ফটাঢোল

DU হোষ্টেলৰ ভূত-প্ৰিঞ্চিপ্ৰিয়া ফুকন

মাজৰাতি জুনুক্ জুনুক্ জুনুক্‌কৈ পায়েলৰ শব্দ কৰিডৰত বাজি থকাৰ দৰে লাগিল৷ কাণ পাতি শুনিও ধৰিব নোৱাৰিলোঁ সঁচাই কোনোবা নে মোৰ কাণৰ ভুল৷ ৰীতা অলপ আঁতৰত টোপনিত লালকাল৷ আমাৰ দুজনীয়া কোঠাটোত বিছনাকেইখন একলগ কৰা আছে৷ তাইক জগাম বুলিও নজগালোঁ, মিছাতে ভয় খাব৷ ভুলতে শুনিলোঁ যেন লাগিল৷ বাহিৰত চিপ-চিপীয়া বৰষুণো দি আছে লগতে মেঘৰ গাজনি৷ এনেয়ো ডিব্ৰুগড়ৰ বতৰ সেমেকা৷

বাগৰ সলাই শুবলৈ লৈ আকৌ পায়েল পিন্ধি কোনোবা দৌৰি যোৱা শুনিলোঁ৷ ম’বাইলটো খেপিয়াই আনি চালোঁ সময় ২ বাজিছে৷ শব্দটো লাহে লাহে কৰিডৰৰ ইটো মূৰে ষ্টেয়াৰকেছৰ ফালে নোহোৱা হৈ গ’ল৷ ভয়ত ডিঙিটো শুকাই আহিল৷ ইকাটি-সিকাটি কৰিবলৈও ভয় হ’ল, কাষতে কোনোবা ৰৈ আছে যদি…!

বৰষুণ দি থকাৰ কাৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ হোষ্টেলটো আন্ধাৰ হৈ পৰিছিল৷ বিজুলীৰ পোহৰত মন কৰিলোঁ কাষতে থকা হোষ্টেলৰ বিল্ডিঙটোও অন্ধকাৰ৷ কাঠ এডালৰ দৰে চিৎ হৈ পৰি থাকিলোঁ, কিজানি আকৌ শুনো সেই পায়েলৰ জুনুক্‌ জুনুক্ শব্দ৷ 

: পৰী বা উঠা আকৌ৷ আজি নুঠোঁ বুলি ভাবিছা নি?

ৰীতাৰ মাতত সাৰ পায়ো চকু যেন নেমেলিমেই৷ তাতে বৰষুণৰ বতৰ বুলিলে উঠিবলৈ মনেই নাযায়৷ 

:চাহৰ বে’ল দিও গ’ল৷ ৮ বাজিল৷ ভাতেই দিব৷ ক্লাছ দেৰি হ’ব তোমাৰ৷ তোমাৰ চাহ আনি থৈছিলোঁ ঠাণ্ডাই হ’ল৷ 

মোৰ একো গম গতি নেদেখি তাই গাত ধৰি জোকাৰি দিলে৷ তাই ক্লাছলৈ ওলালেই৷ অসমীয়া বিভাগৰ ছোৱালীখিনিয়ে প্ৰথম বছৰটো চাদৰ-মেখেলা পিন্ধি ক্লাছলৈ যোৱাটো পুৰণি নিয়ম৷

: ৰ’না শুব দে আৰু৷ ভাত ৰূমতে খাম। মোৰ টিফিনটো লৈ যাবি হা৷

তাইক ক’বলৈ মন নগ’ল যোৱাৰাতিৰ কথা৷ মোৰেই ভ্ৰম হ’ব চাগে৷ দেৰিও হৈছে৷ লৰালৰিকৈ গা ধুই ক্লাছলৈ যাওঁ। দিনটো ক্লাছৰ ব্যস্ততাৰ মাজতে গ’ল৷ ক্লাছ শেষ কৰা পাছতেই DUPGSU মিটিং এখনত থাকোঁতেই সন্ধ্যা নামিলেই৷ আজি পপী আৰু স্বৰ্ণালী মিটিঙত নাই৷ অকলেই হোষ্টেললৈ যাব লাগিব৷

