ফটাঢোল

টোপোলা-নাজিয়া হাচান

: হেৰা! ৰিটায়াৰটো ময়ো হৈছিলোঁ। কিন্তু অফিছত ফেয়াৰৱেলটোত পোৱা টোপোলাবোৰৰ বাহিৰে আন কোনো মানুহৰ পৰা আজিলৈকে মই এইদৰে টোপোলা পোৱাৰ সৌভাগ্য নহ’ল। তুমি বৰ ভাগ্যৱতীহে। মানুহে তোমাক ইমান আদৰ চেনেহ কৰে! মোক মানুহে ভালেই নাপাই বুইছা।  হুমুনিয়াহ পাৰি শ্ৰীমান মজুমদাৰে তেওঁৰ শ্ৰীমতীক ক’লে। শ্ৰীযুত ধীৰাজ মজুমদাৰ। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা তেওঁৰ পাঁচ বছৰেই হ’ল। আজি দুদিনমান আগত তেওঁৰ জীৱন সংগিনী শ্ৰীমতী মিৰা মজুমদাৰেও চৰকাৰী চাকৰিৰ পৰা অৱসৰ পাইছে। মিৰা বাইদেউৰ অৱসৰৰ খবৰ ল’বলৈ তেওঁৰ ঘৰত এইকেদিন আলহী অতিথিৰ

Read more

উমাপতি সৰ্বকৰ্তা-পংকজ কুমাৰ নেওগ

চাওঁতে চাওঁতে অৱসৰ লোৱাৰ সময় পালেহি; ভাৱ হয় মাত্ৰ সেইদিনাখনহে যেন চাকৰিত যোগদান দিছিলোঁ। এয়াই হ’ল গতিশীল সময়ৰ অগ্ৰগতি – এখন্তেকো কাৰো বাবে ৰ’বলৈ সময় নাই। মোৰ নামত থকা মাটি ডোখৰত সৰুকৈ ঘৰ এটা বনাই পেলাম বুলি ভাবি আছিলোঁ। মাটি ডোখৰ দেউতাই মোৰ নামত থৈ যোৱা, চহৰৰ পৰা কিছু আঁতৰত। ভাবিছিলোঁ অৱসৰ পোৱাৰ পিছতেই ঘৰটো বনাবলৈ আৰম্ভ কৰিম যাতে ভাড়া ঘৰত বেছিদিন থাকিব নালাগে। পিচে কথাতে কয় “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি”। মাটিৰ যাৱতীয় কাগজ-পত্ৰবোৰ লৈ ঘৰ

Read more

উপন্যাসৰ সাৰাংশ-ৰঞ্জিত কুমাৰ শৰ্মা

দুবাৰমান গিৰীয়েকে বহি থকা ড্ৰয়িং ৰূমৰ ছোফাখনৰ কাষলৈ গৈও বনলতা বৰাই একো নোকোৱাকৈয়েই পুনৰ এপাক ঘূৰি ৰান্ধনীঘৰতে সোমালে৷ ৰান্ধনীঘৰত তেতিয়া বিশেষ একো কাম নাছিল৷ নিশাৰ আহাৰ ৰন্ধা হৈ গৈছে, খাবলৈহে বাকী৷ বাচন দুই-এপদ থান-থিত লগাই তেওঁ পুনৰ ড্ৰয়িং ৰূমলৈকে আহিলে৷ পাইচাৰী কৰাৰ দৰে গিৰীয়েকে বহি থকা ছোফাখনৰ আশে-পাশে খোজ পেলাই বৰানীয়ে পতিদেৱতাক মাতিবলৈ মুখখন মেলিবলৈ খুজিও ৰৈ গ’ল৷ পতিদেৱ সদানন্দ বৰা তেতিয়াও খবৰ কাগজখন মেলি লৈ তাত মূৰটো গুঁজিয়েই আছে৷ বৰানীৰ ধৈৰ্যৰ বান্ধ ছিগাৰ উপক্ৰম হ’ল৷  মতাবোৰে খবৰ কাগজখনতনো কি

