ফটাঢোল

ফটাপ্ৰশ্ন অক্টোবৰ ২০২২

১) অজান অনুভৱ বৰা : মানুহৰ কেঁচুৱাক ল’ৰা-ছোৱালী আৰু জন্তুৰ পোৱালীক মতা-মাইকী বুলি কোৱা হয় কিয় ?   উত্তৰ : মানুহে নিজে দি লোৱা জীৱশ্ৰেষ্ঠ নামৰ ফটাঢোলটো সুবিধা পালেই বজাব লাগে বুলি নিয়ম এটা আছে নহয়।   ২) (ক) কমলা দাস : হাবিত কাহে ; ওলাই নাহে! কিয় আৰু কোনে ওলাই নাহে হাবিৰ পৰা?   উত্তৰ : কুঠাৰ অ’ কুঠাৰ। আপুনি পৃথিৱীৰ সকলোতকৈ সহজ সাঁ‌থৰটোকে সুধিলে দেই।   (খ) হাঁহৰ লগত কোমোৰা কিয় খায়?   উত্তৰ : আমি বান্দৰৰ পৰা

Read more

ফটা প্ৰশ্ন

১) উৰ্বশী প্ৰান্তৰ ভাগৱতী:   কাঁ চলচিত্ৰ মহোৎসৱত আমাৰ অভিনেত্ৰীসকলে পিন্ধা ড্ৰেছবোৰ দেখিছেনে বাৰু? এওঁলোকে যে ডাবল বেডছিট একোখনৰ সমান পদূলি সাৰি যোৱা ফুলা লুচিৰ দৰে  ড্ৰেছবোৰ পিন্ধিছে!!! এইবোৰ বাৰু আকৌ কেতিয়াবা পিন্ধিবনে?নিপিন্ধিলে কি কৰিব বাৰু কাপোৰবোৰ?   উত্তৰঃ- সেইবোৰ মহোৎসৱ হৈ যোৱাৰ পাছত সমুখতে কেজি হিচাপত বিক্ৰী হয়। সেইফালে গ’লে কিনি আনি ফটাকানি কৰিব পাৰিব, বা পিছৰ বছৰ কেনেবাকৈ আপুনিও ৰেড কাৰ্পেট যোৱাৰ সুবিধা পালে, তাৰে এজোৰ পিন্ধি যাব পাৰিব।   ২) জয়ন্ত কুমাৰ ডেকা:   নাৰী ঈৰ্ষাপৰায়ণ বুলি

Read more

ফটাপ্ৰশ্ন

(১)কমলা দাস:গৰুৰ নিচিনাকৈ মানুহৰো নেজ এডাল থকা হ’লে কি কি সুবিধা আৰু অসুবিধা হ’লহে‍ঁতেন?উত্তৰঃ-প্ৰথমতে এনে এটা গুৰুত্বপূৰ্ণ সামাজিক সমস্যাৰ ওপৰত প্ৰশ্ন উঠোৱা বাবে আপোনাক ধন্যবাদ জনাইছোঁ‌। আজিৰ দিনত নেজ নথকাসকলে নেজ থকাবিলাকতকৈয়ো অধইচ ব্যৱহাৰ প্ৰদৰ্শন কৰা দেখা গৈছে। দুটাকৈ সুবিধা আৰু অসুবিধা তলত দিয়া হ’ল,সুবিধা– মহ মাখি খেদিবলৈ হাত ব্যৱহাৰ নকৰিলেও হ’ব।– কবি সকলে নাৰীৰ ৰূপ বৰ্ণনা কৰিবলৈ আৰু এটা অংগ বেছিকৈ পাব।অসুবিধা– স্কুলত “চাৰ ! পিছৰ বেঞ্চৰ পৰা বিজয়ে মোৰ নেজডাল টানি আছে “——ধৰণৰ কমপ্লেইন আহিব।– দৰ্জীৰ খৰছ বাঢ়িব…ইত্যাদি।(২)

