ফটাঢোল

মনৰ কথা… ক’ৰ পৰা ক’লৈ….

এখন ই-আলোচনীৰ সম্পাদক…. তাতে ফটাঢোল নামৰ গোটটোৰ..! নিজকে ইয়াৰ যোগ্য বুলি কোনোদিনেই ভবা নাছিলোঁ। ফটাঢোল গোটটিৰ লগত জন্মলগ্নৰে পৰাই আছোঁ যদিও গোটটি আগবঢ়াই নিয়াত একো ভূমিকা গ্ৰহণ কৰিব পৰা নাছিলোঁ। এটাই ভাৱ আছিল যে, গোটটিক মনে-প্ৰাণে ভাল পাই পেলাইছিলোঁ। গোটৰ বিপক্ষে এটা বেয়া কথাও হজম কৰিব পৰা নাছিলোঁ। প্ৰথম ই-আলোচনী এখন প্ৰকাশ কৰাৰ কথা মনলৈ অহাত আমি কিমান উৎফুল্লিত হৈ পৰিছিলোঁ, ভাবিলে আজিও শিহৰণ অনুভৱ কৰোঁ। অভিজিতেই (অভিজিত কলিতা)  প্ৰথমে প্ৰস্তাৱটো আগবঢ়াইছিল। আমি বিশেষকৈ মই ই-আলোচনী উলিওৱাৰ টেকনিকেল দিশটোৰ বিষয়ে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

সংখ্যাটোৰ আঁৰৰ কথা লিখাৰ আগতে কিছু বছৰ পিছলৈ যাব বিচাৰিছো । ফটাঢোল গোটৰ জন্মলগ্নৰ দিনটোৰ কথা । গোটটো খোলা আধাঘণ্টামান হে হৈছিল । আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেৱে মোক গোটটোত অন্তৰ্ভুক্ত কৰিছিল । তেতিয়া সদস্য সংখ্যা ১০০ৰ তলত আছিল । আপাতঃ দৃষ্টিত একো ডাঙৰ কথা নহয়, কিন্তু মোৰ বাবে সেয়া এক আবেগিক ক্ষণ আছিল । কাৰণ? কাৰণটো তেনেই সাধাৰণ । ফটাঢোলৰ মানুহখিনি বৰ শ্ৰদ্ধাৰ, বৰ আদৰৰ । যদিওবা অভিজিত কলিতা দাদাৰ বাহিৰে আমাৰ আন কাৰোৱেই লগত আজিও ব্যক্তিগতভাৱে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

আগষ্ট মাহৰ কোনোবা এটা দিন,সঠিককৈ মনত নাই।ভাতৃসম দেৱজিত শৰ্মাৰপৰা মেছেঞ্জাৰত এটা মেছেজ  পালোঁ।তেওঁ ফোন নম্বৰটো বিচাৰিছে।কিয় নাজানো,লগে লগে মনটোৱে কৈছিল,হয়তো ‘ফটাঢোল ই-আলোচনী’ৰ  সম্পাদকৰ দায়িত্ব ল’বলৈ ক’ব।ইয়াৰ দুইবছৰমান আগতেই এবাৰ ৰিণ্টুদাই এইটো প্ৰস্তাৱ আগবঢ়াইছিল।কিন্তু তেতিয়া মই টেকনিকেল বহুতো কথা জনা নাছিলোঁ বাবে ৰিণ্টুদায়ো বুজিলে যে এইজনাই নোৱাৰিব।সেইবাৰৰ কথা সিমানতে সমাপ্ত হ’ল। দেৱজিতে ফোন নম্বৰ বিচৰাৰ কেইদিনমানৰ পাছত এদিন বজাৰত থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল।দেখিলোঁ দেৱজিতৰ ফোন।দেৱজিতৰ নম্বৰ মোৰ চেলত চেভ আছিল। : হেল্ল’ দাদা, নমস্কাৰ। সদায় হাস্যবদনে থাকি ভাল পোৱা মই

