দ্যা বাৰ্ণিং চাইকেল – হেমন্ত কাকতি
লাইট-কেমেৰা_একচন!!! চিন ১:- নদীৰ ঘাটত কাষত কলহ এটা লৈ হালি-জালি নাচি-বাগি গৈ আছে হিৰোইন কাজল প্ৰিয়া৷ বেকগ্ৰাউণ্ডত বাজি আছে- “মনমা ইমো’চন জাগে ৰে মনমা ইমো’চন জাগে! মেৰা দেচী টিপিকেল চৈয়া,- পিপ’ল কী ঠণ্ডী ছায়া…নাচে তা তা থৈয়া” এইবাৰ কেমেৰাৰ এংগোল বদলি হয়! স্থান:-হিৰ’ ৰিতুপৰ্ণ বৰাৰ শোৱা-শেতেলি! প্ৰায় তিনিদিন মান নুখুৰোৱা দাঢ়ি, উখহি যোৱা চকুৰে আন্ধাৰৰ পৰা পোহৰ হ’বলৈ ধৰে ক্ৰমাৎ হিৰ’ৰ মুখাৱয়ব! বেকগ্ৰাউণ্ডত তেতিয়াও আৱহ সংগীতটো বাজি থাকে যদিও সুৰযন্ত্ৰ সলনি হয়৷ মাজে মাজে ভায়োলিনে ডি মাইনৰত নতুন ধুন এটা
Read more