ফটাঢোল

RTI ডাঙৰ নে ম’হ? মূল : সঞ্জীৱ গুপ্তা অনুবাদ : নীলাক্ষী কাকতি

ৰাতিপুৱাই ৰাতিপুৱাই লল্লনে বিহাৰৰ নিজৰ গাঁৱত তাৰ ম’হ ভূৰীৰ গাখীৰ খিৰাই আছিল৷ সেইফালে গৈ থকা মাষ্টৰজীয়ে তাক দেখি শুধিলে,

: লল্লন ভালে আছানে?

: সকলো থিকে আছে মাষ্টৰজী৷ যেতিয়ালৈ মোৰ লগত ভূৰী থাকিব তেতিয়ালৈ মই থিকেই থাকিম৷ দিনটোত দুবাৰ গাখীৰ দিয়ে ভূৰীয়ে৷ সেই গাখীৰ বেচি মই ভাল উপাৰ্জন কৰি আছোঁ৷ ৰামজীৰ এনেদৰেই কৃপা থাকিলেই হ’ল আৰু৷

মাষ্টৰজীয়ে হাঁহি হাঁহি ক’লে,

: লল্লন তোমাৰ আৰু ভূৰীৰ জোৰা বৰ ভাল লাগে দেই৷ না তোমাৰ পৰিয়াল আছে না তাইৰ! দুয়ো দুয়োৰে ভাল চোৱাচিতা কৰি থাকা৷

লল্লনে ক’লে,

: মাষ্টৰ জী মোৰ ভূৰী হয়েই ইমান সুন্দৰ৷ তাইৰ বাহিৰে মোৰ একোৱেই ভাল নালাগে৷ কজলা ৰঙৰ ভূৰীৰ দৰে ধুনীয়া গাই ওচৰৰ পাঁচখন গাঁৱত কোনজনী আছে?

মাষ্টৰজীয়ে লল্লনৰ কথা শুনি হাঁহি হাঁহি তাৰ পৰা আঁতৰি গ’ল৷

কিছুদিন পিছত,

লল্লনে গাঁৱত চিঞৰি চিঞৰি কান্দি কৈ আছিল,

: মোৰ ভূৰীক কোনোবাই লৈ গ’ল৷ কোনোবাই তাইক বিচাৰি দিয়ক৷ মইতো এতিয়া জীয়াই জীয়াই মৰি যাম৷ মোৰ এতিয়া কি হ’ব?

সকলোৱে লল্লনক সান্তনা দি ক’লে যে ভূৰী নিশ্চয় ক’ৰবালৈ ফুৰিব গৈছে, তাই আহি যাব৷ লল্লনে বহুদিন বহুঠাইত ভূৰীক বিচাৰিও কতো নাপালে৷ তেতিয়াৰপৰা সি উদাস হৈ গোটেই দিনটো বহি থাকে আৰু লাহে লাহে খোৱা-বোৱাও বাদ দিলে৷

সকলোৱে তাক পুলিচ থানাত খবৰ দিবলৈ দিলে৷ সকলোৰে পৰামৰ্শ লৈ লৈ সি স্থানীয় পুলিচথানাত ৰিপোৰ্ট লিখাবলৈ গ’ল৷

লল্লনে ইঞ্চপেক্টৰ চাহাবক ক’লে,

: মালিক মোৰ ভূৰী হেৰাই থাকিল৷ চাৰি দিন হৈ গ’ল৷ তাই বা কেনেকৈ আছে! ক’ত আছে একোৱেই গম পোৱা নাই৷ সহায় কৰক মালিক৷

: কিমান বয়স হৈছে তোৰ ভূৰীৰ?

: মালিক সাঁত বছৰ৷

: তোৰ ছোৱালীৰ কিবা ফটো আছেনে? তই কেনেকুৱা বাপেক এজনী সাঁত বছৰীয়া ছোৱালীক চম্ভালিব নোৱাৰ?

: ফটো নাই মালিক৷ ভুল হৈ গ’ল মালিক৷ আগলৈ ভালদৰে ধ্যান ৰাখিম৷

: থিক আছে হ’ব৷ এতিয়া ক তাই দেখিবলৈ কেনে?