ডাৱৰীয়া হোৱাৰ বাবে কেম্পাচটো খালী খালী হৈ আছে৷ নহ’লে এই সময়ত গোটেইকেইটা হোষ্টেলৰ ল’ৰা-ছোৱালীৰ এটা এটা দল ইউনিভাৰ্চিটিৰ সন্মুখৰ দোকানত নতুবা ৰেষ্টুৰেণ্টকেইখনৰ পৰা উভতি আহে৷ হয়তো কোনোবা আকৌ কেম্পাচৰ ভিতৰৰ ‘জ্যোতি’ আৰু ‘জঃছাগ’ কেণ্টিনত চাহৰ আড্ডা দিয়ে৷ পাৰ্কৰ বেঞ্চকেইখনো খালী৷ হোষ্টেলৰ বাটটো দেখোন আজি কিবা নিমাওমাও হৈ আছে৷ 

মালৈ ফোনটো লগাওঁ আৰু গৈ থাকোঁ, ভয়ো নালাগে৷ আজি ফোন কৰাই হোৱা নাই দৌৰাদৌৰিকৈ ৰাতিপুৱা ওলাই অহাত৷ সদায় ক্লাছলৈ আহোঁতেই মাক ফোন কৰা হয়েই৷ মা ব্যস্ত এতিয়া গোসাঁই সেৱা কৰা সময়৷ অলপমান কথা পাতি থৈ দিলোঁ৷ ৰাতিৰ কথা মনত পৰিল৷ কি বা আছিল সেয়া! হোষ্টেলৰ পথটোৰ কাষৰ ডাঙৰ গছবোৰ কিবা সাধুকথাৰ দৈত্যৰ দৰে লাগিল৷ পথটো ছাঁ-পোহৰ পৰি কিবা শিহৰিত কৰি তুলিছে৷ মনৰ ভয় চাগৈ মোৰ! খোজ খৰ কৰিলোঁ৷ ‘আইদেউ’ হোষ্টেল পাৰ হৈ শুনিলোঁ হোষ্টেলত সমজুৱা প্ৰাৰ্থনা কৰি আছে৷ ছেঃ দেৰিয়েই হৈ গ’ল৷ আমাৰ হোষ্টেল আকৌ একেবাৰে শেষৰটোহে। 

হোষ্টেলৰ গে’টৰ পৰাই দেখিলোঁ প্ৰাৰ্থনা শেষ কৰি ছোৱালীবোৰ ডাইনিং হলৰ পৰা চাহ লৈ ৰূমে ৰূমে গৈছে৷ গ্ৰাউণ্ড ফ্লৰত লাইন কৰিছে৷ দেৰিকৈ সোমালে  ৰেজিষ্টাৰত এণ্ট্ৰি  কৰিব লাগে৷ সকলোৰে হোষ্টেললৈ সোমোৱা সময় ৭ বজাৰ আগত৷ ছাত্ৰ একতা সভাৰ সদস্য হোৱাৰ বাবে মোৰ এণ্ট্ৰি কৰিব লগা নহ’ল৷ আমাৰ সময় ৮ বজালৈকে থাকে৷ ৰিমঝিমে মোৰো চাহ আনি থৈছে৷ তাই জানেই আজিকালি প্ৰায়েই মোৰ দেৰি হয়৷ ৱালমেট ৰিধিমা, গৌৰী, পম্পী আৰু ময়ূৰী ৰূমত আড্ডা দিবলৈ গোট খাইছে৷ মন নগ’ল কথা পাতিবলৈ৷ ফ্ৰেছ হৈ বেলকনিত বহিলোঁ৷  

