ফটাঢোল

কবিতাৰ টিউচন-হিমাংশু ৰাজখোৱা

আচৰিত টিউচন এটা কৰাৰ প্ৰস্তাৱ পাইছে পদ্মলোচন ভৰদ্বাজে। তাৰ পিছৰপৰাই আচলতে তাৰ মূৰটো গৰম হৈ আছে। চহৰখনৰ এজন প্ৰতিপত্তিশালী লোকৰ কন্যা বাগ্মীতা নামৰ ছোৱালী এজনীক ‘কবিতা’ লিখিবলৈ শিকাব লাগে। যোৱা সংখ্যাৰ ‘ক্ৰান্তি’ নামৰ আলোচনীখনত ছপা হোৱা পদ্মলোচনৰ এটা কবিতা হেনো খুব পছন্দ হৈছে এই ধনীৰ দুলালীৰ। সপ্তাহত এদিনকৈ মাহত চাৰি দিনৰ এই টিউচনৰ বাবে পদ্মক আগবঢ়োৱা হৈছে এটা মোটা অংকৰ মাননি। যিটো মাননি উপেক্ষা কৰিবলৈ পদ্মৰ আচলতে কষ্ট হৈছে। অৱশ্যে, তাৰ পাছতো সি ঠিক কৰিছে যে, সি টিউচনটো নকৰে। প্ৰথমদিনা

Read more

যা দেৱী সৰ্ব ভূতেষু- জিতু শৰ্মা

যা দেবী সৰ্ব ভুতেষু  (১) –হেল’ লুকু, কি কৰিছ? বহু দিন ফোন চোন কৰা নাই যে?  বিষ্ণুৰ ভালনে? –উঃ মাআআ, একেবাৰতে ইমানবোৰ খবৰ একেলগে  সুধিলে কেনেকৈ কওঁ বাৰু? মোৰ ভালেই, চিৰিয়েল এখন চাই আছিলোঁ। বিষ্ণুৱে এই ব্ৰহ্মাৰ লগত কিবা ফোনত আলোচনা কৰি আছে। তোমাৰ কোৱা। — মোৰো ভালেই, হেৰি নহয়,আমাৰ যাবৰ হলেই নহয়! –ক’লৈ মা? — উৱাআ কি পাহৰিলি নেকি?  পূজা পালেহিয়েইচোন, মৰতলৈ আক’। বছৰত এই চাৰিটা দিন হে পাওঁ। তাকো যোৱা দুবছৰ যোৱা নহ’লেই, এইবাৰ সুবিধাটো দিছে যেতিয়া নগ’লে

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

যিয়ে নহওক সিহঁত দুজনে যিখিনি পঢ়ি শুনালে, তাকে শুনিহে মোৰ মূৰ গৰম হ’ল। সিহঁতে লিখিছে এনেকুৱা বাক্য-  “কোনো ভয় নকৰিবা পুত্ৰ, ঈশ্বৰে তোমাক চকু মেলি চাব। মোৰ ভক্তজনৰ পৰা তাবিজ এটা ল’বা। সকলো ঠিক হৈ যাব। তোমাৰ পূজাৰ দ্ৰব্যত চুৱা লাগিছে, কুকুৰে শুঙিছে, সেইকাৰণে অপায় অমঙ্গল গুচাই নাই ঘৰখনত। মই ভগৱান শিৱ আহিছোঁ তোমালোকক জ্ঞান দিয়াৰ বাবে। হে মনুষ্যসকল, সাৱধান হোৱা, লোভ নকৰিবা, শান্তিৰে চলি থাকা। বছৰত এবাৰ হ’লেও মোৰ পূজা কৰিবা। তোমাৰ যিমান সামৰ্থ্য তাৰেই পূজা দিবা মই সন্তুষ্ট।

