দ্বিতীয় সংখ্যাৰ আঁৰৰ কথা
ফেচবুকৰ অন্যতম হাস্যব্যংগ গোট ‘ফটা-ঢোল’ৰ ব্যংগ সাহিত্যক জনপ্ৰিয় কৰাৰ প্ৰয়াস ‘ফটাঢোল’ ই-আলোচনীখনৰ দ্বিতীয় সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব দিয়াত শংকিত হৈ পৰিছিলো। কিয়নো সাহিত্য-চর্চাৰ সকলোতকৈ জটিল বিভাগটোৱেই হৈছে ব্যংগ সাহিত্য। প্ৰস্তাৱনা সংখ্যাটোৰ জনপ্ৰিয়তাও মোৰ শংকাৰ কাৰক হৈ পৰিছিল। পঢ়ুৱৈৰ বৰ্দ্ধিত প্ৰত্যাশাই নতুন সম্পাদকৰ ওপৰত দায়িত্বৰ ভাৰ বঢ়াই তোলাটো স্বাভাৱিক। এই গুৰুভাৰ উঠাবলৈ কিঞ্চিৎভাৱেও যদি সফল হৈছো তেন্তে তাৰ শ্ৰেয় সম্পাদনা সমিতিৰ লগত জড়িত প্ৰতিজন ব্যক্তি, ফেচবুক গোট ‘ফটা-ঢোল’ৰ প্ৰতিজন সদস্য তথা ভিন্ন সময়ত যথাগত উপদেশ দিয়া প্ৰতিজন সুহৃদ ব্যক্তি। আলোচনীখনৰ জন্মলগ্নৰে পৰা
Read more