ৰাতি এছাইনমেণ্টখিনি লিখি শেষ কৰিবই লাগিব৷ দেৰি হ’লেও কথা নাই৷ কালিৰ কথাটোও মনত অগাডেৱা কৰি থাকিল৷ হঠাতে শুনিলোঁ কোনোবা যেন কৰিডৰেদি দৌৰি গ’ল। একেই পায়েলৰ শব্দ৷ শুবলৈ লৈছিলোঁহে৷ সময় একেই কালিৰ দৰে। সাহস কৰি দুৱাৰখন খুলিলোঁ৷ ভুমুকিয়াই চালোঁ কোনোতো নাই! কৰিডৰৰ লাইটটো বেয়া হোৱা কেইদিনমান হ’ল৷ প্ৰিফেক্টক ক’লোঁ, ভাল কৰিবলৈহে ইলেক্ট্ৰচিয়ান অহাই নাই৷ বাথৰূমকেইটা আমাৰ ৰূমৰপৰা এটা ৰূমৰ কাষতে যদিও মাজখিনি আন্ধাৰ৷ ইফালে-সিফালে কাকো নেদেখিলোঁ৷ মৰসাহ কৰি আমাৰ ফ্লৰৰ বিপৰীতে থকা ৰূমবোৰৰ ফালে খৰখেদাকৈ গ’লোঁ৷ ক’তা কোনো নাই দেখোন৷ ইমান ৰাতি কোন হ’ব পাৰে! নাই, শুই থকাই ভাল৷ মোৰেই ভুল চাগৈ৷ নহ’লে বাকী ফ্লৰ দুটাত কোনোবা বাথৰূমলৈ গৈছে চাগে৷ 

কাৰোবাৰ খোজৰ শব্দ সঁচাই নে মিছাই শুনো আজি উলিয়াবই লাগিব৷ চিনেমা এখন লগাই লওঁ  লেপটপত৷ আমাৰ হোষ্টেলবোৰত ৱাই-ফাই ফ্ৰি আৰু যথেষ্ট স্পিড থাকে ৰাতি৷ হেডফোনডাল লগাই ল’লোঁ৷ কি জানো মন গ’ল “Shutter’’খনহে চাবলৈ আকৌ মাত শুনিলোঁ কোনোবাই একেই শব্দ কৰি  গৈছে৷ ওপৰ মহলাৰ শব্দ যেন নালাগিল৷ তলৰ মহলাত কোনোবা ছোৱালী চাগৈ৷ ভয় লাগিছে যদিও মই বিচাৰি উলিয়ামেই কোন৷ পটাপট মবাইলত ফ্লাছ লাইট জ্বলাই গ্ৰাউণ্ড ফ্লৰ পালোঁহি৷ মনতে ঠিৰাং কৰিলোঁ কোন উলিয়ামেই কিন্তু সকলো ৰূমৰে লাইট বন্ধ৷ কোনো সাৰে থকা নাই এইসময়ত। কোনোবা অশৰীৰীৰ উপস্থিতি নিকি এয়া? ৰূমলৈ আহি ৰীতাক জগালোঁ৷ সবিশেষ ক’লোঁ৷ তাইক কাকো নক’বলৈ ক’লোঁ৷ মিছা হ’বও পাৰে৷ হোষ্টেলত এনেও এনে অশৰীৰীৰ অজস্ৰ কাহিনী মুখে মুখে শুনিয়েই থাকোঁ৷ হোষ্টেলৰ বেলেগ কোনোবায়ো এই শব্দ শুনিছেনে নাই কাইলৈ খবৰটো ল’ব লাগিব৷ 

