ফটাঢোল

লিমেৰিক: উদ্ভৱ আৰু বিকাশ – ডঃ খগেশ সেন ডেকা

সাহিত্য হ’ল মানুহৰ ভাব-অনুভূতি প্ৰকাশৰ প্ৰত্যক্ষ মাধ্যম৷ মানুহৰ বিপুল বৌদ্ধিক দক্ষতা বহুলাংশে সাহিত্যৰ মাজেৰেই প্ৰতিফলিত হৈছে বুলি ক’লেও, বোধহয় বঢ়াই কোৱা নহয়৷ সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা Nonsense Rhyme-বোৰ (অসমীয়াত বেবেৰিবাং পদ্য) তেনে সাহিত্যিক দক্ষতাৰে অন্যতম উদাহৰণ৷ এই নিবন্ধৰ আলোচ্য “লিমেৰিক“ (কাৰো কাৰো মতে “লিমাৰিক“) উল্লিখিত Nonsense Rhyme ৰে এটা বিশিষ্ট ভাগ৷ মূল আলোচনলৈ যোৱাৰ পূৰ্বে পোনতে “লিমেৰিক“ বিষয়টোৰ অভিধানগত অৰ্থ ফঁহিয়াই চোৱা যাওক৷ Concise Oxford Dictionary-ৰ মতে, লিমেৰিক হ’ল “…a kind of humorous verse, especially five line form often

Read more

আপদীয়া পদ্য – চৈয়দ আহমেদ শ্বাহ

(১) জাতিৰ হৈ যুঁজিবলৈ শৰাইঘাটৰ ৰণ ৰণচালি দিলো আমি কৰি জীৱন পণ ৰঙামুৱা বীৰ ওখ কৰি শিৰ পুৱাতেই মেলি ললো ফেইচবুকখন। (২) ফেইচবুকসম হায় কতো নাই ঠাই এই তুমি আছা, বন্ধু এই তুমি নাই ফেইচবুকৰ খেল গৰখীয়াৰ মেল দিনটোৰ আধা সময় ফেইচবুকেই খায় (৩) ফোঁপ-চুঙাৰ ফোঁপডাং ফোঁপ-যহী মাইক বাপেকৰ তেল পুৰি উৰুৱাৱ বাইক ঠিলা মৰা কাণ গৰখীয়া গান খোজ দিলেই ফোঁপনি কাঢ় হেৰৌ নালায়ক (৪) কথাই কথাই ফোঁপোলা ফোঁপাউৰি মাৰ গিয়ানি সন্তজনৰ তিয়নি কাঢ় বৰকথীয়াৰ জাত মুখত ওভত মাত আইৰ

Read more

বিহঙ্গম দৃষ্টিৰে দুৰ্গোৎসৱ বা দুৰ্গা পূজা – প্ৰণীতা গোস্বামী বৰঠাকুৰ

শৰতৰ নিৰ্মল আকাশ, শেৱালিৰ সুকোমল সুবাস, দূবৰিত নিয়ৰৰ মুকুতা মালাই যেন বতৰা দিয়ে শাৰদীয় দুৰ্গা পূজাৰ৷ দেৱীৰ আগমনে উজ্জ্বলাই তোলে সকলোৰে মন৷ ৰং-বিৰঙী বেলুনৰ সমাহাৰ, পেঁপা, পুতলা আদিৰে ভৰপূৰ এক জাক জমকীয়া পৰিবেশে জীৱন সজীৱ কৰি তোলে৷ হিন্দু ধৰ্মত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ৷ ই কেৱল এটি উৎসৱেই নহয়; ই ধৰ্মীয় বিধি, আধ্যাত্মিকতাৰ অনুভূতি, সংস্কৃতি,বৈচিত্ৰ,, সামাজিক প্ৰীতি, সমন্বয় আৰু শান্তিও প্ৰকাশ কৰে৷ উচ্চ-নীচ, ধনী-দুখীয়াৰ ভেদাভেদ

Read more

বিলাসিতাৰ সুখ – মূল-বিলাসিতা কি সুখ, লেখক- অৰবিন্দ সৰস্বত (অনুবাদ: পৰিস্মীতা গগৈ)

