ফটাঢোল

পি টি এম-নাজিয়া হাচান

আবেলিৰ বেলা। শিওৰ খেল-ধেমালিৰ পাৰ্কখনত সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগতে ডেকা, আদহীয়া, বৃদ্ধ; সকলো বয়সৰ লোকেৰে এটা কোলাহল পৰিবেশ। কণকণ ল’ৰা-ছোৱালীবোৰৰ কোনোৱে ঝুলনাত ঝুলিছে কোনোৱে চি-চ’খেলিছে, কোনোৱে শ্লাইডাৰটোত চুচৰিছে, তাৰে কিছুমানৰ এটাই আনটোক চুবলৈ পিছে পিছে দৌৰিছে।  পাৰ্কৰ কাষেৰে ঘূৰণীয়াকৈ এটা চি.চি ব্লকেৰে বনোৱা ৰাস্তা। ৰাস্তাটোত বেছি সংখ্যক লোকেই সেই শিশুবোৰৰ অভিভাৱক।তেওঁলোকে শৰীৰৰ ঘাম নিগৰাই ৰস্তাটোত খোজ কাঢ়িছে। :ঐ বিতু! মোক লগ নধৰাকৈ তই পাৰ্ক পালিহি যে; মাৰকো বোলে কৈ অহা নাই তই? মাৰে আৰু ময়ে তোক ঘৰত বিচাৰি বলিয়া হৈ

Read more

বিজয়ৰ অফ আৰ পি- নীলাক্ষি কাকতি

ত্ৰিং ত্ৰিং ঘৰ সৰা ঝাৰুডাল থৈ বৰ বিৰক্তিৰে যোগেশে ম’বাইলটো ৰিচিভ কৰিলে৷ : হেল্লো৷ অঁ কিবা ক’ব না কি বিজয় দা? এই গৰু-ছাগাল নুঠওতে আপনি মোক লাগি কিয়া ফোন কল্লাক নু? : ধেই! কেলেইনো এনেকৈ কৈছা পাই? হেৰি নহয় মো কথা এটা ক’বলে আছিল আকৌ৷ : দে সোনকালে কওক৷ মোৰ ঘৰ মুচবা আছে৷ বাচনমাখা সনকালতে নুধ্‌লি হেতাৰ কোব খাম৷ : উৱা৷ তুমি ঘঅঅ ইম্মান কাম কৱা? মই আকৌ আলহী মাতি ভাত বনাব দিওঁ৷ অ এইটো বেলেগ কথা বাউ ভাৱাঘৱ পৱা

Read more

মুদ্ৰাদোষৰ কবলত গৰু ডাক্তৰ -সদানন্দ ভূঞা

হেল্লো ফটাঢুলীয়া ৰাইজ , ফটাঢোলৰ গৰু ডাক্তৰজনক মনত পৰে নে কেতিয়াবা? বহুদিনৰ বিৰতিত সেইজন গৰু ডাক্তৰ আকৌ আহিলোঁ দেই। আহোঁ‌নো কেনেকৈ? ফটাঢুলীয়া কাৰো ঘৰতেই দেখোন আজিকালি গৰু নোহোৱাই হ’ল। আছে টিকলি টিকলিৰ পৰা বিয়াগোমলৈকে বিধে বিধে নানা প্ৰজাতিৰ কুকুৰ এসোপামান। সম্বোধনটো সলাই দিয়াৰ ভয়তে আজিকালি আত্মগোপন কৰি থাকিবলগীয়া পৰিস্থিতি। বাৰু, এতিয়া সেইবোৰ বাদ দিয়ক। আহকচোন আজি সেইজন গৰু ডাক্তৰৰ বিষাদেৰে আৱৰা ৰসাল কাহিনী এটাকে শুনোঁ‌। গৰু ডাক্তৰক আজি দুমাহ আগতেই চৰকাৰে খেদিলে। মানে তই এতিয়া ষাঠি বছৰীয়া বুঢ়া হ’লি যেতিয়া

