ফটাঢোল

লোভ – হেমন্ত কাকতি

ভগবানে যেতিয়া ছয় ৰিপুৰ সৃষ্টি কৰিছিল, মানে ‘কাম’ আৰু ‘ক্ৰোধ’ৰ পিছতে বৰ ভয়ঙ্কৰ ৰিপু এটা মানৱ জাতিক দি গ’ল৷ তেওঁ ভালকৈ বুজি উঠিছিল যে এই কাম আৰু ক্ৰোধ অকলে ‘চাষ্টেনেইবল্‌’ নহ’ব৷ লগত দুটামান মছলাদাৰ বস্তু নোসোমালে গোটেই মানৱ জীৱনটোৱেই ব’ৰিং হৈ যাব৷ গতিকে লোভক ‘ইণ্ট্ৰ’ডিউচ’ কৰিলে৷ বচ, তাৰ পিছতেই মানৱজাতিৰ মাজত আৰম্ভ হৈ গ’ল জেং৷

বাৰু, মানৱজাতিৰ যি হওক, হৈ থাকক; মোক কিন্তু বৰ বেয়াকৈ প্ৰভাবিত কৰিলে, এই লোভ নামৰ ৰিপুটোৱে৷ মাছ মাংসৰ লোভটো বেছি নিদিলেও ‘টকা’ৰ লোভটো অলপ বেছিয়ে সোমাই দিলে৷ ক’ত টকা পাম বুলি হাবাথুৰি খাই খাই অৱশেষত পথৰ সন্ধান দিলে বিহাৰী বন্ধু এজনে৷ বন্ধুজন বিহাৰী যদিও, অসমত থকা বহুদিন হৈছিল৷ মোৰ লগত অসমীয়াতে কথা পাতে৷ নামটো আছিল কূলজিৎ যাদৱ৷ পেচাত চাৰ্টাড একাউণ্টটেণ্ট৷ মই কলেজত পঢ়া দিনৰ পৰাই তাক চিনি পাওঁ৷ আমি ইঞ্জিনীয়েৰিং পঢ়ি থাকোঁতে সি গুৱাহাটী কমাৰ্চ কলেজত ডিগ্ৰী পঢ়িছিল৷ পিছলৈ চি এ কমপ্লিট কৰি মোৰ টেক্স সম্বন্ধীয় প্ৰায় কাম সি কৰি দিছিল৷ সেই সূত্ৰে বহুদিনীয়া সম্পৰ্ক৷ এদিন শুভ ক্ষণত দুয়ো পুনৰ লগালগি হ’লোঁ গুৱাহাটীতে এখন মিটিঙত৷

চন ২০১০৷ মই তেতিয়া এনে এটা ডিপাৰ্টমেণ্টত কাম কৰোঁ য’ত মোৰ ওৱৰ্ক-লোড আছিল যদিও, গধূলি ঘৰ যোৱাৰ পিছত লোড যথেষ্ট কম হৈ যায়, মানে কোনোধৰণৰ ফোন কল আদিও অহা বন্ধ হৈছিল৷ দিনটোৰ কামৰ পিছত গধূলি কিছু সময় পাওঁ নিজৰ বাবে৷ সেই সময়খিনি কম্পিউটাৰত “হাউ টু আৰ্ন মানি ফ্ৰম হোম” বোলা লাইনটো গুগুলত মাৰি চাওঁ৷ সেয়াই আৰম্ভণি৷ তাৰ পিছতেই আহক মোৰ বন্ধুজন! অলপ দেৰি কথাৰ মহলা মাৰি সি আৰম্ভ কৰিলে,

: বুজিছ, তহঁতি অসমীয়া মানুহবোৰ খালি বিতৰ্ক আৰু আন্দোলন কৰোঁতে যাব৷ ইফালে তহঁতৰ মতে বহিৰাগতসকলে লুটি পুটি খাই আছে৷ আচলতে পইচা সব হাৱাত উৰি আছে৷ চাৰিওফালে টকাই টকা উৰি ফুৰিছে৷ আমি কেৱল ধৰিব লাগে৷ নহ’লে অইনে লৈ গৈ আছে৷

