আপদীয়া পদ্য-জিমণি গগৈ
(১) ফে’চবুকৰ আজৱ দুনীয়া চাবলৈ বঢ়িয়া হ’লেও পিচে “ফ্রেণ্ড”বোৰ প্ৰায়ে ওলায় ঘূণীয়া যাক দেখিবা গদগদ্ সলাই ৰূপ ফটাফট্ দোভাগ ৰাতি মেছেজ দিয়ে তুমি বহুত ধুনীয়া। (২) কোনে কাক কিমান ভালপায় গমিবলৈ গ’লে এদিন এৰাতি যায় আজি বোলে যিজন আতোলতোল কাইলৈ শুনো চকুৰ কুটা দাঁতৰ শূল ফে’চবুকত বন্ধুত্বই ঘনাই ৰং সলায়। (৩) লাইক কমেণ্ট দিয়াজনে প্ৰতিদান পায় নহ’লে কিন্তু কোনেও ঘূৰিকে নাচায় কোনো কোনোৱে বাইট দিয়ে যেন মডেল ৰ’ল দেখি শুনি বোলা যায় হৰি ব’ল হৰি ব’ল বিউটিপ্লাছে ফে’চবুকৰ ৰূপত ৰহণ
Read more