শিল্পী পৰিচিতি : নাগাৰা নামৰ শিল্পী শ্ৰী মুনিন বৰা
শিল্পী পৰিচয় : যোৰহাট জিলাৰ ৰজাদিনীয়া হাতীগড় বাঘমৰা দোলাকাষৰীয়া গাঁৱত দিহানামে যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা জনপ্রিয় শিল্পী মুনিন বৰা দেৱৰ জন্ম হয় ১৯৬৪ চনৰ আঘোন মাহত। তেখেতৰ পিতৃ নামাচাৰ্য্য ৰোষেশ্বৰ বৰা আৰু মাতৃ শ্ৰী সৰুমাই বৰা। ছাত্ৰ অৱস্থাৰ পৰাই গীত, কবিতা ৰচনা কৰি সাংস্কৃতিক মনৰ পাতনি মেলা বৰাদেৱ দিহানামৰ এজন প্ৰভাৱশালী শিল্পী। ১৯৮৫ চনত অসমৰ আগশাৰীৰ শ্ৰব্য প্রতিষ্ঠান এন. কে. প্ৰডাকচনৰ বেনাৰত শিল্পী ৰুবুল বৰাৰ পৰিচালনাত নিৰ্মিত টোকাৰী গীতৰ কেছেট ‘ধেনু চাড়ি ফুৰো’ত কণ্ঠদান কৰি পেচাদাৰী কৰ্মৰ পাতনি মেলা
Read more