ফটাঢোল

নাৰী বশীকৰণ মন্ত্ৰৰ প্ৰভাৱ-প্ৰান্তৰ ভাগৱতী

নব্বৈ দশকৰ মাজভাগৰ কথা। আমাৰ তেতিয়া কলেজীয়া সোণালী দিন। আমাৰ হোষ্টেলটো পাহাৰৰ পাদদেশত। আজিকালিৰ দৰে সেইসময়ত মোবাইল, লেপটপ আদি নাছিল। গতিকে বিভিন্ন দুষ্টামি, বদমাছি, খেল ধেমালি আদিৰে দিনবোৰ পাৰ হৈছিল। আমাৰ হোষ্টেলটোৰ ব্লকবোৰৰ মাজত এখন ফুলনি আছিল। ফুলনিত যদি আবেলি বা সন্ধিয়া কেনেবাকৈ ওচৰৰ কাৰোবাৰ ছাগলী সোমাল তেন্তে তাৰ আধ্যা পৰিল। নিমিষতে ছাগলীৰ অপহৰণ হৈ প্ৰথম মহলাৰ বাথৰুমত বন্দী হৈছিল। ৰাতি অৰুণাচলৰ ছাত্ৰ দুজনমানে বধ কাৰ্য্য কৰি নিখুঁতভাৱে চাৰ্জাৰীৰ কামভাগ সমাধা কৰিছিল। তাৰপাছত হোষ্টেলৰ নিৰ্ভৰযোগ্য ৰান্ধনী এজনে কচাইৰ দায়িত্ব পালন

Read more

চ’চিয়েল মিডিয়া ডায়েটিং – মানসী বৰা

নোমল কাইটিহঁত গাঁৱৰ পুৰণা ধনী মানুহ। কাক-দেউতাকহঁতে ইমান টকা-পইছা, সা-সম্পত্তি ঘটি থৈ গৈছে যে বৰ্তমান সেইবোৰকে বহি বহি খাই আছে। পিছে স্মার্ট মোবাইল, ফে’চবুক আৰু জিঅ’ নেটৱৰ্ক অহাৰ পিছৰপৰা তেখেতৰ জীৱন ভয়ানকভাবে ব্যস্ত হৈ পৰিল। গুডমৰ্ণিং, গুডনাইট, হেপ্পী নিউ ইয়েৰ, হেপ্পী বিহু, পূজা-দেৱালী নালাগে হেপ্পী নাগপঞ্চমীলৈকে সাৰি নগ’ল। চেল্ফিৰ মা-বাপ নেলাগে ককাক-আইতাক নাইকিয়া কৰি দিলে। তেখেতৰ মিচিকিয়া হাঁহি, খাৰে খোৱা দাঁতৰ হাঁহি, তামোল খোৱা মদৰুৱা দাঁতৰ হাঁহিৰপৰা একেবাৰে পাউট চেল্ফিৰ ভংগিমালৈকে সকলো পৰিচিত হ’ল। কেইদিনমানৰপৰা ফটোও বিভিন্ন এংগোলত পজ দি

Read more

কি নাম দি মাতিম – পার্থ পি. বৰা

বাৰিষা বাটৰ কাষৰ খাল বিলত মাছুৱৈৰ জালত পুঠি, গৰৈ জাতীয় মাছ উঠাতো তেনেই সাধাৰণ আৰু গতানুগতিক কথা। ‘পুঠি মাছে হে..’, ‘গৰৈ চেঙেলী.. আজি ভাল মাছ নাই’…বুলি কৈ সকলোৱে বিশেষ উৎসাহ নেদেখুৱাই মাছবোৰ সাধাৰণ ভাৱেই আঁতৰাই থয়। একেদৰেই কিজানি ভার্গৱ, সৌৰভ, প্ৰাঞ্জল প্ৰতিম, পৰিস্মিতা, পম্পী জাতীয় নামৰ আশী, নব্বৈ দশকত জন্মলাভ কৰা সকলৰ জন্মৰ সময়ত সকলোৰে মনত বিশেষ কোনো উৎসাহ নাছিল আৰু তেওঁলোকৰ নামাকৰণ খুব গতানুগতিক ভাৱেই কৰিছিল। মাছুৱৈৰ জালত ৰৌ, চিতল উঠিলে চাবলৈ আৰু খাবলৈ হেঁপাহ কৰা লোক স্বাভাৱিকতেই বৃদ্ধি