Read more

সংখ্যাটোৰ আঁৰৰ কথা

জুলাই মাহৰ কোনোবা এটা গধূলি ফোনটো বাজি উঠিল। ম’বাইলৰ স্ক্ৰীণত দেৱজিত শৰ্মা দাদাৰ নাম। ফোনটো ৰিচিভ কৰাত, : কি হে ডেকাল’ৰা। মানুহজন একেবাৰে গায়েব হৈ আছা যে। (আচলতে সেই মাহ দুটাত মই ভাৰ্চুৱেল জগতৰ সকলো প্লেটফৰ্মৰ পৰা আঁতৰি আছিলোঁ। একপ্ৰকাৰ ছুটি লৈছিলোঁ। যিটো ছুটি মই প্ৰতিবছৰে ল’বলৈ চেষ্টা কৰোঁ। নিজৰ মনটোক সতেজভাবে আকৌ উভতাই আনিবলৈ বছৰৰ এই বিৰতি যোৱা চাৰিবছৰে লৈ আছোঁ।) মই : দাদা এনেই আঁতৰি আছোঁ। আচলতে মন ভাল নহয়। ফেচবুকে আমুৱাইছে। লিখিব মন গ’লেও একো এটা লিখিব

Read more

সংখ্যাৰ আঁৰৰ কথা

তেওঁলোকে কৈছিল বিশেষ একো কৰিব নালাগে৷ সঁচা আছিল কথাষাৰ- আলোচনীৰ সৈতে জড়িত ব্যক্তিসকলক গোটেই মাহটো যেতিয়াই তেতিয়াই চৰ্চৰণি খাবলৈ বাধ্য কৰোৱাৰ বাহিৰে একোৱেই নকৰিলোঁ মই৷ এপ্ৰিল মাহ, মেছেঞ্জাৰত দেবজিৎ শৰ্মাদাৰ বাৰ্তা পালোঁ- “ফোন নংটো পাম নেকি, সম্পাদনা সম্পৰ্কীয় কথা আছিলে৷” মগজু ঘোদালি পেলালোঁ যদিও কি কথা হ’ব পাৰে একো উলিয়াব নোৱাৰিলোঁ৷ ফটাঢোল গোটত তেতিয়ালৈ মই বেবেৰিবাং এসোপা লিখি মাজে মাজে পোষ্ট কৰি থাকোঁ৷ প্ৰথমবাৰলৈ ই-আলোচনীৰ জানুৱাৰী সংখ্যাত মৃদুল নাথদাদাৰ তগিদাত গল্পৰ নামত কিবা এটা লিখিছিলোঁ৷ এতিয়া এই বেবেৰিবাঙসোপা লিখাৰ কাৰণে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

ৰবিবাৰৰ দুপৰীয়া । ভাত খাই বিচনাখনত এনেই বাগৰ দিছোঁ। ফোনটো লৈ দেখিলোঁ মেছেঞ্জাৰত ‘মেছেজ’ নটিফিকেচন এটা। খুলিলোঁ। ৰিন্টুমনি দাৰ মেছেজ। মোৰ ফোন নম্বৰটো বিচাৰিছে। বুকুখন অলপ ফুলি গ’ল। আফ্টাৰ অল ফটাঢোলৰ ডাঙৰ মানুহ। মোক কিবা কামতেই বিচাৰিছে। ভাবিলোঁ কামটো কি হ’ব পাৰে! যোৱা কেইবাৰমান মই আলোচনীত লেখা দিয়া নাই। হয়তো সেয়ে ফোন কৰি মোক অলপ বুজাব। নহ’লে, আন এটা কথা হ’ব পাৰে।মই জনাত, কুৱেইটৰ পৰা কম দামত  মনে মনে অনা তেওঁৰ এটা বন্দুক আছে। আলোচনীত লেখা নিদিলে সেইটোৰ সঠিক ব্যৱহাৰ

Read more

সংখ্যাৰ আঁৰৰ কথা

জানুৱাৰী মাহৰ শীতৰ ৰাতিৰ এটি ফ’ন কল- “বৰঠাকুৰ, তুমি আলোচনীৰ এটা সংখ্যাৰ সম্পাদক হ’ব লাগিব দেই।” “হেই দাদা, মোক মাৰিব খুজিছে নেকি! মই নোৱাৰিম হে…আপুনি বেলেগ কাৰোবাক কওক, মোক মাফ কৰক।” “হৌৰা, তোমাক মই খবৰটো দিবলৈহে ফ’ন কৰিছোঁ….তোমাৰ “না”, “নহয়”, “নোৱাৰোঁ” এইবোৰ শুনিবলৈ নহয়…! বহুত দূৰৰ পৰা ফ’ন কৰিছোঁ, ৰাখিছো‍ঁ।” বিশেষ কিবা কথা কোৱাৰ সুযোগ নিদি মানুহজনে ফ’নৰ সংযোগ বিচ্ছিন্ন কৰিলে। সেইজন আছিল সুদুৰ মধ্যপ্ৰাচ্যৰ পৰা ৰিণ্টুমণিদা। মই সঁচাকৈয়ে অলপ ভয় খালো‍ঁ।বজ্ৰপাত পৰা মানুহৰ দৰে দহ মিনিটমান বহি থাকিলোঁ৷ ফেচবুকত

