ফটাঢোল

মূল: বুদ্ধিমতীৰ সাধু, লেখক: বি ৰামা ৰাজু, অনুবাদ-কুমকুম দেৱী শৰ্মাবৰুৱা

বুদ্ধিমতী নামৰ এগৰাকী ব্ৰাহ্মণ মহিলা গৃহস্থ আৰু সন্তান দুটাৰ সৈতে এখন ডাঠ হাবিৰ মাজেদি গৰু গাড়ী এখনত ফুৰিবলৈ গৈছিল। তাই বৰ বুদ্ধিয়ক আছিল কাৰণেই তাইৰ নামটো বুদ্ধিমতী দিছিল। এইদৰে গৈ থাকোঁতে হঠাতে হাবিৰ মাজত গৰুকেইটাই বৰ ভয় খালে আৰু গাড়ীখন এৰি থৈ বেলেগ ফালে উৰ্দ্ধশ্বাসে দৌৰিবলৈ ধৰিলে। গৃহস্থ ব্ৰাহ্মণজন আৰু গৰুগাড়ীৰ দাৰোৱানজন গৰুকেইটা ধৰি আনিবলৈ গৰুৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। বুদ্ধিমতীয়ে সন্তান দুটাক লৈ এজোপা গছৰ তলত বহিলগৈ স্বামী ঘূৰি অহালৈ বাট চাই থাকি। এটা বাঘে তেওঁলোকক ওচৰৰ জোপোহা এটাৰ

Read more

মূল গল্প: লক্ষ্যস্থানক ৰক্ষা কৰা,গল্পকাৰ: শৰদ যোশী, ভাবানুবাদ-মুনমুন সৰকাৰ

কাছ আৰু শহাপহুৰ কাহিনী আমি সকলোৱেই জানো। এই কাহিনী অলপ বেলেগ। কাছই  সংসদ, ৰাজনৈতিক মঞ্চ আৰু প্ৰেছ বিজ্ঞপ্তিত দিয়া ভাষণ তথা ভাষ্য শুনি শহাপহুয়ে তাক প্ৰত্যাহ্বান জনালে, “যদি ইমানেই আগবাঢ়িবলৈ মন তেন্তে মোতকৈ আগতেই গৈ লক্ষ্যত উপনীত হোৱা।” সিহঁতৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হ’ল। শহাপহু দৌৰিবলৈ ধৰিলে আৰু কাছই ধীৰ গতিত আগবাঢ়িল। সকলোৱে জনামতে অলপ দূৰ গৈ শহাপহুৱে গছ এজোপাৰ তলত বিশ্ৰাম কৰিবলৈ ল’লে। সি সাংবাদিক সকলোকে ক’লে যে ৰাষ্ট্ৰীয় সমস্যাবোৰক লৈ গভীৰ চিন্তনহে কৰি আছে, বিশ্ৰাম লোৱা নাই কাৰণ সোনকালেই

Read more

মূল গল্প:  ক্ৰমশঃ প্ৰগতি,গল্পকাৰ: শৰদ যোশী,ভাবানুবাদ-মুনমুন সৰকাৰ

পাঁচটা পোৱালিৰ সৈতে শহাপহু এহাল আছিল। এদিন কুকুৰনেচিয়া বাঘ এটা জীপ গাড়ীৰে আহিল আৰু ক’লে, “তোমালোক সমাজৰ অসামাজিক তত্ত্ব নাজানা নেকি? চৰকাৰে তিনিটাকৈ সন্তানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।” ……আৰু দুটা পোৱালি লগত লৈ গুচি গ’ল। কিছুদিনৰ পিছত কুকুৰনেছীয়া বাঘটো পুনৰ আহি ওলালহি আৰু নিয়ম সলনি হ’ল বুলি কৈ আকৌ এটা পোৱালি লৈ গ’ল। শহাপহুহালে ভাবিলে যি হ’ল, হ’ল। এতিয়া অন্ততঃ আমি অলপ শান্তিৰে থাকিব পাৰিম। কিন্তু ঠিক সেই সময়তেই জংঘলত জৰুৰীকালীন অৱস্থা জাৰি কৰা হ’ল। কেইদিনমানৰ মূৰত বাঘে শহাপহুহালক থানালৈ

