ফটাঢোল

চাৰ – নয়নমণি হালৈ

– চাৰ.. চাৰ ৰজনীৰ পেকেটটো খুলি তাত তুলসী পেকেট ঢালি এক বিশেষ ভংগীত মই মিশ্ৰণটো জোকাৰি আছিলোঁ৷ এনে সময়তে ল’ৰাজনে মোৰ ফালে চাই চিঞৰিলে৷ মই ওচৰে-পাজৰে ‘চাৰ’ৰ চেহেৰাৰ কোনজন মানুহকনো চিঞৰিছে চালোঁ৷ কিন্তু দেখাত দেখোন কোনো নাই৷ ই আকৌ চিঞৰিছে কাক! মোৰ ৰাতিপুৱাৰ পৰা সন্ধিয়া হয় অফিচত দহজনক চাৰ বুলি মাতোতে, ই আকৌ মোক চাৰ বুলি মাতিবনে! ইতিমধ্যে বাইকত ষ্টেণ্ডডাল দি ল’ৰাজন মোৰ কাষ পালেই৷ দেখাত পালোৱান যেন লাগিলেও বয়সত যে তেনেই ফুকলিয়া হৈ আছে ধৰিব পাৰি৷ নতুনকৈ গজা দাঢ়িকেইডাল

Read more

বৰলা কাই – বন্দিতা গগৈ বৰা

এই পৃথিৱীত বহুত মানুহ আছে যি সকল ৰসৰ ভঁৰাল। কেতিয়াবা নিজৰ কথাকে লৈ ইমান ধুনীয়াকৈ ব্যংগ কৰে যে নাহাঁহি নোৱাৰি। তেনে এজন দাদাৰ কথাই কবলৈ লৈছো। দাদাজন এতিয়াও বৰলা হৈ আছে বাবে সকলোৱে বৰলাদা বুলিয়েই মাত লগায়।বিয়াই-সভাহে সকলোৱে বেৰিকুৰি দাদাৰ লগত কথাপাতে।ৰসৰ ভাণ্ডাৰ দাদাই নিজৰ কথাকে বৰ ৰস লগাকৈ কয়। এবাৰ এখন বিয়াত এজনে সুধিলে, :বৰলা, ছোৱালী চাবলৈ গৈছিলা নহয় কি হ’লগৈ? :ঠিক হওঁ হওঁ হৈয়ো নহ’ল আৰু দাদা। :কিয় বা? :এহ আপুনিতো জানেই মই মিছা মাতিব নোৱাৰো।ছোৱালী চাই অহাৰ

Read more

ফৌজী ৱাইফ্ v/s ঘড়ীৰ কাঁটা – পৰী শ্যামলী ভূঞা

টুঁ টুঁ টুঁ টুঁ … ৰাতিপুৱাই বিকট শব্দ কৰি এলাৰ্মটো বাজি উঠিল৷ কাণৰ ভিতৰত যেন ৰণশিঙাহে বাজি উঠিল! বিকট শব্দটোত মই টোপনিৰপৰা ধৰফৰাই উঠি ’চাবধান’ হৈ বহি গলোঁ৷ উস! কি অশান্তি! শব্দকেইটা মুখৰ পৰা জোৰকৈ ওলাই আহিল৷ মোৰ কাণত যেন জুইৰ ফিৰিঙতিয়েহে জঁপিয়াই ফুৰিছেহি! অন্য দিনবোৰৰ দৰেই ৰাতি শোৱাৰ আগতে সময়খিনি জুখি-মাখি এলাৰ্মটো চেট কৰি টোপনি গৈছিলোঁ৷ সদায় ৰাতি শোৱাৰ আগতে গন্তি কৰি কৰি সময় মিলাই এলাৰ্মটো চেট কৰি টোপনি যোৱাতো বিয়াৰ পাছৰ পৰাই মোৰ অন্য কামবোৰৰ দৰেই এক নিত্য

