ফটাঢোল

ভাগ্যে চিলেব্ৰিটী নহ’লোঁ – মণিষা কাকতি

“নমস্কাৰ প্ৰিয় দৰ্শক। ষ্টুডিঅ’ত মই আপোনালোকৰ হোষ্ট এণ্ড দোস্ত নীতু। লৈ আনিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান বুধবৰীয়া বিশেষ শ্ব’, ‘পাৰ্ছন অব্ দ্য আৱাৰ’। আপোনালোকে জানেই যে এঘন্টাৰ এই বিশেষ শ্ব’টোত আমি ৰুবৰু কৰাও এক পপুলাৰ পাৰ্ছনেলিটীক। আজি যিগৰাকী ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, তেখেতক চিনি নোপোৱা মানুহ হয়তো অসম মুলুকত এজনো নোলাব। ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰা এখেতৰ কণ্ঠত আছে এক যাদুকৰী শক্তি। ছৌ ভিউআৰ্ছ, আৰ ইউ এক্সাইটেড্? গম পাইছোঁ, প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ, তেওঁৰ মনৰ কথা জানিবলৈ আপোনালোক উদ্বাউল হৈ পৰিছে। গতিকে, দেৰি নকৰি আহক আৰম্ভ কৰোঁ, আজিৰ ‘পাৰ্ছন অব দ্য আৱাৰ’।”

কফিৰ কাপ হাতত লৈ টিভিটো অন কৰিলোঁ। টিভিৰ পৰ্দাত ভাহি উঠিল এংকৰ নীতুৰ লেনিয়াই মতা মাত আৰু মেকআপ ধন্য মুখ। একদম পাৰফেক্ট টাইমিং। প্ৰ’গ্ৰাম জাষ্ট আৰম্ভ হৈছেহে। আজিৰ অনুষ্ঠানটোত মোৰ প্ৰিয় গায়িকাগৰাকী আহিব। সেয়ে অত আয়োজন। সকলো কাম বাদ দি টিভিৰ সন্মুখত খোপনি পুতিছোঁ। কফীৰ কাপত চুমুক দি এই এঘণ্টা পাৰ কৰিম, প্ৰিয় গায়িকাৰ কথা, গান শুনি শুনি।

“আজিৰ ‘পাৰ্ছন অব দ্য আৱাৰ’ হৈছে আমাৰ সকলোৰে পৰিচিত, সকলোৰে আদৰৰ, জনপ্ৰিয় গায়িকা মিছ্ বাব্লী প্ৰিয়া। নামেই যাৰ পৰিচয়। লেটছ্ ৱেলকাম হাৰ উইথ আ বিগ হেণ্ড।”

ঘোষণা সমাপ্ত হোৱাৰ লগে লগে স্মিত হাঁহিৰে সোঁহাতখন ‘ৱেভিং’ ভংগীমাত দাঙি বাব্লী প্ৰিয়া সোমাই আহিল ষ্টুডিঅ’ৰ মজিয়ালৈ। আহিয়েই প্ৰথমে ঘোষিকা নীতুৰ লগত হেণ্ডশ্বেক্ কৰিলে। তাৰপিছত ষ্টুডিঅ’ৰ দৰ্শকলৈ লগতে ঘৰে ঘৰে টিভিৰ সন্মুখত বহি থকা দৰ্শকলৈ বুলি নমস্কাৰ জনাই, সাজু কৰি থোৱা নিৰ্দিষ্ট আসনত বহি পৰিল। ষ্টুডিঅ’ত উপস্থিত দৰ্শকেও হাত তালিৰে সম্ভাষণ জনালে। মোৰো দুচকু নিবদ্ধ হ’ল টিভি স্ক্ৰীণত।

“আজিৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ বাব্লী প্ৰিয়া। সম্পূৰ্ণ এক ঘণ্টা আজি আপুনি আমাৰ লগত থাকিব। আমি ঢেৰ কথা পাতিম। শ্ৰোতা-দৰ্শকসকল ৰৈ আছে নিজৰ প্ৰিয় গায়িকাগৰাকীৰ বিষয়ে জানিবলৈ। কিন্তু তাৰ আগতে জানিব বিচাৰিম, এই মুহূৰ্তত হোৱা আপোনাৰ অনুভৱখিনিৰ বিষয়ে।”

