ফটাঢোল

চাদি, ফিৰ চে- ৰিমঝিম বৰঠাকুৰ

: হেৰি কি কয়হে এই বয়সত বিয়া! আকৌ এবাৰ! কিন্তু কাক?

: হ’ব ইমান এনেকুৱা চাৱনি দিব নালাগে। বিয়া পাতিম বুলি ভাবিছোঁ যেতিয়া পাতিমেই।

: হৌৰি এই বয়সত কি পৰকিতি লৰিছেহে আপোনাৰ। নে এই দিন-দুপৰতে ৰমেনৰ দোকানৰ ভিতৰত সোমাই ৰঙা পানীটোপা ধৰি আহিল।

: হেই এনেই নজনা নেমেলাকৈ কেপকেপাই নাথাকিবাহে। মুখখন থাকিল বুলিয়েই জনাই নজনাই এনে বকি থাকিবলৈ দিয়া নাই নহয়। যি কৰিম বুলি ভাবিছোঁ তোৰ ভালৰ কাৰণেইটো কৰিম এইজনী।

 : ঔ পুতুকণ, পুতুকণ ঔ। বাপেৰৰ কথা শুনহিচোন। আকৌ বিয়া পাতে বোলে। তোলৈ ছোৱালী চোৱাৰ বয়সত বাপেৰে এইবোৰ কি কৰিবলৈ ওলাইছে নাচাৱহি কিয়। মোৰ ভালৰ কাৰণে বোলে আৰু এজনী চপাই বাপেৰে।

মাকৰ চিঞৰ বাখৰত হেডফোন লগাই মোবাইলত অনলাইন ক্লাছ কৰি থকা পুতুকণ দৌৰি আহিল।

: কি হ’লনো এই দুপৰীয়াতে তহঁত দুটাৰ। তহঁতৰ উৎপাতত মই এতিয়া ক্লাছটোও কৰিব নোৱাৰা হ’লোঁ। এই কৰ’ণা মৰিবলৈ নজনাটোৱো নোযোৱা হ’ল, এইবোৰ অশান্তিৰ পৰা আঁতৰলৈ যাবলৈ।

পুতুকণে কৰি থকা ক্লাছৰপৰা ওলাই আহি মাক-দেউতাক দুয়োকে বকিবলৈ ধৰিলে। হৰেশ্বৰ নাথৰ ঘৰত এনেকুৱা হুলস্থূল একো নতুন কথা নহয়। হৰেশ্বৰ নাথে সন্ধিয়া ৰমেনৰ দোকানত ৰঙা পানী এঢোক খাই আহি হোৱাই নোহোৱাই বকি থকাটো আগৰে অভ্যাস। সন্ধিয়া খাই আহি ঘৈণীয়েক সীতাৰাণীৰ গালি-শপনি খাই সদায় শপত খাই ‘আজিয়েই শেষ’ বুলি। কিন্তু পিছদিনা আগৰাতিৰ কথাবোৰ তেৰাৰ একো মনত নাথাকে। পুতুকণ  ডাঙৰ হোৱাৰপৰা দেউতাকৰ এইবোৰ স্বভাৱ অলপ কমিছে যদিও সন্দেহবাদী মাকৰ সন্দেহ আজিও সেই একেই আছে।

হৰেশ্বৰ নাথে যদি দুটামান কথা বেছিকৈ কেতিয়াবা কৈয়ো দিয়ে, ঘৈণীয়েকে আহিয়েই মুখখন গোন্ধাত লাগি যায়। কেতিয়াবা পুতুকণে এইবোৰ লৈ  অস্বস্তিও পায়। চাবলৈ গ’লে লাজ পোৱাৰে কথা। কলেজত পঢ়ি থকা ল’ৰাটোৰ আগত যদি মাকে দেউতাকৰ মুখ গোন্ধি পৰীক্ষা কৰে লাজ কোনেনো নাপাব! পুতুকণ ওলাই আহি এজাউৰি দুয়োটাকে দিয়াৰ পিছত দেউতাক হৰেশ্বৰে লাহেকৈ মাত দিলে,

: এতিয়া পুতেৰৰ মুখ গোন্ধি পৰীক্ষা কৰাৰ সময়ত মোৰ মুখখন গোন্ধহি যে, এতিয়া মই বিয়া পতাৰ কথাটোত ল’ৰাটোক মাজলৈ কিয় টানিছ।

: হ’লনে আকৌ!