Read more

মোৰ ‘বাচন্তী’ৰ লগত এদিন-কল্পনা প্ৰিয়দৰ্শিনী বৰগোহাই

‘শ্বোলে’ চিনেমাৰ নায়িকা হেমা মালিনীৰ ঘোঁৰাগাড়ীখন মনত আছেনে? দৈনন্দিন কাম-কাজৰ বাবে ময়ো তেনে এজনী ‘বাচন্তী’ পুহি ৰাখিছোঁ৷ পাৰ্থক্য বুলিবলৈ বাচন্তীয়ে ঘাঁহ খাইছিল আৰু মোৰখনে তেল খায়৷ ‘খাই’ বুলি ক’লে ভুলেই হ’ব- মানে হোৰাহোৰে পিয়ে৷ তথাপি চলি থাকোঁ সেইখনৰ ভৰষাতে৷ ৰাতিপুৱাই অলপ ওলাই যাওঁ বুলি মোৰ বাচন্তী মানে স্কুটীখন ষ্টাৰ্ট দি দেখোঁ তেল একেবাৰে নাই, যেনেতেনে তেল ডিপো এটা পালেগৈয়ো হ’ব বুলি  ওলাই আহিলোঁ।  আজিকালি ইমান যে কথা পাহৰিবলৈ লৈছোঁ। এনেকৈ তেলৰ কথা ভাবি থাকোঁতে ঘপহকৈ মিঠাতেললৈ মনত পৰিল। মিঠাতেলো শেষ

Read more

কালী-যোগেশ ভট্টাচাৰ্য

: অই গণেশ, এইবাৰ দেৱালীত অসমলৈ যাম দে। যোৱা মাহত দুৰ্গা পূজালৈ গৈ বঢ়িয়া লাগিছিল।  – সন্ধিয়া চাহ খোৱাৰ পৰত ক’লে দুৰ্গাই। : নোৱাৰো মই যাব। মোৰ কাম আছে।  – গণেশে পোনচাটেই দুৰ্গাৰ প্ৰস্তাৱ নাকচ কৰি দিলে। : তেনেহ’লে মই অকলেই যাম দে। জালুকবাৰীৰ পৰা মেজিক লৈ বেলতলা চাৰিআলিলৈ গৈ তাৰ পৰা বাছত গণেশগুৰি গ’লে তোৰ গণেশ মন্দিৰ নাইবা মোৰ দুৰ্গামন্দিৰটোত ৰাতি থাকি দিব পাৰিম নহয় জানো? মোৰ ৰাস্তা মুখস্থ হৈ গৈছে। : আৰে তেনেকৈ নহ’ব। দুৰ্গাপূজাৰ পৰিবেশ বেলেগ আৰু

Read more

মাছতকৈ মূৰৰ চুলি প্ৰধান-ডলী তালুকদাৰ

 ( ১) মানুহজনে তেতিয়া বাগানৰ চিকিৎসালয়ত চাকৰি কৰি আছে। কিছুদিন আগতে তেওঁৰ বৰহাট বাগানলৈ বদলি হ’ল পাৱৈ বাগানৰ পৰা। দুমাহমান হৈছে আমি তাত থাকিবলৈ লোৱা। এদিন হঠাতে দুপৰীয়া আমি ভাত খাই থাকোঁতে বড়া বাংলোৰ পৰা ( মেনজাৰৰ বাংলো) মালিজন দৌৰি আহিল আমাৰ বাংলোলৈ। ল’ৰাজন ভয়তে শেতা পৰি আহিছে। এওঁক কৈছে, “চাৰ সোনকালে ব’লক। আমাৰ বাংলোত কাম কৰা আয়াজনীক সাপে খুটিলে। আমি চাহ খাই আছিলো পিছফালে গেৰেজৰ কাষত হঠাতে তাইৰ ভৰিত জোৰকৈ কিবাই কামুৰি দি গুচি গ’ল। তাই চিঞৰ মাৰি দিয়াত

Read more

স্মাৰ্ট মিটাৰ-ঋতুপৰ্ণ শৰ্মা

: বৰুৱা খুৰা, আমাৰ ঘৰলৈ আহকচোন অলপ। সমস্যা এটা হৈছে। চুবুৰীৰ সকলো আমাৰ ঘৰতে গোট খাইছে। : হৌৰা, কি হৈছেহে আকৌ! গৈ আছোঁ ৰ’বা। হাজৰিকাৰ পুতেকৰ ফোনটো পাই জীৱন বৰুৱা লৰালৰিকৈ ঘৰৰ পৰা ওলাই আহিল। ঘৰৰ পৰা ওলাই অহাৰ সময়ত শ্ৰীমতীক ক’বলৈ নাপাহৰিলে- : দেখিছা, মোৰ অবিহনে ৰাইজে কোনো সমস্যাৰ সমাধানেই কৰিব নোৱাৰে। এতিয়াও তেওঁলোক মোলৈকে বাট চাই আছে। কি বা সমস্যা হ’ল আকৌ! বৰুৱাহঁতৰ চুবুৰীটোত প্ৰায় দহ-পোন্ধৰ ঘৰমান মানুহ। দৌৰা দৌৰিকৈ গৈ বৰুৱা হাজৰিকাৰ ঘৰ ওলালগৈ। হাজৰিকাৰ ঘৰত চুবুৰীৰ