“ধন্যবাদ নীতু। আজিৰ এই অনুষ্ঠানটিত আহিবলৈ পাই মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মই নিজেও এই অনুষ্ঠানটিৰ নিয়মীয়া দৰ্শক। গতিকে নিজে ভাল পোৱা শ্ব’টোত গ্যেষ্ট হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত সুখী।” — মিঠা মাতটোৰে ধুনীয়াকৈ ক’লে বাব্লী প্ৰিয়াই।

“আচ্ছা বাব্লী প্ৰিয়া, আপোনাৰ শৈশৱৰ বিষয়ে আমাৰ দৰ্শকক জনাওকচোন। শৈশৱৰ কিবা আমোদজনক ঘটনা মনত আছে নে?”

“আচলতে সৰুতে মই বহুত শান্ত স্বভাৱৰ আছিলোঁ। এতিয়াও শান্তই বাৰু (হাঁহি হাঁহি)। দেউতাক যথেষ্ট ভয় আৰু সমীহ কৰি চলিছিলোঁ। সেয়ে, সৌভাগ্যই কওক বা দুৰ্ভাগ্যই কওক, বৰ বেছি আমোদজনক ঘটনা মোৰ লগত ঘটিবলৈ নাপালে। অৱশ্যে এবাৰ এটা কাণ্ড কৰা মনত পৰে, বাৰীৰপৰা ছিঙি আনি পিৰালিত থোৱা ৰঙালাওকেইটা পকিছে নে নাই চাবলৈ গোটেইকেইটাতে কটাৰীৰ আগটো সুমুৱাই দিছিলোঁ। ৰঙালাওৰ গাত কটা চিন দেখি, সেয়া মোৰ কাণ্ড বুলি পিছত গম পাই দেউতাই ভাল এজাউৰি দিছিল। আজিও ৰঙালাও দেখিলে সেইটো কাহিনী মনত পৰি মোৰ হাঁহি উঠে।”

এটাৰ পিছত এটাকৈ প্ৰশ্ন সুধি গৈ আছে নীতুয়ে। মিঠা হাঁহিটি মুখত লৈ এফালৰপৰা উত্তৰবোৰ দি গৈছে বাব্লী প্ৰিয়াই। উপস্থিত দৰ্শকৰপৰাও প্ৰশ্ন উফৰি আহিছে। মাজে মাজে আকৌ গানৰ ফৰমাইচ। ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী। ৰূপে-গুণে অতুলনীয়া। সঁচা কথা! ভগৱানে যাক দিয়ে চপ্পৰ ফাড়কে দিয়ে। মই মাথো তন্ময় হৈ শুনি গৈ আছোঁ প্ৰিয় গায়িকাগৰাকীক। কিন্তু! এই এডভাৰ্টাইজবোৰৰপৰা শান্তি নাই। বাৰে বাৰে আহি মোৰ তন্ময়তাত ব্যাঘাত জন্মায়। প্ৰ’গ্ৰামৰ মাজে মাজে এডভাৰ্টাইজ নহয় যেন এডভাৰ্টাইজৰ মাজে মাজেহে প্ৰ’গ্ৰামটো চলি আছে। চাল্লা! খং উঠি আহে।

“বাৰু, এটা কথা কওকচোন। কথাটো অলপ ব্যক্তিগত। কিন্তু মোৰ বিশ্বাস, যিহেতু আপুনি এক ‘পাব্লিক ফিগাৰ’, অসমৰ প্ৰতিজন মানুহে এই বিষয়ে জানিবলৈ আগ্ৰহী হ’ব। কথাটো হ’ল, আপুনি বিয়া-বাৰুৰ কথা ভবা নাই নেকি?” — নীতুয়ে নেক্সট প্ৰশ্ন কৰিলে।

“নাই নাই, তেনে কথা নহয়। বিয়া পাতিব লাগিব। চিন্তা কৰি আছোঁ এই বিষয়ে।” — মিচিকিয়া হাঁহি এটা মুখত লৈ বাব্লী প্ৰিয়াৰ চমু উত্তৰ।

“কুকুৰ, মেকুৰী আদি জীৱ-জন্তুৰ প্ৰতি আপোনাৰ বহুত মৰম বুলি শুনিছোঁ। বহুতে দেখিছেও। কোনো পুৰুষৰ প্ৰতি মৰম অনুভৱ কৰা নাই নেকি এতিয়ালৈকে? মানে, মই ক’ব খুজিছোঁ যে আপুনি সফল, উপযুক্ত, ধুনীয়া — তাৰপিছতো ইমান দিনলৈ বিয়াত নবহাৰ কি কাৰণ থাকিব পাৰে? কোনোবা বিশেষ পুৰুষৰ বাবে অপেক্ষাৰত নেকি?”

