ফটাঢোল

মান্যজনৰ শুভাশীৰ্বাদ

(আমাৰ বাবে অতি সুখবৰ যে, হাঁহি আৰু ব্যংগক মুখ্য উদ্দেশ্য হিচাপে লৈ এক কঠোৰ পৰিক্ৰমাৰ মাজেৰে আহি “ফটা ঢোল” অনলাইন আলোচনীখনে এবছৰত ভৰি দিলে। “ফটা ঢোল” ই-আলোচনীৰ জন্মলগ্নৰ পৰাই বহুত কেইজন পুৰুধা ব্যক্তিয়ে আমাক লিখনি তথা দিহা-পৰামৰ্শৰে উপকৃত কৰি আহিছে৷ ভবিষ্যতেও দিহা পৰামৰ্শ তথা লিখনিৰে আমাক পথ প্ৰদৰ্শন কৰি থাকিব বুলি আমি আশাবাদী৷ শ্ৰীযুত দেৱকান্ত সন্দিকৈ ছাৰ, শ্ৰদ্ধাৰ হিৰণ্য কাশ্যপ ছাৰ, শ্ৰী সৌমিত্ৰ যোগীদেৱ, শ্ৰী বৈদুৰ্য বৰুৱাদেৱকে আদিকে প্ৰমুখ্য  কৰি সমূহ মতামত দাতালৈ ফটাঢোল সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ

Read more

বিভিন্নজনৰ একলম-ধ্ৰুৱজ্যোতি অৰ্জুন

আকস্মিকভাৱেই ফটাঢোললৈ আহিছিলো। আজি ফটাঢোলৰ সদস্যসকল যেন মোৰ নিজা পৰিয়াল। ‘ফটাঢোল’ আলোচনীখন গোটটোৰ সমূহীয়া ঐকান্তিকতাৰ ফচল। বেজবৰুৱাৰ কলম থমাৰ লগে লগেই স্তিমিত হৈ পৰিছিল অসমীয়া ব্যঙ্গ সাহিত্যৰ ধাৰা। ক’ব পাৰি এই ধাৰাত অসমীয়া সাহিত্য দুখলগাকৈ নিশকতীয়া। মাজতে বহুকেইখন আলোচনীয়ে এই ধাৰাটোক পুনৰুজ্জীৱিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সিও এপাচি শাকত এটা জালুকৰ দৰে হ’ল। এই ক্ষেত্ৰত ফটাঢোল আলোচনীখন এক ব্যতিক্ৰম। কাৰণ ই এক সমজুৱা প্ৰচেষ্টা। বহু ন লিখকৰ প্ৰাথমিক পঢ়াশালীৰ দৰে হৈছে এই অনুষ্ঠান। ‘ফটাঢোল’ হাতত ধৰি উজ্জীৱিত হওক অসমীয়া ব্যঙ্গ

Read more

বিভিন্নজনৰ একলম – ঈশান জ্যোতি বৰা

এবাৰ জাপান আৰু ভাৰতৰ মাজত এখন নাওখেল অনুষ্ঠিত হৈছিল৷ দুয়োটা দলতেই সাতজনকৈ মানুহ৷ নাওখেলত জয়ী হৈ প্ৰত্যেকেই নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই নিব-এয়াই তেওঁলোকৰ উদ্দেশ্য৷ জাপানৰ দলটোৰ অধিনায়কে নাওখেলৰ প্ৰাকমুহূৰ্তত জাপানী খেলুৱৈকেইজনক ওচৰলৈ মাতি আনি ক’লে-“বন্ধুহঁত, আজি আমাৰ শক্তি-পৰীক্ষাৰ সময়৷ দেহৰ সমষ্ট শক্তি প্ৰয়োগ কৰি আজি আমি নাও চলাব লাগিব৷ একমুহূৰ্তৰ বাবেও আমি ব’ঠাৰ পৰা হাত এৰুৱাই আনিলে নহ’ব৷ নিজৰ লক্ষ্যত দৃষ্টি অটুট ৰাখি আমি মাথোঁ নাও চলাই যাব লাগিব৷ তাৰ বাহিৰে অন্য দ্বিতীয় এটা কথা ভাবিবলৈ, অইন দ্বিতীয় এটা

