ফটাঢোল

সেই চিঠিখন – বাগ্মিতা ৰাজখোৱা বৰকাকতি(বাৰ্বী)

মই তেতিয়া হায়াৰ চেকেণ্ডাৰী প্ৰথম বৰ্ষৰ ছাত্ৰী। থাকোঁ এখন ব্যক্তিগত ছাত্ৰীনিবাসত। গৰমৰ দিনকেইটাত সদায় সন্ধিয়া হোষ্টেলৰ চাঁদৰ ওপৰত বহি গপ মাৰোঁ‌। মাজে মাজে সেইফালে ৰাস্তাৰে পাৰ হৈ যোৱা ল’ৰা দেখিলে সুহুৰি বজাই জোকাওঁ‌। অতি কম সময়ত অঞ্চলটোত আমাৰ হোষ্টেলৰ নাম ৰৈ বৈ যাবলৈ ধৰিলে। দিনে দিনে সেইফালে ফুৰিবলৈ অহা ডেকা ল’ৰাৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। এনেকৈয়ে সেইফালে অহা এজন ল’ৰাৰ চকু মোৰ ওপৰত পৰিল। মই থকা হোষ্টেলটোৰ পৰা নাতিদূৰৈৰ ‘গোস্বামী’ উপাধিৰ ল’ৰাজন দেখাই শুনাই বাৰুকৈয়ে চকুত লগা আছিল। ল’ৰাজন আছিল আমাৰ হোষ্টেলৰ ওচৰৰ মোতকৈ এবছৰমানৰ চিনিয়ৰ দাদা এজনৰ বন্ধু। চিনিয়ৰজনৰ বন্ধু যদিও তেৱোঁ পিছে চহৰখনৰ এখন ঐতিহ্যপূৰ্ণ গফ্ট হায়াৰ চেকেণ্ডাৰী স্কুলত প্ৰথম বৰ্ষত পঢ়ি আছিল। লাহে লাহে আমি দুই এটা কথাৰে মত বিনিময় কৰিবলৈ ধৰিলোঁ। দুদিনমান পিছত সি মোক প্ৰেমৰ প্ৰস্তাৱ দিলে। পঢ়া-শুনাত ইমান ভাল নাছিল বাবে মই এবাৰতে তাক ভালপাওঁ বুলি কোৱা নাছিলো যদিও ল’ৰাজন খুব নম্ৰ আৰু মৰমীয়াল যেন লাগিছিল বাবেই তাৰ লগত কথা বতৰা পাতিবলৈও এৰি দিয়া নাছিলো। তাতে আকৌ নতুনকৈ বেলেগ এঠাইৰ কলেজলৈ পঢ়িবলৈ আহি লোকেল ল’ৰাৰ লগত বন্ধুত্ব হোৱাটোও সেই সময়ত বহুত ডাঙৰ কথাই আছিল বুলিও চাগে অমুকীয়ে সুবিধাটো এৰি দিয়া নাছিলোঁ।

যি কি নহওঁক বেচেৰাই কলেজ ছুটীৰ সময়ত প্ৰায়েই মোলৈ ৰৈ আছিল আৰু কলেজৰ পৰা তাৰ লগতে খোজকাঢ়ি খোজকাঢ়ি হোষ্টেল পাইছিলোহি। এনেকৈ দুমাহমান যোৱাৰ পিছত মোৰ যেন লাহে লাহে আমনি লাগিবলৈ ধৰিলে। ল’ৰাজন দেখাই-শুনাই সুদর্শন যদিও না সি ৰোমান্টিক কথা বতৰা ক’বলৈ জানে, না পঢ়া-শুনাৰ কথা আলোচনা কৰে, না দেশ-বিদেশৰ খবৰ জানে! ঘৰৰ একমাত্ৰ ল’ৰা বুলি আলাসতে ডাঙৰ হোৱা বপুৰাই চাগে মাক-দেউতাক আৰু বায়েকৰ মৰমৰ মাজত এলেং কেলেংকৈ জীৱনটো যাপন কৰি আছে।

সেই সময়ত আমাৰ হোষ্টেলৰ আবাসী কাৰো মোবাইল ফোন নাছিল। হোষ্টেলৰ লেণ্ডলাইনত সকলোৰে ঘৰ, পৰিয়াল, আত্মীয় কুটুম্ব সকলোৱে ফোন কৰি খবৰ লয়। তাৰে মাজত দুজনীমানৰ বয়ফ্ৰেণ্ডবোৰেও ফোন কৰে। মোকো সি হোষ্টেলৰ নম্বৰত প্ৰায়েই ফোন কৰি কৰি কিছু অস্বস্তিত পেলাবলৈ ধৰিছিল। এই আটাইবোৰ কাৰকে লাহে লাহে মোক বিৰক্ত কৰি অনাত এদিন তাক মই ভালপাব নোৱাৰো বুলি কোৱাত বেচেৰাই মোৰ আগত ঠেনঠেনাবলৈ ধৰিলে। তথাপিও নিজৰ স্থিতিত অটল মইজনীয়ে তাৰ ঠেনঠেননিত ভোল নেযাবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিছিলোঁ।

