সম্পাদকীয় : শংকৰজ্যোতি বৰা
দুদিনমান আগৰ কথা৷ আমাৰ গাঁৱৰ বিহুখনৰ বিহুৱতী প্ৰতিযোগিতা চলি আছিল৷ তাত বিচাৰকে বিহুৱতীক সোধা প্ৰশ্ন এটাত নতুন কথা এটা জানিবলৈ পালোঁ৷ সন্ধ্যাৰ সমাৰ্থক ‘গধূলি’ শব্দটোৰ অৰ্থ৷ যেতিয়া পথাৰৰ পৰা আবেলি গৰুৰ পালটো গাঁৱলৈ ওভতাই আনে, তেতিয়া জাক জাক গৰুৰ খোজত বাটৰ পৰা ধূলি উৰে৷ গো আৰু ধূলি, একেলগে গোধূলি বা গধূলি৷ আজিৰ গৰুৰ পাল নেদেখা ল’ৰা ছোৱালীয়ে এইটো নজনাটো মানি ল’ব পাৰি, মোৰ দৰে বয়সীয়া এটাই নজনাটো নিজেই মানিব নোৱাৰি৷ তেতিয়াই ভাবিছোঁ, আচলতে আমি কিমান জানো, কিমান শিকিছোঁ৷ মোৰ দৰে
Read more