প্ৰশ্নটো শুনাৰ লগে লগে মাথাটো গৰম হৈ গ’ল মোৰ। অলপ আগতে কফিকাপৰপৰা ওলাই থকা ধোঁৱাখিনি যেন এতিয়া মোৰ মূৰৰপৰাহে ওলাব ধৰিছে তেনে অনুভৱ হ’ল। বাব্লী প্ৰিয়াই কি উত্তৰ দিয়ে শুনিবলৈ ভলিউমটো ডাঙৰকৈ দিয়াৰ লগতে চকু দুটাও ডাঙৰকৈ মেলি দিলোঁ। কিন্তু ই কি? সেয়া দেখোন বাব্লী প্ৰিয়া নহয়। তাৰ ঠাইত দেখোন সেইখন মোৰেই মুখ। টিভিটোৰ ওচৰলৈ গৈ জুমি চালোঁ। হয়, সেইজনী ময়েই। নিজকে চুই চালোঁ এবাৰ। কাষতে থকা ম’বাইলটোত নিজৰ মুখখন নিজে পৰীক্ষাও কৰিলোঁ। কি আচৰিত! টিভিৰ ভিতৰতো মই, বাহিৰতো মই। প্ৰশ্নটো শুনি মিছ বাব্লী প্ৰিয়াৰ মুখত মানে টিভিৰ ভিতৰত থকা মইজনীৰ মুখত কোনো ভাবান্তৰ নেদেখিলোঁ। বৰঞ্চ বহি থকা চোফাখনত অলপ লৰচৰ কৰি ভালদৰে বহি লৈ এক মুহূৰ্ত কিবা চিন্তা কৰি উত্তৰ দিবলৈ সাজু হোৱাহে দেখা গ’ল।

“ফ্ৰেংকলী ক’বলৈ গ’লে এই প্ৰশ্নটোৰ সন্মুখীন মই আজি প্ৰথমবাৰৰ বাবে হোৱা নাই। বিবাহৰ উপযুক্ত বয়স মানে যিটো বয়স সমাজে ধৰি দিছে, তাৰো বহু আগৰেপৰা এইটো প্ৰশ্নৰ মুখামুখি মই হৈছোঁ। আজিকালি দিনটোত এবাৰ নহয় এবাৰ এই প্ৰশ্নটো আহি মোৰ ওচৰত হাজিৰ হয়েই। ব্যতিক্ৰম মাথো এয়ে যে আপুনি ডাইৰেক্ট সুধিছে, ৰাজহুৱাকৈ সুধিছে। কিছুমানে কাণে কাণে সোধে, কিছুমানে অকলশৰীয়াকৈ পালে সোধে, কিছুমানৰ আকৌ চকুৰ ভাষাই এই একেটা প্ৰশ্নৰে উত্তৰ বিচাৰি ফুৰে।” — কথাখিনি যেন মোৰ মুখৰপৰাহে ওলাল তেনেকুৱা অনুভৱ হ’ল। চাৰিওপিনে ভালদৰে এবাৰ চাই পঠিয়ালোঁ। নিজকে ষ্টুডিঅ’ৰ ভিতৰত, বাব্লী প্ৰিয়া বহা চোফাখনত আৱিষ্কাৰ কৰিলোঁ। কাষত কোনো নাই। সন্মুখত ঘোষিকা নীতু।