Read more

মহানন্দ বাপ-পূৰৱী কাকতী

চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছৰ পৰাই তেওঁৰ জীৱনত হঠাতে হোৱা সাংঘাতিক পট্ পৰিৱৰ্তনত নিজেই আচৰিত হৈ পৰে মহানন্দ কলিতাই। কিমান দিননো হৈছে অৱসৰ লোৱা! আঙুলিৰ মূৰত লেখিব পৰাকৈ গোটে গোটে তিনিটা মাহ হৈছেহে..! অৱসৰৰ পিছৰ জীৱনটো সুখকৰ হোৱাৰ বাবে আশীৰ্বাদ এটা ল’বলৈকে পিছদিনাই কোট-টাই এৰি প্ৰথমবাৰৰ বাবে ধূতি-কুৰ্তা পিন্ধি পত্নীৰ একান্ত অনুৰোধত তেওঁৰ সৈতে স্থানীয় নামঘৰটোৰ পৰা গৈ আহিল। এনেই কেতিয়াবা ক্ষন্তেকৰ বাবে ঘৰুৱা কিবা ধৰ্মীয় অনুষ্ঠানত ধূতি-কুৰ্তা পিন্ধাটো বাদ দি, সম্পূৰ্ণ সময় হাতত লৈ সেয়া প্ৰথমবাৰৰ বাবে মহানন্দ কলিতাই

Read more

কোন সেই ৰূপৱতী-দিগন্ত কুমাৰ ভট্টাচাৰ্য

দুবছৰৰ আগৰ সময়, লকডাউনৰ সময়। কি যে এক কঠিন সময় আছিল সেয়া। প্ৰথম দুমাহ ঘৰতে থাকি এনে লাগিছিল সময়বোৰ যেন নাযায় হে নাযায়। ফলস্বৰূপে ফ্ৰী সময় বহুত হৈছিল মানুহৰ হাতত। আগতে কেতিয়াও কৰি নোপোৱা কাম কিছুমানো কৰিবলৈ চেষ্টা কৰিছিল মানুহে। যেনেকৈ মই নিজে ফণি-কেঁচী লৈ নিজৰ চুলি কাটিবলৈ চেষ্টা কৰিছিলোঁ। কোনোবাফালে কমকৈ কটা গৈছিল, কোনোবাফালে ঠৰঙাকৈ ৰৈ গৈছিল – কিহৰ টেনছন? বাহিৰলৈ ওলোৱাৰ সুযোগে বা পাইছিলোঁ কিমান? সুযোগ পালেও মুখত মাস্ক, মূৰত টুপী – কোনেনো চিনি পাব? সেয়ে বিন্দাছ হৈ

Read more

ভাইৰেল- কাহিনী মে টুইষ্ট -ৰিমঝিম বৰঠাকুৰ

: আৰে বাবা সঁচা কথা ক’লে মই তোমাক কিবা কৰিম নেকি হা? অলপ মৰম, অলপ খং মিহলি সুৰেৰে অংকুৰে লতাৰ গাল দুখনত তাৰ হাত দুখনৰে টেপা মাৰি ধৰি সুধিলে। : কিবা থাকিলেহে মই তোমাক ক’ম একে ভাঁজতে থাকি লতায়ো তাৰ প্ৰশ্নৰ উত্তৰটো দিলে। লতাৰ মুখলৈ একেৰাহে চাই থকা অংকুৰৰ মুখখন এইবাৰ খঙতে ৰঙা পৰি আহিল। চকুকেইটাও ৰঙা পৰি চলচলীয়া হৈ আহিছে। সেয়া দুখ নে খং লতাই ধৰিব নোৱাৰিলে। তাৰ চকুকেইটালৈ চাই উচুপি থকা লতা হঠাৎ ওলোৱা চিঞৰত এইবাৰ হাউ হাউকৈ

Read more

ভাৱৰীয়া শইকীয়াৰ কাহিনী-জয়ন্ত প্ৰীতম 

সেয়া আছিল আমাৰ শইকীয়াৰ শৈশৱকালৰ কথা। হয়তো তেতিয়া শইকীয়াৰ বয়স ১০-১১ বছৰ। শইকীয়াৰ ঘৰ তেজপুৰৰ এখন গাঁৱত।  গাঁৱত ঘৰ হোৱা হেতুকে বছৰত দুই এখন ভাওনা চাবলৈ পোৱাৰ লগতে কেতিয়াবা ভাগ্য ভাল থাকিলে সৰু-সুৰা ভাও এটাও শইকীয়াৰ ভাগ্যত পৰে। সেইবছৰ শইকীয়াহঁতৰ গাঁৱত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ ভাওনাখন মঞ্চস্থ কৰা হৈছিল আৰু শইকীয়াৰ ভাগত দ্ৰুমসেনা নামৰ ভাও এটা পৰিল। দ্ৰুমসেনা আছিল দুশাসনৰ পুতেক আৰু মহাভাৰতত যুধিষ্ঠিৰৰ সৈতে যুদ্ধ কৰি দ্ৰুমসেনাৰ মৃত্যু হৈছিল। ভাওনাত ভাও লাভ কৰি শইকীয়াক আৰু কোনে পায়। শইকীয়া ভাওটো লৈ