Read more

ফটাপ্ৰশ্ন

১) জয়ন্ত কুমাৰ ডেকা: মহাকাব্য বা আখ্যানসমূহৰ দুষ্ট চৰিত্ৰৰ নাৰীক চাইদ পাৰ্ট ভিলেইন বুলিহে কিয় স্থান দিয়া হ’ল? মানে মূল ভিলেইন বুলি সমাজে কিয় নাভাবিলে? নে নাৰী শাৰীৰিক যুদ্ধত অৱতীৰ্ণ নোহোৱাৰ বাবেই সমাজৰ চকুৰ পৰা বাচি গ’ল?  উদাহৰণস্বৰূপে শূৰ্পনখা আৰু কৈকেয়ীৰ বাবেই গোটেই ৰামায়ণ হ’ল কিন্তু মেইন ভিলেইন বুলি বদনাম ৰাৱণৰে হ’ল। কৈকেয়ী আৰু শূৰ্পনখা শেষলৈ জীৱিত থাকিল। উত্তৰ: তেওঁলোক সেইযুগৰে পৰাই ৰাজনীতিত ‘মাহিৰ’ আকৌ, মানে ধৰক আমাৰ নিৰ্দলীয় এম এল এ সকলে ৰুলিং পাৰ্টীক বাহিৰৰ পৰা চাপোৰ্ট দিয়ে কিন্তু

Read more

ফটা প্ৰশ্ন

১. সঞ্জীৱ কুমাৰ মহন্ত ক) কথাতে কয় …খঙে মূৰৰ চুলিৰ আগ পালেগৈ” বাকীবোৰ জেগা কি নাপায়গৈ বাৰু ?? উত্তৰঃ- মুৰৰ চুলি একেবাৰে top ত থাকে সেইবাবে খঙ জাতীয় তপত বস্তুবোৰ শেষত সেইখিনি ঠায়েই পাইগৈ খ) ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ডৰ মাজৰ পাৰ্থক্য কিমান ? ফ্ৰেণ্ডৰ পৰা বেষ্ট ফ্ৰেণ্ড হ’বলৈ কিমানখিনিলৈ আগুৱাব লাগিব ?? উত্তৰঃ- পাৰ্থক্য বহুত। বিশেষকৈ অপজিত লিংগৰ বেষ্টি হবলৈ হলে কোনো কোনো ক্ষেত্ৰত প্ৰিয়জনতকৈয়ো বেছি ওআগুৱাব লাগিব। ২. ধনজিৎ বৰুৱা চৰাই আৰু ফুল দুবিধতে একে নাম ভাটৌ, কপৌ। ভাটৌ

Read more

ফটাপ্ৰশ্ন

১)তাবিনী য়াচেং: মডেলবিলাকে ৰেম্পত দিয়া খোজকেইটাক কিয় ‘কেটৱাক ‘ বুলি কয় ? এলিফেন্ট ৱাক বা বাফেল’ ৱাক বুলি কিয় নকয় ? উত্তৰঃ- মেকুৰীৰ দৰে লয়লাসে, শব্দ নোহোৱাকৈ খোজকাঢ়ে বাবে সেইটোক কেটৱাক বুলি কোৱা হয়, বুলি ফটহুৱে নেমানে। ফটহুৰ মতে যিবোৰ কাপোৰ কেটৱাক কৰোঁ‌তে পিন্ধা হয়, সেইবোৰ নৰ্মেল মানুহে কেতিয়াও নিপিন্ধে, বা পিন্ধিব নোৱাৰে। পাৰে যদি পোহনীয়া মেকুৰীকহে পিন্ধাব পাৰিব, গতিকেই…। ২)অৰ্চন শৰ্মা: নাৰীয়ে সকলো ধৰণৰ ব্ৰত পালন কৰে।কিন্তু মৌন ব্ৰত কিয় পালন কৰিব নোৱাৰে ফটহুকাই? উত্তৰঃ- নাৰীয়ে মৌনব্ৰত ধৰিলে হাওঁফাওঁ

Read more

ফটাপ্ৰশ্ন

১) ভূপালী দেৱী: আদি আৰু ইত্যাদিৰ মাজত পাৰ্থক্য কি? উত্তৰঃ আদি মানে আৰম্ভহে, তাৰ শেষ ক’ত ঠিকনা নাই। ইত্যাদি মানে ইয়াত আৰম্ভও, ইয়াতে শেষো। কিন্তু মাজত কি কি আছে তাৰ ঠিকনা নাই। ২) কমলা দাস: মনে খোজে ৰজা হ’ব বিধাতাই নিদিয়ে খুজি খাব। এই বিধাতা জন কোন নো! উত্তৰঃ বিধাতা মানে ভগৱান বুলি কয়, কিন্তু আচল অৰ্থ কৰ্মহে। কৰ্মই হয় ৰজা বনাব, নহয় ভিক্ষা খোজাব। কানীয়া মানুহবোৰে কাম-বন নকৰি ভিক্ষা খুজিব লগা হোৱা বাবে ভগৱানক দায়ী কৰি ভাল পায়। ৩)

