ফটাঢোল

Differential Equation আৰু মোৰ প্রেম – খনিন্দ্র ভূষণ মহন্ত

উচ্চতৰ মাধ্যমিক প্রথম বর্ষটো ফটুৱামি কৰি থাকোঁতেই কেতিয়ানো পাৰ হৈ গ’ল তলকিবই নোৱাৰিলোঁ। প্রথম প্রথম কলেজলৈ গ’লে ‘হাৱা’ এটা লাগেই দিয়কচোন। অমুকাকো সেইজাক বতাহে বাৰুকৈয়ে কোবাই থৈ গৈছিল। গতিকে পঢ়া-শুনা ‘ক’-কাৰিকুলাৰ এক্টিভিটি’ত থৈ কৰবীকেইজোপাৰ তলত আড্ডা দিয়া, ‘বৃন্দাবন’ত বহি ৰঙীন পখিলা চোৱা এইবোৰ আছিল নিত্য-নৈমিত্তিক কাম। ফলত, পৰীক্ষাহলত কলম কামুৰি বহি থকাৰ বাদে বেলেগ উপায় নাছিল।

কিবাকৈ উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ জপনাখন পাৰ হোৱাৰ পাছত নিজেই নিজক কথা দিলোঁ, “এনেকৈ নহ’ব। পঢ়িব লাগিব। নহ’লে গোটেই ধুনু মাইনাহঁতৰ সন্মুখত নাক-কাণ কটা যাব।” কাজেই কিতাপ-পত্র গোটাই পঢ়াত লগাৰ সম্পূর্ণ প্রস্তুতি কৰিলোঁ। টিউচন দুটাও যোগাৰ কৰি ল’লোঁ। মুঠতে পঢ়িম।

দুদিনমান ঠিকেই গ’ল। হঠাৎ আমাৰ ‘গ্রুপ’লৈ এজনী নতুন ছোৱালীৰ আগমন ঘটে। ছাৰে চিনাকি কৰাই দিলে। স্বাভাৱিকতে বুকুৰ একোণত তেতিয়া অনামী শিহৰণৰ হাজাৰজাক ধুমুহাই অগা-দেৱা কৰিবলৈ ল’লে। যিহেতু তাই অহালৈ দুটামান ‘ক্লাচ’ পাৰ হৈ গৈছিল, সেয়ে ছাৰে আগতে পঢ়োৱাখিনি মোৰ পৰাই লিখি ল’বলৈ ক’লে। হায়ৈ…পৃথিৱীৰ সমস্ত সুখে যেন আহি মোক বেৰি ধৰিলেহি।

তাই আমাৰ মহাবিদ্যালয়ৰ ছাত্রী নাছিল। দেউতাক জলসিঞ্চন বিভাগৰ চাকৰিয়াল। নতুনকৈ আমাৰ তাত থকা শাখাটোলৈ আহিছে। ওচৰৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়খনত নতুনকৈ নাম লগাইছেহি। পঢ়া-শুনাত যথেষ্ট ‘চিৰিয়াচ’ যেন দেখাতে লাগে।

কিছুদিন পাছত আমাৰ পৰিয়ালৰ বা এগৰাকীৰ বিয়া আছিল। ফূর্তিতে মই এসপ্তাহ কিতাপৰ পৰা দহ মাইলমান দূৰত্ব বর্তাই ৰাখিলোঁ। আনকি পুৱাৰ ‘টিউচন’টোলৈয়ো যাবলৈ বাদ দিলোঁ। ঘৰৰ মানুহবোৰো ভাগে-ভাগে কামত ব্যস্ত থকাৰ বাবে কোনেও একো নক’লেও। বিয়াৰ ‘পেণ্ডেল’ খুলি নিয়াৰ পাছত গৈ ‘টিউচন’ত হাজিৰ হ’লোঁ যদিও কি পঢ়াইছে একো আঁতি-গুৰি পোৱা নাই। ক্লাচ শেষ হোৱাৰ পাছত তাইক মাতিলোঁ।
: ইমান দিন কিয় অহা নাই? বহুতখিনি পঢ়ালে ছাৰে।
: ঘৰতে বিয়া এখন আছিল।
: আমাক নামাতিলা দেখোন!
: কিয়! মোৰ লগৰ নিপ, ৰূদ্র, তপনহঁতক মাতিছিলোঁ নহয়।
: ঠিকেই। মইতো তোমাৰ বন্ধু নহয়!

