহি ক’লে – ‘ব’ল স্কুলৰ কাষৰ পুললৈ ব’ল৷’ কনৰ দোকানৰ পৰা হাফ এটা আনিছোঁ, জোনহঁত তাতে ৰৈ আছে, জৰুৰী কথা এটা আছে৷ : ব’ল তেন্তে৷ এইবুলি কৈ বাইকত কিক মাৰিলো, চাৰিবাৰমান কিক মৰাৰ পাছত বাইক ষ্টাৰ্ট হ’ল৷ পুলৰ কাষ পাই দেখিলো জোন, অভি, ভাই, ধন গোটেই কেইটা

Read more

অথ: বিৰিয়ানী সংবাদ – নাজমা বেগম

হোষ্টেলত মাক দেউতাকে থৈ যোৱাৰ পিছৰে পৰা নিচা আৰু স্বৰ্ণালী একেবাৰে নলে গলে লগা বান্ধৱী হৈ পৰিল।দুয়োজনী দুখন সৰু সৰু গাঁৱৰ পৰা আহিছে। চহৰৰ একো আও ভাও বুজি নোপোৱা ছোৱালী দুজনীৰ বেচ সময় লাগিল নতুন পৰিবেশত খাপ খাবলৈ।প্ৰথমতে হোষ্টেলৰ একো তলা নলাই ধৰিব নোৱাৰি গধূলি চাহৰ বেল দিওঁতে দুয়োজনী আহি বাৰাণ্ডাত প্ৰাৰ্থনা গাবলৈ ধৰিলে,চবেই খিকখিকাই হাঁহি দিওঁতেহে উৰহী গছৰ ওৰ পালে । পিছদিনা ৰাতিপুৱা গা ধুবলৈ সকলোৱে লাইন পতা দেখি নিচাই সুধিয়েই পেলালে ইমানবোৰ ছোৱালী মাত্ৰ চাৰিটা বাথৰুম কিয়?আমি এই

Read more

আলহীয়ে এৰা পিঠা – জীনা বৰদলৈ

ধনঞ্জয়, কুলদীপ আৰু ৰূপক নলে গলে বন্ধু। য’লৈ যাই একেলগে যায়, একেলগে খায়। পাচঁ বছৰমানৰ আগৰকথা। গাত কথা নলগা বয়স। ৰূপকৰ বায়েক মানে বৰদেউতাকৰ জীয়েকৰ বিয়া ঠিক হ’ল। বৰদেউতাকৰ আকৌ ল’ৰা সন্তান নাই। সেয়ে ঘৰৰ সকলোয়ে ৰূপকক এবাৰ বায়েকৰ হ’বলগীয়া ঘৰখন চাই আহিবলৈ ক’লে। এসপ্তাহ পাৰ হ’ল, দুসপ্তাহত ভৰি দিলে। ৰূপকে সময় উলিয়াব পৰা নাই। এদিন মুকুট শৰ্মা চাৰিআালিত বহি তিনিও বন্ধুয়ে কিবা কিবি গম্ভীৰ আলোচনা কৰি আছিল। তেতিয়া গাৰ্লছ কলেজৰ ছোৱালীয়ে আগবেলা পৰীক্ষা দি আহি মুকুট শৰ্মা চাৰিআালিত ৰৈ

Read more

খাৰখোৱা – বিকাশ শইকীয়া

ডিচেম্বৰ মাহৰ কথা। ঠাণ্ডা দিন নিদ্ৰাদেৱী আহোতে পলম কৰে। কিয় নাজানো। ট্ৰেফিকত ফচি থাকে নে বিশৃংখল ৰুমটোত সোমাবলৈ বেয়া পায় নাজানো কিন্তু পিছদিনা পুৱা সেই বিশৃংখল বিছনাখনৰ কি প্ৰেমত তেওঁ পৰে নাজানো, এলাৰ্মটোৱে বা মই যিমানে খেদি পঠিয়াও ব্লেংকেটখন এৰি যাবই নোখোজে। ফলস্বৰূপে মোৰ অফিচলৈ যোৱা পলম হয়। ন-বজাতে অফিচ, গৈ পাওঁতে বাৰ বাজি যায়। ডিচেম্বৰ মাহ, অফিচত কামো নাই, মেনেজাৰো অফিচৰ এটা কামত আমেৰিকাত গৈ আছেগৈ। সেই সুবিধাটো খাৰখোৱাই ভালকেই লৈ আছো।এক বজাতহে গৈ অফিচ সোমাইছো। সিদিনা এজন চিনিয়ৰে