“বেয়া পালে নেকি আকৌ সোধা কাৰণে?” — নীতুৰ কথাত ইতিকিঙৰ সুৰ স্পষ্ট।

“বেয়া কিয় পাম? আচলতে, ব্যক্তিগত বুলি জনাৰ পিছতো আপোনালোকে কিছুমান প্ৰশ্ন কৰে। কিয় কৰে মই নাজানোঁ। আপোনালোকৰ কিবা মজবুৰি থাকিবও পাৰে। তাত বেয়া পাবলগীয়া কি আছে? বহু তথাকথিত শিক্ষিতই কৰে তেনে ভুল। সকলোকেতো বেয়া পাই ফুৰিব নোৱাৰোঁ। দ্বিতীয়তে, বিয়া কোনো চখৰ বস্তু নহয় যে মন গ’লেই পাতি পেলাম। বিয়া শেষ লক্ষ্যও নহয় যে ইয়াৰ পিছত আপোনাৰ মোক্ষ প্ৰাপ্তি হ’ব। বিয়া হোৱাৰ পিছতো ন ন প্ৰশ্ন উদয় হয়েই থাকে দেখোন আপোনালোকৰ উৰ্বৰ মস্তিষ্কত, ‘হনীমুনলৈ কিয় যোৱা নাই বা ক’ত গ’ল, কি কি কৰিলে?’, ‘স্বামী-স্ত্ৰী বেলেগে বেলেগে কিয় থাকে?’, ‘সংসাৰ বঢ়োৱাৰ কথা ভবা নাই নেকি?’ ইত্যাদি ইত্যাদি। আপুনি কোৱাৰ দৰে মই ‘পাব্লিক ফিগাৰ’ হ’ব পাৰোঁ। কিন্তু তাৰো উৰ্ধত মই এজনী মানুহ। প্ৰাইভেচীৰ অধিকাৰ মোৰো আপোনাৰ সমানেই আছে। ‘মেনাৰ’ বোলা বস্তুটোও সৰুতেই মা-দেউতাৰপৰা লাভ কৰিছোঁ। অইন নহ’লেও সেইটো লগতে লৈ ফুৰোঁ। গতিকে, বুজিছেই নহয়… উত্তৰটো অলপ দীঘলীয়া হ’ল। বেয়া পালে নেকি আকৌ?”

নিজৰেই বিশ্বাস নহ’ল। কথাবোৰ ইমান স্বাভাবিক সুৰত, ইমান দৃঢ়তাৰে কেনেকৈ ক’ব পাৰিছোঁ মই। টিঙিৰিতুলা বুলি মোৰ বদনামেই আছে। ব্যক্তিগত কথা খুচৰি ফুৰিলেতো মাথাটোৱে কাম নকৰা হৈ যায়। তেন্তে ইমান কুউল কেনেকৈ?

শ্ব’ শেষ হ’ল। ষ্টুডিঅ’ত দৰ্শক হিচাপে থকা আদহীয়া মহিলা এগৰাকীয়ে আহি মোক সাৱটি ধৰিলে। মোৰ সোঁহাতখন নিজৰ দুই হাতৰ মাজত সুমুৱাই ল’লে। তাৰপিছত, লাহে লাহে কেৱল মই শুনাকৈ ক’লে, “ময়ো অবিবাহিত, কিন্তু বহু বিবাহিতাতকৈ মই কোনোগুণে কম সুখী নহয়”। কৈয়েই গালত এটা চুমা খাই মানুহগৰাকী আঁতৰি গ’ল। চাই থাকিলোঁ মানুহগৰাকী যোৱাৰ ফালে। হঠাতে মোৰ নাকটোত কিবা ভিজা ভিজা অনুভৱ কৰিলোঁ। চকু মেলি দেখিলোঁ, মোৰ মৰমৰ কুকুৰ ফুচুয়ে আঠুৱাত লাগি থকা মোৰ নাকটোত চেলেকি আছে। উস্ ৰক্ষা, তাৰমানে মই ইমানপৰে সপোনহে দেখি আছিলোঁ। মনতে ভাবিলোঁ, ভাগ্য ভাল যে মই চিলেব্ৰিটী নহ’লোঁ। নহ’লে শ্ব’ৰ ঠাইত মানুহে যুদ্ধ উপভোগ কৰিব লাগিলহেঁতেন। ভগৱানক এটা ‘বিগ থেংক ইউ’ জনাই শোৱাপাটী এৰিলোঁ।

☆★☆★☆

6 Comments

Leave a Reply to HEMANTA KAKATI Cancel reply

Your email address will not be published. Required fields are marked *