Read more

ভাত খোৱা স্কুল-বিতুমনি গগৈ

দুজনী কনমানিয়ে কথা পাতিছে , এজনী চহৰৰ দামী স্কুলত পঢ়ে, আনজনী গাওঁৰে চৰকাৰী এল, পি স্কুলত। : তোমালোকৰ স্কুলত মিচ-চিচ আছে নাই? নাই।  : আমাৰ স্কুলত চাৰ আছে,বাইদেউ আছে, হেডচাৰ আছে।  : মিচ নাই? কি আচৰিত ? মিচ নথকা স্কুল থাকে নেকি? কোনে পঢ়াই তোমালোকক?  : চাৰ-বাইদেউহঁতে । : বাইদেউ নাই নেকি?  : নাই । বাইদেউ নাই, বাই আছে।সৰুবোৰক চোৱাৰ বাবে কেইজনীমান বাই আছে। : বাৰু তোমালোকৰ স্কুলত ৰাইম’চ শিকাই নে? : ৰাইম’চ ? সেইতো কি?  : ৰাইম’চ আকৌ, ৰ’বা

Read more

ৰঙালাও প্ৰীতি-চিত্ৰলেখা দেৱী

: মাইনু, বাৰীৰ পাছফালে যাওঁ আহচোন।  মামা চাকৰিলৈ বুলি ওলাই যোৱাৰ পাছত  মামীয়ে মোক ফুচ্ ফুচাই  ক’লে। এইবাৰ মেট্ৰিক পৰীক্ষা দিব লগা ইমনে ওচৰৰ কোঠাটোত পঢ়ি আছে, বোধকৰো সি নুশুনিবৰ বাবেই মামীৰ এই ফুচ্ ফুচনি।  মই  ‘টেট’ৰ  শিক্ষয়িত্ৰী হিচাপে স্কুলত জইন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে  মামাহঁতৰ ঘৰলৈ আহিছোঁ। আমাৰ আটাইবোৰ ভাগিনৰ মামাহঁতৰ ঘৰলৈ বৰ হেঁপাহ, বিশেষকৈ মামাতকৈও মামীলৈহে। মামীৰ অন্তৰখন মৰমৰ সাগৰহে যেন; তাতে তেওঁ বৰ ৰসাল। মামা আকৌ ওলোটা, যথেষ্ট  গহীন-গম্ভীৰ। মামাৰ আগত আমাৰ কথা ক’বলৈ ভয়েই লাগে। মামীয়েও

Read more

গোলমাল-কৰৰী দেৱী

আজি এসপ্তাহ ধৰি বৰুৱানীৰ গাত তত নাই। তেখেতৰ স্বামীৰ ঘনিষ্ঠ বন্ধু নিৰঞ্জন হাজৰিকাৰ একমাত্ৰ কন্যা নিৰ্মালিৰ বিয়া যিহেতু। এসপ্তাহৰ পৰা বৰুৱানীৰ কেৱল ঘৰ আৰু বজাৰ। পিছে উপহাৰটো কি দিব সেই বিষয়ে সুধিলেই বৰুৱানীয়ে ভেকাহি মাৰি উঠে। বোলে “কিয় উপহাৰৰ বিষয়ে ইমানকৈ সুধি মৰিছা? সেইটোনো কিবা চিন্তাৰ বিষয়নে? এজাক মানুহৰ উপস্থিতিত দামী কিবা এটা দিলেও কিটো মনত থাকিব। গতিকে দিলেই হ’ল আৰু কিবা এটা।”  বৰুৱানীৰ কথাত আচৰিত হয় তেওঁৰ স্বামী। এৰা, আচৰিত হোৱাৰে কথা। হাজাৰটকীয়া কাপোৰ, গহনা, বেগ, চেণ্ডেল বিয়াখনক উদ্দেশ্যিয়ে।

Read more
1 2 3 72