: মোৰ ভূৰী দেখিবলৈ বৰ ধুনীয়া৷ সুন্দৰ ৰঙ, কজলা চকু, সুডোল শৰীৰ, দীঘল নেজ….

: নেজ! তোৰ ভূৰী ছোৱালী নহয় জানোৱাৰ হে মানে?

: চাহেব তেনেকৈ নক’ব৷ তাই ম’হ হ’লেও মোৰেই ছোৱালী৷

: তই পাগল নেকি? ইয়াৰ পৰা আঁতৰ হ৷ আমি ইয়াত ম’হ বিচাৰিবলৈ বহি আছোঁ নেকি? ফাল্টুতে মোৰ ইমান সময় নষ্ট কৰিলি৷

: মালিক তেনেকৈ নক’ব৷ তাইৰ অবিহনে মই মৰি যাম৷

ইঞ্চপেক্টৰে তাক এক লাথ মাৰি ক’লে,

: ইয়াৰ পৰা আঁতৰ হ নহ’লে তোক মই পাগল খানাত পঠিয়াই দিম৷

লল্লনে কান্দি কান্দি গাঁৱলৈ গুচি আহিল৷ সি গাঁৱলৈ আহি মাষ্টৰজীক সকলো কথা বিৱৰি ক’লে৷ তেওঁ লল্লনক সান্তনা দি ক’লে,

: তুমা RTI কৰিব পাৰা৷

: RTI কি বস্তু মাষ্টৰজী?

: এবিধ অস্ত্ৰ যাৰ দ্বাৰা তুমি ভূৰীৰ বিষয়ে জানিব পাৰিবা৷

মাষ্টৰজীয়ে এখন RTI আৱেদন কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠিয়াই দিলে৷

তিনিদিন পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মোহন বাবুৱে আৱেদনখন দেখি দহ টকাৰ টিকট নলগোৱা বুলি সেইখন ওভতাই পঠিয়াই দিলে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চিঠি অহা বুলি শুনি গোটেই গাঁৱত হৈ চৈ লাগিল৷ গাঁৱৰ ৰাইজ মাষ্টৰজী আৰু লল্লনৰ পিছে পিছে চিঠিখনত কি লিখা আছে জানিবলৈ ঘূৰি ফুৰিল৷ চিঠিখন পাই লল্লনে আনন্দতে শুধিলে,

: মাষ্টৰজী তাৰপৰা মোৰ ভূৰীৰ কিবা খবৰ দিছেনে?

: নাই লল্লন ভূৰীৰ একো খবৰ নাই৷ দহ টকা নলগোৱা বাবে আৱেদনখন তাৰপৰা ঘূৰাই পঠিয়াইছে৷

লল্লনে একো বুজি নাপায় শুধিলে,

: দহ টকা কিয় লাগে? ভূৰীক বিচাৰিবলৈ? ইমান কম টকাৰ বাবে সেইখন ঘূৰাই পঠিয়ালে?

এইবাৰ মাষ্টৰজীয়ে এশ টকা খৰচ কৰি বেলেগ এখন গাঁৱৰ পোষ্ট অফিচৰ পৰা দহ টকাৰ পোষ্টেল অৰ্ডাৰ লৈ আহিল৷

*

: কি হ’ল মোহন বাবু? বোনাচ ঘোষণা হ’ল নেকি?

বৰ্মাজীয়ে শুধিলে৷

: নহয় ছাৰ৷ মই RTIখন পঢ়ি হাঁহিছোঁ৷ লিখিছে “৭/৮/১৫ ত মোৰ ম’হ ভূাৰী হেৰাইছে৷ মই তাইক কেতিয়া পাম?” কওকচোন আমি এতিয়া লল্লনজীৰ ম’হজনী বিচাৰিম নে?

*

এইবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চিঠি অহাত গাঁৱত আগৰ দৰে উৎসাহ নাছিল৷ লল্লনে ভয় ভয়কৈ মাষ্টৰজীক শুধিলে,

: মাষ্টৰজী মোৰ ভূৰীৰ কিবা খবৰ আহিছেনে?

