সম্পাদকীয়–তৃষ্ণা টি. ভূঞা
“নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সিটি কথা মানুহৰ৷“ শ্ৰেণীকোঠাত মাষ্টৰৰ মাৰৰ ভয়তে মুখস্থ কৰি আঁওৰোৱাৰ পৰা গধূলি মা দেউতাক দেখাই টেটু ফালি আবৃত্তি কৰালৈ ওপৰোক্ত কবিতালানি আমাৰ আটাইৰে আপোন৷ “তোমাৰ প্ৰিয় কবিতা এফাকি গোৱা“ বুলি কলেজ ৰেগিঙত সোধোঁতেও মুখেৰে এইফাকি কবিতাহে ওলাইছিল৷ সময় বাগৰিল৷ কবিতা নতুন হ’ল৷ মডাৰ্ণ কবিতা আহিল য’ত কবিয়ে প্ৰেয়সীৰ চুলিক চাওমিনৰ লগত তুলনা কৰিও ৱাহ ৱাহ বুটলিলে৷ খাৰখোৱা মগজুৱে কিন্তু সেইবোৰ নুবুজিলে আৰু স্কুলীয়া দিনৰ সেই সাৰুৱা কবিতাবোৰহে মনত ৰাখিলে৷ আজি ২০১৯
Read more