Read more

পিয়াঁজ আন্দোলন আৰু এন্দূৰ,মূল:বাসু মুখোপাধ্যায়,ভাবানুবাদ – অঞ্জু মহন্ত

পত্নী শোকত শিল হৈ গৈছে। মোৰ অৱস্থাও প্ৰায় একেই। ঘটনাটো হ’ল, ৰাতিপুৱা পত্নীয়ে ক’লে,”তুমি এবাৰ বজাৰলৈ যোৱাচোন, তিনিকেজিমান পিয়াঁজ কিনি আনা। পিয়াঁজৰ দাম বাঢ়ি গৈ আছে, সেয়ে ঘৰত অলপ বেচিকৈ পিয়াঁজ আনি থোৱাটো ভাল হ’ব। এতিয়া সঁচাকৈয়ে ক’বলৈ গ’লে,পিয়াঁজ কটাৰ সময়তকৈয়ো কিনাৰ সময়তহে চকুৰ পানী বেচিকৈ ওলায়। ইমান দাম! কালি আলু, আদা কিনি আনিছোঁ। আজি আকৌ বজাৰলৈ যাব লগা হ’ল, পিয়াঁজ আৰু আন কিবাকিবি পাচলি আনিবলৈ। বজাৰ কৰা ডাঙৰ বেগখন লৈ বজাৰলৈ বুলি ওলাই গ’লোঁ।  বজাৰৰ পিয়াঁজ বেপাৰীজনক ক’লোঁ,”হেৰা, পিয়াঁজ

Read more

মূল কবিতা-বাবা,কবি:সুনীল গঙ্গোপাধ্যায়,অসমীয়া ভাঙনি-মুনমুন সৰকাৰ 

দেউতাই ক’লে আন্ধাৰত অলপ দেৰি ৰৈ থাকা মোলৈ আৰু তাৰপিছত  মাটিৰ তলৰ সুৰঙ্গ এটায়েদি খুব ধীৰ গতিত নামি গ’ল। আকাশত দিকভ্ৰষ্ট হৈ ত্বৰিত গতিত পাৰ হৈ গ’ল এটি উল্কা বন্দৰত এখনো জাহাজ নাই, বাটবোৰ কঁপি উঠিছে ঘনাই কি যে হ’ল বুজি উঠোঁতেই পাৰ হৈ গ’ল আৰু উনৈছ টা বছৰ তাৰ মাজতেই জীৱনটোত আগবাঢ়িবলৈ কিমান খৰখেদা, কিমান স্বাৰ্থলোভী, প্ৰবঞ্চকৰ সৈতে উঠা-বহা দেউতা, দেউতা! বুটামৰ আকৃতিৰ গুটি গুটি মাছৰুম, বৰ মন যায় দেউতাক খুৱাবলৈ আৰু ৰুমালি ৰুটি অন্ততঃ এবাৰ খুৱাবলৈ মন যায়

Read more

লংকালৈ যোৱা সেই প্ৰথম দলঙখন (মুল- হৰিশংকৰ পৰচাই) – ভাবানুবাদঃ ৰিণ্টুমনি দত্ত

গড়কাপ্তানী বিভাগৰ উচ্চপদষ্ঠ বিষয়া বাবুৰামে হঠাতে চাকৰিৰ পৰা অব্যাহতি লোৱাত মফচলীয় চহৰখনত যথেষ্ট বুবু-বাবাৰ সৃষ্টি হ’ল। সৰু চহৰখনৰ সকলোৰে মুখে মুখে কেৱল বাবুৰামৰ এই আকস্মিক সিদ্ধান্তটোৰ বিষয়ে আলোচনা। কাৰোবাৰ মতে বাবুৰামে এক বৃহৎ পৰিমাণৰ উৎকোচ লৈ ধৰা পৰাৰ ভয়ত হঠাৎ চাকৰিৰ পৰা অব্যাহতি ল’লে, কাৰোবাৰ মতে বাবুৰামে শহুৰেকৰ ঘৰৰ ফালৰ পৰা এক বিশাল ধনৰাশি উপহাৰ হিচাপে পালে আৰু সেই ধনেৰে বাবুৰামে নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ মনষ্ঠ কৰিছে। পিছে বিভিন্নজনৰ প্ৰশ্নৰ বাবুৰামৰ ওচৰত এটাই উত্তৰ আছিল – তেওঁ ভগৱান শ্ৰীৰামৰ সেৱাত

