ফটাঢোল

পাত নে পেকেট – কৈলাশ বকতিয়াল

সেইজন চতুৰ্থ শ্ৰেণীত দহ বছৰমান পঢ়ি থকা দিনৰে কথা- এদিন কিবা এটা গুৰুতৰ অপৰাধত তেওঁক দহটাকৈ বেতৰ কোব প্ৰদান কৰা হৈছিল৷ প্ৰথম পাঁচটা কোব সোঁহাতৰ তলুৱাই সহ্য কৰাৰ পিছত বাওঁহাতৰ তলুৱাখন বাকী কোব কেইটাৰ কাৰণে নিজে নিজে আগবাঢ়ি গ’ল৷ তেনেতে ঘটিল দুৰ্ঘটনাটো৷ তলুৱাৰ সোঁমাজতে এটা ঘূৰণীয়া বগাকৈ দুই ছে:মি: ব্যাসাৰ্ধৰ বৃত্ত এটা৷ মৰণা মাৰি ধান খেৰ তুলি পেলালেও চোতালত মৰণা মৰাৰ চিন বহি যোৱাৰ দৰে হাতৰ তলুৱাখনতো চাদা-চূণৰ মৰণা সঘনাই মাৰি থকাৰ চিনটো ধুনীয়াকৈ বহি তলুৱাৰ শোভাবৰ্ধনত এক গুৰুত্বপূৰ্ণ ভূমিকা

Read more

মেংগ’ ডেফিচিয়েনচি ডিজিজ্ – অশোক কুমাৰ নাথ

(১) “অ’ কাইটি, ক’ত গৈছিলা ?” “এ নকবি দে ৰূপম, আমাৰ এই হৰেণক ঠগেন্দ্ৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। বিয়া পতা এবছৰেই হোৱা নাই, কিবা জলকা মাৰি থকা হৈছে। তাকে দেখালোঁগৈ ডাক্তৰক।” “হেই কাইটি! সেইটো ডাক্তৰ নহয়তো৷ সেইটো বেজহে৷ আজিৰ দিনত বেজৰ ওচৰলৈ যায় নেকি! তোমালোকো যে আৰু দেই৷ “ইহ! টিথেচকোপ লৈ চাইছে আক’!” “ইহ! থোৱা থোৱা৷ ষ্টেটচকোপ্ (Statoscope) লৈ চালেই ডাক্তৰ হৈ যাব নেকি কাইটি? বাৰু, কি হৈছে বুলি কৈছেনো?” “কেইবাটাও পৰীক্ষা কৰিলে। তাৰ পিছত ক’লে, হৰেণৰ মেংগ’ ডেফিচিচি ৰোগ

Read more

টেল অৱ্ এ শ্বৰ্টকাট – মণিষা কাকতি

“There are no shortcuts to any place worth going.” — Beverly Sills বিজ্ঞ লোকসকলে কৈ গৈছে যে জীৱনত লক্ষ্যপ্ৰাপ্তিৰ বাবে কেতিয়াও শ্বৰ্টকাট ল’ব নালাগে। কাৰণ, সেই শ্বৰ্টকাটে আপোনাৰ জীৱনৰেখাডালো আপুনি নভবাকৈয়ে ছৰ্ট কৰি দিব পাৰে। লং-কাট এৰি শ্বৰ্টকাটৰ মোহত বন্দী হ’লে সোণৰ লংকাত জুয়ে ঘেৰি ধৰাৰ দৰে আপোনাৰ সুখময় জীৱনতো দুখৰ বহ্নিশিখাই ঘেৰি ধৰিব পাৰে। শ্বৰ্টকাটৰ লোভে ‘পাল এণ্ড কোম্পানী’ সাম্ৰাজ্যৰ কেনেকৈ পতন মাতিলে দেখিছেই নহয়! গতিকে, কোনো এটা কাম সমাপ্ত কৰাৰ বাবে যিমানখিনি সময় বা শ্ৰমৰ দৰ্কাৰ সেই কামটোত

