ফটাঢোল

মাধুৰীমা ঘৰফলীয়াৰ সৈতে অন্তৰংগ আলাপ

অসমৰ শিশু সাহিত্যৰ জগতখনত সাম্প্ৰতিম সময়ত প্ৰত্যয়জনক ভাবে নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা তাকৰীয়া নাম কেইটাৰ ভিতৰত তেখেতো এগৰাকী৷ তেখেত ফটাঢোল গোটৰো জন্মলগ্নৰে পৰা জড়িত এগৰাকী সদস্যা তথা শুভাকাংক্ষী৷ সাহিত্য একাডেমীৰ শিশু সাহিত্য শিতানৰ পুৰস্কাৰ বিজেতা শ্ৰী মতী মাধুৰীমা ঘৰফলীয়াক লগ কৰিছিলো আমি, তেখেতৰ সম্পৰ্কে জানিবলৈ৷ ফটাঢোল: নমস্কাৰ৷  মাধুৰীমা ঘৰফলীয়া: নমস্কাৰ৷ ফটাঢোল: আপোনাৰ শৈশৱকালৰ বিষয়ে জানিব বিছাৰিম! ঘৰ,পৰিয়াল ইত্যাদি৷  মাধুৰীমা ঘৰফলীয়া: শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ ভকত গাঁৱত মোৰ জন্ম হৈছিল। সাধুকথা বা গল্পবোৰত যেনে এক ভিন্ন ধৰ্মাৱলী সমাজৰ বিষয়ে

Read more

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ সৈতে অন্তৰংগ আলাপ

অসমৰ অভিনয় জগতৰ এটা চিনাকি নাম, বিষ্ণু খাৰঘৰীয়া৷ কলাত্মক বা বাণিজ্যিক দুয়োটা ধাৰাৰে ছবিতে নিজৰ অভিনয়েৰে দৰ্শকৰ মাজত সমাদৰ লাভ কৰা এইগৰাকী বৰেণ্য অভিনেতাৰ মনৰ কথা জানিবলৈ আমি ঢাপলি মেলিছিলোঁ মৰাণত অৱস্থিত তেখেতৰ বাসগৃহলৈ৷ ফটাঢোল : চাৰ, প্ৰথমেই আপোনাক ‘ফটাঢোল’ গোটৰ সকলো সদস্যৰ তৰফৰ পৰা নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ৷ ‘বিষ্ণু খাৰঘৰীয়া’ সমগ্ৰ অসমৰে পৰিচিত আৰু অতি আদৰৰ এটা নাম৷ আমি প্ৰথমেই জানিব বিচাৰিম ‘বিষ্ণু খাৰঘৰীয়া’ৰ শৈশৱৰ বিষয়ে৷ ক’ত তেখেতৰ জন্ম, কেনেদৰে অতিবাহিত হৈছিল তেখেতৰ শৈশৱ? বিষ্ণু খাৰঘৰীয়া : শৈশৱ মানে

Read more

“বাগান শ্ব”ৰ পৰা “নেত্ৰ কাই”লৈ- অৰুণ হাজৰিকা

‘অৰুণ হাজৰিকা’ নামটো অসমৰ প্ৰায় প্ৰতিজন নাট্যপ্ৰেমী,চিনেমাৰ প্ৰতি আগ্ৰহ থকা দৰ্শকৰ বাবে এটা চিনাকি নাম৷ ব্যংগ অভিনয়ক সম্পূৰ্ণ অকৃত্ৰিম আৰু বাস্তৱিক ৰূপত প্ৰতিফলিত কৰি শ্ৰোতা-দৰ্শকৰ মন জয় কৰা অৰুণ হাজৰিকাক আমি লগ ধৰিছিলো তেখেতৰ বোকাখাটত থকা নিজা বাসগৃহত৷ খুব সৰল,নিৰহংকাৰী অৰুণ দাক আমাৰ আগমণৰ কথা কৈ আৰম্ভ কৰিছো আলাপ,তেখেতৰ জীৱনৰ সকলো দিশ সামৰি৷ ফটাঢোল : দাদা,নমস্কাৰ জনালোঁ৷  অৰুণ হাজৰিকা: নমস্কাৰ৷ ফটাঢোল: দাদা, একেবাৰে আৰম্ভনিৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ জীৱনটোৰ কথা৷ আজিৰ অৰুণ হাজৰিকা হোৱাৰ আগতে শৈশৱ,আপোনাৰ ঘৰখন,পঢ়া-শুনা আৰু দুষ্টামিবোৰৰ কথা৷