পুতুকণে এইবাৰ দেউতাকলৈ চোৱাত দেউতাকে একো নকৈ ভাত খোৱা বেঞ্চখনতে থকা অলপ ডাঙৰ কটাৰীখন লৈ পিছফালে বাৰীখনৰ ফালে খোজ ল’লে।

ঘৰৰ ওচৰৰে এম ই স্কুলখনৰে চকীদাৰ হৰেশ্বৰ নাথ। ৰিটায়াৰ হ’বলৈ মাথো দুটামান বছৰ। একেবাৰে সহজ সৰল মানুহজন। যিয়ে যিটোকে কয় বিশ্বাস কৰি লয়। কেৱল মানুহজনীৰ কথাহে নুশুনেও বিশ্বাসতো নলয়। কেনেকৈনো বিশ্বাস কৰে তেওঁৰ বোলে পেণ্টৰ পকেটৰপৰা এটকা এটাও সাৰি নাযায়। পিছত চোৰ ধৰিলে আকৌ যিখনহে মুখ চলাব। যি হওক, তথাপিও এটা ল’ৰাৰে সৈতে ধুনীয়াকৈ সংসাৰ চলাই আছে তেওঁলোকৰ। দিনটো স্কুলত থাকি, ঘৰলৈ আহি অলপ জিৰাই-সতাই সন্ধিয়া ওলাই যায় ৰমেনৰ দোকানলৈ। তাতে লগৰ আৰু দুজনমানৰ লগত আড্ডা মাৰি মাৰি ৰাতি নটামান বজাত ঘৰলৈ ঘূৰি আহি ভাতকেইটা খাই শুই থাকে। সেই আড্ডাতে সোমৰসকণ পান কৰি আহে। এনেই মানুহজন একেবাৰে ঠাণ্ডা-মুণ্ডা। কিন্তু সেইকণ গলাধকৰণৰ পিছত একেবাৰে ৰজা হৈ যায়। সেই ৰজাক আকৌ ঘৰলৈ ঘূৰি অহাৰ পিছত যদি ঘৈণীয়েক সীতাৰাণীয়ে হকে-বিহকে কিবা বকিবলৈ আৰম্ভ কৰে তেন্তে দুয়োপক্ষৰ মাজত এখন যুদ্ধ হোৱাটো নিশ্চিত। পুতুকণ আকৌ ল’ৰাটো খুউব বুজা ল’ৰা সৰুৰেপৰা। সেয়ে সি মাকক বুজায়, “দেউতাক যেতিয়া মদটো এৰুৱাব নোৱাৰিলিয়েই গতিকে খাই অহাৰ লগে লগে একো নক’বি। কিবা ক’লে পিছদিনা ক’বি।” সেয়ে মাকে তাৰ কথামতেই কৰে আজিকালি। সেইকাৰণে মানুহজনৰো সেই নিয়মিত গলাধকৰণৰ অভ্যাসটো চাগে সপ্তাহত দুদিন তিনিদিনলৈ কমিছে। কিন্তু কুকুৰৰ নেগুৰ কেতিয়াও পোন নোহোৱাৰ দৰে মাকেও সম্পূৰ্ণকৈ দেউতাকক গালিপৰা স্বভাৱটো এৰিবপৰা নাই। আৰু দেউতাকেও স্কুল এতিয়া নাই যদিও, ৰমেনৰ দোকানলৈ সদায় যোৱা অভ্যাসটো এৰিবপৰা নাই। লাগিলে ৰঙাপানীকণ খাওক বা নাখাওক।