পুৱা সোনকালেই উঠিলোঁ৷ তেতিয়া প্ৰায় ৫ মান বাজিছে৷ তাতে কালি  টোপনিও ভাল নহ’ল৷ কথাবোৰ ভাবি ভাবি তিনিওটা ফ্ল’ৰতে এপাক খোজকাঢ়ি আহিলোঁ৷ শনিবাৰ আৰু দেওবাৰে ইউনিভাৰ্চিটি বন্ধ থাকে৷ দেওবাৰ যদিও প্ৰায়বিলাক শুই উঠিছেই৷ নিমিষাৰ ৰূমলৈকে যাওঁ৷ তাতে ছিনিয়ৰ কেইবাজনীও লগ খাই সদায়ে চাহৰ আড্ডা মৰা হয়৷ কথাটো ছেগ চাই উলিয়ালোঁ। 

: তহঁতৰ কোনে পায়েল পিন্ধ? 

: কিয়? তই পিন্ধি নাচিবিনে? ফটো মাৰি ফেচবুকত দিবি? ৰাতিপুৱাই ভৰিত চকু যে?

ৰিম্পীয়ে যিটো  সুৰত কথাটো ক’লে গোটেই কেইজনীয়ে হাঁহি ৰখাব নোৱৰা অৱস্থা হ’ল৷ কি যে এইজনী৷ ৰিম্পী ইংৰাজী বিভাগৰ ছাত্ৰী৷ ঘৰ লিডুত৷ পঢ়াৰ লগত ভীষণ চিৰিয়াছ ৰিম্পী৷ খুহুতীয়া কথা কৈ নিজে নাহাঁহে, গহীনত জমাই থাকে কিন্তু তাই ছিনিয়ৰ জুনিয়ৰ সকলোৰে প্ৰিয়৷ 

: উমম পিন্ধি নাচিম৷ Bhul Bhulaya চিনেমাত বিদ্যা বালনে নচাৰ দৰে নাচিম৷ তই তাবলা বজাবি কাঁহীখন লৈ৷ কি যে ভাবি থাক৷ 

মই যে কথাটো চিৰিয়াছলি সুধিছোঁ পলীয়ে মন কৰিলে৷ তায়েই কথাটোত আগভাগ ল’লে, 

: বাদ দে থ’ তাইৰ কথা৷ তোক কিয় লাগে পায়েল? কিবা প্ৰগ্ৰেম আছেনে কি? 

: নাই এনেই৷ ক’চোন কাৰ আছে? কথা আছে৷

মোৰ কথাত কিবা চিন্তাৰ ভাব ওলায়েই পৰিছিল যদিও নাজানো৷ মন কৰিলোঁ নিমীষাই মূৰ তল কৰি শুনি আছে৷ এইজনীৰ আকৌ কি হ’ল৷ এনেই পেক-পেকাই থাকে৷ আজি ভালকৈ একো কথাত ভাগো লোৱা নাই৷ ম’বাইলটো লৈ পিটিক-পাটাক কৰি আছে, যেন আমি কি কথা পাতি আছোঁ শুনাহে নাই৷ তাইৰ ওচৰলৈ উঠি গ’লোঁ৷ 

: ঐ নিমী, তোৰ কি হ’ল আজি? মুখত ভেকুলী সোমাল নেকি? 

: নাই৷ কিবা এটা চাইহে আছোঁ অ’৷ 

: আচ্ছা বাদ দে৷ মেইন কথাটো শুন৷ মাজৰাতি কোনে পায়েল পিন্ধি কৰিডৰত দৌৰি থাক ৰাতি কচোন?  