Read more

কথাশিল্পী অতনু ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপ

তেখেতৰ ব্যাপ্তি এজন সু-লেখক হিচাপে৷ এখন প্ৰতিষ্ঠিত আলোচনীৰ সম্পাদক, সাহিত্যৰ ধাৰাটোক পাঠকৰ আৰু অধিক ওচৰ চপাই নিয়া “গল্পকথা” নামৰ অনুষ্ঠানটোৰ স্ৰষ্টা৷ তেখেতৰ গল্প সংকলন “ওভটনি যাত্ৰা আৰু অন্যান্য গল্প”,”নীলাৰ কাৰণে অলপ ভালপোৱা”,”বৰষুণৰ চেতাৰ” “চেঁকুৰ”, “ৰঘূনাথ কাপোৰ পিন্ধা”ৰ পৰা কাব্য সংকলন “সহযোদ্ধা”, “অশ্লীল ৰাতিৰ কবিতা”, “জীৱনৰ ভগ্নাংশ”, আৰু “প্ৰাপ্তি অপ্ৰাপ্তি” লৈ প্ৰতিটো গল্প-কবিতায়ে জীৱন, সুখ-দুখৰ নিৰ্মোহ প্ৰতিফলিত ৰূপ৷ কথাশিল্পী শ্ৰীযুত অতনু ভট্টাচাৰ্যদেৱক লগ ধৰিছিলোঁ, তেখেতৰ জীৱন তথা সাহিত্য যাত্ৰা সম্পৰ্কে কিছু কথা জানিবলৈ৷ ফটাঢোল: নমস্কাৰ। কবি, গল্পকাৰ, গল্পকথক অতনু ভট্টাচাৰ্যৰ বিষয়ে

Read more

সাক্ষাৎকাৰ

সাহিত্য সমাজৰ দাপোণ স্বৰূপ৷ সমাজৰ প্ৰতিটো সৰু বৰ ঘটনাই সাহিত্যিকৰ কলমত নৱ ৰূপেৰে উদ্ভাসিত হৈ উঠে৷ সততে এটা প্ৰশ্ন ইয়াৰ মাজতো আহে বা আহিব পাৰে, সেয়া হ’ল লেখকৰ সামাজিক দায়বদ্ধতা৷ দেশ সমাজৰ দুৰ্ভোগৰ সময়ত সাহিত্যিকেই বহু সময়ত পথদ্ৰষ্টাৰ ভূমিকা গ্ৰহণ কৰে৷ নিজৰ কলমৰ নিৰ্মোহ বিশ্লেষণেৰে ভুল শুদ্ধ তথা উত্তৰপুৰুষৰ বাবে নতুন সমাজৰ ভেঁটি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ফটাঢোলৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে আমি কাষ চাপিছিলোঁ অসমৰ এজন স্বনামধন্য উপন্যাসিক, গল্পকাৰ, কবি বিশ্বজ্যোতি শৰ্মাৰ, যাৰ লেখাৰ পটভূমি নিৰ্বাচন, তেখেতৰ সামাজিক

Read more

নাট্যশিল্পী শ্ৰী প্ৰশান্ত শৰ্মাৰ মনৰ খবৰ 

অসমৰ নাট্যজগতৰ এজন ব্যতিক্ৰমী নাট পৰিচালক, নাট্যকাৰ হ’ল নাট্যপীঠ, শিৱসাগৰৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্ত শৰ্মা ডাঙৰীয়া৷ তেখেতে এতিয়ালৈকে নাট্যজীৱনত বহুখিনি উপলব্ধি আহৰণ কৰিছে৷ তেখেতে ভালেসংখ্যক মননশীল, সামাজিক বাৰ্তাবাহী নাটক পৰিচালনা কৰিছে৷ ইয়াৰ ভিতৰত বান্ধ, অস্তৰাগ, এন. ফ্ৰাঙ্কৰ ডায়েৰী, মৃগয়া, কহয় চন্দী দাস, টেটোন তামুলী, তাজমহলৰ টেণ্ডাৰ, সিঁচা পানীৰ মাছ, শুনা শুনা সভাসদ, শোণিত কুঁৱৰী, ৰূপালীম, কাৰেঙৰ লিগিৰী, আহাৰ মাহৰ এদিন, ন-হন্যতে, ছিগা মথাউৰিৰ সপোন, ইত্যাদিসমূহৰ উপৰিও তেখেতে মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰাৰ লগতে ভালেসংখ্যক শিশুনাট পৰিচালনা কৰিছে৷ তেখেতে এই নাট্যসাধনাৰ যাত্ৰাৰে নাট্যজগতলৈ আগবঢ়োৱা