আজি কেইবাদিনৰ পৰাও দেউতাকে মাকক বিয়াৰ কথাটো কৈ আছে। মাকেও ইমানদিনে কথাটো গুৰুত্ব দিয়া নাছিল। আজি মাকৰ ধৈৰ্যৰ বান্ধডাল চিঙিল। সেয়ে ডাইৰেক্ট মুখলৈ নাচাই একেবাৰে মদৰ কথা কৈ দেউতাকক গালি পাৰি কাজিয়াখন ডাঙৰ কৰি ল’লে। কাজিয়াৰ ৰূপ দেখি কটাৰীখন লৈ বাৰী চুকত সোমাইছে যেতিয়া দেউতাক আজি সহজে তাৰপৰা নাহে বুলি পুতুকণে জানে। কিবাকিবি খুচৰি মেলি আবেলিলৈকে তাতে থাকিব আৰু ৰ’দটো কমিলেই ৰমেনৰ দোকানলৈ ঢাপলি মেলিব। এইটো কথাত পুতুকণে খুউব লাজ পায়, সন্ধিয়া নিচা কৰি আহি ঘৰত দেউতাকে হুলস্থূল কৰিলে। আজি যাতে তেনেকুৱা নহয়, সেইকাৰণে সিও দেউতাকৰ ওচৰলৈ বুলি ওলাই গ’ল।

কেৰ্কেটুৱাই আগটো খাই পেলাই থৈ যোৱা কলি তামোল এটা ফালি পাণ গছজোপাৰপৰা পাণ এখিলা চিঙি দেউতাকে গপচত তামোল পকটিওৱাত লাগিছে। দেখাত দেউতাকৰ মুডটো ভাল যেনেই অনুভৱ হ’ল পুতুকণৰ। এনেই ইফালে সিফালে চাই গছৰ পাত এখিলা বুটলি সেইখিলাকে অকণ অকণকৈ চিঙি পুতুকণ দেউতাকৰ ফালে আগবাঢ়িল। সি মাত দিয়াৰ আগতেই দেউতাকে মাত দিলে,

: কৈ দেগৈ মাৰক মদাহীক ভাত নুখোৱালেও হ’ব। এতিয়াও সময় আছে, এই মদাহীক এৰি যাবলৈ।

দেউতাকে অভিমানত কোৱা কথাকেইটা শুনি পুতুকণৰ নিজৰ মাজতে হাঁহি উঠিল। এই বয়সতো যে এনেকুৱা সৰু ল’ৰা-ছোৱালীৰ নিচিনা কাজিয়া। ইফালে ইটোৱে সিটো নাথাকিলে থাকিবও নোৱাৰে। মাকৰ গাটো বেয়া লাগিলে এইজন দেউতাকৰ ধৰফৰণি বেছি। ইফালে ঘৰলৈ উভতি অহা নটা বজাতকৈ দেৰি কৰিলে মাকৰ চিন্তাৰ অন্ত নোহোৱা হয়। কিন্তু দুইটা একেলগে থাকিলে মানে সাপ নেউলতকৈ বেছি কাজিয়া কৰে। তামোল পকটিয়াই তামোলৰ পিকেৰে ৰঙা কৰি দিয়া দেউতাকৰ মুখখন দেখি পুতুকণৰ দেউতাকটোলৈ কিবা এটা মৰম লাগি গ’ল। দেউতাকৰ মুখলৈ চাই কাষতে বহা পুতুকণলৈ চাই দেউতাকে আকৌ ক’লে,

: তোৰ আকৌ কি হ’ল। মোক যে এনেকৈ চাই আছ?