(মই মনতে ভাবিছোঁ, “এনে একেবাৰে যেন মাতিলে গ’লেইহেঁতেন!”) কিবা-কিবি চালে-বেৰে কোবোৱা কথা কৈ বিয়াৰ বিষয়টোৰ পৰা ফালৰি কাটিলোঁ। আচলতে মই ভবাই নাছিলোঁ যে তাই ইমান ‘ফ্রী’কৈ মোৰ লগত কথা পাতিব। স্বাভাৱিকতে অলপ ‘নার্ভাচ’ কৰিছিলোঁ মই। শেষত তাইৰ পৰা বহীখন লৈ ঘৰমুৱা হ’লোঁ।

সেয়াই আৰম্ভণি। কথাই কথাই এদিন ফোন নম্বৰৰো আদান-প্রদান হ’ল। যিমান দূৰ মনত পৰে, মই ক্ষতি কৰাৰ সময়ত পঢ়োৱা ‘Differential Equation’খিনি মোক তাই ফোনত বুজাইছিল। পঢ়াত চোকা বুলি গম পাইছিলোঁ। ইমান ধুনীয়াকৈ বুজাবও জানে বুলি পিছে ভবা নাছিলোঁ, যিটো মোৰ ভুল আছিল। সেই বুজিবলৈ কৰা ফোন কলবোৰৰ গইনা লৈয়েই আমাৰ মাজৰ দূৰত্বটো কমি আহিছিল।

যিহেতু আমাৰ কলেজ বেলেগ বেলেগ, গতিকে তেনেকৈ লগ পোৱা নহৈছিল। টিউচনৰ সময়খিনিয়েই যি। ক্লাচ শেষ হোৱাৰ পাছত কেতিয়াবা বাচ-ষ্টপলৈকে একেলগে আহোঁ। একেলগে মানে মই চাইকেলখন ঠেলি আহোঁ, তাই কাষে-কাষে আহি থাকে।

দিনবোৰ গৈ থাকিল। ক্লাচ চলি থাকিল। আমাৰ বন্ধুত্বও বাঢ়ি গৈ থাকিল। পঢ়াই প্রায় শেষ হৈছিলহি বাবে কলেজত ক্লাচবোৰ তেনেকৈ নহৈছিল। আমিও বেয়া পোৱা নাছিলোঁ। আমাৰ দৰে আড্ডা দি ভালপোৱা প্রাণীবোৰৰ মুখকেইখনে সেইকেইদিন অলপো শান্তি পোৱা মনত নপৰে। অৱশ্যে মাজে-মাজে সেই আড্ডাত কমকৈ হ’লেও পঢ়াৰ কথাও আলোচনা হৈছিল। তেনেকুৱা এটা দিনতে ‘Differential Equation’ৰ কথা ওলাল। কিহে পাইছিল নাজানো, দিলোঁ নহয় মই কৈ, “এইখিনি মই জানো। মোক ‘হেৰি’য়ে (নামটো থাকক) শিকাইছে।” মই ক’বলৈহে পালোঁ, তাৰ পাছত আৰু ৰক্ষা নাই। লগৰ টিউচন কৰাখিনিৰ বাদে কোনেও যিহেতু তাইক চিনি নাপায়, মোৰ ওপৰত একপ্রকাৰৰ ‘ইম’চনেল ব্লেকমেইল’ আৰম্ভ হৈ গ’ল। ‘আমাকনো কিয় ক’বি?’, ‘আমিনো তোৰ কোন হয়’ ইত্যাদি ইত্যাদি…বিভিন্ন উপমাৰে মোক থকা-সৰকা কৰি পেলালে। দুই-একে মোৰ নামৰ লগত তাইৰ নাম যোগ দি জোকাবলৈয়ো নেৰিলে। মই মিছা-মিছি খং দেখুৱাই আঁতৰি আহিছিলোঁ যদিও মনে-মনে বৰ এটা বেয়াও পোৱা নাছিলোঁ। সেইদিনাই ৰাতি মৰ-সাহ কৰি তাইক মেচেজত কথাখিনি কৈছিলোঁ। আচলতে মই চাব খুজিছিলোঁ যে, মই ভবাৰ দৰেই তাই ভাবে নে নাই! তাই বৰ বিশেষ একো ‘ৰেচপন্স’ নিদিলে।