: নাই লল্লন৷ এই বিষয়টো বোলে তেওঁলোকৰ এক্তিয়াৰত নপৰে৷ এইটো বোলে ৰাজ্য চৰকাৰৰ বিষয়৷ এই কানুন অনুসৰি ম’হৰ বিষয়ে জানকাৰীহে দিব পাৰে বিচাৰি দিব নোৱাৰে৷

লল্লন হতাশাত ভাঙি পৰিল৷ তাকে দেখি মাষ্টৰজীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰৰ বিষয়ালৈ চিঠি লিখিলে৷ চাহায় চাহাবে আপীলখন পঢ়ি খঙেৰে ক’লে,

: এইদিন আহিল নেকি চৰকাৰী চাকৰিৰ? এই কাৰণে মই IAS পাচ কৰিছিলোঁ?

চাহায় চাহাবে নিজৰ PS ক মাতি লল্লনলৈ উত্তৰ লিখালে যে তেওঁৰ RTI ৰ ওপৰত তেওঁ একো উত্তৰ দিব নোৱাৰে৷ যদি তেওঁৰ উত্তৰত লল্লন সন্তুষ্ট হোৱা নাই তেন্তে লল্লন CIC ৰ ওচৰত যাব পাৰে৷

এইবাৰ মাষ্টৰজীয়ে লল্লনক দিল্লীত গৈ CIC চাহাবক লগ কৰাৰ কথা ক’লে৷ লল্লনেও কোনো উপায় নাপায় তেওঁৰ কথাতে হয়ভৰ দিলে৷ প্ৰথমতে মাষ্টৰজীয়ে CIC চাহাবলৈ এখন আপীল পঠিয়ালে৷ দুমাহলৈ কোনো উত্তৰ নাহিল৷ দুমাহ পিছত CIC অফিচৰ পৰা লগ কৰাৰ অনুমতি আহিল৷ CIC চাহাবেও লল্লনক নিৰাশাজনক মন্তব্য দিলে আৰু স্থানীয় পুলিচৰ সহযোগত ভূৰীক বিচাৰিবলৈ উপদেশ দিলে৷ লগতে এইটোও ক’লে যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে থিকেই কৈছে৷ RTI কৰিলেই বিচাৰ খোচাৰ কৰিব পৰা নাযায়৷

বহুত অনুনয় বিনয়ৰ পিছতো একো কামত নহাত লল্লনে CIC চাহাবৰ অফিচৰ পৰা ওলাই আহিল৷ মাষ্টৰজীয়ে তেওঁক বহুত সান্তনা দিলে কিন্তু একো ফল নধৰিলে৷ CIC অফিচৰ বাহিৰত মাষ্টৰজীয়ে দেখিলে বহু কেইটা নিউজ চেনেলৰ সাংবাদিকে কোনো এজন ব্যক্তিৰ সাক্ষাৎকাৰ লৈ আছে৷ তেওঁ কোন জানিব বিচৰাত গম পালে যে মানুহজন দেশৰ প্ৰখ্যাত RTI কৰ্মী ভূষণজী৷

মাষ্টৰজীয়ে কিবা প্ৰকাৰে ভূষণজীক লগ কৰি ভূৰী হেৰুওৱাৰ দিনটোৰ পৰা আৰম্ভ কৰি CIC অফিচত ঘটা প্ৰতিটো কথা বিৱৰি ক’লে৷ লল্লনৰ কান্দোনৰ মাত্ৰা বাঢ়ি গ’ল৷

ভূষণজীয়ে তেওঁলোকক সহায় কৰিম বুলি কথা দিলে আৰু দুয়োকে বুজাই বঢ়াই পঠায় দিলে৷

ঘৰ আহি ভূষণজীয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এখন RTI আৱেদন কৰিলে৷ কিন্তু এই আৱেদনখন RTI নিয়মৰ ৭(১) ৰ ভিতৰত ৰাখি পঠিয়ালে৷ যাৰ অৰ্থ হ’ল এইবাৰ চৰকাৰে ৪৮ ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব৷ তেওঁ ভূৰীৰ গাঁৱৰ নাম, মালিকৰ নাম লিখি দিয়াৰ লগতে ভূৰীৰ জীৱন মৰণৰ প্ৰশ্ন আৰু স্বাধীনতাৰ প্ৰশ্নও জড়িত হৈ আছে বুলি লিখিলে৷