Read more

বিভিন্নজনৰ একলম – দিগন্ত ভট্টাচাৰ্য

ফেচবুকৰ গোট ‘ফটাঢোল’ৰ নাম শুনি বা অন্তৰ্ভূক্ত হোৱাৰ পাছতো প্ৰথমতে তেনে একো আকৰ্ষণ অনুভৱ কৰা নাছিলোঁ। অসংখ্য গোটৰ দৰেই একেধৰণৰ এটা নতুন গোটৰ সৃষ্টি হ’ল বুলিয়েই ভবা হৈছিল প্ৰাৰম্ভণিতে। লাহে লাহে গোটত প্ৰকাশ হোৱা কিছুমান চিন্তাকৰ্ষক ব্যংগ বা উচ্চ স্তৰৰ হাস্য-মধুৰ লেখাই গোটটোক অন্য দৃষ্টিৰে চাবলৈ বাধ্য কৰালে। পাছত যেতিয়া গোটৰপৰা প্ৰকাশ পোৱা ই-আলোচনীখন দেখিলোঁ, পঢ়িলোঁ – তেতিয়া গোটটোৰ প্ৰতি আৰু ইয়াৰ সদস্যসকলৰ প্ৰতি ধাৰণাই সলনি হৈ গ’ল। তেখেতসকলৰ কষ্ট, আত্মোৎসৰ্গৰ কাৰণে আজি এবছৰে এখন বহু উচ্চস্তৰৰ ব্যংগ আলোচনী আমি

Read more

বিভিন্নজনৰ একলম -ৰামানুজ গোস্বামী

বৰ্তমান যুগৰ যান্ত্রিক জীৱনৰ পৰা কিছু নিলগত অকৃত্রিমভাৱে অকণমান হাঁহি-ধেমালি কৰাৰ উদ্দেশ্যৰে, সততে ফেচবুকৰ গোট বা ৱালত হৈ থকা তৰ্ক-বিতৰ্কৰ পৰিৱৰ্ত্তে, এমুঠিমান সমভাৱাপন্ন মানুহ লগ হৈছিলোঁ ফটা ঢোল নামৰ ফেচবুকৰ গ্ৰুপ এটাৰ জৰিয়তে। ইজনে-সিজনক বিশেষ চিনি নোপোৱাৰ পিছতো তেওঁলোকৰ মাজত চলিছিল নিৰ্দোষ ধেমালি…সৰু সৰু ধেমেলীয়া পোষ্টবোৰে হাঁহিৰ খোৰাক জগোৱাৰ লগতে প্ৰত্যেকৰে মাজত বাঢ়ি আহিছিল আন্তৰিকতা। আচলতে এই গ্ৰুপটোত কোনো বিশেষ সাহিত্যিকো নাছিল, কিন্তু প্ৰায় ১০% মান সদস্য আছিল নৱ প্ৰজন্মৰ সাহিত্য চৰ্চা কৰা কিছু লোক। তেওঁলোকে মন কৰিলে যে ধেমালিৰ

Read more

বিভিন্নজনৰ একলম – ৰিতুপৰ্ণ বৰা

‘ফটা ঢোল’ মোৰ বাবে কেৱল মাত্ৰ এখন আলোচনী নহয়। ব্যস্ত জীৱনৰ যান্ত্ৰিকতাবোৰ পাহৰি আপোন আপোন লগা মানুহখিনিৰ লিখনিবোৰত হাঁহি আৰু মৰম বিচাৰি লোৱাৰ এক মাধ্যম ‘ফটা ঢোল’ আলোচনীখন। ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – সঞ্জীৱ মজুমদাৰ

যোৱা বছৰৰ চেপ্তেম্বৰৰ ২৪ তাৰিখে ফটা ঢোলৰ সদস্য শিৱই মোক গোটটোলৈ লৈ আনিলে। প্ৰথম কেইদিনমান অতি ৰসাল, প্ৰাণ প্ৰাচুৰ্যৰে ভৰা গোটটোৰ ৰেহৰূপ চাই থাকোঁতেই গ’ল। তাৰ পিছতে নাৰী সন্থাৰ দপদপনি দেখি ভাৱ হ’ল গোটত ঠাই ল’বলৈ হ’লে নাৰী সন্থাৰ যোগেদিয়ে ল’ব লাগিব( নাৰী শক্তিলৈ ক্ষমা প্ৰাৰ্থনাৰে)। দুটামান নাৰী বিদ্বেষী পষ্ট দি কোঁদোৰ বাহত হাত ভৰাই চাবলৈ মন গ’ল। চালোও। আৰু পাটী পাৰি বহিলোঁ। এনেকুৱা ধেমালিবোৰ কৰি থাকোতেই গীতিকা শইকীয়াৰ সম্পাদনাত মোৰ প্ৰথম লিখনি এটা ‘ফটা ঢোল’ ই- আলোচনীত প্ৰকাশ হোৱা

