এটি সম্পাদকীয়ৰ আৰম্ভণি – কাবেৰী মহন্ত
কাহিনীটোৰ শিপা অসম নামৰ এক মনোমোহা মূলুকত৷ সময়? ফাগুনৰ পছোৱাৰ সময়, সৰিয়হ ফুলৰ হালধীয়াই আকাশৰ ৰং সলোৱাৰ সময় আৰু সাহিত্যৰ সুৱাসত মতলীয়া হোৱাৰ সময়! শব্দৰ মালা, কিতাপৰ মেলাত আনন্দ উপভোগৰ সময়! ব্যক্তি গৰাকী -যদিও মহিলাগৰাকী সাধাৰণ তথাপিও সাহিত্যৰ সুৱাসত নাচি বাগি স্ফূৰ্তি কৰি ভালপোৱা, কিতাপ, আলোচনী সুৱিধা পালেই পঢ়াৰ হেঁপাহ ৰখা গৃহিণী৷ বৃহৎ ৰাজনৈতিক দলৰ প্ৰচাৰৰ দায়িত্বত থকা সদস্যৰ দৰেই মহিলাগৰাকী সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়৷ চকুৰ আগত অহা সকলো বিষয়তে নিজৰ মতামত দিয়াটো তেওঁ নিজৰ মৌলিক আৰু সাংবিধানিক অধিকাৰ বুলিয়েই
Read more