ফটাঢোল

শিল্পী পৰিচিতি

“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে ইমান ফুল আজি প্ৰভাতে প্ৰভাতে৷” হয়, সুন্দৰ শিল্পী মনৰপৰা সৃষ্ট শিল্পসমূহৰ বাবেই চিৰ সুন্দৰ এই পৃথিৱীখনক আৰু আটকধুনীয়া কৰি তুলিছে৷ শিল্পীয়ে মৃত শিলত কাটিব পাৰে অথবা ৰং তুলিকাৰে আঁকিব পাৰে জীৱন্ত বাস্তৱ৷ লুইতৰ পাৰৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তেজপুৰৰ এনে এজন প্ৰতিভাৱান সুন্দৰৰ সাধনা কৰা শিল্পীৰ লগত আজি আমি পৰিচিত হ’বলৈ গৈ আছোঁঁ, যিজন শিল্পীয়ে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাই নহয় একক প্ৰচেষ্টাৰে যোৱা তিনিদশক জুৰি কলা সাধনাত নিজকে নিমগ্ন কৰি ৰাষ্ট্ৰপতি

Read more

বাদুংদ্যুপ্পা-ৰঞ্জিত কুমাৰ শৰ্মা

পাঠকসকল, আপোনালোকে নিশ্চয় ভ্ৰাম্যমাণ থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহ বা কোনো স্থায়ী প্ৰেক্ষাগৃহত বহি নাটক চাইছে৷ মেলা-উৎসৱ আদিতো নাটক চাই পাইছে৷ কিন্তু এই লেখাত অসমৰ এখন গাঁৱত হোৱা ব্যতিক্ৰমী নাট পৰিৱেশনৰ বিষয়ে লিখিবলৈ বিচাৰিছোঁ৷ ব্যতিক্ৰমী আৰু সুকীয়া শৈলীৰে নাট পৰিৱেশন কৰি এই গাঁওখনৰ এজাক নাট্যশিল্পীয়ে গাঁওখনৰ নাম বিশ্বৰ দৰবাৰলৈ নিবলৈ সক্ষম হৈছে৷ এবাৰ ভাবকচোন, মঞ্চ-লাইট, লাউডস্পীকাৰ, চকুত লগা মঞ্চসজ্জা আৰু এইবোৰৰ উপৰি প্ৰধানকৈ স্থায়ীয়েই হওক বা অস্থায়ীয়েই এটা প্ৰেক্ষাগৃহ আৰু এখন ওখ মঞ্চ – এইবোৰ ব্যৱস্থা নোহোৱাকৈও নাট প্ৰদৰ্শন হ’ব পাৰেনে? সেয়াও

Read more

শিল্পীৰ পৃথিৱীত জয় দাস, যাৰ পৰশত মৃত শিল জীৱন্ত হয় : দেৱজিত শইকীয়া, বিস্মিতা শইকীয়া

এটুকুৰা শিলত যেতিয়া এজন শিল্পীৰ হাতুৰীৰ কোব পৰে শিলে ঈশ্বৰৰ অৱয়ব লয়৷ বগা কাগজো শিল্পীৰ হাতৰ পৰশত জীৱন্ত কেনভাচ হয়৷ পাহাৰ খান্দি উলিওৱা শুভ্ৰ মাৰ্বলো ইমান সুন্দৰ নহয়, যিমান সুন্দৰ শিল্পীৰ হাতত তাজমহলে ৰূপ লয়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছিল, “শিল্পী মই তিনিও কালৰ, অতীতৰ বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ৷” শিল্পীৰ হাততে প্ৰাণ পাই উঠে সৌন্দৰ্য্যৰ, ইতিহাসৰ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক যুগজয়ী ভাস্কৰ্য্যই৷ সৌন্দৰ্য্যৰ নগৰী তেজপুৰ৷ বুঢ়া লুইতৰ পাৰৰ বানাসুৰে গঢ়া অগ্নিগড়ৰৰ মনোৰম পৰিবেশৰ মাজত প্ৰাক্‌ ঐতিহাসিক যুগৰ সাক্ষ্য বহন কৰি