Read more

অভিনেতা অতুল পাচনীৰ সৈতে অন্তৰংগ আলাপ

অসমৰ ভ্ৰাম্যমান, চিনেমা, ধাৰাবাহিক আৰু এটা সময়ৰ বহুত প্ৰচলিত  ভিচিডিৰ তেখেত এখন চিনাকি মুখ৷ ‘চিঞৰ’ ছবিত যদি ‘বোবা’ চৰিত্ৰ এটাৰ ৰূপায়নেৰে শব্দহীন হৈয়ো দৰ্শকক বহু কথা কৈ গৈছে, ‘হলধৰত’ নাঙল চোৰৰ চৰিত্ৰত অভিনয়েৰে সমাজৰ ডাঙৰ ডাঙৰ চোৰবোৰৰ প্ৰতি এক সবল প্ৰত্যহ্বান আগবঢ়াইছে৷ আনহাতে বাস্তৱৰ ৰসাল চৰিত্ৰ ‘ফেনখোৱা’ৰ সুন্দৰ উপস্থাপনেৰে কেতিয়াবা পাঠকৰ পেটৰ নাড়ী ডাল ডাল কৰিছে৷  হয়, ঠিকেই ধৰিছে৷ অসমৰ জনপ্ৰিয় মঞ্চ আৰু বোলছবিৰ জনপ্ৰিয় অভিনেতা অতুল পাচনীৰ কথাকেই কৈছোঁ৷ ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল তেখেতৰ লগত সাক্ষাৎকাৰৰ

Read more

কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সৈতে অন্তৰংগ আলাপ

বৰ্ণালী কলিতা! অসমৰ প্ৰতিজন সংগীতপ্ৰেমীৰ বাবে এটা খুব চিনাকি আৰু আপোন নাম৷ সেই কেছেটৰ দিনৰ পৰা আজিৰ ষ্পটিফাই, চাভন আদি সংগীত ‘প্লেটফৰ্ম’লৈ দুৰন্ত গতিৰে প্ৰায় দহ হাজাৰৰো অধিক গীতত কণ্ঠ নিগৰোৱা এই জনপ্ৰিয় শিল্পী গৰাকীৰ লগত কিছু অন্তৰংগ আলচ কৰাৰ সুযোগ লাভ কৰিছিলো ব্ৰহ্মা ষ্টুডিঅ’ত । তেখেতৰ মুক্তিৰ পূৰ্বেই চৰ্চিত গীত “মই তোমাৰ,তুমি মোৰ” ৰ কাম চলি থকাৰ মাজতেই আমাক সময় দিছিল,কথা পাতিছিল নিজৰ যাত্ৰাৰ আৰম্ভনিৰ পৰা আজিৰ দিনৰ কৰ্মসূচীলৈকে৷ ফটাঢোল: পোনপ্ৰথমে আপোনাক ধন্যবাদ আমাক ইমান ব্যস্ততাৰ মাজতো সময় দিয়াৰ

Read more

অভিনেতা দীপজ্যোতি কেওটৰ সৈতে অন্তৰংগ আলাপ

অসমীয়া টি.ভি চেনেলৰ ইতিহাসত সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিকসমূহৰ মাজত স্হান পোৱা “বেহাৰবাৰী আউটপষ্ট” ৰ ‘মোহন’ নামৰ চৰিত্ৰটোৰে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা অসমৰ অভিনয় জগতৰ চিনাকি নাম দীপজ্যোতি কেওঁটক সুকীয়া পৰিচিতিৰ প্ৰয়োজন নাই।সমকালীন অভিনয় ক্ষেত্ৰখনত দুৰন্ত প্ৰতিভাৰ চানেকি দাঙি ধৰা বৰ্তমান দূৰদৰ্শনৰ এই ব্যস্ত শিল্পীগৰাকীৰ লগত কিছু কথা পাতিবলৈ আমি সক্ষম হৈছিলোঁ। ‘ফটাঢোল’ৰ হৈ দিম্পল কলিতাৰ সহযোগত ৱাটছ্ এপ যোগে গ্ৰহণ কৰা আৰু এক জীৱন্ত কথা বতৰাৰ ৰূপত হিমাংশু ৰাজখোৱাই লিখি উলিওৱা এই সাক্ষাৎকাৰটোত শ্ৰীযুত দীপজ্যোতি কেওঁটে তেখেতৰ পাৰ হৈ অহা

Read more

সংগীতশিল্পী নিলোৎপল বৰাৰ সৈতে অন্তৰংগ আলাপ

“মাজুলী” শীৰ্ষক বহুল জনপ্ৰিয় গীতটোৰে সংগীতপ্ৰেমীৰ অন্তৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈ জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা সাম্প্ৰতিক অসমীয়া সংগীত জগতৰ অন্যতম চিনাকি নাম নীলোৎপল বৰাক দুনাই পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। সমকালীন সংগীতৰ ক্ষেত্ৰখনত দূৰন্ত প্ৰতিভাৰ চানেকি দি বৰ্তমান মায়ানগৰী মুম্বাইৰ এগৰাকী ব্যস্ত সংগীতজ্ঞ নীলোৎপল বৰাৰ বহু সৃষ্টি আজি সংগীতপ্ৰেমীৰ মুখে মুখে। অশেষ চেষ্টাৰ মূৰত আমি এই ব্যস্ত শিল্পীগৰাকীৰ লগত কিছু কথা পাতিবলৈ সক্ষম হৈছিলোঁ। আমি অনুভৱ কৰোঁ তেখেতৰ কৰ্মৰাজি অসমৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ।

Read more
1 2 3 6
error: Content is protected !!