Read more

বিভিন্নজনৰ একলম – জয়ন্ত শৰ্মা

ফেচবুকৰ গল্প কবিতা প্ৰবন্ধৰ বহুতো গ্ৰুপ আছে যদিও হাস্য ব্যংগ গ্ৰুপৰ সংখ্যা অতিকৈ কম আছিল। তাৰেই অভাৱ অনুভৱ কৰি কেইজনমানে নিজৰ মাজতে ধেমালিৰ বাবে গ্ৰুপ এটা খুলিলে, নাম দিলে ‘ফটা ঢোল’। লাহে লাহে ইজনে সিজনক সদস্য ভৰ্তি কৰোৱাত সদস্য সংখ্যা বাঢ়িল। তাৰ মাজতে বহু কেইজন লিখা-মেলাত হাত দিয়েই পৰিপক্কতাৰ পৰিচয় দিলে। লাহে লাহে গ্ৰুপত আলোচনা হ’বলৈ ধৰিলে যে সদস্য সকলৰ প্ৰতিভা আছে যেতিয়া, কথাটো অলপ আন ধৰণেৰে চিন্তা কৰা যাওক। যিহেতুকে অসমীয়া সাহিত্যত হাস্য ব্যংগ লিখা আৰু লিখক আঙুলিৰ মূৰত

Read more

বিভিন্নজনৰ একলম – হিমাংশু ভাগৱতী

সময়ৰ জোখেৰে এবছৰ পাৰ হৈ যোৱাটো সাধাৰণ, গম নোপোৱাকৈ পাৰ হৈ যায়। এখন আলোচনীয়ে এবছৰ পাৰ কৰাটো কিন্তু সাধাৰণ নহয়। তাতে যদি আলোচনীখন মূলত হাস্য-ব্যংগ সাহিত্যক সমুখত লৈ আগবাঢ়ে এই কামটো অতি দুৰূহ হৈ পৰে। তেনে এখন ই-আলোচনী ‘ফটা ঢোল’ সফলতাৰে এবছৰ সম্পূৰ্ণ কৰাটো নিসন্দেহে উৎসাহজনক খবৰ। আলোচনী এখন সংখ্যাৰ পিছত সংখ্যা আগুৱাই গৈ থাকোঁতে বহুসময়ত মানদণ্ডৰ উঠা নমা হৈ থকা দেখা যায়। ‘ফটা ঢোল’ আলোচনীখনৰ আটাইতকৈ ভাল লগা দিশটো হ’ল ইয়াৰ উৰ্ধমুখী মানদণ্ড। প্ৰতিটো সংখ্যা আগৰবাৰৰ সংখ্যাটোতকৈ উৎকৃষ্ট হৈ

Read more

বিভিন্নজনৰ একলম -অনুৰূপ মহন্ত

বৰ্তমান সময়ত আমাৰ জীৱন শৈলী একেবাৰেই যান্ত্ৰিক হৈ পৰিছে৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে গোটেই সময়খিনি আমি বিভিন্ন ব্যস্ততাৰ মাজেৰে পাৰ কৰোঁতে বহু সময়ত আমি দিনটোত অকণমান ফূৰ্তি কৰিবলৈ বা হাঁহিবলৈও পাহৰি যাওঁ৷ অথচ প্ৰফুল্ল মন এটাই যে আমাৰ কৰ্মস্পৃহা বঢ়ায় আৰু আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখে, সেইয়া আমি সকলোৱেই জানো৷ বিচাৰিলেও আক’ কেতিয়াবা আমি হাঁহিব নোৱাৰোঁ, কিয়নো আমাৰ ওচৰত হাঁহিবৰ বাবে উচিত সমলৰো বৰ অভাৱ৷ কিতাপ পত্ৰ, আলোচনীত বিভিন্ন স্বাদৰ লেখা পোৱা যায় যদিও হাস্যৰস থকা লেখা বা

Read more
1 2 3