কথাখিনি কৈয়ে সি মোৰ ফালে চালে৷ টকাৰ কথা শুনিয়ে মোৰ লুভীয়া মনটো লকলকাই উঠিল৷ চকুদুটা সিন্ধি খান্দি ঘৰত সোমোৱা চোৰৰ দৰে উজ্জ্বল হৈ ইফালে সিফালে চালোঁ৷ মই বোলো টকা ক’ত উৰি আছে? ক’ না ধৰোঁ ময়ো৷

: আবে পাৰ্টনাৰ শুন, ‘বিটকইন’ৰ নাম শুনিছনে? ডলাৰেই ডলাৰ, টকাই টকা বুজিছ? ‘মাইনিং’ কৰিব জানিলেতো ৰজা হৈ যাবি৷ পিচে মাইনিং ইমান সহজ নহয়, এনেই বিটকইনত টকা লগাবি যদি ক৷

কথাখিনি কৈ সি এক আশাব্যঞ্জক চাৱনিৰে মোলৈ চালে৷

: কিমান লগাব লাগিব?

মই এনেকৈ ক’লোঁ যেন সেই মুহূৰ্ততে তাক ব্লেঙ্ক চেক এখন লিখি দি কম “জিতনা চাহে লিখ লো!”, কিন্তু মোৰ জমা বুলিবলৈ বিশেষ একো এটা নাছিল৷ হাউচ বিল্ডিং লোন আৰু গাড়ীখনৰ লোন এটা লৈ ইনষ্টলমেণ্ট দি জোৰা তাপলি মাৰি সংসাৰখন কোনোমতে চলে৷ কিন্তু মনত লোভটোৱে কৈ আছে ধাৰ ধুপৰ কৰি হ’লেও লগা৷ মই বোলো,

: আৰু কচোন, বিটকইনৰ কথা৷

সি আৰম্ভ কৰিলে,

: বিটকইন হ’ল এটা ক্ৰিপ্টোকাৰেন্সি৷ ব্লকচেইন টেকন’লোজীৰে মাইনিং কৰি ইয়াক বনোৱা হয়৷ মানে ধৰ, এনে এটা কাৰেন্সি, যিটো physically চুই চাব নোৱাৰ, কিন্তু তোৰ ‘ভাৰচুৱেল ৱালেট’ত জমা থাকিব৷ পৃথিবীৰ কোনো চৰকাৰে চৰকাৰী বেঙ্কত গ্ৰহণ নকৰে যদিও কোনেও বেনো কৰা নাই৷ কিন্তু তই, মই বা অন্য দহজনে যদি ইটো সিটোৰ মাজত চলাই থাকোঁ, চলিব নে নাই? ভূটান বৰ্ডাৰত ভূটানী টকা ৰঙিয়া, তামোলপুৰৰ মানুহে চলায়, গম পাৱ নে? কিনোতা আৰু বেচোঁতাই যদি লয় তেনেহ’লে মামলা খটম৷ হয় নাই? ঠিক একে ধৰণে, পৃথিবীত যদি লাখ লাখ মানুহে বিটকইন গ্ৰহণ কৰে আৰু তাৰ বিনিময়ত যিকোনো বস্তু পাৱ, তেনেহ’লে নল’বি কিয়?

কমাৰ্চ আৰু ফিনেন্সৰ মানুহ হিচাবে তাৰ জ্ঞানৰ গভীৰতা মই জানিছিলোঁ৷ গতিকে যথেষ্ঠ বিশ্বাসেৰে সি কথাখিনি কৈ গ’ল৷

: বুজিলোঁ, কিন্তু, মোৰ ইণ্ডিয়ান টকাৰে বিটকইন কিনিম কিয় যিহেতু, মই এই টকাৰে যি মন যায় তাকে কিনিব পাৰো?

