ফটাঢোল

ভ্ৰম ৰংগ-ডা° ভূপেন শইকীয়া( প্ৰয়াত)

যোৱা বুধবাৰে ক্লিনিকৰ ফিলিপিনো নাৰ্চ এজনীয়ে সবিনয়ে ক’লেহি,  : ছাৰ, কাইলৈ নিশা ৯ বজাত বিন মামুদৰ জলিবি (Jollibee) ৰেষ্টোৰালৈ এবাৰ আহি দেখা দিলে ভাল পাম৷ আমাৰ বেবীটোৰ এবছৰ হ’ল৷ কথাষাৰ শুনি মই মনতে জুকিয়াই চালোঁ- এৰা হয়তো৷ যোৱা বছৰ তাই বিয়া পতাৰ কথা মই পাহৰা নাই৷ ডিউটি শেষ কৰি লুলু ডিপাৰ্টমেণ্টেল ষ্ট’ৰলৈ গ’লোঁ৷  উদ্দেশ্য এটা উপহাৰ কিনাৰ৷ পোনতে বগা, বেঙুনীয়া আৰু সেউজীয়া ৰঙ থকা এখন কোমল টাৱেল বাচি ল’লোঁ৷ ইয়াৰ পিছত শিশুৰ কাপোৰৰ বিপনীত প্ৰবেশ কৰিলোঁ৷ টাৱেলৰ ৰঙৰ সৈতে মিলা

Read more

এল অ’ এল(lol)-মনিষা কাকতি(প্ৰয়াত)

সেইসময়ৰ কথা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ একেটা বিষয়কে মেজৰ বিষয় হিচাপে লৈ মই আৰু মোৰ বেষ্টী (Bestie) পুনৰ একেখন কলেজতে স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰিলো। কাজেই কলেজত আমি একো নতুনত্ব বিচাৰি পোৱা নাছিলো – একেই কলেজ, একেই শ্ৰেণীকোঠা, একেই কেন্টিন, একেই ল’ৰাজাক। কলেজৰ পৃথিৱীখন অকল আমাৰ দুয়োজনীৰ মাজতে সীমাৱদ্ধ হৈ আছিল। দুয়োজনী একেলগে আহোঁ, একেলগে খাওঁ, একেলগে ক্লাছ কৰোঁ, একেলগে থাকো, একেলগে লেকচাৰ মাৰো আৰু শেষত একেলগে কলেজৰপৰা ঘৰলৈ বুলি ওলাও। আমাৰ দৈনিক ৰুটিনখন ঠিক এনেকুৱাই আছিল সেইসময়ত। আগবঢ়াৰ

Read more

লটিঘটি-হিমাংশু ৰাজখোৱা(প্ৰয়াত)

(অভিজিত গোস্বামী, এইটো তোমাক কোৱা দিল্লীৰ ‘কাণ্ড’ টো) যোৱা বছৰৰ এপ্ৰিল মাহৰ ঘটনা। নিকট বন্ধু বান্ধৱ সকলে জানে, মোৰ বাওঁ ভৰি খনৰ আঁঠু ভাগ তেনেই ‘কৃত্ৰিম’  ২০১৩ চনতে হোৱা  এটা কালান্তক দুর্ঘটনাৰ বাবে দিল্লী মহানগৰীত এটা দীঘলীয়া অস্ত্ৰোপচাৰ কৰি কিবা কিবি কৃত্ৰিম অংশ লগাই মেলি হে ভৰি খন এতিয়ালৈ সচল কৰি ৰাখিছোঁ। মাজে মাজে ভৰি খনে আমনি কৰে, তীব্ৰ বিষ হয় আৰু মোৰ খোজ দিবলৈ দিগদাৰ হয়। দিল্লীৰ মোৰ ডক্টৰে তাৰ পৰাই কিবা কিবি প্রেছক্ৰাইব কৰে, খাওঁ, ভাল হয়। এনেকৈয়ে

Read more

ফটা প্ৰেম-বৰ্ণালী শৰণীয়া (প্ৰয়াত)

নমস্কাৰ ফটাঢুলীয়া সকল, মোৰ মৰম, চেনেহ, সম্ভাষণখিনি গ্ৰহণ কৰে যেন।বহুদিনৰ আগৰ পৰাই ফটাঢোলত আছোঁ যদিও এইটো মোৰ প্ৰথম পষ্ট।  প্ৰথম পোষ্টতো মোৰ ফটা প্ৰেমেৰে আৰম্ভ কৰিলোঁ। এয়া ২০০৯ চনৰ কাহিনী। তেতিয়া মই ক্লাছ নাইনত। জানেই নহয় হাইস্কুলীয়া বয়সৰ প্ৰেমৰ কথা, লগৰবোৰৰ প্ৰায় ভাগৰে আছেই সঁচা হ’লেও মিছা হ’লেও এজন এজন। পিচে মোৰ হ’লে সেইবোৰলৈ বাঘৰ সমান ভয়, কেনেবাকৈ ঘৰত গম পাই বুলি। ইফালে তিনিজন মান পিছে পিছে লাগি ফুৰে মোৰ। মইহে গুৰুত্ব নিদিওঁ। লগৰবোৰে জোকালে মনে মনে ভালো লাগে কিন্তু 

Read more

শ্ৰদ্ধাঞ্জলি-সম্পাদনা সমিতি

…শেষ মানেই সমাপ্তি নহয় এই কথাখিনি লিখিবলৈ লওঁতে দুচকু সেমেকি উঠিছে, আঙুলিবোৰ জঠৰ হৈ যাব খুজিছে৷ সিদিনালৈকে হাঁহি-মাতি কথা কৈ, ধেমালি কৰা, অভিমান কৰা মুখকেইখন৷ কোনোদিনেই কল্পনা কৰা নাছিলোঁ, তেওঁলোকৰ সোঁৱৰণত কিবা লিখিব লগা হ’ব বুলি৷ সামাজিক মাধ্যমত লগ পোৱা সম্পৰ্ক কিছুমানৰো যে ইমান টান, তেওঁলোক নোহোৱা হৈ যোৱাৰ খবৰটো সঁচা বুলি নিজকে আজিলৈকে পতিয়ন নিয়াব নোৱাৰিলোঁ৷  ফটাঢোল সামাজিক মাধ্যমৰ এটা হাস্য-ব্যংগ গোট৷ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰো অন্য দেশত থকা প্ৰবাসী লোকসকলৰ ৰসাল সাহিত্য চৰ্চাৰ এই যাত্ৰা

Read more