Read more

সংখ্যাৰ আঁৰৰ কথা

এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ’ল বহল সাগৰ সমিতিৰ সৱে মিলি ভাগে ভাগে কাম কৰি প্ৰকাশিলে আলোচনী ঢোলৰ এক কথাত ক’বলৈ গ’লে সংখ্যাৰ আঁৰৰ কথাখিনি উশাহটোত কৈ শেষ কৰিবপৰা কাহিনী নহয়! আজি ছয় বছৰৰ আগতে ফটাঢোল গোটত শ্ৰী উৎপলা কৌৰ বায়ে মোক যোগ কৰি দিছিল যদিও, গোটৰ খুব কমসংখ্যক মানুহেহে মোৰ চিনাকিৰ তালিকাত আছিল। শ্ৰী ৰিণ্টুমণি দত্ত ডাঙৰীয়া আৰু শ্ৰী দেৱজিত শৰ্মাই সম্পাদকৰ আসনত মোক বহিবলৈ কৰা দাবীত, আসনত মই নবহা হ’লে, গোটৰ সদস্যসকলৰ সাংঘাতিক টেলেণ্টক মই কেতিয়াও

Read more

সংখ্যাটোৰ আঁৰৰ কাহিনী

‘ফটাঢোল ই-আলোচনী’ৰ চতুৰ্থ বৰ্ষৰ নৱম সংখ্যাটিৰ সম্পাদক হিচাপে ‘সংখ্যাটোৰ আঁৰৰ কাহিনী’ মই লিখিবলৈ হ’লে কিছুদিন পিছলৈ ঘূৰি যাব লাগিব৷ জানুৱাৰী মাহৰ ৮তাৰিখ, ২০২১ চন৷ মই কৰ্মস্থলীৰপৰা উভতি আহি অলপ বিশ্ৰাম কৰিছিলোঁ৷ হঠাতে মোৰ ম’বাইলৰ হুৱাটছএপ নম্বৰত এটা মেছেজ আহিল৷ নামটো চালোঁ৷ ৰিণ্টুমণি দত্ত দা৷ লিখা আছিল-“তুমি আলোচনীৰ সম্পাদকৰ দায়িত্ব ল’ব লাগিব নহয়৷ এইয়া মোৰ অনুৰোধ নহয় আদেশ৷” কিছু সময় মেছেজটোৰ ফালে চাই থাকিলোঁ৷ তাৰ অলপ পিছতেই তেওঁৰ ফোন আহিল৷  মই তেওঁক ক’লোঁ যে ইমান গধুৰ দায়িত্ব ল’বলৈ মই এতিয়াই প্ৰস্তুত

Read more

সংখ্যাটোৰ আঁৰৰ কথা

২০২০ চনৰ এক অক্টোবৰ৷ নিশা তেতিয়া দহ বাজিছে৷ হঠাৎ মোবাইল ফোনটোত টিংকৈ এটা শব্দ হ’ল৷ মানে মেছেঞ্জাৰে বাৰ্তা অহাৰ সংকেত দিলে৷ কোনোবাই ‘গুড নাইট’ জনালে কিজানি! ‘হাই কি ক্ৰিছা’ও হ’ব পাৰে! মেছেঞ্জাৰত সোমালোঁ৷ দেখিলোঁ ৰিণ্টুমণি দত্তৰ মেছেজ— ‘দাদা, নমস্কাৰ৷’ ৰিণ্টুমণিৰ মেছেজ? মুহূৰ্তৰ ভিতৰতে মনত কিবা এটা আশংকা হ’ল৷ ‘ভালেই’ বুলি উত্তৰ দিলোঁ৷ কিন্তু মই আশংকা কৰাটোৱেই হ’ল৷ মানে, ৰিণ্টুমণিয়ে ক’লে মই হেনো এবাৰ মেগাজিনখনৰ মানে ‘ফটাঢোল’ৰ সম্পাদক হ’ব লাগে— জানুৱাৰী মাহ মানত৷ মই সহায় বিচাৰিলোঁ৷ তেওঁ বোলে, সকলো হৈ যাব,

Read more
1 2 3 6
error: Content is protected !!