ফটাঢোল

বোন্দা– হৰেকৃষ্ণ ডেকা

তাৰ শেষ বিজয়ৰ হাঁহি
মই যে এটা বোন্দা জনা নাছিলোঁ ৷
মই নিজকে এজন লোক বুলি ভাবিছিলোঁ ৷
গিৰিহঁতনীৰ আৰামী চকীত
মই বহিছিলোঁহে,
গিৰিহঁতে গেঙেৰি মাৰি ক’লে,
ক’ৰ এইটো লেতেৰা বোন্দা !
মই ক’লোঁ, মিয়াও,
মানে মই এজন লোক ৷
তেওঁ ভাবিলে মই ভয় খাইছোঁ,
আৰু তেওঁৰ লেতেৰা এখন ঠেঙেৰে
(যাক তেওঁ ভৰি বুলি কয়)
গুৰিয়াই দিলে মোক ৷
কিন্তু সঁচাকৈয়ে কৈছোঁ,
তেওঁৰ ঠেঙ দুখন লেতেৰাই ৷
মই ক’লোঁ, নমস্কাৰ,
মই এজন লোক ৷
তেওঁ শুনিলে মিয়াও
আৰু চোঁচা লৈ খেদিলে মোক ৷
মখমলৰ পালেঙত তেওঁ
নিজৰ লগত শুবলৈ দিয়ে
ভোবোৰা কুকুৰক,
সেই ৰাস্কেলটোক,
যাৰ নাম আকৌ পাস্কাল ৷

যদি এটা নিগনিয়ে
তোমাৰ জোতাযোৰত নিজৰ ঘৰ বান্ধে,
আৰু তোমাৰ ভৰিৰ আঙুলি কামুৰি দিয়ে,
(কাৰণ তোমাৰ আঙুলি লেতেৰা গোন্ধায়)
তুমি ভাবা নেকি,
তোমাৰ পাস্কালে
মানে সেই ৰাস্কেলে
নিগনিটো ধৰি খাব,
নে জাপ মাৰোতে
ছিলিঙত খুন্দা খাই
তাৰ মূৰ থেতেলা হ’ব ?
মই তোমাক সহায় কৰিব পাৰোঁ
সহানুভূতিৰে,
যদি তোমাৰ হৃদয়
মোলৈ হয় সদয় ৷
কিন্তু তুমি বুজিকে নোপোৱা,
আৰু মোলৈ চাই ভেকাহি মাৰা ৷
তোমাৰ চকু দুটাই এনেকৈ চায়,
যেন এখন দেগাৰেহে খোঁচ মাৰি যায় ৷
তুমি মোলৈ দলিয়াই দিয়া
এটুকুৰা ৰুটী,
সেই ৰাস্কেলটোৰ ৰাজসিক ভোজনৰ পৰা ৷ কিন্তু
তোমাৰ মাছৰ কাঁইটে গৈ
চুৱা-পাতনি পায় ৷

দূর্ভগীয়া একোটা কুকুৰৰো
সুদিন আহে
(কয় হেনো বুঢ়া লোকে )
যেন মই কথাষাৰ নাজানোহে !
হেৰ’, খকুৱা পেটুৱা ৰাস্কেল,
মই কুকুৰ নহলে কি হ’ল ?
মোৰো এদিন সুদিন আহিব পাৰে,
ভাগ্য যদি ওলোটা হৈ যায়,
তই হৱগৈ এটা এন্দুৰ
আৰু মই হৈ থাকোঁ বোন্দাই,
তেতিয়া তোৰ ডিঙি মুচৰি
জুতি লগাই এসাজ খাম ৷

★★★★

3 Comments

  • ৰিণ্টু

    চাৰৰ কবিতা ফটাঢোলৰ ই-আলোচনীত পঢ়িবলৈ পাই আপ্লুত হ’লো

    Reply
  • ধন্য হ’লো আমি ফটাঢোল বাসী। আপোনাৰ লেখা আগলৈও আশা কৰিলোঁ ।

    Reply
  • Nabajit

    চাৰ, আপোনাৰ লেখাই আমাৰ মেগাজিনখন এক মাত্ৰা দিলে৷ আপোনালৈ বহুত ধন্যবাদ ৷

    Reply

Leave a Reply to Pranita Goswami Barthakur Cancel reply

Your email address will not be published. Required fields are marked *