মই প্ৰশ্ন কৰিলোঁ৷

: আচল খেলটো সেইটোৱেই! বস্তুৰ মূল্য বাঢ়ি আছে নে নাই? আমাৰ টকাৰ মূল্য কমি গৈছে নে নাই? কিন্তু বিটকইনৰ মূল্য সপ্তাহত দুই তিনিগুণ হৈ আছে৷ মানে তই এই সপ্তাহত যদি একলাখ টকাৰ বিটকইন কিনিলি, অহা সপ্তাহত বেচিলে হয়তো দুই লাখ বা তিনি লাখ পালি৷ যদি দহ লাখ লগাৱ, ত্ৰিশ লাখ পালি৷ যদি দহ কোটি লগাৱ, অহা সপ্তাহত ত্ৰিশ কোটি পালি৷ বুজিলিনে খেলটো?

: আৎসা, তই কিমান কিনিছ?

মোৰ পুনৰ প্ৰশ্ন৷

: পাৰ্টনাৰ, মোৰ পইচা নাই, থকা হ’লে, মইতো লাখ, কৰোড়ত কিনিলোঁহেঁতেন! তথাপিও মই প্ৰায় বিশহাজাৰ কইন কিনিলোঁ৷ খৰচ পৰিল দহহাজাৰ ডলাৰ, মানে আমাৰ পাঁচলাখ টকা মানৰ৷ তই বেছি নেলাগে, এক লাখ টকা মানৰ কিন৷ এসপ্তাহ নেলাগে বাৰু এমাহত যদি ডাবোল নহয়, মোৰ নাম বদলাই দিবি৷ মই এমাহ আগত কিনা বিটকইন আজি তিনিগুণ হৈছে৷

যথেষ্ঠ আত্মপ্ৰত্যেয়েৰে সি কথাখিনি কৈ গ’ল৷ মোৰ মন তেতিয়া, হাঁঁ-নাৰ দোমোজাত উৰি ফুৰিছিল৷ এক লাখ টকা যোগাৰ কৰাটো সিমান ডাঙৰ কথা নাছিল, কিন্তু অহেতুক ভয় এটাই মোক গ্ৰাস নকৰাও নহয়৷ মোৰ গাড়ীৰ লোনো তেতিয়ালৈ এক লাখমানহে বাকী আছিল৷ এবাৰ ভাবিলোঁ, এইবোৰ লোভৰ চক্কৰত পৰি লাখ টকা এটা হেৰাই পেলোৱাতকৈ গাড়ীৰ লোনটোকে মাৰি দিওঁ৷ ৰাতি পুনৰ ভাবিলোঁ, নাহ! বাছি থাকিলে পইচা আহিব, যি হ’ল হ’ল এক লাখ টকা এটা বিটকইনত লগাই দিওঁ৷ এমাহ দুমাহ চাই লওঁ৷ কিনো হ’ব, পালে কঁপাল ফুলিল, নেপালে গ’ল আৰু৷ পিছদিনা ৰাতিপুৱাই তাক ফোন কৰিলোঁ, সি আহি পোৱাত চেক এখন দি ক’লোঁঁ,

: পাৰ্টনাৰ মোৰ আৰম্ভণি বেছি নকৰোঁ, পঞ্চাচ হাজাৰ টকা দিলোঁ ল’, তোৰ একাউণ্টৰ পৰাই কিনি দে৷ মোক ৱালেট এটাও বনাই তাতে ভৰাই দিবি৷ ট্ৰেডিং পিছত কৰিম৷

