ফটাঢোল

ফটাপ্ৰেম-কৰবী দেৱী

: কেনেকৈ পাগল হ’ল তোমাৰ বন্ধুজন? তুমি নিশ্চয় জানা? ফুটপাথত বহি প্ৰলাপ বকি থকা মানুহজনক লক্ষ্য কৰি অ’. চি দীনবন্ধু দাসে প্ৰশ্ন কৰে হৰিচৰনক। কাৰণ হৰিচৰনে মানসিক ভাৰসাম্য হেৰুৱা মানুহজনক কিবাকিবি কথাৰে শান্ত কৰাব খুজিছিল। কোন হয় বুলি প্ৰশ্ন কৰাত কৈছিল হৰিচৰনে, “ই মোৰেই বন্ধু ছাৰ”। : কোৱাচোন কেনেকৈ পাগল হ’ল মানুহজন? – পুনৰ প্ৰশ্ন কৰে অ’. চি দাসে। : সি ছোৱালী এজনীক ভীষণ ভাল পাইছিল ছাৰ। : অ’ বুজিছোঁ, ছোৱালীজনীয়ে নিশ্চয় প্ৰতাৰণা কৰিলে। : নাই ছাৰ, প্ৰতাৰণা কৰিবলৈ ছোৱালীজনীয়ে

Read more

ঋতু আহে,ঋতু যায়-দেবজিত শৰ্মা

“বিজয় মহন্ত প্ৰেমত পৰিব”- বাচ ইমানেই কথা৷ ইয়াতকৈ অধিক ব্যাখ্যাৰ প্ৰয়োজন নাই৷ ঠিক পৰীক্ষাৰ যি কোনো এটা উত্তৰ বাছনি কৰিবলৈ দিয়া প্ৰশ্নটোৰ দৰেই চিধা উত্তৰ,মানে আদিত্য বৰঠাকুৰ, শেখৰ বৰা, ভাস্কৰ শৰ্মাহঁতৰ বাবে৷ সময় আজিৰ পৰা দুটা দশক আগৰ৷ তিতাবৰৰ এই বিস্তীৰ্ণ অঞ্চলত আদিত্য,বিজয়,ভাস্কৰ, দুলাল আদিৰ গেংটোত সমীহ নকৰা মানুহ নাই বুলিলেও ভুল কৰা নহ’ব৷ মেট্ৰিক পাছ কৰি কলেজত নাম লগোৱা গেঙৰ সকলোৰে নিজৰ নিজৰ নেটৱৰ্ক স্থাপন হৈছিল যদিও বৰলা বা একো নোহোৱাকৈ থকা মাত্ৰ এটায়েই আছিল- বিজয় মহন্ত৷ বহু ৰূদ্ধদ্বাৰ

Read more

প্ৰেম বছৰে বছৰে – দিব্যজ্যোতি কলিতা

বাটত থিয় হৈ আছিলোঁ। কাম বন নোহোৱা ডেকা ল’ৰা। গতিকে বাটে-ঘাটে, চকে বজাৰে এনি তেনি থিয় হৈ যেতিয়াই তেতিয়াই আদ্দা দি ফুৰিব নোৱাৰিলে আত্মসন্মানত লাগে। লাগিবই। সিদিনাও আছিলোঁ। এনেতে আহক সেইপিনেৰে চেঙেলীয়া ল’ৰা এটা। বয়স বেছিতে তেৰ-চৈধ্য। চৌবিশ ফুটিয়া চাইকেলখন তেৰেং-ভেটেং কৰি চলাই আহিছে। পেদেল ভালদৰে লগ পোৱাই নাই। পিছে মুখেৰে একেবাৰে প্ৰাণ ঢালি গাইছে– “জীৱনটো যে হ’ল অসাৰ প্ৰয়োজনো নাই তথাপিও আছোঁ জীয়াই    মই….” মোক দেখি চাইকেলখন অলপ খৰকৈ মাৰোঁ বুলি ভাবিছিল চাগে। পিছে মই হে ৰখালোঁ, বোলোঁ–“ঐ এইটো