Read more

শিল্পীৰ পৃথিবীত নৰোত্তম বৰা-দিক্ষীতা বৰা

“বাৰীৰে চুকৰে জাতিবাঁহ এজুপি  সিও মোৰ সহোদৰ ভাই…” হেঁ‌পাহৰ বিহুটিত বজোৱা টকাটিৰ পৰা খৰাহিটোলৈকে, জুৰ বা দিয়া বিচনীখনৰপৰা ঢেঁকীটোলৈকে, ঘৰতে সাজি লোৱা কাঠ বাঁহৰ এই সামগ্ৰীসমূহ দৈনন্দিন জীৱন ধাৰণত তথা উৎসৱৰ বিশেষ আয়োজনত সকলোতে অতি প্ৰয়োজনীয় তথা উল্লেখযোগ্য। আৰু সেয়েহে বাঁহ কাঠৰ বাৰীখন যেন অসমীয়া ঘৰ এখনৰ অবিচ্ছেদ্য অংগ। কিন্তু কিছুসংখ্যক এনে ব‍্যক্তি থাকে যিয়ে এই সামগ্ৰীসমূহ কেৱল প্ৰয়োজনৰ বাবে ব‍্যৱহাৰ নকৰি এই থলুৱা সামগ্ৰীসমূহকেই নিজৰ কলাত্মক মনটোৰ বহিঃপ্ৰকাশৰ আহিলা হিচাপেও বাছি লয়। যাৰ মনৰ সৌন্দৰ্যই সৃষ্টিশীল হাতৰ পৰশত সাধাৰণ

Read more

চিত্ৰশিল্পী অৰ্ণৱ দাৰফাং- নিৰ্মালি সন্দিকৈ

সৰুৰে পৰাই কোনো ব্যক্তিৰ হুবহু প্ৰতিকৃতি অংকনেৰে সকলোকে বিস্মিত আৰু  মুগ্ধ কৰিবলৈ সক্ষম হোৱা অৰ্ণৱ এজন অতি প্ৰতিভাশালী চিত্ৰশিল্পী। ৰজাপথাৰ নিবাসী প্ৰভাত দাৰফাং আৰু প্ৰণামী বৰদলৈৰ একমাত্ৰ সন্তান অৰ্ণৱে ইতিমধ্যে শিশু আলোচনী ‘মৌচাক’ৰ বাবে একাধিকবাৰ বেটুপাত অংকন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি অংকন কৰি তেওঁ ছ’চিয়েল মেডিয়াত ভূয়সী প্ৰশংসা অৰ্জন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও ফোনযোগে ধন্যবাদ আৰু উৎসাহ পাবলৈ সক্ষম হয়। তিৱা সমাজে ‘প্ৰিন্স অব আৰ্ট’ আৰু হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিয়ে ‘প্ৰেৰণা যুৱ বঁটা ২০১৯’ৰে তেওঁক সন্মানিত কৰাৰ

Read more

শিল্পীৰ পৃথিবীত কুশল ডেকা-অভিজিত ডেকা

জীৱন আৰু জাগতিক ঘটনা- প্ৰৱাহেই নাটকৰ বিষয়- বস্তু বা আধাৰ বুলিব পাৰি৷ এই জীৱন আৰু জাগতিক বিষয় দুটাৰ পৰিসৰৰ ব্যাপকতাই নাটকৰো ব্যাপ্তি আৰু ই ইমানেই বিশাল যে পদ্ধতিগত কৌশলৰ দ্বাৰাহে ইয়াৰ অধ্যয়ন আৰু জ্ঞান লাভ সম্ভৱ৷ নাটক কেৱল মনোৰঞ্জনৰ আহিলাই নহয়, নাটক কেতিয়াবা দাপোন, কেতিয়াবা প্ৰতিবাদী কণ্ঠৰ এক মাধ্যম অথবা এখন প্ৰতিচ্ছবি, যি বিভিন্ন আৰ্থ- সামাজিক পৰিস্থিতি আৰু সমস্যাকো প্ৰতিফলিত কৰে৷ সেয়ে নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িতসকলৰ সামাজিক আৰু সাংস্কৃতিক ভূমিকা আৰু দায়বদ্ধতা যথেষ্ট গুৰুত্বপূৰ্ণ৷ অসমৰ নাট্যক্ষেত্ৰৰ এটি পৰিচিত নাম কুশল

Read more

শিল্পীৰ পৃথিৱীত যাদৱ মহন্ত- অক্ষয় জ্যোতি মহন্ত

সৃষ্টিশীলতাই হ’ল শিল্পীৰ জীৱন উদযাপনৰ আধাৰ আৰু এই শিল্পী সত্তাৰ নান্দনিক বাহ্যিক প্ৰকাশেই এটা জাতীয় সংস্কৃতিৰ পৰিকাঠা নিৰ্মাণৰ প্ৰধান উপাদেয় হৈ পৰে৷ অসমৰ শংকৰী বা সত্ৰীয়া সংস্কৃতিৰ ভেঁটিটোৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰতো অনেক জনা-নজনা সংস্কৃতিৱান শিল্পীয়ে নিৰৱচ্ছিন্ন নিজ সাধ্যানুসাৰে সাধনা অব্যাহত ৰাখিছে৷ তেনে এজন অক্লান্ত সাধকেই হৈছে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত শ্ৰী শ্ৰী বৰ এলেঙী বগীআই সত্ৰৰ সন্তান শ্ৰীযাদৱ মহন্ত৷ শিল্পী যাদৱ মহন্ত পেচাত এজন শিক্ষক আৰু মেলামাটি মৌজাৰ পৰিয়াল চলং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে ২০১৭ চনত তেখেতে অৱসৰ গ্ৰহণ

