সমাজসংস্কাৰক শ্ৰীমন্ত শঙ্কৰদেৱ- কুমকুম শৰ্মাবৰুৱা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এজন ধৰ্মগুৰু অথবা ধৰ্মপ্ৰচাৰকেই নাছিল, তেখেত আছিল একাধাৰে এজন সমাজ সংস্কাৰক, নৃত্য-গীত আদি কলা সংস্কৃতিৰ অকুণ্ঠসাধক, সাহিত্যিক আৰু আছিল এজন মানৱ দৰদী সংসাৰী লোক। মহাপুৰুষ শংকৰদেৱ জন্ম হোৱাৰ সময়চোৱাত অসমদেশ বহু সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল।।বাৰভূঞাৰ সৰু সৰু ৰাজ্য, আহোম ৰাজ্য, কোচ ৰাজ্য, কছাৰী ৰাজ্য, পৰ্বতৰ গাৰো, খাচিয়া, মিকিৰ ইত্যাদিৰ সৰু সৰু ৰাজ্য।এই সৰু সৰু ৰাজ্যৰ অধিপতি নৃপতিবিলাকৰ মাজত সততে যুদ্ধ-বিগ্ৰহ হৈ থাকিছিল।তাৰ লগতে আছিল প্ৰাকৃতিক দুৰ্যোগ আৰু বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণ আদি।প্ৰজাসকলৰ দুখ-দুৰ্গতিৰ সীমা নাছিল।প্ৰজাসকলৰ সৰহভাগেই
Read more