বতাহ-বিনীতা বৰশইকীয়া ( তাবিনী য়াচেং )
খৰধৰকৈ বাছখনৰ বাওঁফালৰ চিট এটা দখল কৰিলোঁ । পুৱাৰ ভাগত সোঁফালৰ চিটবোৰত বহাৰ কথা ভাবিবই নোৱাৰি । জুইৰ ওপৰত বহি থকাৰ দৰেহে লাগে। বাওঁফালৰ চিট এটা দখল কৰিবলৈকে ঘৰৰপৰা সদায় পোন্ধৰ মিনিট আগতেই ওলাওঁ । অৱশ্যে আৰু তিনিমাহৰ পিছত সোঁফালৰ চিটবোৰৰ ডিমাণ্ড বাঢ়ি যাব যিহেতু শীত অহাৰ যো-জা চলি আছে । চিটটো দখললৈ আনি পকেটৰ পৰা দূৰভাষ যন্ত্রবিধ উলিয়াই ল’লোঁ।হেডফোনটো কাণত লগাই গুলাম আলিৰ গজল লগাই গভীৰ প্ৰশান্তিত দুচকু মুদি দিলোঁ। পুৱাৰ এছাটি মৃদু বতাহে দেহ-মন চুই গ’ল।বাছখন গন্তব্যস্থানলৈ এৰিবলৈ
Read more