ফটাঢোল

ভেলেণ্টাইন #কুৱেৰণ্টাইন আৰু #মই #ভতুৱা-দেবজিৎ দুৱৰা

ভেলেণ্টাইনৰ ভদিয়া সন্ধ্যা।  প্ৰেম নিবেদনৰ মানসেৰে মিলিহঁতৰ ঘৰ পালোঁগৈ। গেটখন বন্ধ।   গেটখন কামুৰি চালোঁ।  দাঁতকেইটা  বিষাই উঠিলত গম পালোঁ গেটখন লোহাৰে নিৰ্মিত। মিলি ধুনীয়া।  বগা দীঘল নোমেৰে ধুনীয়াজনী। মহাকাশলৈ যোৱা লাইকাহঁতৰ বংশধৰ। সিহঁতৰ দদাইয়েকৰ মোমায়েকৰ কোনোবা এজনেই মহাভাৰতত যুধিষ্ঠিৰৰ লগত স্বৰ্গযাত্ৰাও কৰিছিল। বেচেৰী মিলি কুৱেৰেণ্টাইনত। তাইৰ ডিঙিত শিকলি। মিলিৰ মালিক ফটিক বৰুৱাই যদি নিজ জীয়েক আইভীলতাকো ঠিক মতে কুৱেৰেণ্টাইন কৰিলেহেঁতেন, তেনেহ’লে জীয়েক পলাই যোৱাৰ দিনা, ধন, মন নে চিণ্টুলৈ পলাই গ’ল বুলি ভাইৰাছী  চিন্তাৰ জিলাপী পকাব লগা নহ’লহেঁতেন! যি কি

Read more

আমাৰ লখিমী গাইজনী-কমলা দাস

মই বিয়া হৈ অহা সময়ত শহুৰৰ ঘৰত এপাল গাই গৰু আছিল। ঘৰত গাখীৰ-দৈ আছিল উভৈনদী।   খীৰতী গাই আছিল কেইবাজনীও। সিহঁতৰ গাৰ ৰং অনুযায়ী বিভিন্ন নাম আছিল। তাৰ ভিতৰত এজনী মূগা বৰণৰ গাই আছিল। তাইৰ নামটো আছিল লখিমী। অৱশ্য কামে-কাজে তাই নামটোৰ সৈতে খাপ খাই নপৰে যদিও তাইক লখিমী বুলি এইবাবেই ক’ব লাগিব, কাৰণ তাই আমাক যথেষ্ট পৰিমাণে গাখীৰ দিছিল। তাৰ বাহিৰে তাইৰ যিমানবোৰহে গুণ আছিল, সেই গুণবোৰৰ বাবে তাইক লখমা (লখিমীৰ বিপৰীত শব্দ!) বা নষ্টজাইতি, ডাংকাটি বুলি ক’লেও বেছি কোৱা

Read more

হুকুম কৰৌ আকা-প্ৰান্তৰ ভাগৱতী

: হেৰা! শুনাচোন!  পেপাৰ পঢ়ি থকাৰ পৰাই শ্ৰীমতীৰ মাতষাৰ শুনিলে,  শ্ৰীমতী আহি তেওঁৰ ওচৰ পালেহি।  ক’লোঁ …. : হুকুম কৰৌ আকা। যি বিচাৰিছা আনি দিম দিয়া!…  ( ইতিমধ্যে গম পাইছোঁ কিবা ড্ৰেচ চাগৈ পচন্দ হৈছে! অনলাইনত )  তেওঁ সুধিলে,  : কি? ‘হুকুম কৰৌ আকা’  কৈছা যে? : আৰে! তুমি “হুকুম কৰৌ আকা” ৰ কাহিনীটো শুনা নাই নেকি? : কিনো সেইটো। সঁচাকৈ নাই শুনা। এওঁ ক’লে।  : শুনা তেন্তে… “পুৰণি কাহিনী। এখন গাঁৱত এহাল আদহীয়া স্বামী-স্ত্ৰী আছিল। ল’ৰা ছোৱালী নাই তেওঁলোকৰ।