Read more

ফটাপ্ৰশ্ন

১) জয়ন্ত গগৈ : চাহৰ লগত দিয়া মচমচিয়া বিস্কুট চাহপানীত ডুবাই সেমেকাই খোৱা আৰু এনেয়ে সেমেকি থকা বিস্কুট চাহৰ লগত খোৱাৰ মাজত কি পাৰ্থক্য আছে বাৰু ? উত্তৰঃ- পানী আৰু চাহ খোৱাৰ মাজত যি পাৰ্থক্য, সেয়াই।  ২) সঞ্জীৱ কুমাৰ মহন্ত : বুজাই দিয়ক “আনন্দৰ ঠিকনা নোহোৱা হোৱা”.. উত্তৰঃ- ঠিকনাবিহীন ভাৱে য’ৰ ত’ৰ পৰা আনন্দৰ উৎস আৰম্ভ হোৱা। ৩) দিলীপ আৰ কাকতি :  শিক্ষয়িত্ৰী বা মহিলা বিষয়া, কৰ্মচাৰী সকল যদি বাইদেউ হয় তেনেহ’লে শিক্ষক বা পুৰুষ বিষয়া কৰ্মচাৰী সকল কিয় দাদা

Read more

ফটাপ্ৰশ্ন

১)দিপ্তী শৰ্মা: ফেচবুকত “কেৱল মহিলাৰ বাবে” বিভিন্ন গ্ৰুপ থাকে।তেনেকুৱাকে পুৰুষসকলৰো “কেৱল পুৰুষৰ বাবে” গ্ৰুপ আছেনে?যদি আছে ঠিকে আছে। যদি নাই কিয় নাই বাৰু? উত্তৰঃ- উত্তৰ দিবলৈ লাজেই লাগিছে নহয়। আচলতে আমি পুৰুষ বিলাক ফেচবুকত থকাৰ মূল প্ৰেৰণাটোৱেই হ’ল মহিলাসকল। মহিলা নথকা গ্ৰুপ এটা খুলি কিডাল হ’ব? তেনে গ্ৰুপত আড্ডা মৰাতকৈ সন্ধিয়া বহি দিয়া হাজাৰ গুণে ভাল হ’ব।  ২)বিনীতা বৰশইকীয়া (তাবিনী য়াচেং ) ক) তলত উল্লেখ কৰা ‘প্ৰেমিকাৰ বাক্যশাৰী ‘পত্নী’ ৰ বাক্যলৈ পৰিৱৰ্তন কৰা :- ” ভালতো মই তোমাকেই পাওঁ ন

Read more

ফটা প্ৰশ্ন

১) সঞ্জীৱ কুমাৰ মহন্ত : নিউটনৰ ৪ৰ্থ গতিসূত্ৰটো যদি থাকিল হয় তেন্তে কি হ’লহেঁতেন, আপোনাৰ ভাষাৰে কওক। উত্তৰঃ- সৰুতে গতিয়াই ভুকুৱাই শিক্ষা নিদিলে ল’ৰা-ছোৱালীৰ জীৱনৰ গতি নেলাগে। ২) জয়ন্ত দাস : সভা সমিতিবোৰত যে মানুহবোৰে সাৰুৱা ভাষণ দিয়ে তাত কোনটো সাৰ থাকে বাৰু? উত্তৰঃ- বাস্তৱৰ অপতৃণবিলাক মাৰি অহেতুক সপোনৰ গছবোৰ ফলে ফুলে জাতিষ্কাৰ কৰিব পৰা সাৰ থাকে। ৩) ভূপালী দেৱী : ভাগিল আৰু ভাঙিল শব্দদুটাৰ মাজত পাৰ্থক্য কি? উত্তৰঃ- অমুকে তমুকৰ ঘৈণীয়েকক লৈ “ভাগিল”- সেয়ে তমুকৰ সোণৰ সংসাৰ “ভাঙিল”। ৪)

Read more
1 2 3 5
error: Content is protected !!