অকণমান ধেমালি কৰোঁ বুলিয়েই সি ক’লে,

: চাইছোঁ আকৌ দৰা হ’লে কেনেকুৱা লাগিব।

পুতুকণৰ কথাত সহজ সৰল দেউতাকে লাজ পাই সিফালে মুখখন ঘূৰাই ক’লে,

: বাপেৰক ধেমালি কৰিবলৈ শিকিছ।

: কচোন দেউতা, তোৰনো আকৌ বিয়া পতা ভূতটোৱে কিয় লম্ভিছে, মানে ফিৰ চে চাদি কিয়? আহ তেন্তে দুইটাই একেলগে পাতি পেলাওঁ।

দেউতাকক জোকাও বুলিয়েই মুখ টিপি হাঁহি পুতুকণে সুধিলে।

: কথা আছে। তই এইবোৰ নুবুজিবি।

: কচোন কি কথা। মাৰ বকনি খায়ো তোক অতা নাই ন। আৰু এজনী লাগে যে।

এইবাৰ পুতুকণে ৰং চাওঁ বুলিয়েই দেউতাকক জেক দিলে।

: ধেই এইটো‌। ওঁঠ চেপিলেই গাখীৰ ওলোৱা ল’ৰাটোৰ কথা শুনচোন। এইবোৰ ডাঙৰ মানুহৰ কথাত সোমাইছই যেতিয়া শুন, বিয়া মই একো ফূৰ্তিত পাতিবলৈ ওলোৱা নাই। আৰু সেই বেণ্ড পাৰ্টি লৈ ৰাইজক এগালমান খোৱায়ো বিয়া পাতিব খোজা নাই।

: তেন্তে কিয়?

: টকাৰ কাৰণে। এনেই টকাবোৰ এৰি দিব পাৰি নেকি তয়েই কচোন।

: কি টকা, কাৰ টকা?

 আচৰিত হোৱাৰ দৰে পুতুকণে সুধিলে।

: কিয় চৰকাৰৰ টকা আকৌ। মাৰক মই পলুৱাইহে আনিছিলোঁ, ধান দাই উভতি আহোঁতে। কিন্তু আইনী হিচাপে বিয়াখন এতিয়াও হোৱাই নাই নহয়। ভাবিছোঁ দুইটাই এদিন গৈ উকীল এটা ধৰি কোৰ্টত বিয়াখন পাতি আহোঁ। সেইদিনা ৰমেনে তাৰ হ’বলগীয়া ঘৈণীয়েকক কৈ থকা শুনিলোঁ। কিবা বোলে ‘স্বৰ্ণ আঁচনি’ উলিয়াইছে চৰকাৰে। বিয়া পাতিলে বোলে ছোৱালীজনীক চৰকাৰে চল্লিশ হাজাৰ টকা দিব। কথাখিনি শুনি ময়ো ভাবিলোঁ বোলো আমাৰটো আইনগত বিয়া হোৱাই নাই। এতিয়াই এইটো চেগতে পাতি পেলাওঁ। মাৰে চল্লিশ হাজাৰ টকাটোও পাব। আৰু সেইখিনিৰে অন্তত কেঁচা পাকঘৰটো পকা কৰি দিলে মাৰৰ অলপ সুবিধা হ’ব।

তামোল চোবাই চোবাই সহজ সৰলকৈ কৈ থকা দেউতাকৰ কথাখিনিত পুতুকণৰ হো-হোৱাই হাঁহিবলৈ মন গ’ল যদিও নিজৰ মাজতে হাঁহিটো সম্বৰণ কৰি দেউতাকক আঁচনিখনৰ বিষয়ে আৰু তাৰ চৰ্তাৱলীৰ বিষয়ে বুজাবলৈ ধৰোঁতেই,

: তহঁত দুয়োটাই বহি লৈ মেল মাৰি আছ যে, এতিয়া কোনটোৱে কোনজনীৰ অনা কথা ভাবিছহঁত…

বুলি বাৰীলৈ চিঞৰি চিঞৰি সোমাই অহা মাকক দেখি পুতুকণো সিফালে চুপ মাৰিলে।

 ☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply to Rimjhim Borthakur Cancel reply

Your email address will not be published. Required fields are marked *