কথামতে এদিন পিছতে মোৰ ৱালেট আহি গ’ল৷ এটা পাবলিক কি (key) আৰু এটা প্ৰাইভেট কি (key)পালোঁ৷ বিটকইন পালোঁ প্ৰায় দুহেজাৰ আৰু কেইটামান৷ আচৰিত ভাবে সেইখিনি সময়ত বিটকইনৰ মূল্যৰ উত্থান পতন বেছি নহ’ল৷ অধৈৰ্য্যভাবে এসপ্তাহ দহদিনমান ৰোৱাৰ পিছত মূল্যৰ বিশেষ পৰিবৰ্তন নেদেখি মই অলপ নিৰাশ হ’লোঁ৷ সি কিন্তু অভয় দি থাকিল৷ ময়ো অলপ স্থিৰ হ’বলৈ চেষ্টা কৰিলোঁ৷ সি মোক লং টাৰ্ম ইনভেষ্টমেণ্টৰ বাবে ধৈৰ্য্য ধৰিবলৈ ক’লে৷ মোৰ মনে নেমানিলেও মই গুৰুৰ কথা শিৰোধাৰ্য্য কৰি নীৰৱে থাকিলোঁ৷ কিছুদিনলৈ তাৰ লগত মোৰ কোনো বিশেষ বাৰ্তালাপ নহ’ল৷ আচলতে তাৰ ফোন নম্বৰটো নট ৰিচ্চেব্‌ল হৈ থাকিল, কিছুদিন৷ কিছুদিন মানে প্ৰায় দুমাহ, মোৰ উচপিচনি তেতিয়ালৈ অলপ কমিছিল যদিও, পেটে পেটে কি হ’ল, নহ’ল খুদুৱণি এটা চলি থাকিল৷ কিন্তু যাদৱৰ লগত কণ্টেক্ট নহ’ল৷ তাৰ লগত থকা বহুদিনীয়া সম্বন্ধৰ পৰা মই জানিছিলোঁ যে সি ঠগ প্ৰৱঞ্চক নহয়, তথাপি মানুহৰ কেতিয়া পৰিবৰ্তন হয় ক’ব নোৱাৰি, গতিকে অলপ অলপ সন্দেহেও মনত বাহ ল’লে৷

প্ৰায় দুমাহমান পিছত অন্য এটা নম্বৰৰ পৰা যাদৱৰ ফোন আহিল৷ সি ক’লে,

: পাৰ্টনাৰ, বেয়া নেপাবি, মই বিশেষ কামত বিজি আছোঁ, তোৰ খবৰ কৰিবলৈ ছোৱালী এজনী পঠাম৷ পিছত কথা পাতিম৷ এতিয়া থৈছোঁ৷

এইদৰে মোক একো ক’বলৈ সুযোগ নিদি ফোনটো থৈ দিলে৷ দুদিন পিছতে হঠাৎ মোৰ অফিচলৈ আহিল এগৰাকী ছোৱালী৷ ছোৱালীজনীয়ে মোৰ বিষয়ে ঢেৰ ইনফৰমেচন লৈ আহিছিল৷ ছোৱালীজনী বঙালী, তাই কুলদীপৰ লগতে কাম কৰে৷ মোক পৰিচয় দিয়াৰ পিছত তাইক বহিবলৈ দি তাই অহাৰ উদ্দেশ্য সুধিলোঁ৷

তাই নিজৰ ভিজিটিং কাৰ্দখন মোক দি ভঙা ভঙা হিন্দী আৰু ইংৰাজীতে আৰম্ভ কৰিলে,

: আচলতে কুলদীপ ছাৰ, দিল্লী চিফ্ট হ’ব, গতিকে ছাৰ যোৱাৰ আগতে মোক ক’লে আপোনাৰ কিবা সমস্যা থাকিলে, মানে ক্ৰিপ্টোকাৰেন্সীৰ বেচা কিনাৰ ওপৰত কিবা জানিবলগীয়া থাকিলে মোৰ লগতে কথাবতৰা পাতিব পাৰিব৷ মই কলিকতা বেচদ্ যদিও, গুৱাহাটীতে থাকিম কিছুদিন৷ ছাৰৰ নতুন ফোন নম্বৰটো সকলোকে দিব মানা কৰিছে, আনকি আপোনাকো৷ কিবা থাকিলে মোৰ লগতে কথা পাতিব পাৰিব৷

: কিন্তু কুলদীপে মোকতো দিল্লী চিফ্ট হোৱাৰ কোনো কথা কোৱা নাছিল৷ আৰু হঠাৎ ইমান চিক্ৰেচি মেইনটেইন কৰাৰ কাৰণটো কি?

