এদিন বামুণৰ, এদিন বহুৱাৰ – পৰী পাৰবীন
ঠাণ্ডা দিনকেইটাত ৰাতি দেৰিলৈকে ফেচবুক কৰি, ৰাতিপুৱা আঠটালৈকে বিচনাত লেলাই গেঁথাই পৰি থাকি দহবজাত অফিচ পোৱাটো কিমান কষ্টৰ কথা সকলোৱে জানে । ৰাতিপুৱা দুঘণ্টা মানে যুদ্ধৰ আখৰা। কোনেও কালৈকো চাবলৈ সময় নাই। টিফিন,ব্ৰেকফাষ্ট, পানীৰ মেশ্বিন, ৱাছিং মেশ্বিন সমানে সমানে চলাই থাকোতে দশভূজাৰ হাতকেইখন যেনিবা লগ লাগেহি । পিছে কি হ’ব, ইমানবোৰ হাত থাকোতেও পাহৰা মগজুটোৰ কাৰণে কেতিয়াবা পানীৰ মেচিনটোকে অন কৰি গুছি যাওঁ, কোনোবাদিনা আগফালে দুৱাৰ দাং, পিছফালে ধোবাংবাং হৈ থাকে, কেতিয়াবা গে’টেৰে ভিতৰ সোমাই ওলাব নোৱাৰি বাহিৰৰ ছাগলীয়ে দিনটো
Read more