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি 

সভা এখন অনুষ্ঠিত কৰি ভক্তসকলক বুজালোঁ‌ প্ৰতিটো যুগতে মহাপুৰুষৰ আবিৰ্ভাৱ হয় আৰু তেওঁলোকক এচাম মানুহে এনেদৰে হাৰাশাস্তি কৰে। যীশুখ্ৰীষ্টৰ কথাকে নোচোৱা কিয়, তেওঁক দেখোন শেষত মাৰিয়ে পেলাল। আমাৰ মহাপুৰুষজনাৰ জীৱনলৈকে নোচোৱা কিয়? কিমান জ্বালা-যন্ত্ৰণাৰ মাজত দিন কটাবলগীয়া হৈছিল। ৰজাৰ সৈন্য বাহিনীয়ে তেওঁক পিছে পিছে খেদি ফুৰিছিল। জীৱনটো হাতৰ মুঠিত লৈ ইফালৰ পৰা সিফাললৈ পলাই ফুৰিছিল। মোৰ ক্ষেত্ৰতো যে এনেকুৱা ঘটনা নঘটিব তাৰ কি মানে আছে। ওহো নাই। ভক্তসকলে মোৰ কথা শুনি জয়ধ্বনি দিলে, “গুৰু দেৱ কি জয়।”সিহঁতৰ এই মৰম চেনেহত

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি 

এদিন ৰাতিপুৱা, পূজা সেৱা কৰি গুৰু আসনত বহিছোঁ মাত্ৰ। এনেতে আহিল নহয় পুলিচ চাৰিজন আৰু অফিচাৰ এজন। মই বোলো পুত্ৰসকল আসন গ্ৰহণ কৰা আৰু আশ্ৰমত পদধূলি দিয়াৰ কাৰণ ব্যাখ্যা কৰা। পিছে তেওঁলোকে আসন গ্ৰহণ কৰিবলৈ অহা নাই, মোক থানালৈ নিবলৈ আহিছে। মই হেনো কোনোবা এজন ব্যক্তিক চিনাক্ত কৰিব লাগে। মই বোলো আমাৰ নিচিনা সাধু সন্ত মহাপুৰুষক কিয় এইবোৰ কামত লেটিয়াব লাগে? পিছে তেওঁলোক শেনৰ এজাত, মই থানালৈ যাবই লাগিব হেনো।  উপায় নাপাই গ’লোঁ। গৈ দেখিলোঁ তাতে আমাৰ  দামোদৰ বাপুক আগৰে

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

: হয়, পুত্ৰ তেনেকুৱা এজন ল’ৰা আহিছিল। নিশাটিৰ বাবে আশ্ৰয় বিচাৰিছিল, আমি আশ্ৰয় দিছিলোঁ‌, ৰাতিপুৱা গুচি গৈছে, ক’লৈ গৈছে আমাক একো জনো‌ৱা নাই। হ’ব পুত্ৰ ল’ৰাজনৰ যদি কিবা আপত্তিজনক কথা আছে তেন্তে ভৱিষ্যতে আৰু আমাৰ আশ্ৰমত থাকিবলৈ নিদিও।  অ’চি চাহাবে আৰু দুই এটা কথা সুধি বিদায় ল’লে। মোক যদিও তেওঁ চিনি পোৱা নাই মই তেওঁক চিনি পাইছোঁ‌। পকেটমাৰৰ অপৰাধত ধৰা পৰোঁ‌তে চকুৰে আটাইবোৰ ফুলকে দেখুৱাইছিল। তাৰ ওপৰত ল’বলৈ থকা ব্যৱস্থাৰ কথা মই অলপো পাহৰি যোৱা নাই, পিছে কি ব্যৱস্থা ল’ম

Read more

ৰুদ্ৰমা দেৱী-অভিজিত কলিতা

(প্ৰথম খণ্ড) “নমস্কাৰ। মোৰ নাম ৰুদ্ৰমা দেৱী, মোৰ বয়স ৪০০ বছৰ…………..” কি হ’ল? ইমান অদ্ভূতকৈ চালে যে? আপুনি ভাবিছে নিশ্চয় মই ধেমালি কৰিছোঁ। এনেই আপোনাক ভয় খুৱাবলৈ চেষ্টা কৰিছোঁ। জানো আপুনি তেনেকৈয়ে ভাবিব। আপোনাৰ ভবাৰ ওপৰত মোৰনো কি নিয়ন্ত্ৰণ আছে? আৰু যোৱা ৩৬০ বছৰত আপোনাৰ দৰে মানুহ বহুত দেখিলোঁ, লগ পালোঁ। অভিজ্ঞতাৰ পৰাই আপোনাৰ এই চাৱনিটোৰ অৰ্থ বুজি পাওঁ মই। কিন্তু মই আপোনাক দোষ নিদিওঁ। আপুনি মোৰ কথা বিশ্বাস কৰিবলৈ অসুবিধা পাবই। ৪০০ বছৰ বয়সৰ কথাটো বাদেই দিয়ক, আপুনি ৰুদ্ৰমাৰ