Read more

উন্মাদনাৰ ফালে,মূল: বীৰেন্দ্ৰ জৈন ,অনুবাদ-দিম্পল কলিতা 

হে আত্মহত্যা কৰিবলগীয়াসকল!আত্মহত্যা নকৰিব, কাৰণ ইয়াৰ ফলাফল দেখা সম্ভৱ নহয়। এনে অন্ধ কাম ঠিক নহয়। এই প্ৰচেষ্টাত অৱশ্যে বেছিভাগ সাহসীয়েই বিফল হয়, যিসকলে পিছলৈ দেখিছে যে বিফলতাই মানুহক সদায় উপহাসৰ পাত্ৰ কৰি তোলে।আত্মহত্যাত ব্যৰ্থ হোৱাৰ পিছত যি অসুবিধা হয় সেয়া দেখি যেন আত্মহত্যা কৰা উচিত।এই বিফলতাই পূৰ্বৰ ব্যৰ্থ প্ৰচেষ্টাৰ পটভূমিতকৈ অধিক পতিয়নযোগ্য কাৰণ দিয়ে। বাইদেউ, ময়ো আইনী বিশেষজ্ঞৰ দৰে কোৱা নাই যে এয়া অপৰাধ আৰু পবিত্ৰ তথা মহান দেশৰ মহান নাগৰিকে অপৰাধ সংঘটিত কৰিব নালাগে, নতুবা এজন প্ৰচাৰকৰ দৰে এই

Read more

মূল:ফুচকা কাহিনী,লিখক-মানৱ মণ্ডল:ভাবানুবাদ-অঞ্জু মহন্ত

মণ্ডল পাৰাৰ মানৱ বাবু। তেওঁ প্ৰতিটো কথাতে ফুচকাৰ প্ৰসঙ্গ টানি আনে। যেনেকৈ সেইদিনা বটৰ তলত এজনী মহান লেখিকাৰ কবিতাৰ চৰ্চা হৈছিল আৰু মানৱ বাবুৱে কবিতাৰ প্ৰসঙ্গটো ঘূৰাই পকাই আকৌ ফুচকাৰ প্ৰসঙ্গ লৈ আহিল। মই এদিন তেওঁক অকলে লগ পাই সুধিলোঁ, : আচ্ছা মানৱদা, সদায়ে আন কথাৰ মাজতো ফুচকাক আনে কিয় কওকচোন? এই ফুচকাৰ লগত আপোনাৰ সম্পৰ্কটোনো কি?  দাদাই ক’লে, : মই বাৰে বাৰে ফুচকাৰ কথা কিয় কওঁ জান? এই ফুচকাক লৈ মোৰ জীৱনত এটা বৰ দুখৰ গল্প আছে।  কিছুবছৰৰ আগৰ

Read more

মূল: বেচাৰামবাবু,লেখক: বলাইচাঁদ মুখোপাধ্যায়: ভাষান্তৰ-মুনমুন সৰকাৰ 

গেলামালৰ দোকানী হৰিশে সন্ধিয়া আহি বুজাই থৈ গ’ল যে, যোৱা মাহত ২৭.৭০ টকা পাবলগীয়া আছিল আৰু অনতিপলমে সেয়া দি দিয়াটো জৰুৰী। এইমাত্ৰ অফিচৰ পৰা আহি পোৱা বেচাৰামবাবুয়ে ক’লে –  : বাৰু এইবাৰৰ দৰমহাৰ টকাখিনি পালেই…! তাৰপিছত তেওঁ বাহিৰৰ বাৰান্দাত বহি চিঞৰিবলৈ ল’লে – “হেৰৌ, চাহ লৈ আন।”   চাহ আহিল লগতে আহিল চুবুৰীৰ হৰিবাবু, নবীন ৰয়, বিধু ক্লাৰ্ককে আদি কৰি চাৰি পাঁচজন মান ভদ্ৰলোক। নানানটা কথাৰ লগতে চাহ খোৱা পৰ্বও চলি থাকিল। আড্ডা চলি আছিল, তাৰ মাজতে বেচাৰাম বাবুৰ  জী পুঁটি

Read more

মূল : বনফুল,কবি-বলাইচাঁদ: ভাবানুবাদ- ৰাজশ্ৰী শৰ্মা

জানেনে? আমি আগতে আছিলো সিংহ                     মধ্য এছিয়া দেশত, যদিও এতিয়া ইফালে সিফালে                    ঘূৰিছো এই বেশত। চকুত আমাৰ আছিল অগনি                শিৰত কেশৰৰ তাজ, নখত জ্বলিছিল দীপ্ত সূৰুয                কণ্ঠত বাজিছিল বাঁজ। লম্ফ জম্ফ কৰি হৈছিলোঁ              পৰ্বত মৰুভূমি পাৰ, একে হাতোৰাই মাৰিলো কত              হাতী ঘোঁৰা আৰু গঁড়। নাজানো আমাৰ পূৰ্বপুৰুষৰ              কি যে বিস্মৃতি হ’ল, খাইবাৰ পাচ অতিক্ৰম কৰি              এই দেশলৈ আহি গ’ল। বহু শতিকা এই শীৰ্ণ দেশত              বাস কৰাৰ হৈ গ’ল, এই দশা হৈছে হায় আমাৰ             কণ্ঠত আৰু নাই জোৰ। ধোঁৱাৰ ভয়তে পলাওঁ

Read more
1 2 3 22