বিলাসিতাৰ সুখ -পৰিস্মীতা গগৈ মূল-বিলাসিতা কি সুখ লেখক- অৰবিন্দ সৰস্বত। যেতিয়াই অন্য বিকশিত ৰাষ্ট্ৰৰ সুখ সুবিধাবোৰৰ কথা ক’ৰবাত পঢ়োঁ বা শুনিবলৈ পাওঁ‌ তেতিয়াই মোৰ হৃদয়ৰ পৰা দুখবোৰ নিমিষতে অন্তৰ্ধান হৈ যায়। মোৰ এই কথাষাৰ শুনি আপোনালোকে আকৌ ভাবি নল’ব যে আনৰ সুখ সুবিধা দেখিলে মোৰ জ্বলন হয়। এচিকুটো আত্মপ্ৰৱঞ্চনা নকৰাকৈ যদি কও মই আকৌ এনেকুৱা সুখ সুবিধাবোৰ তেওঁলোকৰ দুভাগ্য বুলিহে ভাবোঁ‌। সুখ সুবিধাৰ যি মায়াজাল আমাৰ দেশত আছে, সেয়া আন ক’ৰবাত আছে বুলি মোৰ বিশ্বাস নহয়। এতিয়া আপোনালোকেই কওকচোন, সেই

Read more

চাঁধা, এক প্ৰেম কথা – দেবজিত শৰ্মা

কাহিনীটো Whatsapp, Facebook, Orkut আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰ পৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সবল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ? বিফল প্ৰেম? হয় আছিল৷ ঠিক হওঁ হওকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক৷ পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনী গৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) হাঁহবোৰেতো নাজানে সংসাৰ যে অনিত্য সিহঁতৰ জীৱন মাথোঁ পণ্য- এয়াই সত্য পানীত আছে আনন্দ পাৰত মৃত্যুৰ ছন্দ হাঁহৰ সভাত আকৌ শিয়ালৰে পৌৰোহিত্য৷ (২) মুখে টপটপাই ভাদমহীয়া ৰাতি চিতলৰ সৈতে পুঠি ইলুটি-সিলুটি কেঁকোৰা ওফৰা জেং শ’ল-বৰালিৰ লেং চেপাত বজি হ’ল মহানন্দৰ ইতি৷ (৩) বগলী বাই জপং জপং খোজ দি ক’লৈবা যায় বানে ধোৱা পথাৰত কিনো বিচাৰি কৰে হায় হায় কেঁকোৰাই দিলে ঠেঙত চেপা কাষত ৰৈ আছে লুভীয়া হেঁপা তপস্যা কৰিও মাছ-পুঠিৰ দেখোঁ মুখ দেখা নাই৷ (৪) সাহটো খাই বাকলিটো বান্দৰে

Read more

গ্ল’বেল ৱাৰ্ণিং! – জ্যোতিৰূপম দত্ত

কিম জং উনৰ পিয়ংইগাঙস্থিত প্ৰাসাদোপম অট্টালিকাৰ অভ্যন্তৰৰ এক গোপন প্ৰকোষ্ঠত মই যোৱা আধাঘণ্টা ধৰি অপেক্ষাৰত অৱস্থাত৷ এনেতে এটা সংকেতধ্বনি বাজি উঠিল৷ এগৰাকী নীলনয়না সুবেশী ৰমণী আহি সুদৃশ্য কোঠাটোত উপস্থিত হ’ল৷ ৰূপহীৰ দুচকু সাগৰৰ দৰে গভীৰ, কম্পমান অধৰ, ঢৌ খেলা চেলাউৰিজোৰলৈ যেন প্ৰশান্ত সাগৰৰ চুনামী নামিছে৷ বৰ্ষাৰ আনন্দত মতলীয়া হোৱা ময়ুৰৰ দৰে ভ্ৰূযুগলৰ অপূৰ্ব নৃত্যভংগীমাৰ দৰ্শনত মই ক্ষন্তেক মোহাছন্ন হৈ ৰ’লো৷ এই ললনা আচলতে কিম জং উনৰ দেহৰক্ষীসকলৰ এগৰাকীহে৷ কথাষাৰ গম পোৱা মাত্ৰকে মই সম্বিত ঘূৰাই পালো৷ এতিয়া এইবোৰৰ সময় নহয়৷

