সংখ্যাটোৰ আঁৰৰ কথা
দেবজিত শৰ্মা আৰু সম্পাদক! জীৱনত অন্ততঃ বেলেগ সপোন দেখিলেও এই সপোনটো দেখা নাছিলো বা কল্পনাৰো অতীত আছিল৷ ফটাঢোল নামৰ গোটটোলৈ অহাৰ আগলৈকে লিখাৰ নামত দুই এটা কবিতা (!) লিখিছিলো৷ গদ্য সাহিত্য লিখাৰ হেঁপাহ এটা আছিল যদিও সাহসৰ অভাৱ আৰু লাজতে থমকি ৰ’ব লগা হৈছিল৷ প্ৰায় ২ বছৰমান আগতে এই গোটটোৰ লগত পৰিচিত হ’লো, লেখাবোৰ পঢ়ি আমোদ পোৱাৰ লগতে দুই এটা মন্তব্যৰে আলোচনাবোৰত অংশগ্ৰহণ কৰিবলৈ ধৰিলো৷ চিনাকি বাঢ়িল, শুভাকাংক্ষীৰ তালিকাখন দীঘল হ’বলৈ ধৰিলে৷ লাজে ভয়ে দুই এটা লেখা দিবলৈ আৰম্ভ কৰিলো,
Read more