Read more

বাল ব্ৰহ্মচাৰী বিড়ালৰ বিড়ম্বনা-অৰবিন্দ গোস্বামী

সদানন্দ মহাজনৰ ঘৰত দিয়া সেমেকা বিস্কুট দুখন খাই পুৱাৰ ভোকটো কোনোমতে নিবাৰণ কৰি বাল ব্ৰহ্মচাৰী বিড়ালে মালিকৰ ঘৰৰ বৰচাঙতে বহি কলমতিয়াই আছিল।এই বিড়ালৰ জীৱনো এক বিড়ম্বনা।বুদ্ধিৰ চুঙাটো তেৰাই লগত নিদিয়াহ’লে জীয়াই থকাই মস্কিল হ’লহেঁতেন।বাল ব্ৰহ্মচাৰী বিড়ালৰ জন্ম এই সদানন্দ মহাজনৰ ঘৰতে বুলি তাৰ মাক-দেউতাকে তাক কৈছিল।তেতিয়াৰপৰা সি সেইখন ঘৰতে অপ্ৰয়োজনীয় স্থায়ী বাসিন্দাৰ দৰে আছে।কেতিয়াবা খাবলৈ পায় আৰু কেতিয়াবা ভোকতে শুবলগীয়া হয়। কলমতিয়াই কলমতিয়াই বাল ব্ৰহ্মচাৰী বিড়ালে মনতে ভাবিলে…… : সদানন্দ মহাজন মানুহজন বৰ বেয়া নহয়।মাজে সময়ে তাক কিবাকিবি খাবলৈ দিয়ে।কিন্তু

Read more

ৰিণ্টু….  মেৰে য়াৰ!-বিক্ৰমজিৎ কাকতি

ৰিণ্টু সমন্ধত মোৰ বিয়াৰ দৰাধৰা ৰঞ্জুৰ খুৰাক। বয়সত কিন্তু আমাৰ সমসাময়িক। ৰিণ্টুৰ কাহিনী বহুত। সি কেন্সাৰৰ দৰে। মানে এবাৰ যাৰ লগত দোস্তি হয় সি তাক কেতিয়াও এৰি নিদিয়ে, যিদৰে কেন্সাৰে সতকাই এৰি নিদিয়ে।  মোৰ লগত দোস্তি হ’ল মানে আমাৰ পৰিয়ালৰ সকলোৰ সৈতে তাৰ চিনাকি হ’ল। উদাহৰণ স্বৰূপে ভাগিন বাবলুৰ মিচেছৰ বায়েকৰ শশুৰবাড়ীয়েও তাক চিনি পায়।  ৰিণ্টুৰ এটা গুণ আছে, সি যাৰ লগতে ব্যৱসায় কৰে সেইজন মানুহৰ সদায় লটিঘটি হ’বই।  উদাহৰণ বহুত, তাৰে দুটামান এনে ধৰণৰ… ডিগ্ৰী পাছ কৰাৰ পাছত মই

Read more

মানুহক চিনেমা চাবলৈ কিয় সংঙ্গী লাগে! ‌‌  : ৰঞ্জু হালৈ মুনি

সকলো মানুহেই নিজৰ নিজৰ বন্ধু-বান্ধৱী বা পৰিয়ালৰ মানুহৰ সৈতে চিনেমা চাই ভাল পায়। কিয় মানুহে মানুহৰ সৈতেহে চিনেমা চাই ভাল পায়?মানুহে অকলে অকলে চলা-ফুৰা কৰি বেয়া পাই কাৰণে নে? প্ৰশ্ন হয়নে? মোৰ কিন্তু প্ৰশ্ন হয়। মই অকলে চিনেমা চাই ভালপাওঁ আৰু অইন দহজনকো অকলেই চিনেমা চাবলৈ পৰামৰ্শ দিওঁ। আমাৰ ঢুইলা চাবলৈ কিন্তু মোক লগ লাগে। লগে ভাগে বাগৰি বাগৰি হাঁ‌হিব পাৰি।অকলে অকলে হাঁ‌হি যিমান ভাল লাগে, লগে ভাগে হাঁ‌হি তাতকৈ বেছি ভাল লাগে। অকলে চিনেমা চাবলৈ পৰামৰ্শ দিয়াৰ বাবে বহুতেই

Read more

লটিঘটি-ধীৰাজ কুমাৰ বায়ন

হঠাতে  কলিং বেলটো টিং টং কৈ বাজি উঠিল।  শ্ৰীমতীয়ে লৰালৰিকৈ গৈ দুৱাৰখন খুলি দেখে যে তালুকদাৰদা আহিছে। মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই ক’লে,  : আহক আহক তালুকদাৰ দা।   তালুকদাৰেও আসন গ্ৰহণ কৰি সুধিলে,  : মাষ্টৰ আছেনে?  : আছে ৰ’ব আপোনাৰ মাষ্টৰ, মাতি দিছোঁ।  শ্ৰীমতীৰ মুখত তালুকদাৰ নামটো শুনি ব্ৰেকফাষ্টৰ অৱশিষ্ট খোৱা বস্তুখিনি একেবাৰতে মুখত সুমুৱাই মুখখন  ফুটবলৰ নিচিনাকৈ ফুলাই কোনোমতে চোবাবলৈ চেষ্টা কৰি কৰি মাষ্টৰ আহি ড্ৰইং ৰূম পালেহি। মাষ্টৰক অহা দেখি শ্ৰীমতীয়ে ক’লে,  : দাদা, আপুনি অহাত মই বৰ ৰক্ষা