এনেকৈ দুই তিনিদিমান যোৱাৰ পিছত হোষ্টেলৰ ওচৰৰ দাদাজনৰ হাতত সি মোলৈ এখন চিঠি দি পঠিয়ালে। চিঠিখন খুলি দেখিছোঁ গোটেইখন তেজেৰে লিখা। তাৰোপৰি চিঠিৰ মূল কথাকেইটাৰ চাৰিওফালে হাৰ্ট আকৃতিৰ চিহ্নৰে গোটেই বৰ্ডাৰ মাৰি দিছে আৰু সেয়াও তেজেৰেই। তেজ চুবলৈ ঘিণ কৰোঁ‌ যদিও কাৰোবাৰ পৰা পোৱা এনে এখন চিঠিয়ে দুদিনমান চিনেমাৰ হিৰ’ইন হিৰ’ইন ফিলিং এটাৰে মোৰ মনটো পুলকিত কৰি ৰাখিলে। হোষ্টেলত থকা ছোৱালী প্ৰায় সকলোৰে বয়ফ্ৰেণ্ড আছে যদিও মোলৈ মোৰ পগলা প্ৰেমিকে এনে এখন চিঠি দিয়াটো মোৰ বাবে যেন গৌৰৱৰ কথাই আছিল। ইমানখিনি কথা আৰু লগতে হাৰ্ট আঁকি দিয়া চিঠিখন লিখোঁতে চাগে তাৰ বহুত তেজ গ’ল বুলি ভাবি মনটোও বেয়া লাগিল। মনত তাৰ প্ৰতি ভাল ভাৱ এটাই আকৌ গা কৰি উঠিল। কেইদিনমান এইটো কথাই হোষ্টেলৰ প্ৰত্যেকজনী ছোৱালীৰ মাজত গল্প-গুজৱৰ সৃষ্টি কৰিলে। কথাটো গৈ গৈ হোষ্টেলৰ মালিক-মালিকনীৰো কাণত পৰিলগৈ। এইখিনিলৈকে সকলো ঠিকেই আছিল যদিও মই লক্ষ্য কৰিলোঁ‌ যে মোক চিঠিখন আহি দিয়া দাদাজনে মোক দেখিলেই ফিচিঙা ফিচিং কৰি থাকে।

দুদিন পাছতেই তাক আকৌ দেখা পালোঁ, মোলৈ চাই মিচিকিয়া হাঁহি মাৰি ৰৈ আছিল। কিন্তু মোৰ লগত সেইদিনা মোৰ সমন্ধীয় জেঠাইৰ ছোৱালীজনী থকা বাবে তাক নামাতিলোঁ। কিন্তু তাক দেখি ভাবিলোঁ, হাফ চাৰ্ট পিন্ধি থকা ইয়াৰ দুয়োখন হাতত দেখোন মই একো বেণ্ডেজ বা আঘাতৰ চিন নেদেখিলোঁ। মনতে ভাবিলোঁ‌, মহ মাৰি মাৰি তাৰ তেজেৰে লিখিলে নেকি আকৌ চিঠিখন? কিন্তু তেনেকৈতো সম্ভৱ নহয় !

হোষ্টেল সোমাওঁতেই চিনিয়ৰ বাইদেউ এজনীয়ে মোক দেখি বৰ ৰহস্যময় হাঁহি এটা মাৰিলে আৰু অলপ পাছতেই শুনিলোঁ এগাল ছোৱালীয়ে গিৰ্জনী মাৰি হঁহা। জেঠাইৰ ছোৱালীজনী যোৱাৰ পাছতেই মোলৈ চাই হঁহা বাজনীৰ ৰুমলৈ গ’লোঁ‌। তাইক সোধোঁ‌তে প্ৰথমে একো নকয়, কিন্তু মই যেতিয়া নিশ্চয় কিবা এটা আছে বুলি চকু চলচলীয়া কৰি বেয়া পোৱা নিচিনা কৰি দেখুৱালোঁ‌ তেতিয়া বা জনীয়ে যি ক’লে শুনি মোৰ “ডিমাগ কা ফিউজ” উৰি গ’ল। চিনিয়ৰ দাদাজন, বাজনীৰ ভাল বন্ধু, আজি সি পেটত কথা ৰাখিব নোৱাৰি বাৰ আগত কৈ দিলে যে গোস্বামীয়ে ছাগলী কটা দোকানৰ পৰা তেজ আনি চিঠিখন লিখিছিল। বায়ে আহি হোষ্টেলত এই গৰম খবৰটো ৰাষ্ট্ৰ কৰি দিলে।

হিৰ’ইন হিৰ’ইন ফিলিংটো পাম যোৱা বেলুনৰ দৰে ফুচ হৈ গ’ল। ঘটনাটোয়ে তাৰ প্ৰতি ইমানেই বেয়া ভাব আনিলে যে তাক গালি পাৰিবলৈও মন নগ’ল আৰু হোষ্টেলত থকা দিনকেইটা ক’ৰবাত দেখিলেও তাৰ ফালে আৰু কোনোদিনেই নাচালো। এনেকৈয়ে মোৰ প্ৰেম পাঠা ছাগলীৰ তেজৰ লগতে ফটাপ্ৰেম হৈ উটি গ’ল।

☆ ★ ☆ ★ ☆

18 Comments

Leave a Reply to Mousumi gogoi Cancel reply

Your email address will not be published. Required fields are marked *