মই আচৰিত হৈ সুধিলোঁ৷ তাই এটা ৰহস্যময় হাঁহিৰে ক’লে,

: কূলদীপ ছাৰ এতিয়া বহুত টকাৰ মানুহ৷ বিটকইনৰ ভেল্যু বহুত বাঢ়িল৷ লগতে কুলদীপ ছাৰে নতুন ক্ৰিপ্টোকাৰেন্সি মাইনিং কৰাই ট্ৰেডিং প্লেটফৰ্ম খুলিব৷ অসমত ইমান স্কোপ নাই বাবে দিল্লী চিফ্ট হ’ব৷ মোক ক’বলৈ মানা কৰিছে, যদিও আপুনি তেওঁৰ বহুদিনীয়া বন্ধু বাবে ক’লোঁ৷ আপোনাৰ বিটকইন যিখিনি আছে, বেচে যদি বেচিব পাৰে, নহ’লে ৰাখিলে ৰাখিব পাৰে৷ আজিৰ তাৰিখত প্ৰায় তিনিগুণ দাম পাব৷

তিনিগুণ দামৰ কথা শুনি মই ৰ’ব নোৱাৰিলোঁ৷ ভিতৰৰ লোভটোৱে মোক ক’বলৈ ধৰিলে- একদম নৰ’বি, এতিয়াই বিকি দে৷ পঞ্চাচ হেজাৰ খটুৱাই দেৰলাখ পাবি তিমিমাহত৷ একলাখ লাভৰ টকাৰে গাড়ীৰ লোনটো মাৰি দে, বাকী মূলটকা পঞ্চাচ হেজাৰো পাই গ’লি৷ অলপ ভাবি তাইক ক’লোঁ,

: বিকি দিয়া, মই নৰওঁ৷

তাই মোৰ ফালে চাই আকৌ এবাৰ ক’লে,

: ছাৰ ভাবি চাওক, আৰু এক দুইমাহ ৰ’লে আৰু ডাবোল ত্ৰিপ্‌ল হ’ব পাৰে৷ চিন্তা কৰক৷

মই চিন্তা কৰিলোঁ৷ পুনৰ লোভ নামৰ ৰিপুটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে৷ তাইক ক’লোঁ,

: আজি নকৰোঁ, দুদিনমান ৰৈ লওঁ৷

তাই ক’লে,

: হ’ব, মই গুৱাহাটীত প্ৰায় দুমাহ আছোঁ৷ আপুনি মন গ’লে নিজেই ফোন কৰি ক’ব৷ নিজৰ প্ৰাইভেট কীটো গোপনে ৰাখিব৷ জুৰোদত যাদৱ ছাৰৰ ফ্লেটতে আমাৰ অফিচটো৷ আপুনি খবৰ দিলে হ’ল৷

এইবুলি কৈ তাই যাবলৈ ওলাল৷ মোৰ কেবা বছৰীয়া HR managementৰ অভিজ্ঞতাৰ পৰা গম পাইছিলোঁ যে ছোৱালীজনী প্ৰৱঞ্চক নহয়৷ কূলদীপৰ লগত থকা সম্বন্ধটোৱেও মোক তাইৰ ওপৰত সন্দেহ কৰাৰ পৰা আঁতৰত ৰাখিছিল৷ অফিচতে চাহ একাপ খুৱাই তাইক পঠিয়াই দিলোঁ৷ লাহে লাহে মই মোৰ লোভটোক বশীভূত কৰিবলৈ শিকিবলৈ ধৰিলোঁ৷ এইখিনি সময়তে কিছু পৰিমানে ষ্টক মাৰ্কেটত ট্ৰেডিং কৰা আদি শিকি থাকিলোঁ৷ অলপ অলপ সৰু সুৰা ট্ৰেডিং নিজে কৰা কৰিলোঁ৷ কেতিয়াবা এহেজাৰ দুহেজাৰ লাভ হয়, কেতিয়াবা লোকচান হয়৷ চলি থাকিল, ঘৰ অফিচ আৰু ফ্ৰী সময়ত চেয়াৰ মাৰ্কেট৷