Read more

মানুহ হোৱাৰ গৌৰৱ – অগ্নিভ দত্ত

আজিৰ পৰা ৩ বছৰমান আগতে এখন হিন্দী চিনেমা চাইছিলোঁ, “মাঝি – ডা মাউন্টেইন মেন”৷ দশৰথ মাঝি নামৰ বিহাৰৰ এজন বনুৱাৰ জীৱনৰ ওপৰত আধাৰিত আছিল চিনেমাখন ৷ মাঝিৰ পত্নীৰ এটা দুৰ্ঘটনা হয়, দুৰ্ঘটনাৰ পাছত পত্নীক উপযুক্ত চিকিৎসা সঠিক সময়ত দিব নোৱাৰাৰ কাৰণে পত্নী গৰাকীৰ মৃত্যু হয় ৷ মাঝিহঁতৰ গাঁৱৰ পৰা আনফালে থকা চিকিৎসালয়লৈ যাবলৈ এখন পাহাৰ অতিক্ৰম কৰিব লাগে, য’ত কোনো সঠিক ৰাস্তা পদূলি নাই৷ সেই ৰাস্তা নোহোৱাৰ কাৰণেই পত্নীক চিকিৎসা দিয়াবলৈ অক্ষম হৈ পৰিছিল মাঝি৷ পত্নীক অকালতে হেৰুৱাই মানুহজন ভাগি

Read more

আচল বস্তু – অনুপল ভৰালী

কোনোবা এজন দাৰ্শনিকে কৈছিলে, ভগৱানক বিচৰাটো হেনো এজন অন্ধ মানুহে এটা অন্ধকাৰ কোঠাত, এটা অনুপস্থিত ক’লা মেকুৰী বিচৰাৰ দৰে। অৱশ্যে দাৰ্শনিকজনৰ নামটো পাহৰিলো। কিন্তু পাকচক্ৰত পৰি ২০০৭ ৰপৰা ২০১০ চনমানলৈকে মই এনে এটা বস্তু বিচাৰি ত্ৰিভুবন চলাথ কৰিলো বিশ্বাস কৰক সেইখিনি পৰিশ্ৰমেৰে হয়তো ভগৱানকে বিচাৰি পালোহেঁতেন। পাঠকসকলৰ বহুতেই যদিও এই মহামূল্যবান (?) সম্পদটোৰ বিষয়ে জানে মোৰ বিশ্বাস, সৰহ সংখ্যকেই নজনাৰ ভাও ধৰিব আৰু কোনেও এইবোৰৰ সন্ধানত জড়িত থকাটো প্ৰকাশ নকৰিব। বাৰু বস্তুটোৰ মূল্য কিমান হ’ব পাৰে জানেনে? এক কোটি, দহ

Read more

পাণ্ডৱৰ বনবাস আৰু দ্ৰৌপদীৰ বেথা-তৃষ্ণা টি ভূঞা

কৌৰৱৰ লগত পাশা খেলত হাৰিলে যদিও পাণ্ডৱৰ জ্যেষ্ঠ ভ্ৰাতা যুধিষ্ঠীৰে পেটে পেটে বহুত ৰঙো পালে৷ আচলতে শকুনি মামাৰ লগত আগতীয়াকৈ চেটিং কৰিহে এই বনবাসটো মানে অজ্ঞাতবাসটো লোৱা হ’ল৷ নহ’লে এই ৰাজকাৰ্য্যত লাগি ভাগি ইমান দিনে হানিমুনটো পিছুৱাই ৰাখিবলগীয়া হৈছিল৷ তাতে আকৌ দ্ৰৌপদীৰ ইমান ওজৰ আপত্তি থাকে! উস্ ৰাম! কেতিয়াবা মাজনিশা উঠিও লং ড্ৰাইভত যাবলৈ কুতুৰি থাকে৷ ৰাতি টোপনি খতি কৰি কৰি ৰথ টনা ঘোঁৰাহালৰো চকুৰ গুৰিবোৰ ক’লা পৰিছে৷ এতিয়া বোলে ঘোঁৰাহালেও বুট মাহৰ জেগাত তিঁয়হ বিচাৰে -চকুৰ গুৰিত লগাই অলপ

Read more

কৌতুক – ফটিক বৰা

এবাৰ ককাইদেউ (বৰ দেউতাৰ ল’ৰা) এজনৰ এভাৰেডি টৰ্চ এটা নতুন বেটাৰি থাকোঁতেও নজ্বলাত মোক দি ক’লে, “চা চোন এইডালৰ কি হৈছে?” মই পিছ পিনে দহ নয়া পইচা এটা ভৰাই দি জ্বলাই দিলোঁ। ওচৰতে ৰৈ চাই থকা ককাইদেৱে ক’লে, “চালা পইচা নিদিলে আজি কালি কেনেও কাম নকৰে।” ☆★☆★☆

Read more

ইংৰাজী মেছেজ – ৰুবী বৰা বৰদলৈ

পুৱাই বন্ধু এজনৰ মেছেজ এটা আহিল, মনটো ভাল লাগি গ’ল। মই বোলো দি চাওঁচোন ইংৰাজীতে উত্তৰ এটা! এনেয়ো ইংৰাজী বুলিলে সাহস বোলাটো পলাই ফাট মাৰে! পিচে সেইবুলি আজিৰ যুগত আৰু মই ইংৰাজী নজনা চুক-ভেকুলী হৈ থাকিমনে? ভাৰ্ৱ-চাৰ্বৰ কথা কি আছে? বুজি পালেই ভাষা। ভাষাৰ কাম বুজুৱাটোহে। আন ঠাইৰ মানুহে আহি আমাৰ ভাষাটো কেনেকৈ খিচিৰি পগাই পগাই শিকি লয় সদায় দেখিয়েই আছোঁ। আজি ময়ো সাহস কৰি দিলোঁ মোৰ লিপিকাৰ কি-পেড চলাই। লিখি দিলোঁ ইংৰাজীতে উত্তৰ। ছেণ্ড কৰি দিলোঁ। তাৰ পাছত পঢ়ি

Read more

ফটা প্ৰেম – মানসী হাজৰিকা

মফচলীয় চহৰখনলৈ নতুনকৈ আহিছোঁ আমি তেতিয়া।আমি অহাৰ কেইদিনমান পিছতে কাষৰ মানুহ ঘৰেও ছাদখন মৰা কাম সমাপ্ত কৰিয়েই ঘৰ ল’লে। বস্তু- বাহানি অনা দিনা মোৰ সমান বয়সৰ ল’ৰা এটাই ঘৰৰে কিবা বস্তু এপদ ডাঙি “মই শক্তিমান” বুলি চিঞৰি অহা মোৰ চকুত পৰিল। কালক্ৰমত সেইজনাই গৈ মোৰ দৰা কইনা, লুকা ভাকু, চোৱা চুই, অন্তাক্ষৰী খেলাৰ লগ হ’লগৈ। পাঁ‌চঁ বছৰৰ পৰা প্ৰায় এঘাৰ বছৰমান বয়সলৈকে আমাৰ খেলা ধূলা যতি নপৰাকৈ অব্যাহত থাকিল। তাৰ মাজতে আমাৰ খেলাৰ মাজে মাজে আমাৰ মাহঁ‌তৰ কথাৰ পৰা আমি

Read more

এনিশাৰ ব্যতিক্ৰমী এসাজ – ৰঞ্জু শৰ্মা

গণেশ উৎসৱৰ সময়তেই পুণেলৈ বৰকৈ মনত পৰে। গোটেই চহৰখন উৎসৱস্থলীলৈ পৰিৱর্তিত হৈ পৰে। চাৰিওফালে ধূপ-বন্তি আৰু ৰঙৰ পোহাৰ। সন্ধিয়াৰেপৰা ৰাস্তাবোৰত মানুহৰ ভিৰত ঠেলা-হেঁচা লগা পৰিস্থিতি। প্রকাণ্ড পেন্দেলবোৰৰ উপৰিও প্রায়ভাগ মানুহে নিজৰ ঘৰতো গণেশ দেৱতাক স্থাপন কৰি লৈ সম্পূর্ণ বিধিগতভাৱে পূজা কৰে। নিয়ম অনুসৰি প্রত্যেকদিনাই পুৱা গধূলি প্রার্থনা, পূজা কৰাৰ উপৰিও সদায় বেলেগ বেলেগ ধৰণৰ ভোগ লগায় আৰু মোৰ বাবে এই সমগ্র পূজা পদ্ধতিৰ মুখ্য আকর্ষণ আছিল সেই ভোগখিনি। পুণেত থকা সময়ৰ কথা। এবাৰ গণেশ পূজাৰ অন্তিম দিনা মোৰ স্বামী মানসৰ

Read more
1 25 26 27 28 29 115