Read more

ৰসভংগ – ঈশান জ্যোতি বৰা

ৰসগোলা নামৰ চমৎকাৰী মিঠাইবিধৰ লগত মোৰ সম্পৰ্ক বৰ এটা সন্তোষজনক নহয়৷ বৰঞ্চ, অভিজ্ঞতাৰ মোনাটো জোকাৰি দিলে মোনাটোৰ পৰা কেইটামান নীৰস আৰু নিৰ্দয় ‘গোল্লা’হে সৰি পৰে আৰু চকুৰ সমুখতে সিহঁতকেইটাই অতিকায় ৰূপ ধাৰণ কৰি মোক তৌবা-তৌবা সোঁৱৰায়৷ তাৰ পিছমুহূৰ্ততে পেটৰ ভিতৰৰ পৰা ভয় আৰু আতংক নামৰ বিপুলাকৃতিৰ দানৱদুটা ‘টাইফুন’ৰ লেখীয়া দুৰ্বাৰ গতিত উৰি আহি মন-মগজুত গপচত বহি লয় আৰু ভৱিষ্যতে ৰসগোল্লা দেখিলেই পলাই পত্ৰং দিবলৈ একপ্ৰকাৰে কঠোৰ সতৰ্কবাণী শুনাই দিয়ে৷ ল’ৰালিকালৰ এটা বিশেষ ঘটনালৈ মনত পৰিছে৷ কোৱা বাহুল্য-সেইয়াই আছিল ৰসগোলাৰ ‘নেতিবাচক

Read more

চেনাইৰ ভিন্ন ৰূপ – লখিমী কোঁৱৰ হাজৰিকা

সিদিনা সমন্ধীয় পেহী এগৰাকীৰ ঘৰলৈ গৈছিলো৷ তাতে মাইনুক লগ পাই সুধিলো, বোলো বিয়াখন পাতি পেলা সেই ল’ৰাটোৰ লগত, যিটোৰ লগত তই ইমান দিনে হলি-গলি কৰি ফুৰিছ৷ তাই ক’লে সেই ডালৰ লগত মোৰ কেতিয়াবাই ব্ৰেকআপ হ’ল নহয়৷ মই আচৰিত হৈ সুধিলো, বোলো কিয়? তাই ক’লে সেইটো মহা বদমাচ ল’ৰা জানে, সংসাৰৰ ছোৱালীৰ লগত চাট কৰি থাকে৷ তাইৰ কথাবোৰ শুনি মই হতভম্ব হ’লো৷ যদিও লগতে শোক এটায়ো মোক হেঁচা মাৰি ধৰিলে৷ আমাৰ দিনৰ ছোৱালী বোৰলৈ বৰ দুখ লাগিল৷ কাৰণ এবাৰ বিয়া হৈ

Read more

ডেনী ছাৰ – মানবেন্দ্ৰ কুমাৰ শৰ্মা

অদ্ভুত আৰু আচহুৱা স্বভাৱৰো কিছু মানুহ থাকে৷ নিজৰ প্ৰয়োজনতহে তেওঁলোকে চকু মেলি চায় আৰু প্ৰয়োজন পূৰ হোৱাৰ পিছত কেঁৰাহিকৈ চালেও নিজস্বত্ব লোপ পোৱা যেন পায়৷ আমাৰ চিনাকি তেনে এটা চৰিত্ৰ আছিল ’ডেনী’ ছাৰৰ৷ হিন্দী চিনেমাৰ ’ভিলেইন’ ডেনীৰ নামৰ লগত সামঞ্জস্য ৰাখি দিয়া নামটোৱে তেখেতৰ চৰিত্ৰৰ কিছু আভাস নিশ্চয়কৈ দিয়ে৷ তেখেতে নিজৰ চৌপাশে এটা অভেদ্য বেষ্টনী গঢ়ি লৈ হে আগবাঢ়িছিল৷ এই বেষ্টনীৰ পৰিমণ্ডল তেখেতেও কোনোদিনে ভেদ কৰি নাপালে, আৰু আনকো তাৰ ওচৰ চপাৰ সুযোগ কোনোকালে নিদিলে৷ পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ দৰে শ্ৰেণী কোঠাত

Read more
1 16 17 18 19 20 42