Read more

ৰসৰচনা-কৰবী দেৱী

কেৰেপাৰ ঘৈণীয়েৰৰ যোৱা-থোৱা অৱস্থা। কোনোমতেহে জীৱটো কেলঢোপ কেলঢোপ কৰি আছে। গাঁৱৰ মানুহে খবৰ ল’বলৈ আহি কেৰেপাইক অনেক দিহা পৰামৰ্শ দিবলৈ ধৰিলে।  যিয়ে যেনেকৈ পৰামৰ্শ দিছে কেৰেপায়ে তেনেকৈয়ে মানি গৈছে। হওতেতো দুখ লাগেই, কোনেনো নিজৰ ঘৈণীজনীক বাৰু এই সংসাৰৰ পৰা বিদায় দিব পাৰে! পিচে বেচেৰীয়ে যেনেকৈহে লেলাত ভূঞ্জি আছে, সেইবোৰ সহিবলৈও দেখোন বৰ কষ্ট। সেয়ে কেৰেপায়ে সকলো নীতি নিয়ম পালন কৰিছে। গ্ৰাহ গজেন্দ্ৰ পাঠৰ পৰা ধৰি কিমান যে কি কৰিছে কেৰেপায়ে। অথচ দেখোন মানুহজনীক যমে নিনিয়ে হে নিনিয়ে। অৱশেষত কেৰেপাৰ মনত

Read more

বেক চিটৰ মহিমা-প্ৰান্তৰ ভাগৱতী

আজিৰ পৰা পোন্ধৰ বছৰমান আগৰ ঘটনা। শ্ৰীমতীক নতুনকৈ বিয়া কৰাই আনিছোঁ। মিতিৰৰ ঘৰ ফুৰা কাম ইতিমধ্যে শেষ হৈছে। বিয়াৰ তিনিমাহমান হৈছিল। শ্ৰীমতীয়ে লাহে লাহে চেলোৱাৰ কামিজ আদি পিন্ধা আৰম্ভ কৰিছে। আগৰ বাইকখন পুৰণি হ’ল বুলি কৈ থাকে বাবে নতুন এখন হিৰহণ্ডা বাইক কিনিলোঁ। এদিনৰ কথা। আবেলি শ্ৰীমতীক প্ৰস্তাৱ দিলোঁ যে সন্ধিয়া অলপ টাউনৰ ফালে দুয়ো মটৰ চাইকেলত উঠি ফুৰি আহোঁ! তাৰ আগলৈকে শ্ৰীমতী মোৰ লগত বাইকত উঠাই নাছিল। গহনা, পাটৰ মেখেলা চাদৰ আদি পিন্ধি ফুৰিবলৈ যায় বাবে গাড়ীৰে ই ফুৰা-চকা

Read more

পবিত্ৰ দেউৰ গুপ্ত আখ্যান-অৰবিন্দ গোস্বামী

পবিত্ৰ শৰ্মা নামটো গাওঁখনৰ সকলোৰে পৰিচিত।ৰূপহী গাঁৱত পবিত্ৰ শৰ্মাক চিনি নোপোৱা মানুহ নাই।কেৱল ৰূপহী গাঁৱেই নে?চাৰিওকাষৰ দহোখন গাঁৱৰ মানুহে পবিত্ৰ শৰ্মাক চিনি পায়।ধূতী-পাঞ্জাৱী পৰিহিত পবিত্ৰ শৰ্মাই যেতিয়া কঁপালত চন্দনৰ তিলক লগাই চশমাযোৰ পিন্ধি পাশ্চাত্য সঙ্গীতৰ বাদ্য বজোৱাৰ দৰে চাইকেলখনৰ প্ৰতিটো অংশই মধুৰ ঝংকাৰ তুলি পাৰ হৈ যায়,বহু দূৰত থকা এজনেও ক’ব পাৰে যে সেয়া শৰ্মা দেউ পাৰ হৈ গৈছে।গাঁৱৰ সকাম নিকামত শৰ্মা পৰভু নহ’লে নচলে।সাত্বিক এনে দেউ আজিৰ যুগত বিৰল। পৰভুজনাৰ গুণাগুণ বহুত।ওচৰৰ দহোখন গাঁৱৰ মানুহে বছৰেকীয়া মঙলখন চোৱাবৰ বাবে

Read more
1 2 3 69