Read more

কাকতিৰ সংসাৰ – তৃপ্তি বৰা

অনলাইনত মগাই অনা লং ব্লেক গাউনটো পিন্ধি কিমিয়ে নিজকে আইনাত সোঁৱে-বাঁৱে চালে। মুখত তাইৰ অসন্তুষ্টিৰ ভাৱ স্পষ্ট। এইবাৰ তাই গাৰ্ডাৰডাল খুলি চুলিখিনি মেলি, মুখখন জোঙা কৰি চালে, ওহোঁ মুখত এতিয়াও অসন্তুষ্টি। এবাৰ কঁকালত এখন হাত থৈ, এবাৰ দাঁত উলিয়াই আকৌ এবাৰ মিচিকিয়া হাঁহি মাৰি বিভিন্ন ভংগীমাত তাই আইনাখনত নিজকে চায়ো সুখী হ’ব নোৱাৰিলে। মুখখনত অসন্তুষ্টিৰ ভাবটো লৈয়ে তাই, পছন্দৰ চকলেটটো নাপায়, থেনথেনোৱা কেঁচুৱাজনীৰ দৰেই থেনথেনাই কাষতে কঁকালত হাত থৈ থিয় হৈ থকা মাকক ক’লে, : একদম চ্চিপ লাগিছে জানানে মাম্মা।

Read more

ঘৰৰ ওপৰত ঘৰ-আঁঠুৱা তৰি মৰ – জিমি শইকীয়া

মাহঁতক বুজাই আছোঁ বোলো তোমালোকৰ এই মাইনাছ জিৰ’ ফিগাৰৰ ছোৱালীজনীৰ তেজ খাই মহে চুইচাইড কৰিবলৈ নাহে। হেৰৌ মহে মোৰ তেজ খাবলৈ আহি তাইৰ/তাৰ শুং মোৰ গাত লগোৱাৰ লগে লগে ডাইৰেক্ট হাৰ্ডিত পৰি শুং ভাঙি যাব। হাত চাপৰি নমৰাকৈয়ে মোৰ দৰে কায়াৰ অৱতাৰবোৰে মহ বধ কৰিব পাৰোঁ। ‌পৃথিৱীৰ ভিতৰত টান পোৱা কাম এটা আছে যদি এই আঠুৱা তৰা কামটোৱেই টান। অ’ৰ পৰা তলৈ ত’ৰ পৰা তলৈ কৰি দীঘ-প্ৰস্থ বিচাৰ কৰি তুলিত খুচি খাছী লোৱাটো মস্ত জেংকাৰ কাম। যিয়ে এই কামটো সুচাৰুৰূপে

Read more

খলা-বমাৰ মাজেৰে – গায়ত্ৰী গোস্বামী অধ্যাপক

বেমাৰ এটাৰ নাম লাগিছিল।বিছাৰি ফুৰিছোঁ, নামটো পালেই হ’ল, ইণ্টাৰনেটত খুচৰি তাৰ আঁতিগুৰি মাৰি সবিশেষ উলিয়াই ল’ব পৰা যাব৷ কাৰণ, বিস্তাৰ, দৰব সকলো গুগলে জনাই দিব, আপোনাৰ সেইটো বেমাৰ হোৱা নাই যদিও এনেকুৱা কিছুমান লক্ষণৰ কথা ক’ব যে আপুনি মানি ল’বলৈ বাধ্য হৈ পৰিব সেইটোৱেই হৈছে আৰু চাৰ্চ শেষ হ’বগৈ একেবাৰে……! নতুন স্কুটাৰ এখন কিনিবৰ মানসেৰে ডীলাৰ পালোঁগৈ, মনে মনে এখনৰ কথা ভাবিয়ে থৈছোঁ, তথাপি স্বভাৱজাত উৎসুকতাৰে তাৰে ল’ৰাজনক সুধি আছো, ভাল হ’বনে, পাৰিমনে, মাইলেজ কিমান দিব ইত্যাদি।গৃহস্থই তেওঁক ক’লে, “ঠিকে

Read more

আবোল-তাবোল – প্ৰাঞ্জল অনুভৱী

ফেচবুকত পাঁচ হেজাৰ বন্ধু কম নহয়। তাৰে ভিতৰত এহেজাৰমান যদি সাহিত্যপ্ৰেমী, কবি, গল্পকাৰ থাকে কথাই নাই। ঠগেশ্বৰীয়ে ফে’চবুকত কবিতা লিখে। পাইকাৰী হাৰত কবিতা লিখে আৰু পাইকাৰী হাৰতে লাভ কৰে লাইক, কমেন্ট। ভাবিলে, এখন কবিতাৰ সংকলন ছপা কৰা যাওক। ইমানবোৰ সাহিত্য অনুৰাগী বন্ধু আছে, তিনিশ কপি গ্ৰন্থ বিক্ৰি ন’হবনে? ভবা মতে কাম। আৰু এদিন সুদৃশ্য বেটুপাতেৰ সৈতে ছপা হৈ ওলাল- ঠগেশ্বৰীৰ ‘ৰামধেনুত এজাক জোনাকী পৰুৱা।’ পুৰুষ-মহিলা, কণ-কণ ল’ৰা-ছোৱালীৰ সৈতে ত্ৰিশ গৰাকী সাহিত্য অনুৰাগীৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰিলে বিশিষ্ট কবি নীলকন্ঠ ডাঙৰীয়াই।