আৱেদনখন পুনৰবাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মোহন বাবুৰ ওচৰ পালেগৈ৷ ভূষণজীৰ আৱেদনখন দেখিয়ে তেওঁ সচকিত হৈ উঠিল৷ কিয়নো ভূষণজীৰ বাবেই তেওঁ CIC ৰ পৰা বহুবাৰ গালি খাব লগা হৈছে৷ ভূৰীৰ বিষয়ে তেওঁৰ সকলো মনত আছিলেই৷ তেওঁৰ মনত পৰিল তেওঁ কেনেকৈ লল্লনৰ আৱেদনখনক ঠাট্টা কৰিছিল৷ তেওঁ এইবাৰ তেনে কৰিব নোৱাৰে৷

মোহনজীয়ে এইবাৰ বাৰ্মাজীৰ ওচৰ পালে৷ বাৰ্মাজীয়ে শুধিলে,

: এইবাৰ ভূষণজীয়ে কি কেলেংকাৰীৰ পিছত পৰিছে?

কিন্তু তেওঁ যেতিয়া কথাতো গম পালে তেতিয়া ক’লে,

: ইয়াৰ উত্তৰটো এইবাৰ দিবই লাগিব৷ এইখন তুমি ৰাজ্য চৰকাৰলৈ পঠিয়াই দিয়া৷ তেওঁলোকেও অলপ ভূগক৷

মোহনজীয়ে অবাক হৈ ক’লে,

: কিন্তু RTI Actটো ৰাজ্য চৰকাৰলৈ পঠিওৱা কোনো নিয়ম নাই৷ এনে কৰিব পাৰিলেতো আগতেই কৰিব পাৰিলোঁ হয়!

বৰ্মাজীয়ে খঙতে চিঞৰি ক’লে,

: তেন্তে মই কি ভূষণজীৰ লগত ফেৰ মাৰিম নেকি? এজনী ম’হৰ বাবে মই কি চাকৰি হেৰুৱাম নেকি? ৰাজ্য চৰকাৰে যদি এজনী ম’হৰ সুৰক্ষা দিব নোৱাৰে মানুহৰ কি সুৰক্ষা দিব? চুপচাপ ৰাজ্য চৰকাৰলৈ বিষয়টো ঠেলি দিয়া৷

মোহনজীয়ে বুজি পালে চাহাবৰ অৱস্থা বেয়া হৈ গৈছে৷ একপ্ৰকাৰ প্ৰথমবাৰৰ বাবে RTI ইতিহাসত আৱেদন ৰাজ্য চৰকাৰলৈ বিষয় এটা ঠেলি দিয়া হ’ল৷

বিহাৰ চেক্ৰেটেৰীয়তত এক প্ৰকাৰৰ ভূমিকম্পৰ সৃষ্টি হ’ল৷ সোনকালেই এখন কমিটি বনোৱা হ’ল৷ কমিটিত সিদ্ধান্ত লোৱা হ’ল যদি ৬ ঘণ্টাৰ ভিতৰত লল্লনৰ ভূৰীক জিলা পুলিচে বিচাৰি দিব নোৱাৰে তেন্তে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব৷

এই নিৰ্ণয়টো জিলা পুলিচৰ পৰা স্থানীয় পুলিচ থানালৈ তীব্ৰ গতিত পঠাই দিয়া হ’ল৷ তাত যেন জুইহে লাগিল৷ ইঞ্চপেক্টৰ চাহাবে কনিষ্টবল এজনক কলাৰত ধৰি ক’লে,

: তই নিজেটো মৰিবিয়েই মোকো মাৰিবি৷ সোনকালেই ম’হজনীক বিচাৰি আন, কথা একেবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় পাইছেগৈ৷ আমাৰ চাকৰিটো যাবই, দুয়ো জেল যাব লাগিব৷

কনিষ্টবল জনে শুধিলে,

: কিন্তু ইমান সোনকালে ম’হজনী ক’ত বিচাৰি পাম?