Read more

সোণাৰুৰ হালধীয়া হাঁহি (নৱম খণ্ড)- মৃদুল নাথ

: ভাত হ’বলৈ আৰু আধা ঘণ্টামান লাগিব৷  ডাইনিং হলটোৰ ভিতৰৰপৰা ওলাই আহি এজনে ক’লে৷ অবিনাশে মনতে অংক এটা কৰিলে, আধা ঘণ্টা পিছত ডাইনিং হলটোত অচিনাকি মুখ কিছুমানৰ লগত একেলগে বহি ভাতসাঁজ খাবলৈ বৰ এটা ভাল নালাগিব৷ পদুম লগত থকা হ’লে কথাটো বেলেগ আছিল৷ তাতকৈ বাহিৰত হোটেল এখনত শান্তিৰে খাবলৈ সি বেছি ভাল পাব৷ গুৱাহাটীলৈ আহি অবিনাশে দেখিছিল মহানগৰীবোৰ নিদ্ৰাহীনতাত ভোগা একো একোজন টোপনি নহা ৰজাৰ দৰে৷ তাৰ নিজৰ গাঁওখনলৈ ফুট গধূলিতে নীৰৱতা নামি আহে৷ গোবাটৰপৰা গৰুবোৰ উভতি আহোঁতে ডিঙিত বান্ধি

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি

এদিন সন্ধিয়া পৰত আশ্ৰমত চাকি-বন্তি জ্বলাই বহি ভাবি আছোঁ। বহুদিন একো পৰিৱৰ্তন হোৱা নাই, সদায় একেটা জীৱন, আশ্ৰমত চাকি জ্বলোৱা, পূজা কৰা , আনক উপদেশ দিয়া, সেৱা গ্ৰহণ কৰা, পানী জৰা, তেল জৰা, মাদুলী দিয়া, কবচ দিয়া এইবোৰ কৰি কৰি মহা বিৰক্তি লাগিছে। যশ, খ্যাতি আদিৰ প্ৰতিও কেতিয়াবা হেঁপাহ নোহোৱা হয়। মানুহৰ বিৰক্তি বোলা বস্তুটো ইমানেই প্ৰবল৷ বিৰক্তিৰ আন এটা কাৰণ আছিল, কিছুমান আশ্ৰমৰ তুলনাত মইচোন একোৱেই কৰিব পৰা নাই৷ বহুতে আশ্ৰম পাতি কৌটি কৌটি টকাৰ মালিক হৈছে৷ তেওঁৰ বহা

Read more

সোণাৰুৰ হালধীয়া হাঁহি (অষ্টম খণ্ড)-মৃদুল নাথ

কেবিনটোৰপৰা অলপ আঁতৰতে নাৰ্ছিং ষ্টেচনটো, নাৰ্চ দুগৰাকীয়ে নিজৰ মাজতে কথা পাতি আছিল, পদুমক আগবাঢ়ি যোৱা দেখি দুয়ো কথা বন্ধ কৰি পদুমলৈ চালে। পদুমে নিজৰ চিনাকিটো দি ৰোগীৰ বিষয়ে জানিবলৈ বিচাৰিলে। অবিনাশ অলপ আঁতৰত ৰ’ল।  নাৰ্চ দুজনীৰ লগত কিছু কথা পাতি পদুম অবিনাশৰ কাষলৈ ঘূৰি আহিল। অবিনাশে আশাৰে পদুমৰ মুখলৈ চালে। : অৱস্থা বৰ এটা ভাল নহয় অবিনাশ। মাল্টিপুল অৰ্গেনত ইনফেকশ্যন, তাতে মেডিচিনে বৰ শ্ল’ ৰেচপণ্ড কৰিছে।  : এনি প্ৰ’গ্ৰেছ? : বিশেষ নাই, স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলিহে ভয় আছে। আই

Read more
1 2 3 8