Read more

দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰা – বৰ্ণালী ফুকন

মাৰ মুখেৰে বহুত দিনৰ পৰা শুনি অহা দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰাৰ সংগী হোৱাৰ মোৰ আজি সৌভাগ্য ঘটিল৷ তিনিচুকীয়ালৈ অহাৰ পৰা শুনি আছো মাৰ মুখত, দুলীয়াজানলৈ ৰজাৰ গাড়ীৰে ভ্ৰমণ কৰিব পোৱাটো কিমানযে ৰোমাঞ্চকৰ আৰু আৰামদায়ক একোৰে সৈতে তুলনা নহয়৷ মনতে ভাব হ’ল কিজানি এই যাত্ৰা এৰোপ্লেনৰ যাত্ৰাতকৈও সুখকৰ৷ এই যাত্ৰাৰ সুখকনৰ লোভ সামৰিব নোৱাৰিয়েই মোৰ আজিৰ এই যাত্ৰা৷ ঘৰৰ পৰা ওলাইয়ে ৰিস্কা এখন পাই চালকৰ সৈতে দৰ দাম কৰি ন-পুখুৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো৷ বৰ্ডিং ফিল্ডৰ ৰাস্তা পাৰহৈ চেনাইৰামৰ দিশত ঘূৰিব

Read more

শিৱৰাত্ৰি – প্ৰণতি শইকীয়া

নৱম শ্ৰেণীত পঢ়ি থকা দিনৰ কথা৷ শিৱৰাত্ৰিৰ পাছদিনা গান গাই গাই স্কুললৈ বুলি ওলাইছোঁ৷ অলপ সোনকালেই ওলালো৷ কাৰণ শিৱৰাত্ৰিত কোনে কি কৰিলে আলোচনা হ’ব৷ চাইকেলখনৰ চকাকেইটা চেপেটা যেন দেখি পাম্প অকণ দি লওঁ বুলি গাঁৱৰে চাইকেল মিস্ত্ৰী বীৰেণ খুড়াৰ ঘৰতে সোমাই দিলো৷ খুড়াই ক’লে, “দুই মিনিট বহ৷ মই সাউতকৈ ধুপগছ জ্বলাই লওঁ৷“ তাকে শুনি খুড়ীয়ে ক’লে, “মজিয়ালৈকে আহ৷ চাহ এবাতি খাইয়ে যা৷ হৈয়ে আছে৷“ ময়ো ভালেই পালো৷ দল ঘাঁহ খোৱা ম’হৰ গাখীৰত কৰা চাহ৷ বৰ মজা লাগিল খাই৷ পাম্প দি

Read more

মেটামৰফছিছ অৱ মিছ দুৰ্গা এণ্ড কোম্পানী – গীতিকা শইকীয়া

শাৰদীয় দুৰ্গা পূজাৰ মণ্ডপবোৰ চালে চকু ৰোৱা হৈ পৰিছে। কোনেও কাকো বেছি ভাল হ’বলৈ নিদিয়াৰ কম্পিটিশ্বনত পৰি প্ৰত্যেকখন মণ্ডপেই আটকধুনীয়া হোৱা দেখা গৈছে। সেইদৰে দেখা গৈছে ৰংচঙীয়া দেৱী দুৰ্গাৰ মূৰ্ত্তি তথা আন আন দেৱ-দেৱতাৰ মূৰ্ত্তিবোৰ। শাৰী, ধুতী আৰু বিভিন্ন আ-অলংকাৰেৰে মূৰ্তিবোৰো ব্ৰাইট এণ্ড বিউটিফুল। পিচে দেৱী দুৰ্গাৰহে মন বৰ মুকলি নহয়। বেষ্ট ফ্ৰেইণ্ড সৰস্বতীয়ে কথাটো অনুভৱ কৰি সুধিয়েই পেলালে কি হ’ল বুলি। ’আজি কালি এই শৰতৰ সময়ত মৰতলৈ আহিবলৈ মনেই নাযায় দেখোন! সকলোফালে কেৱল আৰ্টিফিচিয়েল কাণ্ড-কাৰখানা। অৱশ্যে মোৰ নামত, আই

