FOCUS ASSAM

ফটাঢোল বাৰ্তা-FOCUS ASSAM

ফটা-ঢোল গোটটো মূলতঃ এক হাস্য-ব্যংগৰ গোট। হাঁহিবোৰ মহঙা হোৱাৰ দিনত ইণ্টাৰনেটৰ মাধ্যমত বিভিন্নজনৰ ওঁঠত নিৰ্ভেজাল হাঁহিৰ মৌ এটুপি তুলি দিব পৰাৰ সমানে সমানে সমাজৰ অপশক্তিবোৰৰ ব্যংগাত্মক উপস্থাপনেৰে বিবেকৰ চকু মুকলি কৰি মানুহক সঠিক দিশ দেখুৱাটোৱেই এই গোটৰ মূল উদ্দেশ্য। এইখিনি কৰিবলৈ যাওঁতে চিৰচেনেহী অসমীয়া ভাষাৰ লিপিসমূহক ব্যাকৰণগতভাৱে শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰি ভাষা সাহিত্যৰ জগতখনো টনকিয়াল কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে। ফটা-ঢোল ই-আলোচনীখন এনে এক উদ্যমী প্ৰকাশ। ইতিবাচক চিন্তাৰ সমাহাৰ ঘটাই এক সুস্থ জনজাগৰণ গঢ়ি তোলাৰ লগতে হাস্য-ব্যংগৰ লেখক সৃষ্টি আৰু অবিৰত সাহিত্য চৰ্চা এই আলোচনীৰ প্ৰধান লক্ষ্য।

যিহেতু হাঁহিয়েই এই গোটৰ প্ৰধান উপকৰণ, তাৰবাবে হাঁহিক ব্যাহত কৰা যিকোনো শক্তিৰ বিৰুদ্ধে উঠি পৰি লাগিবলৈ সদস্যসকলৰ মাজত অহৰহ এক যোগাত্মক শক্তিয়ে ক্ৰিয়া কৰি থাকে। এই ক্ৰিয়াৰ ফলস্বৰূপে কলমৰ মাধ্যমৰপৰা সামাজিক কামলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। লক্ষীমপুৰৰ তথা যোৰহাটৰ জাঁজীমুখৰ বানাক্ৰান্ত ৰাইজৰ লগতে দুখনকৈ অনাথ আশ্ৰমত সাহাৰ্য প্ৰদান কৰাটো এই সামাজিক কামৰ দুটি উদাহৰণ।

তদুপৰি অৰ্থৰ অভাৱত চিকিৎসা বিলম্ব হোৱা মঙলদৈৰ মেধাৱী যুৱকজনক অতি কম সময়ৰ ভিতৰতে আৰ্থিক তথা মানসিক দিশত সুস্থ কৰাৰ প্ৰচেষ্টাই এই গোটৰ সদস্যসকলৰ মাজৰ আন্তৰিকতাকে প্ৰমাণ কৰে। এয়া আৰম্ভণি মাত্ৰ।

এই গোটৰ তত্বাৱধানতে আমি প্ৰয়াস কৰিছোঁ আৰু অলপ ব্যতিক্ৰমী কামৰ। অচিৰেই আমি গঠন কৰিম এটা স্বেচ্ছাসেৱী সংগঠন “ফ’কাছ অসম” (Fotadhol Offbeat Cultural Unity Society Assam – FOCUS Assam)ৰ। তাৰ ৰূপৰেখা তৈয়াৰ কৰি থকা হৈছে যাতে আৰ্তজনৰ কাষত আমি ঠিয় দিব পাৰো কিঞ্চিত সহায় হৈ।

নিৰ্মল হাঁহিৰ এই মিছিলটো আগবঢ়াই নিবলৈ সকলোৱে এই মিছিলত যোগ দিওঁ আহক, ভূপেনদাৰ সুৰতে গাওঁ আহক,

সময়ৰ অগ্ৰগতিৰ

পক্ষীৰাজত উঠি

যাওঁ মই নতুন দিগন্তলৈ

হাঁহি মুখে, হাঁহি মুখে!

☆★☆★☆

 

2 Comments

  • MUNIN HUZURI

    সুন্দৰ প্ৰচেষ্টা ৷ আগবাঢ়ি যাওঁঁক

    Reply
  • Anonymous

    বৰ সুন্দৰ।আপোনালোকক শুভেচ্ছা জনালো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *