ফটাঢোল

ফটাপ্ৰেম – হেমন্ত কাকতি

বিশ্ব ইতিহাসৰ মহানতম প্ৰেমিক, ডাণ্টে, মজনু, দেৱদাস বা ইমৰাণ হাচমী আদিৰ শাৰীত নপৰিলেও মোৰো প্ৰেম কাহিনী কোনো গুণে কম নাছিল৷ তেওঁলোকে যেনেকৈ প্ৰেমত পৰি হাবুডুবু খাইছিল মোৰো প্ৰায় তেনেকুৱাই কাহিনী আছিল। কোনেও নিলিখিলে বাবেই মই নিজেই লিখিবলৈ ওলাইছো; তফাৎ মাত্ৰ ইমানেই যে তেওঁলোকৰ প্ৰেমৰ নিজৰা দুয়োফালৰ পৰা কুলু কুলু সুৰেৰে বৈ গৈছিল আৰু আমাৰ একপক্ষীয় ভাবে আৰু বিশেষ এটা বৈশিষ্ট আছিল এই প্ৰেমৰ নিজৰা বৈছিল প্ৰায় ডেৰকুৰিজনী লায়লা, বিয়েট্ৰিচ, পাৰো, মল্লিকা শ্ৱেৰাৱত আদিৰ বাবে৷

যি মূলা বাঢ়ে তাৰ দুপাততেই চিন৷ মোৰ এই প্ৰতিভাৰ ফাটি ফুটি বিকাশ ঘটিছিল সপ্তম কি অষ্টম মানত পঢ়ি থাকোতেই৷ চিত্ৰকলা, শিল্প ভাস্কৰ্য্য আদিতো বিশেষভাৱে আগৰণুৱা আছিলো আৰু সেই প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰিবলৈ গৈ বেঞ্চৰ ওপৰত কাণত ধৰি থিয় কৰাই নোথোৱাহেঁতেন আজি অজন্তা ইলোৰাৰ গুহা চিত্ৰকাৰ সকলেও লাজ পাই গ’লহেঁতেন৷ ক্লাছৰে বিভিন্ন ছোৱালীৰ ৰূপ লাৱণ্যক বিভিন্ন ভংগীমাৰে ডেস্ক-বেঞ্চতেই চিত্ৰ ভাস্কৰ্য্যৰ ৰূপ দিবলৈ চেষ্টা কৰি অষ্টম শ্ৰেণীতেই যথেষ্ট পাৰদৰ্শিতা দেখুৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অমুকাই প্ৰেমিক জীৱনৰ পাতনি মেলিছিলো ঠিক তেনে সময়তে৷ কিন্তু দুখৰ বিষয় ক্লাছৰে প্ৰেমিকাজনীলৈ লিখা চিঠিখন লাজে ভয়ে দিব নোৱাৰাত সেইখন মোহাৰি মেলি লাড্ডু কৰি খিৰীকিৰে দলি মাৰি প্ৰথম প্ৰেমৰ যৱনিকা পেলাইছিলো৷ কথা ইমানতে অন্ত পৰা নাছিল। সেই পাষাণ হৃদয়া প্ৰেমিকাজনীয়ে ব্ৰেকত গৈ বুটলি আনি চিধাই অৰ্পণ কৰিলে হেড মাষ্টৰৰ হাতত৷ তাৰেই পৰিণতিত এদিন গোটেই দিন কাণত ধৰি বেঞ্চত থিয় দিলো৷ মোৰ চেক্সন চেঞ্জ কৰি দিয়া হ’ল৷ ভাগ্যে এই কীৰ্তিৰ বিষয়ে ঘৰত অৱগত কৰোৱা নহ’ল৷

কিন্তু প্ৰথম মৰমে যদি সঁহাৰি নেপায়, ভালপোৱা জানো মৰহি যায়? মোৰ প্ৰেমৰ জুইকুৰা তুঁহ জুইৰ দৰে উমি উমি জ্বলি থাকিল। পঢ়া শুনাত মনোযোগ কমি গৈ ৰসাতলে যোৱাৰ সন্দেহ প্ৰকট কৰি মোৰ টিউচন ঠিক কৰা হ’ল এঠাইত৷ কিছুদিন ঠিকে ঠাকে গ’ল। কিন্তু এদিন গুলচন গ্ৰোভাৰৰ দৰে এই প্ৰেমিকৰ নজৰত পৰিল এক অপৰূপা৷ প্ৰথম কেইদিন মান টিউচন বুলিলে জ্বৰ উঠা, পেট বিষোৱা ল’ৰাজন আধা ঘণ্টা আগৰ পৰাই খাপ পিটি বহি থকা হ’লো৷ সেই সময়ত মই খীণ মীন কেটেঙা অকণমানি পোৱালি আছিলো বাবেই চাগে অপৰূপাৰ নজৰত পৰা নাছিলো৷ তেখেত কিন্তু শয়নে, সপোনে, দিঠকে মোৰ নজৰত সদ্য বিৰাজমান আছিল৷ যিহেতু মোৰ প্ৰেমৰ নিজৰা বান্ধি ৰাখিব নোৱাৰো, সেয়ে সেই অপৰূপাৰ লগৰজনীৰ পৰা কিছু ডাটা সংগ্ৰহ কৰা আৰম্ভ কৰি দিছিলো৷ পিছে এমাহমানৰ মূৰতেই তেখেত অন্তৰ্ধান হ’ল৷ পিছত গম পালো তেওঁ হেনো গৰমৰ বন্ধত মামাকৰ ঘৰত টিউচন ল’বলৈহে আহিছিল৷ এই দুঃসংবাদ শুনি কিছুদিন শিল পৰা কপৌ হৈ নিতাল মাৰিলো৷ টিউচন বাদ দিওঁ দিওঁ যেন লাগিল৷ ৰাতি দুপৰলৈ ৰেডিঅ’ত ভুলে বিছৰে গীত, মুকেশ আৰু মহেন্দ্ৰ কাপুৰৰ নাগমা শুনি শুনি অকলে অকলে ট্ৰেজেদী ফালিলো৷ কিছুদিনলৈ প্ৰেমৰ নাম নলওঁ বুলিও শপত খালো৷

প্ৰায় এমাহমান পিছত এটা দুৰ্ঘটনা ঘটিল যিটোৱে মোৰ প্ৰেমৰ জীৱনত এক গভীৰ সাঁচ টানি থৈ গ’ল৷ এদিন অপৰূপাৰ লগৰজনীয়ে হাতৰ টিপাতে মোক এখন কাগজ গুজি দি থৈ গ’ল৷ কাগজখন দিয়াৰ অংগী-ভংগীতে বুজি পাইছিলো যে সেইখন হয়তো অপৰূপাৰ প্ৰেম-পত্ৰ! জীৱনত প্ৰথমখন প্ৰেমপত্ৰ পোৱাৰ উৎকণ্ঠা, আবেগ অনুভুতি অবৰ্ণনীয় আছিল৷ বুকুখনে ধান বনাদি বানিছিল৷ টিউচন এৰি তীব্ৰ গতিত চাইকেল লৈ ঘৰ পাইছিলো৷ দুৱাৰ খিৰিকী বন্ধ কৰি চিঠিখন খুলি চালো৷ চিঠি পঢ়ি মোৰ অকণমানি মগজুটোৱে কাম কৰা বন্ধ কৰি দিছিল৷ সেয়া অপৰূপাৰ চিঠি নাছিল, সেইখন বান্ধৱীজনীৰ নিজৰে চিঠি আছিল৷ তাই মোক হেনো খুব ভাল পায়৷ চিঠিখনৰ চাৰিওফালে “আই লাভ ইউ” লিখি ভৰাই পেলাইছিল৷ আৰু ঢেৰ কথা লিখা আছিল পিছে মেইন সাৰাংশটো বুজি মোৰ মূৰ ঘূৰাই গৈছিল কাৰণ সেইজনীক মই একেবাৰে ভাল নাপাইছিলো৷ কি উত্তৰ দিম ঠিৰাং কৰিব নোৱাৰি বন্ধু এজনৰ শৰণাপন্ন হ’লো৷ বন্ধুৰপৰা গম পালো তাই হেনো আৰু দুজনমানক তেনে চিঠি দি থৈছে৷ ইমান কুমলীয়া বয়সতে ইমান মানসিক হেঁচা সহ্য কৰিব নোৱাৰি এইবোৰ লাফৰাত নপৰোঁ বুলি পুনৰাই প্ৰতিজ্ঞা কৰিলো৷ লাহে লাহে পঢ়া শুনাত পুনৰ মনোনিবেশ কৰিলো৷

মেট্ৰিক পাছ কৰি কলেজ পালোগৈ! এইখিনি সময়তো দুই এটা সৰু সুৰা ফ্লিং হ’ল যদিও উল্লেখ নকৰিলো৷ কিছুদিন কলেজৰ আওভাও বুজি উঠাৰ পিছতেই মোৰ প্ৰেমৰ সুপ্ত আগ্নেয়গিৰি পুনৰ জাগ্ৰত হ’ল৷ শক্তি কাপুৰৰ নজৰ পৰিল স্পেনিচ গীটাৰ ক্লাছত গীটাৰ বজোৱা এজনী সুন্দৰীৰ ওপৰত৷ মন খালে ৰৈ থকাৰ প্ৰশ্নই নুঠে৷ গীটাৰ কিনা হ’ল, গীটাৰ ক্লাচত এডমিচনো লোৱা কাম সুকলমে সম্পন্ন হৈ গ’ল৷ প্ৰায় এমাহ কাল প্ৰেকটিচ কৰি কৰি মেজৰ, মাইনৰ সকলো ক’ৰ্ড শিকি আয়ত্ত্ব কৰিলো৷ তেখেত অৱশ্যে যথেষ্ট পাৰ্গত হৈ উঠিছিল৷ 6th আৰু 7th ক’ৰ্ডবোৰো সলসলীয়া কৈ পাৰিছিল৷ সেই কেইটা শিকা ইমান সহজ নাছিল, তাতে আঙুলি মূৰৰ ছাল বাকলি উঠি ফাট মেলিছিল৷

এদিন দেখিলো মাষ্টৰ অহাৰ আগতে দুজন ল’ৰাৰ লগত জয়ন্ত হাজৰিকাৰ গান এটা বজাই আছে৷ “তোমাৰ মৰমে মোৰ, দেহত তুলিলে ঢৌ… ……” গান শুনি মই ফ্লেট হোৱাৰ পৰা কথমপিহে ৰক্ষা পালো কাৰণ সেইটো মোৰো অত্যন্ত প্ৰিয় গীত আছিল৷ গান ময়ো ভালেই গাইছিলো৷ সেইদিনাৰ পৰা সেইটো গীত মোৰ মুখৰ পৰা নুগুছাই হ’ল৷ ঘৰত আহি খুব প্ৰেকটিচ কৰিলো৷ মাষ্টৰ অহাৰ আগতে অলপ সময় চান্স পালেই তাই শুনাকৈ জয়ন্ত হাজৰিকাৰ গান গুণগুণাই থকা হ’লো৷ এদিন ভগৱানে চকু মেলি চালে৷ তাই ওলাই যাওঁতে লাহেকৈ কৈ গ’ল- “ইউ চিং চ’ ৱেল!”

বছ! সেই দিন ধৰি মোৰ গা সাতখন আঠখন হৈ থাকিল৷ তাইৰ লগত কোনদিনা অলপ সময় উলিয়াই কথা পাতিব পাৰিম তাৰে আশাতে ৰৈ থকা হ’লো৷ কিন্তু দাতাই দিলেও যে বিধাতাই নিদিয়ে বুলি কয়। এদিন পাণবজাৰৰ ৰাস্তাত আৱিস্কাৰ কৰিলো এখন মটৰ চাইকেলত, তাইৰ বয়ফ্ৰেণ্ডৰ সৈতে৷ মোৰ হিয়া ভাঙি ঠান বান হৈ গ’ল৷ তাৰ দুখতে কেইদিন মান গীটাৰ ক্লাছ যোৱাই বাদ দিলো৷ নক’লেও হ’ব যে প্ৰেমৰ সেই অধ্যায়ৰ তাতেই সমাপ্তি ঘটিল৷

এইবাৰ পুনৰ জিৰাবলৈ ঠাই বিচাৰি ল’লো, মোৰ বুকুৰ অতিকে আপোন ফিলিপচ্ ৰেডিঅ’টোৰ লগত! কিশোৰ কুমাৰ, হেমন্ত কুমাৰ, মুকেশ আৰু মঃ ৰফি চাহাবৰ নাগমাৰ মাজতে ধোঁৱাৰ দৰে মিলি গ’ল মোৰ দৰ্দ ভৰী কহানী৷

বাস্তৱ জীৱনত সফলতাৰ মুখ নেদেখি লাহে লাহে কল্পনাৰ সাগৰত ডুব গ’লো৷ আচলতে কিছুদিন ৰেডিঅ’ৰ লগতে হৈছিল মোৰ দুৰ্বাৰ প্ৰেম৷ স্কুলৰ দিনৰে পৰা ৰেডিঅ’টো কাণত লগাই ঘূৰি ফুৰাটো মোৰ প্ৰায় এক স্বভাৱত পৰিণত হৈছিল৷ প্ৰত্যেক নিশাই মই এই ৰেডিঅ’ৰ লগতে এক মায়া নগৰীত বিচৰণ কৰিছিলো৷ মিডিয়াম ৱেভৰ পৰা চৰ্ট ৱেভলৈ প্ৰত্যাৱৰ্তনটো আছিল মোৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট! ৰাতি ৰাতি চৰ্ট ৱেভটো পকাই পকাই পৃথিৱীৰ বিভিন্ন দেশ বিদেশত অবাধে ঘুৰি ফুৰিছিলো৷ কেতিয়াবা যদি ৰেডিঅ’ অষ্ট্ৰেলিয়া, কেতিয়াবা VOA, কেতিয়াবা শ্ৰীলঙ্কা বা ঢাকা, কেতিয়াবা ৰেঙ্গুন নহলে BBC.

তেতিয়া হায়াৰ চেকেণ্ডাৰী পঢ়ি আছিলো বোধ হয়৷ এদিন অষ্ট্ৰেলিয়াৰ ছিডনীত ৰাতি চাৰে আঠ বজাত ষ্টুডিঅ’ত লগ পালো আৰ জে (radio jocky) লিণ্ডা চাঙক৷ লগ পালো মানে তাইৰ গানৰ অনুষ্ঠান এটাত৷ যিবিলাকে চিঠি লিখি গানৰ অনুৰোধ কৰে বা জন্মদিনৰ শুভেচ্ছা জনাই তাৰে গান প্ৰচাৰ কৰে আৰু তেওঁলোকলৈ জন্মদিনৰ শুভেচ্ছা আদি পঠিয়ায়৷ তেওঁৰ মাতটো ইমানে মিঠা যে শুনিলে শুনিয়ে থাকিবৰ মন৷ মোৰ ইংৰাজী ভাষা আৰু গানৰ ওপৰত ইণ্টাৰেষ্ট তেতিয়াৰ পৰাই আৰম্ভ হৈছিল৷ জ্বলা জুইত ঘিঁউ ঢালিবলৈ Mills & Boons প্ৰেমৰ গল্পবোৰ আছিলেই৷ কিশোৰ কুমাৰ, লতা মংগেশকাৰ, জয়ন্ত হাজৰিকাৰ পৰা এলভিচ প্ৰেচলি হৈ বিটলচ্, ইগ’লচ পাৰ হৈ এন মোৰে, অলিভিয়া নিউটন জন পাইছিলগৈ৷

পোষ্ট কাৰ্ডত এড্ৰেছ লিখি লিখি গানৰ অনুৰোধ পঠিওৱা হ’লো৷ মোৰ অনুৰোধ চাগে কেতিয়াও নাপালেগৈ কিন্তু মই ভাল পোৱা গানবোৰ প্ৰচাৰ হৈয়ে থাকিল৷ লিণ্ডাৰ কথাবোৰ শুনি শুনি কিছু অলীক কল্পনাত ডুবিবলৈ ধৰিলো৷ তাইৰ মুখৰ পৰাই গম পাইছিলো যে তাই নিজেও এজনী অপেৰা চিংগাৰ আছিল৷ তাই দেখিবলৈ কেনেকুৱা হ’ব এক ধৰণৰ প্ৰতিচ্ছবি এখন মনৰ মাজতে বনাই ল’লো৷ তেতিয়া গুগল থকা হলে হয়তো তাইৰ চৌধ্য গোষ্ঠীক বিচাৰি উলিয়ালোহেঁতেন৷ ঘৰৰ ওচৰে পাজৰে কোনোবা মংগোলিয়েন ছোৱালী দেখিলে লিণ্ডাক দেখা হ’লো৷ সহজ ভাবে ক’বলৈ হ’লে, তাইৰ প্ৰেমত পৰিলো৷ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ছোৱালীজনীক পোৱাৰ কোনো উপায় নাছিল যদিও মনৰ শুকুলা ঘোঁৰা উৰি থাকিল৷ দিঠকত নেপালেও কল্পনাত পাব পাৰি৷ এদিন ভগৱানক প্ৰাৰ্থনা কৰিলো যে তাই যদি অসমৰ ওপৰেদি উৰাজাহাজেৰে ক’ৰবাত গৈ থাকে আৰু হঠাৎ তাইৰ প্লেন ক্ৰেচ হৈ আমাৰ ওচৰে পাজৰে ক’ৰবাত পৰক৷ তাই জীয়াই থাকক আৰু হেন সময়তে মই গৈ পাওঁ৷ আধামৰা অৱস্থাত তাইক মই হস্পিটাললৈ লৈ যাম আৰু কিছুদিন পিছত তাই সুস্থ হৈ উঠি মোৰ লগত কথা পাতক!

মই যে তাইক চিনি পাওঁ, মই হে তাইক বচাইছো, এইবোৰ জানি তাই ইমপ্ৰেছ হৈ যাওক, আৰু অষ্ট্ৰেলিয়ালৈ ঘূৰি যাবলৈ ইচ্ছা নকৰক! তাৰপিছত আৰু কি লাগে, বছ, হৈ গ’ল মোৰ জীৱন ধন্য৷ পিছে লিণ্ডাৰ লগত মোৰ একপক্ষীয় প্ৰেমো ভগৱানৰ বেছি দিন সহ্য নহ’ল৷ ৰেডিঅ’টো পকাওঁতে পকাওঁতে এদিন তাৰ মেইন ফিটা ডাল চিঙি থাকিলে৷ ঘৰৰ মানুহেও ৰেডিঅ’টো ভাল কৰাৰ কোনো ইচ্ছা প্ৰকাশ নকৰাত সেইটো অধ্যায়ৰ সিমানতে সমাপ্তি ঘটিল৷

ৰেডিঅ’টোৰ দেহাৱসানে অৱশ্যে মোক কিছু পৰিমাণে গোৰ মাৰি গঙ্গাত পেলাইছিল৷ নহ’লে চাগে হায়াৰ ছেকেণ্ডাৰী ফেইল মাৰি আজি সৰু সুৰা পাণ দোকানৰ মালিক হৈ ৰেডিঅ’ শুনিয়েই কটালোহেঁতেন৷ যাহক, এইদৰে কিছুদিন বাগৰিল৷ মোৰ ইংৰাজী গান শুনাৰ চখটো পিছে নগ’ল৷

ইঞ্জিনীয়াৰিং পঢ়ি থকা সময়ত এবাৰ মোৰ কিবা অসুখ হওঁতে হস্পিটালত আহক খাচীয়া নাৰ্চ এজনীৰ লগত জীয়েক৷ ৰূপে গুণে সাইলাখ জাপানী পুতলা হেন৷ ৱাক মেন এটা লৈ কাণত হেডফোন৷ তাইৰ আৱিৰ্ভাৱৰ লগে লগে লিণ্ডাৰ পুৰণি স্মৃতি পুনৰ সজীৱ হ’বলৈ ধৰিলে৷ হস্পিটালৰ পৰা ওলাই গৈয়ে তাইৰ সন্ধানত নামি পৰিলো৷ মন কৰিলেই চন৷ তথ্য অনুসন্ধানৰ কামত লগালো মোৰ হোষ্টেলৰ মেঘালয়ৰ বিশিষ্ট খাচিয়া বন্ধু এজনক৷ প্ৰায় তিনি দিনৰ ভিতৰত সমস্ত তথ্য আৰু বায়’ডেটা আনি হাজিৰ কৰিলে মোৰ টেবুলত৷ সি এইটোও জনালে যে তায়ো মোৰ দৰে ইংৰাজী গান ভাল পায়৷ খালি অসুবিধা এটাই আছিল যে তাইৰ হয়তো বয়ফ্ৰেণ্ড এটা থাকিব পাৰে৷ বয়ফ্ৰেণ্ড থকাৰ সম্ভাৱনীয়তা মানি ল’বলৈ টান পালো যদিও আশা নেৰিলো৷ সি উপায় এটা দিলে বোলে গানৰ কেছেটৰ আদান প্ৰদান কৰা হওক, আৰু তাইক মই চিনাকী কৰি দিম এদিন৷ কেইদিনমানৰ ভিতৰতে মই কেছেট এসোপা কিনি ঘৰৰ পৰা অহা মেছ ডিউচৰ পইচা শেষ কৰিলো৷ টেবুলত শুৱাই থোৱা টেপ ৰেকৰ্ডাৰ এটা আগৰ পৰা আছিলেই ৷ (কলেজত গান শুনি শুনি পঢ়াৰ অভ্যাস এটা আছিলেই)

প্ৰায় দহটা কেছেট তাৰ হাতত পঠিয়ালো৷ এসপ্তাহমানৰ পিছত সি যিটো খবৰ আনিলে মোৰ চকৰি ঘূৰি গ’ল৷ সি ফোঁপাই জোপাই আহি ক’লে –

–“পাৰ্টনাৰ, বৌম ট্ৰেজিক নিউজ এটা আনিছো বে!”

মই থৰ লাগি ৰ’লো। সুধিলো – “ক চোন কি?”

— “মাকে চাকৰি এৰিলে৷ মিড’ল ইষ্ট যাব৷ তাতে কিবা চাকৰি ওলাইছে৷ সকলো ফাইনেল হৈছেই৷ দুই এদিনতে এৰিব৷”

–“আৰু তাই?”

— “আবে মাক নেথাকিলে তাই ক’ত থাকিব? বাদ দে বুজিছ৷ এনেও খাচীয়া ছোৱালীৰ ঝেঙত নপৰিবি৷ আমাৰ নিয়ম মতে তই ঘৰ এৰিব লাগিব৷ পিছত বৈদ্য ঝেং হ’ব৷”

এইটো ঘটনাৰ পিছতে মোৰ প্ৰেমৰ “ডি-এণ্ড” হোৱাৰ দৰেই হ’ল৷ প্ৰেমিকা বুলি ভবা দুই এজনীয়ে bro-zone কৰা দুই এটা সৰু সুৰা ফ্লিং হোৱাৰ পিছতেই প্ৰেম-ভালোবাসা এইবোৰ পুৰা পুৰি এৰি দিম বুলি প্ৰায় প্ৰতিজ্ঞা কৰিলো৷ কিছুদিন দেৱদাস হ’লো৷ মাজে মাজে দাৰ্শনিক চিন্তাধাৰা আহিবলৈ ধৰিলে৷ অলপ অলপকৈ misogynist attitude এটাও ক্ৰিয়া কৰি থাকিল৷

মাহ বাগৰিল, লাহে লাহে বছৰ বাগৰিল৷ তাৰ পিছৰ পৰ্য্যায়ত জীৱনলৈ ঢেৰ কিবা কিবি পৰিৱৰ্তন আহিল৷ চাকৰি জীৱনত হাবি জংঘল বহু ঠাইত ঘূৰিলো৷ ক’তো একো “গণ্ডগোল” নোহোৱা কৈ যৌৱন কাল অতিবাহিত কৰিলো৷ লাহে লাহে বয়সে ভাটি দিয়াত পৃথিৱীৰ সমস্ত আঙুৰবোৰ টেঙা লগাত স্বস্তিৰ নিশ্বাস পেলালো৷

★★★★

4 Comments

Leave a Reply to Pranita Goswami Barthakur Cancel reply

Your email address will not be published. Required fields are marked *