Read more

লটাৰী টিকট-নীলাক্ষি কাকতি

: কে–ৰে–ৰে-চ বিকট শব্দ এটা কৰি বৰুৱাৰ পুৰণা স্কুটাৰখন গেটতে ৰৈ গ’ল৷ পিছৰ চিটত বহি বজাৰলৈ ওলোৱা বৰুৱানীয়ে প্ৰচণ্ড বিৰক্তিৰে মুখেৰে ভোৰভোৰাবলৈ আৰম্ভ কৰিলে৷ বৰুৱাই ৰাস্তাৰ কাষলৈ স্কুটাৰখন নি কিবাকৈ সেইখন ষ্টাৰ্ট কৰিব পাৰে নেকি চেষ্টা কৰিলে৷ : মই জানোৱেই৷ আহিবই নালাগিছিল মই আপোনাৰ লগত৷ ক’ৰবাত ওলালে সদায় একেখনেই নাটক৷ কি যে কুক্ষণত মই আপোনাৰ লগত বিয়া হৈছিলোঁ! : হেৰা৷ মই কি জানিবুজি এইখন বেয়া কৰিছোঁ নেকি? একেখন নাটক আৰু কিমান বজাই থাকা? এই ঘৰৰ আগতো তুমি মোক কথা শুনাবলৈ

Read more

বৰ বাবুৰ বুদ্ধি-প্ৰান্তৰ ভাগৱতী

যোৱাটো শতিকাৰ সত্তৰ দশক মানৰ কথা। সত্তৰ আশীৰ দশকলৈকে চাহবাগিচা বিলাকত যিবোৰৰ মালিক বৃটিছ সকল আছিল, সেই বাগানবোৰত মেনেজাৰ হিচাপে একোজন বৃটিছ চাহাব আছিল।‌সাধাৰণতে ডেকা বিয়া নকৰোৱা বৃটিছ চাহাবসকলহে তেতিয়াৰ অসমৰদৰে  দুৰ্গম ঠাইত মেনেজাৰ হিচাপে কাম কৰিবলৈ আহিছিল। আহি প্ৰথম প্ৰথম তেওঁলোকৰ ভাষাক লৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। না তেওঁলোকে সোনকালে হিন্দী বা অসমীয়া ভাষা শিকিবলৈ পাৰিছিল না তেওঁলোকে কোৱা বৃটিছ কায়দাৰ ইংৰাজী ভাষা বাগানৰ বনুৱা, লগুৱা আদিয়ে বুজি পাইছিল। সাধাৰণতে বাগানবোৰত বৰ বাবুৰ দায়িত্ব  কলিকতাৰ বেংগলী ‌শিক্ষিত চালাক ব্যক্তি

Read more

প্ৰেম নিবেদন-অৰবিন্দ গোস্বামী

: দাদা,আপোনাৰ লগত কথা এটা আছিল। : কোৱা। :দাদা মোক প্ৰেমপত্ৰ এখন লিখি দিব লাগে। : পিচে প্ৰেমপত্ৰখন কাক দিবা? : ময়ুৰীক। স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ দেৱজিতে সঞ্জীৱলৈ ঘোপাকৈ চালে। চকুত ক্ৰোধাগ্নি স্পষ্ট। মহাদেৱৰ দৰে তিনি নম্বৰ চকুটো থকা হ’লে সেইটো মেলি দি সঞ্জীৱক কামদেৱৰ দৰে ভষ্ম কৰি পেলালেহেঁতেন। কিন্তু পেছাদাৰী কামত আৱেগৰ স্থান নাই। পেছাদাৰী প্ৰেমপত্ৰ লেখক দেৱজিতৰ মনৰ ৰাণী ময়ুৰী আৰু সেই ময়ুৰীকে ই বেটাই প্ৰেম নিবেদন কৰিবৰ বাবে প্ৰেমপত্ৰ লিখাবলৈ আহিছে। : কি কৰা যায় ইয়াক! দেৱজিতে

Read more
1 2 3 76