এসপ্তাহ পিছত গধূলি টুইটাৰত ট্ৰেণ্ডিং হেচটেগ পালোঁ বিটকইন ক্ৰেচ হৈছে৷ খবৰ লৈ গম পালোঁ, ভেল্যুৱেচন অসম্ভৱ ধৰণে তললৈ নামিছে৷ কূলদীপ আৰু মৌচুমী দুয়োকে ফোন লগালোঁ৷ মৌচুমী মানে সেই বঙালী ছোৱালীজনী৷ কূলদীপে ফোন নুঠালে৷ দুই তিনিবাৰৰ মূৰত মৌচুমীয়ে ফোন ধৰিলে৷ তেতিয়ালৈ মোৰ বিটকইনৰ ভেল্যু মূল দামলৈ নামি গৈছিল৷ মোৰ মূৰত পানী দিবলগীয়া অৱস্থা প্ৰায়৷ তাইক ক’লোঁ,

: আৰু নৰওঁ, ইম্মিদিয়েট বিকি দিয়া৷

কিন্তু তাই ক’লে, এতিয়া নহ’ব, প্ৰাইভেট কীটো মোৰ ওচৰতে আছে৷ মই গুৱাহাটী গৈ তাৰ ঘৰত বহি কৰিব লাগিব৷ মই ৰোৱাৰ ধৈৰ্য্য নাছিল৷ তৎক্ষনাৎ তাইৰ ঘৰ ওলালোঁ গৈ৷ সন্ধিয়া ন মান বজাত বিক্ৰি হয় মানে মোৰ পঞ্চাচ হেজাৰ টকাৰ বিটকইনৰ ভেলু হৈছিল গৈ প্ৰায় ওঠৰ হেজাৰ টকা৷ প্ৰায় বত্ৰিচ হেজাৰ টকাৰ বাঁহ খাই, মনৰ দুখতে ৰাতি খানাপাৰাত অৱস্থিত এখন বাৰলৈ গাড়ী পোনাই দিলোঁ৷

তাৰ পিছৰ পৰা বিটকইনত কেতিয়াও পইচা নলগাওঁ বুলি শপত খাইছিলোঁ৷

উপসংহাৰ :

যোৱা দহ বছৰত বিটকইনৰ মূল্য অভূতপূৰ্বভাবে বাঢ়িছে৷ বিটকইনৰ দৰে অসংখ্য ক্ৰিপ্টোকাৰেন্সি মাৰ্কেটত আহিল৷ বহু দেশে বিটকইনক লিগেলাইজো কৰিলে৷ আজিৰ তাৰিখত এই মুহূৰ্তত বিটকইনৰ ভেল্যু হৈছে – এটা বিটকইন মানে ৭,৪১,৫২০.৮৫ টকা৷ দহ বছৰ আগৰ মোৰ সেই দুহাজাৰ বিটকইন থকা হ’লে আজি তাৰ মূল্য হ’লহেঁতেন প্ৰায় দেৰশ কোটি টকা৷ শুনামতে কূলদীপ যাদৱ আজিকালি আমেৰিকাৰ চিকাগ’ চহৰত বিলিয়’নেয়াৰ বিজনেচমেন৷ মোলৈ পিচে এবাৰো ফোন কৰা নাই৷ মৌচুমীয়ে দিল্লীত ‘ক্ৰিপ্টোকইন’ বুলি নিজৰ ট্ৰেদিং প্লেটফৰ্ম এটা চলায়৷ তাই এতিয়াও মোক পইচা লগাবলৈ কয়, পিচে মোৰ বেঙ্কৰ পাচবুকখনে মোক বাৰে বাৰে সোৱৰাই দিয়ে, বেছি লোভ কৰিলে মোক আপডেট কৰাবলৈও সুবিধা নেপাবি৷ কণ্ট্ৰল, বাডী, কণ্ট্ৰল!