Read more

ভ্ৰম-মানসী বৰা

কেন্দ্ৰীয় বজাৰৰ সমীপতে  আদিত্যৰ দোকানখন। নাম ‘আদিত্য কমিউনিকেচন’। চেলফোন বিক্ৰী কৰাৰ উপৰি তাত ৰিচাৰ্জ কৰা আৰু বেয়া চেলফোন ভালো কৰা হয়। দোকানৰ বিক্ৰী ভাল। প্ৰথমে অকলে আৰম্ভ কৰা দোকানখনত আদিত্যই মণ্টুৰ দৰে বিশ্বাসী কৰ্মচাৰীও ৰাখিব পৰা হ’ল। সকলো কাম মন্টুৱে অতি নিয়াৰিকৈ কৰে। মণ্টু অবিহনে আদিত্যৰ হাত ছিগা। নতুন মোবাইল কিনিবলৈ যিসকল লোক আহে, সেইসকল গ্ৰাহকক আদিত্যই চকু দিয়ে। মোবাইল ভাল কৰা আৰু ৰিচাৰ্জ কৰা প্ৰায়ভাগ কাম মণ্টুৱে কৰে। আদিত্যৰ দোকানত বেছিভাগ ৰিচাৰ্জ কৰা আৰু বেয়া চেলফোন ভাল কৰাবলৈ অহা

Read more

ফাগুনৰ বতৰাৰে প্ৰেমৰ উকমুকনি-ৰাজশ্ৰী শৰ্মা

ফেব্ৰুৱাৰী মাহ বুলিলেই মনটো বৰ ভাল লাগে মোৰ। ফেব্ৰুৱাৰী মানেই মন মতলীয়া কৰা বাউলি ফাগুন, ফেব্ৰুৱাৰী মানেই শিৱ বাবাৰ দিন শিৱৰাত্ৰি, আকৌ ফেব্ৰুৱাৰী বুলিলেই অমুকীৰ এই ধৰাত আৱিৰ্ভাব হোৱাৰো দিন আৰু আটাইতকৈ ‘Exciting’ কথাটো হ’ল যে পশ্চিমীয়া সংস্কৃতিৰ যিবোৰ দিন বাৰ আমি পালন কৰি উলাহৰ মাদলি হৈ ফুৰোঁ, সেইবোৰৰ মাজত অন্যতম প্ৰেমৰ দিন ‘ভেলেণ্টাইন ডে’টোও ফেব্ৰুৱাৰীতেই। ভেলেণ্টাইন ডে বোলোতেই আৰু এটা লোকেল ভেলেণ্টাইন ডেৰ কথাও মনলৈ আহিলে, সৰস্বতী পূজা! এইটোও ভেলেণ্টাইন ডে’তকৈ কমনে কিবা?  ভেলেণ্টাইন ডে:ৰ কথানো কি ক’ম! হুমুনিয়াহ

Read more

মণিকা ফেঞ্চি কৰ্ণাৰ-মানসী বৰা

গাৰ্লচ কলেজৰ তিনিআলিতে দেবুৰ দোকানখন। দেবুৰ আচল নাম দেৱজিৎ হ’লেও কলেজৰ ছোৱালীবিলাকৰ মাজত দেৱজিৎ আছিল দেবুদা। দেবুৰ দোকানৰ বাহিৰফালে ওপৰত সকলোৱে দেখাকৈ গোট-গোট আখৰেৰে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে জিলিকি থাকে ‘মণিকা ফেঞ্চি কৰ্ণাৰ’ৰ ফলকখন। য’ত প্ৰসাধনৰ সামগ্ৰীৰপৰা কাণফুলি, খাৰু আদিৰ দৰে মণিহাৰী সামগ্ৰী, হেণ্ডবেগ, চাতি আদি বস্তুবোৰ পোৱা যায়।প্ৰত্যক্ষদৰ্শীৰ কোনোজনৰ ভাষাত দেবুৰ দোকানখন এখন মিনি গাৰ্লচ কলেজ। ৰাতিপুৱাৰপৰা হিচাপ নাইকীয়া ছোৱালীৰ আহ-যাহ দেবুৰ দোকানত। : দেবুদা নেইল পলিছ দেখুৱাবচোন। : দেবুদা লিপষ্টিক চাওঁচোন। : দেবুদা বাটাৰফ্লাই ক্লীপ দেখুৱাওক না।

Read more

দেৱদাস ৰিটাৰ্ন- শ্ৰী দেৱজিৎ দুৱৰা

সাত বছৰ আগৰ কথা…….. গাঁৱৰ সৰু সৰু দোকান কেইখনত বিড়ি এটা পাবলৈ নাই। সৰুকণ্টকৰ  কাৰখানাত চুলাই অকণ পাবলৈ নাই।সোপাকে কিনি পেলাইছে হৰি দাসৰ পুতেকে । নাম তাৰ দেৱদাস ।  বহুতে তাক চাইক’ বুলিয়ে কয়। পাৰুললতাই  ” দৌলা ৰে দৌলা ৰে” গানটোত ভিডিও বনাই জগতবিখ্যাত হৈ পৰিছিল। পাৰুললতাৰ ভিডিও ভাইৰেল।  আনহাতে প্ৰেমিক দেৱদাসৰ হৃদয়ত ভাইৰেল জ্বৰ। স্মৃতিৰ এলবাম খুলি দেৱদাসে বায়ুপ্ৰদূষণ কৰিছিল।  চৌদিশে পোৰা ধঁপাতৰ গোন্ধ।  তাৰ মুণ্ডত গোলকীয় উষ্ণতা ।  হৃদয়ৰ অ’জন মণ্ডল ক্ষত -বিক্ষত। চেতনা অৰ্ধমৃত। বুধবাৰে  দেৱৰ মাক