Read more

শ্ৰীযুত ৰমা হাজৰিকাৰ (বায়ন) বিষয়ে দুআষাৰ- হিমু বৰা

মৰিগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ জাগী ভকতগাঁও অঞ্চলটোত সংস্কৃতি প্ৰাণ বহু পুৰোধা ব্যক্তিয়ে জন্ম গ্ৰহণ কৰি অঞ্চলটোৰ লগতে অসমৰ সংস্কৃতিৰ বৰপথাৰখন জীপাল কৰি থৈ গৈছে৷ ভাষা শ্বহীদ সূৰ্য বৰা, আজন্ম শিল্পী কনকেশ্বৰ বৰুৱা এই অঞ্চলৰ দুটা উজ্জ্বল নক্ষত্ৰ যাৰ সুকীয়া পৰিচিতিৰ প্ৰয়োজন নাই। অতীতৰে পৰা যাত্ৰা নাট, ভাওনাৰ চর্চাৰে মুখৰিত এই বৃহৎ সংস্কৃতিপ্ৰাণ অঞ্চলটোত এই বিষয়ৰ আৰম্ভণি কোনে কেতিয়া কৰিছিল সেই বিষয়ে সঠিককৈ তথ্য দিয়াটো কঠিন যদিও ‘কথা গুৰু চৰিত’ৰ মতে কলং কাষৰ এই অঞ্চলতেই সত্ৰীয়া সংস্কৃতিৰ এক মূল আধাৰ ‘খোল’ৰ

Read more

তিৱা লোক-সংস্কৃতিৰ প্ৰচাৰবিমুখ শিল্পী শ্ৰীযুত খৰ্গেশ্বৰ বৰদলৈৰ সৈতে কিছু সময়-মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

অসমৰ শিল্পসমূহৰ ভিতৰত মুখা শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অংকীয়া ভাওনাসমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু ৰূপ দিবলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মুখাসমূহ সাজে৷ গৰুণ্ড পক্ষী, বাঘ, যখিনী, ঘৰিয়াল, বৰাহ আদিৰ মুখা হুবহু সাজি তাত তুলিকাৰে অংকিত কৰি সম্পূৰ্ণ ৰূপ ফুটাই তুলে৷ কিন্তু এইখিনিতে এটা কথা উল্লেখনীয় যে মহাপুৰুষজনাই অসমৰ জাতি-জনজাতিৰ শিল্প-কলা, সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কৃষ্টিৰ চানেকিবোৰ গোটাই এক কৰিছিল৷ কোৱা হয় জনজাতিসকলৰ ডেকাচাঙৰ আৰ্হি লৈ নামঘৰ সজা হৈছিল৷ মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি যোৱা মুখা শিল্পৰো মূল আৰ্হি জনজাতিবোৰৰ পৰম্পৰাগত

Read more

এক ব্যতিক্ৰমী ক্ষেত্ৰ অধ্যয়ন : অনামিকা বড়া

এজন মানুহে কাঠৰ কুণ্ডা এটাত কটাৰী, বটালি ফুৰাই আছে। ওচৰতে আন এজনে আলতীয়া মাটিৰে সুতুলি সাজি আছে। আন এজনে আকৌ বাঁহৰ টুকুৰা চাৰিটাৰে ৰামতাল তৈয়াৰ কৰিছে। কাষতে অন্য এজনে মিহি পৰশ দিছে কাকৈফণীত। মন্ত্ৰমুগ্ধ হৈ আমি কেওজনৰ চৌকাষে থিয় হৈ কামবোৰ পৰ্যবেক্ষণ কৰিছিলোঁ। আমি মানে প্ৰায় ৪৬ জন শিক্ষাৰ্থীৰ সহিতে দুজন তত্ত্বাৱধায়ক শিক্ষক। বিৰ দি বাট নোপোৱাৰ দৰে হৈছিল সেই স্থান। কেইখোজমান আঁতৰত চৌকাৰ ওপৰত এখন প্ৰকাণ্ড লোৰ কেৰাহীত ম’হৰ শিঙ কেইটামান উতলাই আছিল আন এজন কৰ্মীয়ে। উতলোৱাৰ আগেয়ে শিঙবোৰ

Read more
1 2