☆ ★ ☆ ★ ☆

22 Comments

  • ৰপম ঠাকুৰীয়া

    সুন্দৰকৈ বৰ্ণনা কৰিলে নিজৰ অভিজ্ঞতা। বঢ়িয়া।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ ৰূপম৷

      Reply
  • Sankar Jyoti Bora

    ডেৰশ কোটিপতি হৈ থাকিলহেঁতেন এতিয়া দাদা৷বেয়াই লাগি গ’ল৷

    Reply
    • হেমন্ত কাকতি

      হাঃ হাঃ নকবা আৰু ৷

      Reply
  • ডলী

    বহুত ভাল লাগিল।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ ডলী

      Reply
  • Abhijit Goswami

    দাদা কি কয় আপুনি কোটিপতি হৈ আহিছে মানে

    Reply
    • হেমন্ত কাকতি

      নাই নাই, বৰ দুখ লাগে হে৷

      Reply
  • ৰিণ্টু

    বৰ ধৈৰ্য্য নাইকিয়া মানুহ দেই আপুনি। ডেৰশ কোটি আপুনি পোৱা হ’লে ভাই বুলি মোক নিশ্চয় জেগুৱাৰ এখন গিফট দিলে হয়। ধেই, আপোনাৰ অধৈৰ্য্য গুণটোৰ বাবে মই জেগুৱাৰখন মিচ কৰিলো।

    বঢ়িয়া লাগিল দাদা

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ ৰিণ্টু

      Reply
  • অকনমান ধৈৰ্য ধৰা হ’লে আজি আপুনি—! তামাম হে বুলিলোঁ দাদা ৷

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ নীলাক্ষী

      Reply
  • হিৰণ্যজ্যোতি দাস

    ধৈৰ্য ধৰি বিটকইন কেইটা ৰাখি থোৱা হ’লে আপুনি আজি বহুত ধনী মানুহ হৈ গ’লহেতেন ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ধেই, ধৈৰ্য ধৰিলে আপুনি আজি ডেৰশ কোটিৰ মালিক হ’লহেঁতেন৷

    Reply
  • J B

    বঢ়িয়া

    Reply
  • মানসী বৰা

    যি নাপালে ভাবি দুখ কৰি লাভ নাই। যি আছে তাকে লৈ সুখে থকাৰে কথা। এইবোৰ সকলো ভাগ্যৰ চকৰি দাদা।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল |

    Reply
  • জয়ন্ত দাশ

    মজা লাগিল দাদা৷

    Reply
  • কাবেৰী মহন্ত

    অকনমান ধৈৰ্য্য ধৰা হ’লে..!
    বঢ়িয়া লাগিল দাদা

    Reply
  • হেমন্ত কাকতি

    পঢ়ি চোৱা বাবে সকলোকে ধন্যবাদ

    Reply
  • বাগ্মিতা

    ভালেই হ’ল কোটিপতি হলে আমি চিনিয়ে নাপালোঁহয়?

    Reply
  • অভিজিত কলিতা

    অসমীয়া ব্যংগ সাহিত্যত যে কোনোবাই বিটকইন লৈয়ো এক ব্যংগ ৰচনা লিখিব পাৰে, এই কথাটো গম পালে অসমীয়া সাহিত্যৰ ৰথী মহাৰথী সকলৰ কি অৱস্থা হব তাকে ভাৱি আছো। দাদা, থীমটো ভাল হলেও আপুনি প্ৰকাশভংগীত আপোনাৰ নিজৰ ষ্টেণ্ডাৰ্ড চোৱাগৈ নাই, কিন্তু আপুনি এখন নতুন দুৱাৰ মুকলি কৰিছে। অসমৰ কেইজন প্ৰতিষ্ঠিত ব্যংগ লেখকে বিটকইন শব্দটো বুজি পাই, মোৰ জনাৰ ইচ্ছা আছে।

    আৰু মই জানো, তাতে অসমীয়া ব্যংগ সাহিত্যৰ ভৱিষ্যত লুকাই আছে।

    চেলুট দিলো ককাই

    Reply

Leave a Reply to Sankar Jyoti Bora Cancel reply

Your email address will not be published. Required fields are marked *