ফটাঢোল

বৰা ছাৰ- সুকুমাৰ গোস্বামী

এবাৰ নিশাৰ আহাৰ পৰিবেশন কৰাৰ শেষত হোটেলৰ ৱেটাৰে বৰা ছাৰক সুধিলে,

: ছাৰ আৰু কিবা লাগিব নেকি?

: ও গুড নাইট।

ৱেটাৰেও প্ৰত্যুত্তৰত গুড নাইট কৈ গুছি গ’ল। ইফালে ছাৰে পিছৰ এঘণ্টা মহ থপৰিয়াই থপৰিয়াই বহি থাকিল। নিশাও বহুত হৈছিল, ৰূম চাৰ্ভিছত ফোন কৰি কৰি উত্তৰ নাপায় মোকেই এবাৰ খবৰ এটা কৰি আহিবলৈ ক’লে৷ অভ্যৰ্থনাত গৈ ৱেটাৰজনকে লগ পালোঁ৷

: হৌৰা ৪০৭ ৰ ছাৰে হেনো গুড নাইট এটা দিবলৈ কৈছিল হে, কিয় এতিয়ালৈকে দিয়া নাই?
: এ ছাৰ মই আকৌ গুড নাইট বুলি কোৱাত ‌শুভৰাত্ৰি গুড নাইট বুলিহে ভাবিছিলোঁ৷

☆ ★ ☆ ★ ☆

One comment

  • অভিজিত কলিতা

    হা হা ! ঠিক কৰিছে

    Reply

Leave a Reply to অভিজিত কলিতা Cancel reply

Your email address will not be published. Required fields are marked *