সিহঁতে আচৰিত হৈ ইজনীয়ে সিজনীৰ মুখলৈ চালে৷  কথাটোত আচৰিত হোৱা মুখকেইখন দেখিয়েই গম পালোঁ ইয়াৰে কোনো এজনীয়েও এই কামটো কৰা নাই৷ তেনে? মই কৈ গ’লোঁ দুদিনৰ ঘটনা৷ নিমিষাই মাত লগালে, 

: আমাৰ দেখোন কোনেও নিপিন্ধেই৷ কালি এনেকুৱা শব্দ মই আৰু জিনিয়েও শুনিছোঁ৷ আমিয়েই ভুলকৈ শুনিলোঁ যেন লাগিল৷

জিনি নিমিষাৰ ৰূমমেট। তায়ো গোলাঘাটৰে আৰু বুৰঞ্জী বিভাগৰ ছাত্ৰী৷

 

কোন হ’ব পাৰে? সিহঁতেও শুনিছোঁ বুলি কোৱাত ভয়টো কমাতকৈ বাঢ়িলহে৷ লুনায়ো কওঁ নকওঁকে ক’লে,

: এইটো হোষ্টেল বোলে আগতে বইজ হোষ্টেল আছিল৷ ল’ৰা এটাই চুইছাইড কৰিছিল কাৰণে বন্ধ আছিল৷ তাৰপাছত গাৰ্লচ হোষ্টেল কৰি পেলালে৷ ৰান্ধনি খুড়াই কৈছিল৷

তাইৰ কথাত বাকী কেইজনীৰ সেইফালেই আধ্যা পৰিল৷ তেনেতে মনিবাই মাত লগালে, 

: ৰহ, তহঁতি হুলস্থূল নকৰিবি৷ প্ৰথমে আমি উলিয়াব লাগিব কথাটো সঁচানে মিছা। তাৰপাছত দেখা যাব কি কৰা হয়৷

মনিবা আমাৰ চিনিয়ৰ মানে জুনিয়ৰখিনিৰ বাবে চুপাৰ চিনিয়ৰ৷ বা আইন বিভাগৰ শেষ বৰ্ষৰ ছাত্ৰী৷ কথাই কামে যুক্তিত চলা মানুহ। মনিবাক সকলোৱে সমীহ কৰি চলে৷ 

: এটা কাম কৰোঁ, ৰাতি সাৰ পাই থাকোঁ৷ যেতিয়াই শুনিম ৰূমৰপৰা একেলগে ওলাই আহিম৷ 

ৰিম্পীয়ে সৰু সৰুকৈ কথাকেইটা ক’লে যেন বেৰত কাণ লগাই কোনোবাই শুনিবহে তাইৰ কথা৷  

অৱশ্যে বুদ্ধিটো ঠিকেই৷ কথাতে কয় নহয় অকলে নোৱৰা কাম লগে ভাগে কৰিব পাৰি৷

: হ’ব তেনে৷ আৰু কাকো নক’বি৷ ৰাতি গম পাম কি এইটো৷ 

     

দিনটো কিদৰে গ’ল গমেই নাপালোঁ৷ কি হ’ব কি নহ’ব ভাবি আছোঁ৷ ভূতৰ ভয়ত ৰূমত থকা থাপনাতে সেৱা কৰি আছোঁ এই কেইদিন৷ থাপনা মানে আমি ৰূমৰ এচুকত টেবুল এখনত সজাই লোৱা হনুমান আৰু গণেশবাবাৰ সৰু সৰু মূৰ্তি৷ লগতে ৰূমত আগৰেপৰা থকা ডাঙৰ সৰস্বতীমাৰ ফটো এখন৷ ৰাতি ডাইনিং হলত বিশেষ কথা নাপাতিলোঁ। বাচন ধুই থাকোঁতে মনিবাই চকুৰে ইংগিত দি ৰূমলৈ মাতি থৈ গ’ল৷ ৰূমত নিজৰ নিজৰ বাচন থৈ চিধাই আহি মনিবাৰ ৰূমত সকলো হাজিৰ হ’লোঁহি৷ 

: হোঁ ল, এইকেইটা সৰিয়হ৷ ভগাই ল। কেতিয়াবা  কেনেবাকৈ ভূত-প্ৰেতৰ পৰা বাচিবলৈ হ’লে নিজক বচাব পাৰিবি বুলি আইতাই দি পঠাইছিল৷ বিছনাৰ তলতে আছিল সৰিয়হ এপেকেটমান কিন্তু কামতহে অহা নাছিল৷ এতিয়া সময় হৈছে৷ 