Read more

পত্ৰবন্ধু-চবিনা ইয়াছমিন

আমাৰ কৈশোৰ কালৰ সময়ছোৱাত ইণ্টাৰনেটৰ বহুল জনপ্ৰিয়তা আৰু ডিজিটেলাইজেশ্যনৰ পয়োভৰ নাছিল৷ অৱসৰ বিনোদন বুলিবলৈ আমাৰ বাবে আছিল মাথোঁ মাহেকে-পষেকে একোটা গাৰ্ডেন শ্ব’ চাবলৈ যোৱা আৰু ‘বিস্ময়’ আলোচনীখন তন্ন-তন্নকৈ পঢ়া৷ এই দুটা কামৰ ভিতৰত বিস্ময়খন পঢ়া কামটোৱেই মোক বেছি আনন্দ দিছিল৷ বিভিন্ন শিতানবোৰ পঢ়ি কেতিয়াবা যদি কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি ফুৰিছিলোঁ কেতিয়াবা আকৌ আতংকত শিয়ঁৰি উঠিছিলোঁ৷ আকৌ কেতিয়াবা উৎকণ্ঠাই শৰীৰ-মন জুৰুলা কৰিছিলহি৷ বিস্ময়ৰ ‘পত্ৰবন্ধু’ শিতানটো মোৰ সবাতোকৈ প্ৰিয় আছিল৷ শিতানটিত প্ৰকাশ পোৱা বিভিন্নজনৰ নাম আৰু ঠিকনাবোৰ পঢ়ি তেতিয়া পত্ৰবন্ধু গঢ়াটো এটা বৰ

Read more

বচপন কা প্যাৰ-ৰাজশ্ৰী শৰ্মা

কাহিনীটো আচলতে মোৰ নহয়, লগৰ এজনৰ হে। তথাপিও প্ৰেমতো প্ৰেমেই, তাতে আকৌ ফটাপ্ৰেম আপোনাৰেই হওক বা মোৰেই বা কোনোবা বেলেগৰ, অন্তৰৰ আৱেগটো একেই, নহয় জানো! আজি কেইদিনমান আগতে এটা গান খুব জনপ্ৰিয় হৈছিল। ‘জানে মেৰা জানেমন, বচপন কা প্যাৰ মেৰা ভুল নেহি জানা ৰে’ বুলি। মবাইলে, টিভিয়ে, এফ এম ৰেডিঅ’ সকলোতে কেৱল বচপন কা প্যাৰ। গানটো শুনিলেই আটাইৰে নিজৰ নিজৰ শৈশৱৰ ভাল লগা ছোৱালীজনী বা ল’ৰাটোৰ কথা মনত পৰেই। মোৰ লগৰজনে কোৱা মতে চাৰি পাঁচ বছৰ বয়সতে আমি যেতিয়া স্কুল

Read more

তেতিয়া প্ৰেমিক ৰূপত জিত-বিনীতা বৰশইকীয়া 

জিত : মায়া, তোমাৰ গভীৰ নিশাৰ দৰে কিচকিচিয়া মোলায়েম চুলিটাৰি মেলি ৰাখিবাচোন। মোৰ খুব ভাল লাগে তোমাৰ চুলিটাৰিত আঙুলি বুলাই … মায়া : অস্ ! কি যে ৰোমাণ্টিক তুমি! মোৰো খুব ভাল লাগে জানা তুমি মোৰ চুলিত আঙুলি বোলালে। সেয়ে তোমাক লগ কৰিবলৈ আহিলে মই চুলি নফনিওঁৱাকৈয়ে আহোঁ।  বিয়াৰ পিছত পতি ৰূপত জিত:  জিত : দাদা, অলপ ভাল চাই আৰু মজবুত চাই ফণী এখন দিবচোন … দোকানী : এইখন লওক দাদা। ইমানেই মজবুত যে ভগাৰ কোনো চাঞ্চেই নাই। ঘৰলৈ আহি,

Read more
1 2 3 30