Read more

এখন চিঠি – হিৰণ্যজ্যোতি দাস

সাৰ পাইছোঁ যদিও অলসভাৱে বিচনাত পৰি আছোঁ৷ আজি দেওবাৰ, গতিকে ৮ বজাৰ আগেয়ে নুঠো বুলিয়েই পৰি আছোঁ৷ সপ্তাহৰ বাকীকেইটা দিন কাউৰীয়ে কা কা নকৰোঁতেই উঠিব লাগে৷ চাৰে ছয় বজাৰ ৰেলত উঠি মহানগৰীলৈ গৈ অফিচ কৰি পুনৰ চাৰে পাঁচ বজাত প্ৰত্যাবৰ্তন কৰাটো অভ্যাস হৈ পৰিছে৷ গতিকে দেওবাৰৰ পুৱাটো বিচনাত পৰি থকাটো আমাৰ দৰে লোকৰ কাৰণে চূড়ান্ত বিলাসিতা আৰু এই বিলাসিতা পূৰ্ণ কৰিবলৈয়ে মই বিচনাৰপৰা উঠি অহা নাই৷ কিন্তু আজি মোৰ ভাগ্য সুপ্ৰসন্ন নাছিল৷ কলিংবেলটো হঠাৎ বাজি উঠিল৷ এবাৰ দুবাৰকৈ যেতিয়া তিনিবাৰ

Read more

দেওবাৰ – হিৰন্ময়ী গগৈ কোঁৱৰ

অভ্যাসবশতঃ পাঁচবজাত তাই সাৰ পালে ৷ কোনোমতে চকুকেইটা মেলি উঠিব খোজোতেই মনত পৰিল আজিতো দেওবাৰ৷ মনতো পাতল লাগি গ’ল তাইৰ৷ কেনে মজা! টোপনিৰ চিকুণ পুৱাটো আজি হেঁপাহ পলুৱাই উপভোগ কৰা যাওক বুলি তাই হাত ভৰি মেলি পুনৰ চকুকেইটা মুদি দিলে৷ যেই মুদি দিলে তাইক পুনৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে ৷ ছয়বজাত পুনৰ তাই সাৰ পালে৷ধুৰ্ ছয় বাজিছেহে বুলি আকৌ টোপনিত৷ অৱশ্যে চাৰে ছয় বজাত তাই উঠি আহিল৷ তাৰ পাছত একমিনিটৰ কামটোত দুইমিনিট লগাই লগাই কামবোৰ কৰিলে।গা ধুলে এঘন্টামান। মাজে মাজে

Read more

এজোপা নাচপতি গছৰ মৃত্যুৰ কাহিনী – গীতিমল্লিকা গগৈ (গোঁহাই)

দুকঠা মাটিত ঘৰটো সাজোঁতে এ. গগৈৰ পত্নী বি. গগৈনীয়ে পাঁচ লোচামান মাটি মুকলিকৈ থৈছিল যাতে জলকীয়া, ধনীয়া, আদা, আদি ৰুই লৈ সৰুকৈ পাচলিৰ বাৰি এখন পাতিব পাৰে। বাউণ্ডৰিটোৰ কাষতে থকা নাচপতিৰ পুলিটোৰ কাষেদিয়ে পদূলিটো ৰাখি গেটখন লগোৱা হ’ল। গগৈনীৰ ল’ৰাকেইটা ডাঙৰ হোৱালৈকে নাচপতি গছজোপাই ফল দিবলৈ আৰম্ভ কৰিছিল। গগৈনীৰ মতে এনেকুৱা সোৱাদ লগা ৰসাল নাচপতি তেওঁ হেনো জীৱনতে খাই পোৱা নাই। এ. গগৈ আকৌ চৰকাৰৰ উচ্চ পদস্থ বিষয়া আছিল। মানুহৰ দান-দক্ষিণাৰে তেওঁ বাহিৰে-ভিতৰে, সোঁৱে-বাৱে কোৰোণাৰে চপাই ধন ঘটিলে। গগৈ-গগৈনীয়ে বিশ্বৰ

Read more
1 54 55 56 57 58 72