Read more

মধুমিতাৰ হাঁহি – নয়নমনি হালৈ

কেইমাহমান আগতে মোৰ শাহুআয়ে এটা ম’বাইল ফোন ল’লে৷ নতুন ফোন, নতুন নং৷ গতিকে খুলশালী আৰু চিৰচেনেহী মোৰ ভাষা জননী, অহ ছ’ৰি, চিৰচেনেহী মোৰ পত্নী জনীয়ে মোৰ লগত অলপ ধেমালী কৰাৰ মানস কৰিলে৷ কাজেই সংসাৰবোৰত এতিয়া ধেমালী-ধুমুলা নোহোৱা হৈ পৰিছে৷ কি পত্নী, কি পুত্ৰ সকলো মায়া এই ‘মুখপুথি’ৰ ওচৰত হাৰ মানি গৈছে৷ সেইবাবেই হয়তো গতানুগতিকতা এৰি অলপ মোৰ লগতেই ধেমালী কৰোঁ বুলি ভাবিলে৷ কিন্তু ইয়াৰ মাজত যদি ‘কেঁচু খান্দি সাপ উলিওৱা’ৰ দৰে কিবা ন্যস্ত স্বাৰ্থ আছিল, তেন্তে সেয়া মোৰ সৰলচিতীয়া মানুহটোৱে

Read more

চাঁধা, এক প্ৰেম কথা – দেবজিত শৰ্মা

কাহিনীটো Whatsapp, Facebook, Orkut আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰ পৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সবল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ? বিফল প্ৰেম? হয় আছিল৷ ঠিক হওঁ হওকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক৷ পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনী গৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো

Read more

ডেনী ছাৰ – মানবেন্দ্ৰ কুমাৰ শৰ্মা

অদ্ভুত আৰু আচহুৱা স্বভাৱৰো কিছু মানুহ থাকে৷ নিজৰ প্ৰয়োজনতহে তেওঁলোকে চকু মেলি চায় আৰু প্ৰয়োজন পূৰ হোৱাৰ পিছত কেঁৰাহিকৈ চালেও নিজস্বত্ব লোপ পোৱা যেন পায়৷ আমাৰ চিনাকি তেনে এটা চৰিত্ৰ আছিল ’ডেনী’ ছাৰৰ৷ হিন্দী চিনেমাৰ ’ভিলেইন’ ডেনীৰ নামৰ লগত সামঞ্জস্য ৰাখি দিয়া নামটোৱে তেখেতৰ চৰিত্ৰৰ কিছু আভাস নিশ্চয়কৈ দিয়ে৷ তেখেতে নিজৰ চৌপাশে এটা অভেদ্য বেষ্টনী গঢ়ি লৈ হে আগবাঢ়িছিল৷ এই বেষ্টনীৰ পৰিমণ্ডল তেখেতেও কোনোদিনে ভেদ কৰি নাপালে, আৰু আনকো তাৰ ওচৰ চপাৰ সুযোগ কোনোকালে নিদিলে৷ পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ দৰে শ্ৰেণী কোঠাত

Read more

ভিনিহি পুৰাণ – বন্দিতা গগৈ বৰা

আজি এজন সমন্ধীয় ভিনিহিৰ বিষয়ে কবলৈ লৈছো।সদাহাস্যমুখ এই ভিনদেউজন বিয়াৰ আগৰেপৰা অৰুণাচলত চাকৰি কৰিছিল।ভিনিহিৰ বাইদেউৰ লগত বহুদিনীয়া প্ৰেম। কলেজত পঢ়িথকা দিনৰপৰাই প্ৰেম দুয়োৰে।যাহওঁক সময়ত দুয়োঘৰৰ সন্মতিত বিয়াঠিক হ’ল।বিয়ালৈ আৰু এমাহ আছে এনেতে অৰণাচলতে ,ভিনিহি থকা ঠাইৰপৰা বেলেগ এখন ঠাইতথকা বাইদেউৰ খুৰাক খুৰীয়েক ভিনদেউক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ যোৱাটো ঠিক কৰিলে।বোলে হ’ব লগীয়া জোৱাঁইক এবাৰ ওচৰৰ পৰা চাই লওঁ।সেইদিনত মোবাইল নাছিল।আৰু লেণ্ডফোনৰ ব্যৱস্থাও তথৈবৈছ আছিল,ফলস্বৰূপে খুৰাক-খুৰীয়েক যাবলৈ মন কৰা কথাটো আগতীয়াকৈ জনাব পৰা হোৱাগৈ নহ’ল।দিনটো আছিল দেওবাৰ।বৰলা ভিনিহি কোৱাৰ্টাৰত এজন সহায়কাৰী

Read more
1 44 45 46 47 48 49