     

মনত সাহ বান্ধি ৰূমে ৰূমে সাৰে থাকিলোঁ৷ মানুহে ভয় খুৱাইছে নে সঁচাকৈয়ে ভূত

 

৷ সকলোৱে লাইট অফ কৰি থ’লোঁ৷ শব্দটো আমাৰ ৰূমৰফাললৈকে দৌৰি অহাৰ দৰে লাগিল৷ মই আৰু ৰীতাই জাঁপ মাৰি দুৱাৰখন খোলোঁ মানে গোটেইকেইটা ৰূমৰ দুৱাৰ খোল খালেই৷ ইফালে-সিফালে চাই নিমিষাই চিঞৰিলে, 

: কোন ঐ? কোন দৌৰি গ’লি এইমাত্ৰ। ওলাই আহ…

   

ষ্টেয়াৰকেছৰ কাষতেই থকা চাৰিজনীয়া ৰূমটোৰ পৰা গায়ত্ৰী ওলাই আহিল৷ দেখিলোঁ তায়েই পায়েল পিন্ধি আছে৷ সিহঁত চাৰিজনী এইটো ৰূমলৈ নতুনকৈ অহা বেছিদিন হোৱা নাই৷ এনেই খালী হৈয়েই আছিল এসপ্তাহ আগলৈকে৷ খালী হৈ থাকোঁতে আমাৰ মিডল ফ্ল’ৰৰ সকলোৱেই ৱাই-ফাইৰ স্পিড পাবৰ বাবে ইয়াতে বহি থাকে৷ কাৰণ সেইটো ৰূমৰ তলতেই TV ৰূম আছে আৰু তাতেই ৱাই ফাইৰ বক্স আছে৷ 

: কি হ’লনো? তোমালোকে এনেকৈ ৰূমৰ বাহিৰত ওলাই আছা যে৷ কোনো শোৱাই নাই নেকি? 

  

ইতিমধ্যেই আমাৰ গলিৰ সকলো সাৰ পাইছে হুলস্থূলত৷ সকলোৰে মুখত প্ৰশ্নবোধক৷ জুনিয়ৰ কেইজনীৰ সুধিবও ভয় হৈছে কি বা হ’ল ইমান ৰাতি৷ এইবাৰ ময়েই তাইৰ ওচৰলৈ গ’লোঁ৷

: অলপ আগতে তুমিয়েই দৌৰি গৈছিলা নিকি এইফালে? 

: অ’৷ কিয় সুধিছা এনেকৈ? 

: কিয় দৌৰি যাব লাগে৷ লাহেকৈ গ’লেও হয় ৷ ৰাতিখন তাকো পায়েল পিন্ধি দৌৰি আছা যে৷

: অহ্ I’m extremely sorry for that. Actually মোৰ ৰাতি দেৰিকৈ শোৱাৰ অভ্যাস৷ বাথৰূমটো একেবাৰে ইটো মূৰত যে যাওঁতে ঠিকেই যাওঁ কিন্তু আহোঁতে পাছফালে কোনোবা আহি থকাৰ দৰে লাগে, দৌৰি আহোঁ। ইহঁত কেইজনীও সোনকালে শুই যায়।   মাতিবলৈও বেয়া লাগে৷

    

আচল ভূতৰ ৰহস্য উদঘাটন কৰি সকলোৰে মুখৰ মাত হেৰাল৷ পিছদিনাই মই Administrative building পালোঁগৈ৷ ডীন জগত হাজৰিকা ছাৰৰ লগত হোষ্টেলৰ লাইটৰ প্ৰসংগত কথাটো আলোচনা কৰিলোঁ৷ তেখেতে তৎক্ষণাত মানুহ পঠিয়াই সকলো ঠিক কৰোৱাই দিলে৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.