ইঞ্চপেক্টৰে ক’লে,

: ভাল চাই ম’হ এজনী বিচাৰ আৰু লল্লনক গটাই দি হস্তাক্ষৰ ল’বি ম’হজনী পালে বুলি৷ একঘণ্টাত কামখিনি শেষ কৰ৷

কনিষ্টেবলজনে লল্লনক শাও দি দি ম’হখুটিৰ পৰা ম’হ এজনী লৈ আহিলে৷ তাৰপিছত পোনে পোনে লল্লনৰ ঘৰলৈ আহি তাক দাবি-ধমকি দি এখন কাগজত তাৰ আঙুলিৰ ছাপ ল’লে৷ তাত লিখা আছিল যে স্থানীয় পুলিচে ভূৰীক বিচাৰি সকুশলে লল্লনক গটাই দিছে৷ মিনিটত ইঞ্চপেক্টৰ চাহাবে খবৰটো জিলা পুলিচলৈ পঠাই দিলে আৰু জিলা পুলিচে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত জনাই দিলে৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ভূষণজীয়ে দিয়া নিৰ্দ্ধাৰিত ৪৮ ঘণ্টাৰ আগতেই তেওঁক খবৰটো দিলে৷ লগতে লল্লনে সাক্ষৰ কৰা কাগজখনৰ ফটোকপিও দিয়া হ’ল৷ দুখীয়া লল্লনৰ বাবে ভূষণজী অতি সুখী হ’ল৷

এই সকলো ঘটনাৰ একসপ্তাহ পিছত মাষ্টৰজীয়ে লল্লনৰ ঘৰত আহি লল্লনক গাখীৰ খিৰাই থকা দেখিলে৷ গান গায় গায় স্ফূৰ্তিত থকা লল্লনক দেখি মাষ্টৰজীয়ে সন্তোষেৰে শুধিলে,

: তোমালোকৰ কি খবৰ?

তেওঁক দেখি লল্লনে দৌৰি আহি মাষ্টৰজীক খাঁটত বহিবলৈ দি এগিলাচ গাখীৰ খাবলৈ দিলে৷

: মাষ্টৰজী আপোনাৰ আৰু RTI ৰ দয়াত জীৱনটো আকৌ এবাৰ ভালদৰে চলিবলৈ আৰম্ভ কৰিছে৷ ভয়তে মই আজিকালি এইক ক’তো লৈ নাযাওঁ৷ মাষ্টৰজী মই মাত্ৰ এটা কথাই বুজি পোৱা নাই ভূৰী ইমান কিয় ক’লা পৰিলে?

মাষ্টৰজীয়ে কি উত্তৰ দিব ভাবি নাপাই মাত্ৰ ক’লে,

: কিজানি কিছুদিন ৰ’দত থকা বাবে তাই ক’লা পৰিল! তুমি কিয় মাথা মাৰিছা? তোমাকতো এইক পুলিচে বিচাৰি দিছে৷ কেৱল এতিয়া গাখীৰ খিৰোৱা আৰু স্ফূৰ্তি কৰা৷

সৰল মনৰ লল্লনে তেনেদৰেই বুজি ল’লে আৰু ক’লী ভূৰীক RTI ৰ প্ৰসাদ বুলি আনন্দিত হ’ল৷

কিন্তু কিছুদিন পিছত ওচৰৰ গাঁও এখনৰ বেলেগ কোনোবা এজনক মাষ্টৰজীয়ে RTI ৰ মহত্ত্বৰ বিষয়ে বুজাই প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ আৱেদন লিখি আছিল,

“ক’লা ৰঙৰ ম’হ এজনী হেৰাইছে আৰু তেওঁলোকে যেন যেনে তেনে ম’হজনীক বিচাৰি….৷”

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    বঢ়িয়া নীলাক্ষী।

    Reply
  • HEMANTA KAKATI

    বিৰাট বঢ়িয়া নীলাক্ষী৷ তামাম ব্যংগ এটাৰ অনুবাদ কৰিলা৷

    Reply

Leave a Reply

Your email address will not be published.