গ’ল কথা গুচিল। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ওচৰ চাপিল। কলেজ বন্ধ হ’ল। টিউচনবোৰ শেষ হ’ল। সকলো পঢ়াত ব্যস্ত। মোবাইলৰ লগত দূৰত্ব বাঢ়ি গ’ল। বন্ধ পাই তায়ো মাকৰ লগত নিজৰ ঘৰলৈ গ’ল।

পৰীক্ষাৰ কেন্দ্র একেটাই হোৱাৰ বাবে লগ পাইছিলোঁ। লগ পোৱা বুলিলে ভুল হ’ব, দেখা পাইছিলোঁ। তাকো ক্ষন্তেকৰ বাবে। শেষৰ পৰীক্ষাৰ দিনা যাওঁতে মোক কৈ থৈ গ’ল, “মই বাংগালোৰত পঢ়িম। পৰহিলৈ ফর্ম আনিবলৈ যাম।”

ডিগ্রী পঢ়িবলৈ মই গুচি আহিলোঁ যোৰহাটলৈ, তাই গ’ল বাংগালোৰলৈ। কিছু দিনলৈ ফোনত কথা-বতৰা চলিল। নতুন ঠাই, নতুন পৰিৱেশ। ময়ো ব্যস্ত হ’লোঁ। নিজৰ ভাগে তায়ো ব্যস্ত হ’ল। এই তথাকথিত ব্যস্ততাই এদিন আমাৰ মাজৰ দূৰত্বটো ইমানেই বঢ়াই দিলে যে, মই ফোন কৰিলেও প্রথমে তাই পাব পৰা অৱস্থাত নাথাকিছিল, লাহেকৈ নম্বৰটো অস্থায়ীৰূপে সেৱাত নোহোৱা হ’ল।

সিদিনা চুলি কটাবলৈ গৈছিলোঁ। হঠাৎ তাইৰ দেউতাকক লগ পালোঁ। যিমানেই নহওক, মাতষাৰ লগাই খা-খবৰ ল’লোঁ। মোৰ খবৰো দিলোঁ। পাকে-প্রকাৰে তাইৰ খবৰ সুধি যিটোহে উত্তৰ পালোঁ, মই ভাগ্যে থিয়ৈ থিয়ৈ পৰা নাই। “মাজনী এতিয়া মুম্বাইত থাকে। জোঁৱাইটোৱে তাতে চাকৰি কৰে। এনেই ঘৰ ডিব্রুগড়ত। তায়ো কলেজ এখনত সোমাইছিল। ল’ছালী লৈ দিগদাৰ যে। এৰি দিলে। আচ্ছা, তুমি ৰোৱা। মই যাওঁ। বেলেগ কাম দুটামানো আছে। তাইক ক’ম তোমাক লগ পোৱাৰ কথা…”

তেওঁ আৰু কিবা কৈ থকা যেন লাগিছিল। পিছে মোৰ কাণত একো নোসোমাল। সুমুৱাবও খোজা নাছিলোঁ। এটা কথাই মনত দোলা দি থাকিল। “তাই বিয়া হ’ল, ল’ছালীও হ’ল…!”

☆★☆★☆

5 Comments

  • বেচেৰাটো–! Equation পঢ়াতে য’তি পৰিল তাৰমানে!

    Reply
  • Mridula

    ইচ… বেয়া লাগি গ’ল । পঢ়ি কিন্তু মজ্জা লাগিল

    Reply
    • খনিন্দ্ৰ

      এনেকৈয়ে আৰু…ধন্যবাদ জনালোঁ

      Reply
  • হিৰণ্যজ্যোতি দাস

    ইমানখিনি আগবাঢ়িও প্ৰেম নহ’ল, ফটাপ্ৰেমৰ কাহিনীহে হ’ল ৷ দুখ লাগি গ’ল ৷

    Reply

Leave a Reply

Your email address will not be published.