Read more

লটিঘটি – উৎপলা কৌৰ

জীৱনত ঘটা কিছুমান ঘটনা পাহৰো বুলিও পাহৰিব নোৱাৰি। সেইবোৰ য’তেই মনত পৰে ত’তেই স্বতঃস্ফুৰ্ত হাঁহি এটি ওঁঠেৰে বাগৰি যায়। তেতিয়া মই হাইস্কুলৰ ওপৰৰ শ্ৰেণীত আৰু সৰু বাইদেউ কলেজত। আমাৰ ঘৰৰ পৰা নগাওঁ টাউনখনলৈ প্ৰায় পঁচিশ কিলোমিটাৰ দূৰ। নিজৰ গাড়ী নিনিলে লাইন বাছ নহ’লে ‘ফ’ৰ জিৰ’ চেভেন’ বা ‘চেভেন জিৰো নাইন’ আদি ব্যক্তিগত বাছবোৰত অহা-যোৱা কৰিব লাগে। আমাৰ ঘৰৰ সন্মুখতে উঠিব পাৰি, নামিবও পাৰি ঘূৰি আহি। এবাৰ মই আৰু বাইদেউ দেউতাৰ সৈতে পুৱাই বাছতে টাউনলৈ কোনোবা সম্পৰ্কীয় মানুহৰ বিয়া খাবলৈ গ’লোঁ।

Read more

মৰ্ণিংৱাক – মনোজ নেওগ

ধনদাৰ মগজুত মাজে মাজে কিবা এটায়ে কামোৰে, আৰু তাৰ পিছতে ধনদায়ে মোক বখলিয়াবলৈ লয়৷ সদ্যহতে ধনদাক ’মৰ্ণিংৱাক’ নামৰ পোকটোৱে কামুৰিলে, এইকেইদিন সেয়েহে মই পলাইহে ফুৰিছো তেওঁৰ পৰা! পিছে সিদিনা পৰি গ’লো ফান্দত৷ সোধ নাই, পোচ নাই তেওঁ ক’লে- ’ব’ল, মৰ্ণিংৱাক কৰিম৷’ মই বোলো- ’ধেই!’ তেতিয়া আবেলি পাঁচমান বাজিছিল কিজানি৷ মোৰ ভেকাহি শুনি ধনদায়ে ক’লে- -গৰু, এতিয়া নহয় মৰ্ণিংৱাক ৰাতিপুৱাহে কৰে, কাইলৈ কৰিম৷ এতিয়া ব’ল, কিবাকিবি কিনি আনো বজাৰৰ পৰা৷ মই বোলো ভাল পাল্লাত পৰিলোঁ৷ একোবত ধনদায়ে ধৰিয়ে ল’লে নহয় মোৰ

Read more

চাৰ – নয়নমণি হালৈ

– চাৰ.. চাৰ ৰজনীৰ পেকেটটো খুলি তাত তুলসী পেকেট ঢালি এক বিশেষ ভংগীত মই মিশ্ৰণটো জোকাৰি আছিলোঁ৷ এনে সময়তে ল’ৰাজনে মোৰ ফালে চাই চিঞৰিলে৷ মই ওচৰে-পাজৰে ‘চাৰ’ৰ চেহেৰাৰ কোনজন মানুহকনো চিঞৰিছে চালোঁ৷ কিন্তু দেখাত দেখোন কোনো নাই৷ ই আকৌ চিঞৰিছে কাক! মোৰ ৰাতিপুৱাৰ পৰা সন্ধিয়া হয় অফিচত দহজনক চাৰ বুলি মাতোতে, ই আকৌ মোক চাৰ বুলি মাতিবনে! ইতিমধ্যে বাইকত ষ্টেণ্ডডাল দি ল’ৰাজন মোৰ কাষ পালেই৷ দেখাত পালোৱান যেন লাগিলেও বয়সত যে তেনেই ফুকলিয়া হৈ আছে ধৰিব পাৰি৷ নতুনকৈ গজা দাঢ়িকেইডাল

Read more
1 37 38 39 40 41 43